1 views


এজ’ট’বেক্টাৰ নামৰ জীৱাণুসাৰবিধৰ বিষয়ে ইতিমধ্যে ‘সেউজ চিন্তা’ত প্ৰকাশিত আন এক প্ৰৱন্ধত আলোচনা কৰা হৈছে। এজ’ট’বেক্টাৰৰ দৰে কৃষি ক্ষেত্রত ব্যৱহৃত হোৱা আন কেইবিধ মান জীৱানুসাৰ হ’ল-- এজ’স্পিৰিলাম, ফচ্ফ’বেক্টাৰ, ফ্ৰেচুইৰিয়া অৰেনচিয়া । এই প্ৰত্যেকবিধৰে ভিন ভিন পোষক মৌল আহৰণ কৰি শস্যক যোগান ধৰিব পৰা ক্ষমতা আছে। কৃষিক্ষেত্ৰত এনেধৰণৰ জীৱাণু সাৰ ব্যবহাৰ কৰিলে শস্যৰ উৎপাদন বঢ়োৱাৰ উপৰিও মাটিৰ গুণাগুণ অটুত থাকে। তদুপৰি জৈৱিকভাবে উৎপাদিত খাদ্য অধিক সোঁৱাদযুক্ত, স্বাস্থ্যসন্মত হোৱাৰ উপৰিও ইয়াক বহুদিনলৈ বেয়া নোহোৱাকৈ ৰাখিব পাৰি। এই জীৱাণুসাৰবোৰনো কি আৰু এইবোৰক কিদৰে প্ৰযোগ কৰিব লাগে তাৰ বিষয়ে থুলমূলকৈ জানো আহকচোন।
এজ’স্পিৰিলাম (Azospirrilum):

‘এজ’স্পিৰিলাম’ নামৰ এবিধ বন্ধু বেক্টেৰীয়াৰ পৰা প্ৰস্তুত কৰা এইবিধ জীৱাণুসাৰে বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন আহৰণ কৰি শস্যক যোগান ধৰে। মাহজাতীয় শস্যৰ বাহিৰে আন সকলো শস্যতে ইয়াক ব্যৱহাৰ কৰিব পাৰি।
ফচ্ফ’বেক্টাৰ (Phophobacter):

এইবিধ জীৱানুসাৰত থকা বেক্টেৰীয়াই মাটিত কিছুমান জৈৱিক এচিদ এৰি দিয়ে, যিয়ে মাটিত জটিল ৰূপত থকা ফচ্ফৰাচ নামৰ মৌলবিধক শস্যই গ্ৰহণ কৰিব পৰাকৈ সহজলভ্য কৰি তোলে। সকলোবোৰ শস্যতে এইবিধ জীৱানুসাৰ প্ৰয়োগ কৰিব পাৰি।
ফ্ৰেচুইৰিয়া অৰেনচিয়া (Frateuria aurantia):

ফ্ৰেচুইৰিয়া অৰেনচিয়া নামৰ বেক্টেৰিয়াবিধ অসমৰ স্থানীয় কল গছৰ শিপা মণ্ডলৰ পৰা আহৰণ কৰা হয়। ইয়াৰ প্ৰয়োগে মাটিত থকা পটাচ নামৰ মৌলবিধক শস্যই গ্ৰহণ কৰিব পৰাকৈ সহজলভ্য কৰি তোলে।
শস্যত জীৱাণু সাৰ প্ৰয়োগ কৰোঁতে কি কি কথা মানি চলিব

১) এজ’ট’বেক্টাৰ, এজ’স্পিৰিলাম, ফচ্ফ’বেক্টাৰ, ফ্ৰেচুইৰিয়া অৰেনচিয়া এই আটাইকেইবিধ জীৱাণুসাৰ একেলগে মিহলাই প্ৰয়োগ কৰিব পাৰি।
২) কিন্তু এইবোৰক কেতিয়াও ৰাসায়নিক সাৰৰ সৈতে মিহলি কৰিব নালাগে।
৩) জীৱাণুসাৰৰ পেকেটবোৰ সদায় ঠান্দা আৰু শুকান ঠাইত ৰাখিব লাগে।
৪) জীৱাণুসাৰক সদায় নিৰ্দিষ্ট সময়ৰ ভিতৰত ব্যৱহাৰ কৰিব লাগে।
৫) নিৰ্দিষ্ট জীৱাণুসাৰ নিৰ্দিষ্ট শস্যৰ বাবেহে ব্যৱহাৰ কৰা উচিত।

শস্যভেদে জীৱাণুসাৰ প্ৰয়োগৰ পদ্ধতি তথা পৰিমাণৰ বিষয়ে তলত থূলমুলকৈ আলোচনা কৰা হ’ল

লিখকৰ ঠিকনাঃ জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া, কৃষি সঞ্চালকালয়, খানাপাৰা, গুৱাহাটী-২২