1 views

শস্য উৎপাদনত খৰাঙৰ পৰা পোক পৰুৱাৰ আক্ৰমণলৈকে বিভিন্ন সাম্ভাব্য অন্তৰায়সমুহ সঠিকভাৱে গণনা কৰি উলিয়াব পৰা এনে এটি প্ৰযুক্তি উদ্ভাৱন কৰি উলিয়াইছে, যিয়ে শস্য অনুযায়ী অথবা অঞ্চল অনুযায়ী ফচলৰ ফলাফল আগতীয়াকৈ নিৰ্দ্ধাৰণ কৰিব পাৰে। এনে প্ৰযুক্তিৰ জৰিয়তে নিশ্চিতভাবে ফচলৰ দৰ নিৰূপন, পণ্যাগাৰ আৰু শস্য বীমা কোম্পানীসমুহৰ পৰিকল্পনা অথবা আচঁনি প্ৰস্তুত কৰা দিশত সহায় কৰিব। মহাৰাষ্ট্ৰৰ ছয়খন জিলাক সামৰি এই প্ৰযুক্তিৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা-নিৰীক্ষা আগত ৰবি খেতিৰ আগে আগে আৰম্ভ কৰা হ’ব । এই প্ৰযুক্তিত খেতিয়কজনৰ খেতিডৰাৰ শস্য ৰোপনৰ পৰা চপোৱালৈকে উৎপাদনৰ সকলো স্তৰৰ ফটো ছেটেলাইটৰ যোগেদি নিৰীক্ষণ কৰি থাকিব। তৎ পশ্চাত: কৃত্ৰিম উপগ্ৰহৰ সহায়ত তোলা ফটো আৰু কৃত্ৰিম বুদ্ধিমত্তা বিশ্লেষণৰ সহায়ত কৃষকক কৃষি বিফলতাৰ আগতীয়া খবৰ দিবলৈ সক্ষম হ’ব। ফলত কৃষকসকল সাম্ভাব্য ক্ষতিৰ পৰা ৰক্ষা পৰিব।

“মহা এগ্ৰি-টেক প্ৰজেক্ট”য়ে, ইতিমধ্যে ইয়াৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণত এম.আৰ.এ.এচ. (Maharashtra Remote Sensing Application Centre) আৰু হায়দৰাবাদস্থিত এন.আৰ.এচ.চি. (National Remote Sensing Centre) অৰ যুটীয়া সহযোগত কেইখনমান নিৰ্বাচিত খণ্ডত নিৰ্ধাৰিত শস্যৰ কেইবিধমানৰ ছেটেলাইট ফটোৰ অধ্যয়ণৰ কাম আৰম্ভ কৰিছিল। বৰ্তমান ইয়াৰ দ্বিতীয় পৰ্যায়ৰ কাম চলি আছে। এই পৰ্যায়ত তেওঁলোকে অঞ্চলভিত্তিক মাটিৰ উৰ্বৰতা, বৰষুণৰ পৰিমাণ, আদ্ৰতাৰ প্ৰভাৱ আৰু অন্যান্য আনুসংগিক উপাদানৰ এটা বিস্তৃত তথ্য সম্ভাৰ যুগুতোৱাই লৈছে । এই তথ্য সম্ভাৰ আন আন সংস্থাৰ লগত সংলগ্ন কৰি এটি সমন্বিত মডেল প্ৰস্তুত কৰি উলিয়াইছে। এইবোৰ তথ্য কৃত্ৰিম বুদ্ধিমত্তাৰ জড়িয়তে বিশ্লেষণ কৰি খেতিডৰাৰ সাম্ভাৱ্য অন্তৰায়সমুহৰ আগতীয়া সতৰ্কবাণী দিব পাৰিব। এনে সতৰ্কবাণীৰ ভিত্তিত কৃষকসকলে আগতীয়া প্ৰতিকাৰৰ ব্যৱস্থা গ্ৰহণ কৰি সাম্ভাৱ্য ক্ষতিৰ পৰা উদ্ধাৰ পাবলৈ সক্ষম হ’ব।

ইতিমধ্যে যোৱা আগষ্ট মাহত হোৱা বানপানীৰ ফলত পশ্চিম মহাৰাষ্ট্ৰৰ বিভিন্ন অঞ্চলৰ শস্যৰ ক্ষতিৰ আগজাননী সংস্থাটোৱে এইধৰণৰ কৃত্ৰিম উপগ্ৰহ প্ৰযুক্তিৰ সহায়ত ৰাইজক প্ৰদান কৰিছিল। সংস্থাটোৰ প্ৰকল্প বিষয়াই জনাই যে কৃত্ৰিম বুদ্ধিমত্তা, আচঁনিৰ বাচনি, শস্যৰ ধাৰণ-ক্ষমতা, শস্যসূচী, শস্যৰ ক্ষতিৰ মূল্যাংকণ, বতৰৰ স্থিতি আদিৰ কৃত্ৰিম উপগ্ৰহৰ ফটো বিশ্লেষণ কৰি কোনো এবিধ ফচলৰ উৎপাদনৰ সঠিক নিৰূপন কৰিব পৰা যায়।
একে সময়তে, কৃষিখণ্ডত কৃত্ৰিম বুদ্ধিমত্তা আৰু যান্ত্রিক শিক্ষণ সমাধান প্ৰয়োগ কৰা বেংগালুৰুস্থিত ‘ক্ৰ’পিন’ (Cropin ) নামৰ কৃষি ফাৰ্ম এখনে মহাৰাষ্ট্ৰৰ বিদৰ্ভা আৰু মৰাঠৱাদা অঞ্চলৰ ছয়খন জিলাক সামৰি এনে এটা প্ৰয়োগিক পৰিযোজনাৰ কাম আৰম্ভ কৰিছে। তেওঁলোকে প্ৰতিজন কৃষকৰ ব্যক্তিগত পথাৰবোৰৰ বাবে একো একোটা সুকীয়া ভৌগলিক বেৰ (geofencing )প্ৰস্তুত কৰি ল’ব আৰু তাৰ ব্যক্তিগত তথ্য যুগুত কৰিব । তেওঁলোকে ইং ২০২০ চনৰ খাৰিফ খেতিৰ আগে আগে এটা বিস্তৃত ডিজিটেল প্লেটফৰ্ম উলিয়াই দিব য’ত কৃষকে পথাৰভিত্তিক শস্যৰ উৎপাদন, শস্যভিত্তিক আগতীয়া বিপদ আৰু তাৰ প্ৰতিৰোধৰ উপদেশ লাভ কৰিব

‘ক্ৰ’পিন’য়ে, যোৱা ন’ বছৰ ধৰি কৃষি প্ৰযুক্তি বিষয়ত কাম কৰি আহিছে । ‘ক্ৰ’পিন’ বৰ্তমান সময়ত, ৪৬ খন দেশত, ৫.৫ মিলিয়ন হেক্টৰ মাটিত, ২.১ মিলিয়ন কৃষকৰ সৈতে কাম কৰি আছে। এইসকল কৃষকৰ মাধ্যমত তেওঁলোকে ৩৬৫ বিধ শস্যৰ ৩৫০০ বিধ প্ৰজাতিৰ খেতি কৰি আছে। এইসকলৰ আধাৰত কোম্পানীটোৱে ত্ৰিলিয়ন মিলিয়ন তথ্যৰ এটা শক্তিশালী ভেটি গঢ়ি তুলিছে । ইয়াৰ সহায়ত কোম্পানীটোৱে কৃত্ৰিম বুদ্ধিমত্তা আৰু যান্ত্ৰিক শিক্ষনৰ এটা প্লেটফৰ্ম প্ৰস্তুত কৰি উলিয়াইছে । “আমাৰ এই তথ্যসম্ভাৰ বিশ্লেষণ কৰি আমি বিভিন্ন সূচক প্ৰস্তুত কৰি উলিয়াইছো যাৰ সহায়ত কৃষক এজনে শস্যৰ গঠন আৰু উৎপাদনৰ সম্ভাৱনীয়তা কৈ দিব পৰা হ’ব”—এই কথা ক’য়, ক্ৰ’পিনৰ মুখ্য ৰাজহ বিষয়া শ্ৰী জীটেশ শ্বাহদেৱে । ক্ৰ’পিনে প্ৰস্তুত কৰি উলিওৱা কৃষি সুচকসমুহ হৈছে, পত্ৰহৰিৎ সুচক (chlorophyll index), জলীয়বাষ্পনিৰ্গম সুচক (evapotranspiration index) আদি ।

কৃত্ৰিম বুদ্ধিমত্তা আৰু কৃত্ৰিম ফটো প্ৰযুক্তিৰ মাধ্যমত বছৰটোৰ শস্য লগোৱাৰ সময়, জলবায়ু, আদ্ৰতা আদি তথ্যৰ বিশ্লেষণৰ সহায়ত এজন কৃষকক তেওঁৰ পথাৰ অনুযায়ী শস্য ভিত্তিক গঠন আৰু উৎপাদনৰ তথ্য প্ৰদান কৰিব পৰা যায় । খেতিয়কজনৰ খেতিপথাৰসমুহৰ ভৌগলিক বেৰৰ ভিতৰৰ ব্যক্তিগত তথ্য সংহতি স্তুপ এটা তৈয়াৰ কৰি ল’য় আৰু তাৰ সকলো দিশ বিশ্লেষন কৰি কোনো এটা অঞ্চলৰ খেতিয়েকক নিজাববীয়া উপদেশ প্ৰদান কৰিব । শস্যভুমি, আদ্ৰতা আৰু অন্যান্য সুচকসমুহৰ সময়ভেদৰ তথ্য সংহতিৰ সহায়ত পিছলৈ জলবাজেট মডেলোওঁ প্ৰস্তুত কৰিব পৰা যাৱ । “মহা এগ্ৰি টেক” অৰ প্ৰয়োগিক পৰিযোজনাৰ সাফল্যতাত মহাৰাষ্ট্ৰৰ ৰাজ্যিক কৃষি আয়ুক্ত শ্ৰী সুভাস বিৱাচ মহাশয়ে কয় যে, ‘‘এই অধ্যায়নটোৱে মহাৰাষ্ট্ৰৰ কৃষিখণ্ডৰ যিকোনো সাম্ভাৱ্য অন্তৰায় ৰোধ কৰাৰ দিশত এটা সুদুৰ প্ৰসাৰি অৰিহনা যোগাব’’। লগতে তেওঁ এই কথাওঁ কয় যে, “কৃষি এজেঞ্চী, খেতিয়ক আৰু চৰকাৰ মিলি ধাৰনাটোৰ এটি একক ডিজিলেট প্লেটফৰ্ম প্ৰস্তুত কৰি উলিয়াব লাগে আৰু পাৰিলে কৃত্ৰিম উপগ্ৰহ ফ’টো আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ তথ্য সংহতি জি. আই. চি মুলক প্লেটফৰ্মৰ সহায়ত সংযুক্ত কৰিব পৰা হলে খৰাং ক্ষতিগ্ৰস্ত কৃষক সকলো উপকৃত হ’ব” ।

“মহা এগ্ৰ টেক” প্ৰজেক্টয়ে এই কথাও সদৰি কৰে যে “প্ৰথম পৰ্যায়ৰ নিৰীক্ষনসমুহ আমি দ্বিতীয় পৰ্যায়তো বাহাল ৰাখিছো আৰু আমি ইয়াৰ পৰিসৰ বহলাই আঁছো আৰু তথ্য আৰু সত্যৰ পৰীক্ষা নিৰীক্ষা চলাই আছো। অনাগত দিনত আমি বজাৰৰ স্থিতি য’ত ফচলভিত্তিক যোগান-চাহিদাৰ বিশ্লেষণ, পণ্যাগাৰৰ সুবিধা, সাৰ, কীট-নাশক অথবা চৰকাৰী আচঁনি, মাটিৰ উৰ্বৰা, চইল হেল্থ কাৰ্ড, ভূ-গৰ্ভৰ জল, জলসিঞ্চন আচঁনি আদি সকলোবোৰৰ সমন্বিত তথ্য মাত্ৰ এটা ডিজিটেল মাধ্যমত উপলদ্ধ হ’ব”।

আকাশ চুবৰ মন

কৃত্ৰিম বুদ্ধিমত্তা আৰু কৃষি উৎপাদন বৃদ্ধি

- ড্ৰ’ন নাইবা কৃত্ৰিম উপগ্ৰহৰ সহায়ত খেতিডৰাৰ তথ্য সংগ্ৰহ কৰা হয় আৰু বিশ্লেষণ কৰা হয় ।
- এখন সৰল কৃত্ৰিম উপগ্ৰহৰ ফটো বা ড্ৰ’ন ফটো এখনে নিযুত তথ্যৰ সৈতে সংযুক্ত কৰি ল’ব।
- সংহতি অধ্যয়ন আৰু যান্ত্ৰিক শিক্ষণৰ সহায়ত সমন্বিত তথ্যৰ বিশ্লেষণ কৰি খেতিয়কক শস্যৰ বাচনি, কীট-নাশক, সাৰ আদিৰ প্ৰয়োগৰ সময়ৰ বিষয়ে অৱগত কৰাব।
- বহলভিত্তিক ইয়াক সামগ্ৰীকৰণ কৰি ল’ব; তথ্যসমুহ আচঁনি নিৰূপনকাৰী সংস্থাসমুহক অৱগত কৰিব আৰু তেওঁলোকে আৱশ্যকীয় কৰণীয় বা সুবিধা যেনে পণ্যাগাৰ আদিৰ সিদ্ধান্ত ল’ব।
- এক নিৰ্দিষ্ট সময়ত এইবোৰ তথ্যৰ সহায়ত চৰকাৰে ভাৰতীয় কৃষিভিত্তিক আচঁনি যেনে এনৰেগা (MGNREGA) আদিৰ নিচিনা উন্নতিকৰণত সহায়ক হ’ব।

কৃত্ৰিম বুদ্ধিমত্তা:

কৃত্ৰিম বুদ্ধিমত্তা শব্দটো ‘কৃত্ৰিম’ আৰ ‘বুদ্ধিমত্তা’ এই দুটা শব্দৰে গঠিত ।‘ কৃত্ৰিম’ মানে মানৱকৃত বা অপ্ৰাকৃতিক ভাৱে প্ৰস্তুত হোৱা কথা বা বস্তু। আনহাতে ‘বুদ্ধিমত্তা’ মানে মানুহৰ বৌদ্ধিক শক্তি বা ভাৱনা। ‘কৃত্ৰিম বুদ্ধিমত্তা, ই নিজে এটা ব্যৱস্থা নহয়। ই হ’ল এটা প্ৰয়োগ যিটো কোনো এক ব্যৱস্থাত সাধন হিচাপেহে ব্যৱহৃত হয়। ‘কৃত্ৰিম বুদ্ধিমত্তা’ এটি আধুনিক কম্পিউটাৰ শিক্ষা আৰু বিভিন্ন বিষয়ত ইয়াৰ ব্যাপক ব্যৱহাৰ হবলৈ ধৰিছে। ইয়া্ৰ সহায়ত শস্য বিফলতা আদিৰ নিচিনা বিভিন্ন সমস্যাৰ সম্ভেদ আগতীয়াকে পায় আৰু কৃষকক উপযুক্ত প্ৰতিৰোধক ব্যৱস্থা প্ৰদান কৰি কৃষকক সম্ভাৱনীয় লোকচানৰ পৰা উদ্ধাৰ কৰে। কৃত্ৰিম বুদ্ধিমত্তা এনে এটা বিষয় যিটোৱে কম্পিউটাৰটোক এনে এটা প্ৰশিক্ষণ দিয়ে যাৰ সহায়ত মানৱৰ বুদ্ধিমত্তাতকৈও কম্পিউটাৰৰ বুদ্ধিমত্তা উন্নত কৰে । সহজ ভাষাত ‘কৃত্ৰিম বুদ্ধিমত্তা’ মানে উপলব্ধ সকলো তথ্য কম্পিউটাৰত সংযোগ কৰি কম্পিউটাৰৰ বুদ্ধিমত্তা আৰু বেছি শক্তিশালী কৰি তোলা এটা ব্যৱস্থা।

যান্ত্ৰিক শিক্ষণ

‘যান্ত্ৰিক শিক্ষণ’ মানে হ’ল যেতিয়া কোনো এটা যন্ত্ৰই কোনো বাহিৰা প্ৰ’গ্ৰেম অবিহনে স্বত:স্ফুত ক্ৰিয়া আৰম্ভ কৰে। যান্ত্ৰিক শিক্ষণ হল ‘কৃত্ৰিম বুদ্ধিমত্তা’ৰেই এটা এপ্লিকেচ’ন। এই এপ্লিকেচ’নটোৱে যন্ত্ৰটোৰ দক্ষতা আৰু পুৰ্বতে উপলব্ধ তথ্যৰ ভিত্তিত এপ্লিকেচ’নটোৱে ক্ৰিয়া কৰি যায়। এই ব্যৱস্থাৰ বাবে যন্ত্ৰটোৰ ইন-পুট্ আউট্-পুট্ মাধ্যমসমুহৰ সহায়ত এটা প্ৰ’গ্ৰেম তৈয়াৰ কৰি লোৱা হয় । ধৰাহওঁক, ‘ক’ৰ কিছুমান কাৰ্যকলাপৰ অভিজ্ঞতা জানিবলে আমি ‘খ’ৰ কিছুমান পাৰদৰ্শী মাপৰ তথ্য যুগুতাই ল’ব লাগিব। এইটো এটা সহজ ‘যান্ত্ৰিক শিক্ষণ’ৰ উদাহৰণ ।

কৃত্ৰিম বুদ্ধিমত্তা যান্ত্ৰিক শিক্ষণ
- সফলতাৰ বাবে চেষ্টা কৰে, সঠিকতাৰ কথা নকয়
- এটা কম্পিউটাৰ প্ৰ’গ্ৰাম, যিয়ে সুচল কাম কৰে
- জটিল সমস্যা সমাধানৰ বাবে প্ৰাকৃতিক বুদ্ধিমত্তাক উৎসাহিত কৰে
- এটা সিদ্ধান্ত ৰচক ব্যৱস্হা
- সৰ্বোত্তম সমাধান দিবলৈ চেষ্টা কৰে
- মানুহৰ বুদ্ধিমত্তাৰ নিচিনাকৈ পৰিস্হিতি সাপেক্ষে সমাধান ।
- সঠিকতাৰ কথা কয়, সাফল্যৰ নহয়
- জ্ঞান অথবা কৌশল অৰ্জন কৰে
- তথ্যৰ ভিত্তিত জ্ঞান লয়
- যন্ত্ৰৰ দক্ষতা বৃদ্ধি কৰে
- তথ্যৰ ভিত্তিত নতুন জ্ঞানৰ সন্ধান দিয়ে
- যন্ত্ৰৰ নিজা গাণনিক বিধি তৈয়াৰ কৰি লয়
- ই সমাধানৰ সিদ্ধান্ত দিয়ে, সাফল্যতাৰ বিচাৰ নকৰে ।

ডালিম বৰ্মন
মহাৰাষ্ট্ৰ