1 views

কৃষি পৰ্যটন মানে কি?
- অতিথিৰ বিনোদন আৰু শিক্ষাৰ বাবে কৃষি পামত কৰা যিকোনো উপাৰ্জনমূলক কাৰ্যকে কৃষি পৰ্যটন বুলি কয়।
সৰু পামতে কৃষি পৰ্যটন কেনেকৈ আৰম্ভ কৰিব
- আপুনি আপোনাৰ সৰু পামখনতে কৃষি পৰ্যটন বা পৰিবেশ পৰ্যটন আৰম্ভ কৰিব বিছাৰিছেনেকি? আপুনি ঠিকেই চিন্তা কৰিছে। কিন্তু, কেনেকৈ আৰম্ভ কৰিব?
- কৃষি পামত গৰু-গাড়ী চালনাকে ধৰি সৰু জুপুৰি ঘৰত থকালৈকে ব্যৱস্থা কৰা হয়। কৃষি পৰ্যটনত আপুনি কি কি অন্তৰ্ভূক্ত কৰিব পাৰে?
- পথাৰ আৰু শস্য পৰিদৰ্শন
- থলুৱা প্ৰাণী যেনে, গৰু-গাই, ম’হ আদি পৰিদৰ্শন
- গৰু-গাড়ী বা ম’হ-গাড়ী যাত্ৰা আৰু চালনা
- হাল বোৱা, ভুঁই ৰোৱা, ধান দোৱা, মৰণা মৰা ইত্যাদি
- উৎসৱ-পাৰ্বন, মেলা, ভাওনা, সবাহ, থলুৱা খেল-ধেমালি আদি
- কৃষিজাত সামগ্ৰী প্ৰদৰ্শন
- শস্য চপোৱা উৎসৱ, ভোঁজ আদি
- গাইডৰ সহযোগত পক্ষী দৰ্শন
- দেশীয় নাও চালনা
- খাদ্য-সামগ্ৰী প্ৰস্তুত আৰু জুটি লোৱা
কৃষি ব্যৱসায় পৰিকল্পনা
উল্লিখিত বিষয়বোৰ কেইটিমান উদাহৰণহে। এনেধৰণৰ বহু সম্ভাৱনাপূৰ্ণ বিষয় আছে যিবোৰক লৈ কৃষি পৰ্যটনৰ সুন্দৰ পৰিকল্পনা কৰিব পাৰি।
- কাৰ্যবোৰ চিনাক্তকৰণ কৰাৰ পিছত এখন কৃষি ব্যৱসায় পৰিকল্পনা কৰি লব লাগে।
- প্ৰথমতেই খুউব ডাঙৰকৈ কৰিব নেলাগে। সৰুকৈ আৰম্ভ কৰি পৰ্যটকসকলৰ আকৰ্ষণ কিমান সেয়া লক্ষ্য কৰিব লাগে।
পৰ্যটক কোনসকল হব?
এই বিষয়টো কৃষি পৰ্যটনৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ।
- কোনবোৰ পৰ্যটক সাধাৰণতে আহিব?
- বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল আহিবনে?
- ঋতুকালীন পৰ্যটকসকল কিমান আহিব?
- পৰ্যটকসকল সৰু সৰু গোট হব, নে ডাঙৰ দল হব?
সফলতাৰ বাবে কেইটিমান কৌশল ?
- কৃষি পৰ্যটনৰ ধাৰণাৰ লগত কৃষি পামৰ সময়, বিচক্ষণতা আৰু উৎসক মিলাব লাগিব।
- কোনে প্ৰধানকৈ পৰিকল্পনা কৰিব সেইটো নিৰ্ধাৰণ কৰি লব লাগে
- এনে এজন ব্যক্তি থকাতো নিশ্চিত হব লাগে, যিজন বন্ধুত্বসূলভ, উৎসাহী, সবল আৰু স্থানীয় মানুহ তথা পৰ্যটকৰ লগত ভালদৰে বিনিময় কৰিব পাৰে।
- জনগণৰ মাজত প্ৰচাৰৰ আগতে কি কি কাৰ্য কৰা হব তাক পৰিকল্পনা কৰিব লাগে
- সাধাৰণতে কোনবোৰ পৰ্যটক আহিব পাৰে আৰু তেওঁলোকে কি বিচাৰে তাক জানি লব লাগে
- আয়ৰ লক্ষ্য ঠিক কৰি লব লাগে যাতে সময়ত বিকাশৰ হাৰ উলিয়াব পাৰি
- জৰুৰীকালীন সময়ত প্ৰত্যাহবান লবলৈ সাজু থাকিব লাগিব
বিপনন কেনেকৈ কৰিব?
- পৰ্যটকসকলক সন্তোষ কৰাটোতেই সফলতাৰ মাপকাঠি: এজন পৰ্যটক এখন পৰ্যটন ক্ষেত্ৰলৈ আহি যেতিয়া ঘুৰি যাব তেওঁৰ অভিজ্ঞতাখিনিৰ কথা আন বন্ধুসকলৰ আগত কবগৈ। পৰ্যটকসকলৰ তথ্যসমূহ মজুত কৰি ৰাখিব লাগিব।
- যোগাযোগৰ ঠিকনা, ই-মেইল আদি সংগ্ৰহ কৰি তাৰ এখন তালিকা প্ৰস্তুত কৰিব লাগে। বিভিন্ন আলোচনী, সংগঠন, সামাজিক মাধ্যম যেনে ফেচবুক, ৱাটছআপ আৰু অন্য উৎসৰ পৰা সংগ্ৰহ কৰিব লাগে। গ্ৰাহকসকললৈ ই-মেইল কৰি যোগাযোগ ৰাখিব লাগে। অন্ততঃ বছেৰেকত দুবাৰ ৰাখিব লাগে।
- এটা কথা মনত ৰাখিব লাগে যে মানুহে কেৱল মাছ মৰা, চিকাৰ কৰা, গৰু-গাড়ীত উঠিবলৈকে নাহে। তেওঁলোক আহে আমোদ-প্ৰমোদ আৰু অৱসৰ বিনোদনৰ বাবে। আপুনি শুশ্ৰূষা ব্যৱসায়ত জড়িত হৈ আছে, গতিকে তেওঁলোকক যত্ন লোৱাতোটেই ব্যৱসায়ৰ সাফল্য নিৰ্ভৰ কৰিব। পৰ্যটকসকলে কি ভাল পায় আৰু শুশ্ৰূষা উন্নত কৰিবৰ বাবে কি কৰিব লাগিব সেয়া জানিব লাগিব।
- গ্ৰাহকসকলৰ পৰা সেৱাৰ মূল্য লবলৈ চিন্তা কৰিব নেলাগে। যিহেতু এটি সেৱাৰ ব্যৱসায় কৰা হৈছে গতিকে গুণগত মানদণ্ডৰ সেৱাৰ বাবে যথোচিত মূল্য লবৰ বাবে সংকোচ কৰিব নেলাগে।
- পৰ্যটকসকলৰ লগত বাৰ্তালাপ যাতে সঠিকভাবে কৰা হয় তাৰবাবে পেচাদাৰী উত্তৰ হব লাগিব।
- ওচৰচুবুৰীয়া সংস্থা, ব্যৱসায় গোষ্ঠী, ক্লাব, হোটেল, পৰিবহন সংস্থা আদিক নিজৰ পৰ্যটন ব্যৱসায়ৰ বিষয়ে অৱগত কৰিব লাগিব। প্ৰচাৰ-পত্ৰ, বেনাৰ আদি আঁৰি দিব লাগিব।
- বাতৰি কাকত, আলোচনী, নিউজ চেনেল আদিত নিজৰ পৰ্যটন ব্যৱসায়ৰ বিষয়ে বিজ্ঞাপন দিব লাগিব। তেনে প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধিক নিমন্ত্ৰণ কৰি বিনামূলীয়াকৈ আপ্যায়নৰ ব্যৱস্থা কৰিব লাগে।
- একেধৰণৰ অন্য ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা প্ৰচাৰ-পত্ৰ, বিজ্ঞাপন পত্ৰ আদি সংগ্ৰহ কৰিব লাগে, সেইবোৰত থকা সুবিধাসমূহ নিজৰ ব্যৱসায়ৰ সৈতে তুলনা কৰি চাব লাগে আৰু নিজৰ ব্যৱসায়ত সেইমতে সংযোজন বিয়োজন কৰিব লাগে।
- উৎকৃষ্ট মানদণ্ডৰ প্ৰচাৰ-পত্ৰ, বিজ্ঞাপন, বেনাৰ আদি তৈয়াৰ কৰিব লাগে।



নয়ন কুমাৰ বৰা, সহকাৰী কৃষি সঞ্চালক, কৃষি বিভাগ, খানাপাৰা, গুৱাহাটী-২২