1 views

মাছৰ পেলনীয়া অংশৰ পৰা
 মাছৰ পেলনীয়া কাঁইট, বাকলি, পেটু, ছাল আদি সংগ্ৰহ কৰি এটা পাত্ৰত ৰাখিব লাগে। লক্ষ্য কৰিব লগীয়া বিষয় হ’ল- পেলনীয়া সামগ্ৰীবোৰ যাতে সতেজ হয়।
 উল্লিখিত সামগ্ৰীৰ লগত সম-পৰিমাণৰ জুলীয়া গুড় যোগ কৰক।
 পাত্ৰটো মুখ বন্ধ কৰি ৩-৪ দিন ৰাখি দিয়ক।
 এনেদৰে থৈ দিলে পাত্ৰৰ তলিত কিছু জুলীয়া দ্ৰৱ জমা হ’ব। এই জুলীয়া দ্ৰৱৰ ১ ভাগ ১০০০ ভাগ পানীৰ লগত মিহলাই শস্যৰ পাতত স্প্ৰে কৰিব পাৰি।
চাউল ধোৱা পানী:
 চাউল ধোৱা পানী সংগ্ৰহ কৰিব লাগে।
 এটা পাত্ৰত পানীখিনি লৈ মুখখন কাপোৰেৰে বন্ধ কৰি ছাঁ পৰা স্থানত এসপ্তাহৰ বাবে ৰাখি থব লাগে।
 এক সপ্তাহৰ পিছত এই পানীৰ লগত ১০ ভাগ গাখীৰ যোগ কৰি পুনৰ এক সপ্তাহ ৰাখিব লাগে। তেতিয়া ই এক ঈষৎ হালধীয়া এক জুলীয়া দ্ৰৱত পৰিণত হ’ব।
 উক্ত দ্ৰৱৰ লগত ২০-৪০ অংশ পানী মিহলাই শস্যত স্প্ৰে কৰিব লাগে। ই এক জৈৱিক ৰোগ-নাশকৰ লগতে শস্যৰ বৃদ্ধিকাৰক হিচাপেও অৰিহণা যোগায়।
প্ৰাকৃতিকভাবে তৈয়াৰী কিছুমান বৃদ্ধিকাৰক:
 দোকমোকালিতে উঠি খৰকৈ বৃদ্ধি হোৱা আৰু স্থানীয়ভাবে উপলব্ধ বিভিন্নধৰণৰ অলাগতিয়াল উদ্ভিদৰ সংগ্ৰহ কৰি সেইবোৰৰ কুমলীয়া অংশ সংগ্ৰহ কৰি লব লাগে।
 সংগৃহীত উদ্ভিদ অংশবোৰ ১:৩ অণুপাতত গুড়ৰ লগত হাতেৰে সানি মিহলাব লাগে। কিন্তু, উদ্ভিদ অংশবোৰ মিহলোৱাৰ আগতে কেতিয়াও ধুব নেলাগে।
 এটা বহল মুখৰ পাত্ৰত উক্ত মিশ্ৰণখিনি ভৰাই তাত শিল, ইটা জাপি দিব লাগে। লক্ষ্য কৰিব লাগে যাতে গধুৰ বস্তুৰ হেঁচাত উদ্ভিদৰ অংশবোৰ ১:৩ অণুপাতত পৰিণত হয়।
 এতিয়া পাত্ৰটোৰ মুখখন কাপোৰ বা কাগজেৰে মেৰিয়াই বন্ধ কৰিব লাগে।
 এইদৰে ছাঁ পৰা স্থানত ৫-৭ দিন ৰাখিব লাগে।
 এনেদৰে থৈ দিলে পাত্ৰৰ তলত এক ৰস জমা হব। এই ৰসৰ ১ অংশৰ লগত ৫০০ ভাগ পানী যোগ কৰি যিকোনো শস্যৰ পাতত স্প্ৰে কৰিব পাৰি।
 এই মিশ্ৰণ এক উত্তম প্ৰাকৃতিক বৃদ্ধিকাৰক।