আধুনিক কৃষি বিজ্ঞান হ’ল, সুদীৰ্ঘ সময়ৰ পৰা মানুহে আহৰণ কৰা অভিজ্ঞতা আৰু পৰীক্ষা-নিৰীক্ষাৰ ফল।
ইয়াৰো এক সুনিৰ্দিষ্ট গতি আছে। ইয়াৰ বিৰূদ্ধাচৰণ কৰিলেই কৃষি বিজ্ঞানো হৈ পৰে অপবিজ্ঞান। সেয়েহে আধুনিক
কৃষি বিজ্ঞানৰ উপকৰণসমূহ যেনে, ৰাসায়নিক সাৰ, কীট-নাশক, যন্ত্ৰ-পাতি প্ৰয়োগ কৰোতে যাতে হীন-ডেঢ়ি নহয় তাৰ
প্ৰতি কৃষকসকল শিক্ষিত আৰু অভিজ্ঞ হোৱাতো দৰকাৰ। অন্যহাতে, আধুনিক কৃষিয়ে কঢ়িয়াই অনা বিভিন্ন সমস্যাসমূহ
যেনে, মাটিৰ উৎপাদিকা শক্তি হ্ৰাস, কৃষি প্ৰদূষণৰ সমস্যা, অত্যধিক উৎপাদনী খৰছৰ বিপৰীতে নিম্নগামী আয়, নিচেই কম
উৎপাদন আদি মোকাবিলা কৰিবলৈও কৃষকসকলক শিক্ষিত কৰি তোলাটো জৰুৰী হৈ পৰিছে। অসমৰ অৰ্থনীতি মূলতঃ কৃষিৰ
ওপৰতেই নিৰ্ভৰ কৰে। এই কৃষিখণ্ডটোৰ বিকাশৰ বাবে কৃষকসকলক বিশেষকৈ শিক্ষিত যুৱ-কৃষকসকলক শিক্ষিত কৰি তোলাটো
অতীৱ প্ৰয়োজন। সাম্প্ৰতিক অসমৰ চুঁকে-কোণে বহুজন শিক্ষিত যুৱকে কৃষিকাৰ্যক বৃত্তি হিচাপে লৈ স্ব-নিয়োজনৰ পথ লৈছে।
অৰ্থনৈতিকভাৱে জৰ্জৰিত অসমৰ বাবে ই নিশ্চয় এক শুভ লক্ষণ। কিন্তু, প্ৰত্যাহ্বান হ’ল- এই কৃষি-মুখী ধাৰাটোক গতিশীল কৰিব
পৰা হ’বনে? কৃষিকাৰ্যৰ জৰিয়তে কিছু যুৱক লাভৱান হৈছে, কিছুৱে লাভৰ বাবে নেৰা-নেপেৰা চেষ্টা কৰি আছে আৰু আন কিছুমান
যুৱকে লাভ কৰিব নোৱাৰি হতাশ হৈ কৃষি বৃত্তিটোকে পৰিত্যাগ কৰিছে। লাভৱান হোৱাসকলৰ বুজনসংখ্যকে আকৌ কৃষিতে অধিক
বিনিয়োগ নকৰি অন্য ব্যৱসায়-বাণিজ্যৰ প্ৰতিহে অধিক গুৰুত্ব আৰোপ কৰিছে। কৃষিটো হৈ পৰিছে গৌণ বৃত্তি। কিয়নো, কৃষিকাৰ্যটো
এওঁলোকৰ বাবে হৈ পৰিছে অনিশ্চিত আৰু অসুৰক্ষিত। প্ৰাকৃতিক দুৰ্য্যোগ যেনে, খৰাং, বানপানী, ধুমুহাৰ লগতে কীট-পতঙ্গ, ৰোগ-ব্যাধি
আদি সমস্যাই কৃষিকাৰ্যক অনিশ্চয়তাৰ মাজলৈ লৈ গৈছে। ‘নতুন আশা:সেউজ চিন্তা’ই কি চিন্তা কৰে? কৃষিকাৰ্যত লাগি থকাসকলৰ পৰা
প্ৰায়েই এই প্ৰয়োজনটো আহে যে কৃষি বিজ্ঞানৰ জ্ঞানখিনি সততে পাবৰ বাবে, সমস্যাবোৰৰ উচিত সমাধান পাবৰ বাবে তেওঁলোকক
এটি মাধ্যম লাগে। প্ৰচলিত মাধ্যমবোৰে তেওঁলোকৰ প্ৰয়োজনীয়তাখিনি সম্পূৰ্ণ পূৰণ কৰিব পৰা নাই বুলি তেওঁলোকে ভাবে। লক্ষণীয় বিষয়টো হ’ল,
বৰ্তমান কৃষক এজনে, বিশেষকৈ শিক্ষিত যুৱকৃষক এজনে অতি কমসময়ত, তৎপৰতাৰে আৰু অতি সহজে তেওঁলোকে বিচৰা সমাধান আৰু তথ্যখিনি
পাব পৰা মাধ্যমটেই হ’ল- ইলেকট্ৰনিক মাধ্যম। এই ইলেকট্ৰনিক মাধ্যমবোৰৰ ভিতৰত খুউব সহজ আৰু সৰ্বাধিক ব্যৱহৃত মাধ্যম হ’ল- মবাইল আৰু ইন্টাৰনেট।
দেখা গৈছে যে, অসমত শেহতীয়াকৈ এই মাধ্যমবোৰৰ প্ৰভাব সৰ্বসাধাৰণৰ ওপৰতো বাৰুকৈয়ে পৰিছে। এই প্ৰভাব ধনাত্মক আৰু ঋণাত্মক-
দুয়োটাৰ ভিতৰত যিকোনো এটা হ’ব পাৰে। আমি ভাবো, সেউজ চিন্তাই আমাৰ সমাজত, বিশেষকৈ গ্ৰাম্য, কৃষিজীৱী সমাজত অনতিপলমে
ধনাত্মক প্ৰভাব বিস্তাৰ কৰিবলৈ সক্ষম হ’ব আৰু কৃষি বৃত্তিটোক এক মৰ্যাদাপূৰ্ণ, লাভজনক আৰু গতিশীল কৰিবলৈ ই-সেউজ চিন্তাই প্ৰচেষ্টা ল’ব
আৰু অসমৰ অৰ্থীনীতি বিকাশত আগভাগ ল’ব। লগতে, কৃষিজাত সামগ্ৰীৰ স্ব-নিৰ্ভৰশীলতাৰ ক্ষেত্ৰত ই শক্তিশালী ভূমিকা গ্ৰহণ কৰিব।
নয়ন কুমাৰ বৰা