1 views

ফছফেট উদ্ভিদৰ মূখ্য মৌলসমূহৰ ভিতৰত এক মৌল। ইয়াক উদ্ভিদে যথেষ্ট পৰিমাণে শোষণ কৰে। সেইবাবে খেতিত ফছফেটযুক্ত সাৰ বহুলভাৱে ব্যৱহাৰ কৰা দেখা যায়। কিন্তু বহু সময়ত দেখা গৈছে যে কৃষকে প্ৰয়োজনতকৈ অধিক ফছফেটযুক্ত সাৰ ব্যৱহাৰ কৰি মিছাতে ধনৰ লগতে পৰিৱেশ বিনষ্ট কৰি আহিছে। বজাৰত তুলনামূলকভাৱে ফছফেট যুক্ত সাৰ আন সাৰতকৈ কম দামত পোৱা যায় আৰু ই শস্যৰ গুৰিত লাগিলেও বিশেষ ক্ষতি নকৰে। উদাহৰণস্বৰূপে- একক চুপাৰ ফছফেট, ৰ’ক ফছফেট সাৰৰ কথা ক’ব পাৰি। সেইবাবে কৃষকে ইয়াক জোখতকৈ বেছি পৰিমাণে দিয়াত আগ্ৰহী। ফছফেট সাৰ মাটিত নিদি যদি তাক পচন সাৰৰ লগত মিহলি কৰি ফছফেট দ্ৰৱনীয়ক অণুজীৱ (Phosphate Solubilizing Micro-organism) অণুজীৱ যোগ কৰি কিছুদিন ৰাখি মাটিত ব্যৱহাৰ কৰা যায় তেন্তে অতি উত্তম ফলাফল লাভ কৰিব।

বৰ্ত্তমান বজাৰত PSM কিনিবলৈ পোৱা যায়। জৈৱিক কৃষি পদ্ধতিত পচন সাৰ, কেঁচুসাৰ আদিৰ লগত নিৰ্দিষ্ট অনুপাতত ৰ’ক ফছফেট যোগ কৰি PSM মিহলাই দিব লাগে। এনে কৰিলে PSM বোৰে ৰ’ক ফছফেটত থকা ফছফেট গছে সহজে শোষণ কৰিব পৰা অৱস্থালৈ পৰিৱৰ্ত্তন ঘটায়। এই পদ্ধতিত অতি সহজে উদ্ভিদক ফছফেট সাৰ যোগান ধৰিব পাৰি। কিন্তু কথা হ’ল যে এই ফছফেট যুক্ত সাৰ মাটিত বেছি পৰিমাণে থাকি মাটিৰ গুণাগুণ নষ্ট কৰিব পাৰে, তাক লক্ষ্য কৰাটো অতি জৰুৰী। আনহাতে, ফচফফেট যুক্ত সাৰ পানীত দ্ৰৱীভূত নহয়, গতিকে উদ্ভিদে সহজে গ্ৰহণ কৰিব নোৱাৰে। এই ফছফেটযুক্ত সাৰক দ্ৰৱীভূত কৰাত বিশেষভাৱে কিছুমান অণুজীৱই সহায় কৰে যিবোৰ হ’ল- PSM। এই PSM অণুজীৱ সাধাৰণতে মাটিত থাকেই। কিন্তু বহু সময়ত যধে-মধে ৰাসায়নিক সাৰ, ভেঁকুৰনাশক, বেক্টেৰীয়ানাশক আদি ব্যৱহাৰ কৰাৰ বাবে মাটিত ইয়াৰ সংখ্যা কমি যায়, ফলত ফছফেট সাৰ মাটিত অদ্ৰৱণীয় অৱস্থাত থাকি যায়।