এই মাহৰ কৃষি

    নিৰ্দিষ্ট সময়ত শালিধান চপাব লাগে:
    উৎপাদন বঢ়াবৰ বাবে আৰু গুণবিশিষ্ট ধানৰ বাবে নিৰ্দিষ্ট সময়ত ধান চপোৱাটো অতি দৰকাৰী। আগতীয়াকৈ ধান চপালে অপৈণত আৰু ভালদৰে পূৰ নোহোৱা ধান উৎপাদন হয়। অপৈণত ধান বনালে ই ভাগি যাই আৰু বীজ হিচাপে ব্যৱহাৰ কৰিলে ই অঙ্কুৰণ নহয়। যদি দেৰিকৈ চপোৱা হয় তেতিয়া ধানবোৰ সৰি নষ্ট হয় আৰু চৰাইয়ে অনিষ্ট কৰে। ধান কেতিয়া চপাব লাগে ?
    - যেতিয়া ধানৰ বীজত ২০-২২% আদ্ৰতা থাকে। সাধাৰণতে ধানৰ ফুল ফুলাৰ ৩০ দিনৰ পিছতে এই অৱস্থা পায়গৈ।
    - ৮০-৮৫% ধানৰ বীজৰ ৰং খেৰ-বৰণীয়া হয়।
    - ঠোকৰ তলফালে থকা ধানবোৰ যাতে টান হয়
    - দাঁতেৰে কামুৰি চালে টান অনুভব কৰা হয়, কিন্তু সহজতে ভাগি নেযায়
    ধান কটাৰ পিছত গুণাগুণ কেনেকৈ উন্নত কৰিব পাৰি ?
    - ধানৰ ঠোকবোৰ হাউলি মাটি নাইবা পানীত লাগিবলৈ দিব নেলাগে
    - পথাৰত ধানৰ মুঠাবোৰ বান্ধি বেছি সময় ৰাখিব নেলাগে- পৰাপক্ষত ২৪ ঘন্টাৰ ভিতৰত মৰণা মাৰিব লাগে।
    - মৰণা মৰাৰ পিছত যিমান সোনকালে সম্ভব হয় সিমান সোনকালে বীজখিনি শুকুৱাব লাগে।
    - ৰ’দত শুকুৱাওতে প্ৰতি এঘন্টাৰ মূৰে মূৰে ধানখিনি তল-ওপৰ কৰি দিব লাগে।
    - টাৰপলিন বা পৰিষ্কাৰ চোতালতহে ধান শুকুৱাব লাগে
    - ধানখিনি ৩-৫ চেন্টিমিটাৰ ডাঠকৈ মেলিব লাগে
    - খুউব বেছি উত্তাপ হলে দুপৰীয়া সময়ত ধানখিনি ঢাকি দিব লাগে আৰু বৰষুণৰ পৰাও ৰক্ষা কৰিব লাগে।
    - শুকুওৱাৰ পিছত ধানখিনি কেইবাবাৰো জাৰি পৰিষ্কাৰ কৰিব লাগে
    - পৰিষ্কাৰ, শুকান আৰু ঠাণ্ডা ঠাইত ধানখিনি ৰাখিব লাগে।
    নিৰাপদভাবে মজুত কৰিব লাগে
    - শস্য হিচাপে ধানত ১৪% তকৈ কম আদ্ৰতা থাকিব লাগে। বীজ হিচাপে ৰাখিলে ধানত ১২% তকৈ কম আদ্ৰতা থাকিব লাগে।
    - অনিষ্টকাৰী কীট, এন্দুৰ আৰু চৰাইৰ পৰা ৰক্ষা কৰিব লাগে
    - বৰষুণ বা সেমেকা বতৰত ধানখিনি সেমেকি নোযোৱাকৈ ৰাখিব লাগে
    - অনুমোদিত হাৰতকৈ প্ৰতি ১% আদ্ৰতা বাঢ়ি যোৱাৰ লগে লগে নাইবা ৫০ ছেন্টিগ্ৰেড উঞ্চতা বঢ়াৰ লগে লগে বীজৰ আয়ুস আধালৈ কমি যায়।
    ধানৰ বস্তা কেনেকৈ ৰাখিব?
    ধানৰ বস্তা ৪ মিটাৰতকৈ অধিক উচ্চতাত ৰাখিব নেলাগে মজুত গৃহৰ ছালিখন পানী নসৰকা হব লাগে বস্তাবোৰ মজিয়াত লাগি নথকাকৈ অলপ ওখ চাঙত ৰাখিব লাগে বস্তাবোৰৰ মাজত ফাঁক থাকিব লাগে যাতে প্ৰয়োজনমতে ধোঁৱা দিব পাৰি দ্বাদশ ঢাপঃ উপযুক্তভাবে ধান বানিব লাগে ধানত ১৩-১৪% আদ্ৰতা থাকিলে বানিবৰ কাৰণে উপযুক্ত হয়। এক মানবিশিষ্ট ধান বনালে বাকলি -২০%, তুঁহ -৮-১০% আৰু চাউল -৭০% থাকে।

    পথাৰখন ভালদৰে প্ৰস্তুত কৰা আৰু সমান কৰা
    - ভালদৰে প্ৰস্তুত কৰা আৰু সমান কৰা পথাৰৰ পৰা একেধৰণৰ স্বাস্থ্যবান শস্য পাব পাৰি আৰু তেনে শস্যই অপতৃণৰ লগত প্ৰতিযোগিতা কৰিব পাৰে আৰু খৰাং সহ্য কৰিব পাৰে।
    ভালদৰে প্ৰস্তুত কৰা পথাৰ এখনৰ বৈশিষ্ট হ’ল-
    - মাটিখিনি ভালদৰে মিহি হয়। বীজৰ আকাৰ আৰু মাটিৰ চপৰাৰ আকাৰ প্ৰায় সমান সমান হয়।
    - মাটিৰ তলৰ ১০ ছেন্টিমিটাৰ তলত কঠিন তৰপ যাতে পানী ধৰি ৰাখিব পাৰে।
    - মিহি সমান পথাৰ।
    - মজবুত আলি
    কেনেকৈ মাটি প্ৰস্তুত কৰিব ?
    - পৰাপক্ষত পূৰ্বৱৰ্তী শস্য চপোৱাৰ পিছতে মাটিত হাল বাব লাগে। বিশেষকৈ মাটি যদি সিক্ত হৈ থাকে।
    - সাধাৰণতে প্ৰথম চহ বা মূখ্য চহটো “ডিক্স” বা “মলবৰ্ড” নাঙলেৰে চহাব লাগে যাতে শস্যৰ অৱশিষ্ট অংশ, বন-বাত আদি গেলি-পচি যায়। এই চহ কৰা কামটো ৰোৱাৰ কমেও ৬-৮ সপ্তাহ আগেয়ে মাটিৰ ১০ ছেন্টিমিটাৰ তললৈকে হব লাগে।
    - দ্বিতীয় চহটো “ডিক্স” বা “হ্যাৰো” নাঙলেৰে চহাব লাগে যাতে মাটিৰ চপৰাবোৰ মিহি হৈ যায়। দ্বিতীয় চহটো ৰোৱাৰ ২-৩ সপ্তাহ আগেয়ে হব লাগে আৰু শেষৰ চহটো ৰোৱাৰ ১ সপ্তাহ আগেয়ে মাটিৰ ৫-৭.৫ ছেন্টিমিটাৰ তললৈকে চহাব লাগে।
    - আলিবোৰ মেৰামতি কৰিব লাগে, এন্দুৰৰ গাঁতবোৰ ধ্বংস কৰিব লাগে আৰু ফুটা নাইবা ফাঁক আদিবোৰত ভালদৰে বোকামাটিৰে লেপি দিব লাগে। পথাৰখনৰ মূল বান্ধবোৰ ১ মিটাৰ বহল আৰু ০.৫ মিটাৰ ওখ হব লাগে।
    - পথাৰখন ভালকৈ সমান কৰিলে পানী ধৰি ৰখা, সজাল ধৰা আৰু অপতৃণ নিয়ন্ত্ৰণত সুবিধা হয়। - বাওধান বা আহুধান প্ৰত্যক্ষভাবে সিঁচিলে ১-২ দিনৰ আগেয়ে মাটি বোকা কৰি লাগে।

    সৰিয়হ খেতিৰ শস্য ৰক্ষা
    মোৱা পোক নিয়ন্ত্রণ:
    ১। সাধাৰণতে আগতীয়াকৈ অৰ্থাৎ অক্টোবৰ (কাতি-আঘোন) মাহত সৰিয়হ সিঁচিলে মোৱা পোকৰ অক্ৰমণৰ পৰা শস্যডৰা ৰক্ষা কৰিব পাৰি।
    ২। সৰিয়হ তলিত হালধীয়া ৰঙৰ আঠাযুক্ত কাৰ্ড লগাই মোৱা পোকৰ সংখ্যা হ্ৰাস কৰিব পাৰি।
    ৩। প্ৰথম অৱস্থাতে সৰিয়হৰ পথাৰ নিৰীক্ষণ কৰি মোৱা পোক আক্ৰমণিত ঠাল-ঠেঙুলিবোৰ চিঙি আনি নষ্ট কৰি পেলাব লাগে।
    ৪। নিমতেল (২% শক্তিযুক্ত) বা নিমগুটিৰ খোলাৰ পৰা নিষ্কাষিত ৰস (৫% শক্তিযুক্ত) সৰিয়হতলীডৰাত ছটিয়াই নিয়ন্ত্রণ কৰিব পাৰি।
    ৫। শেহতীয়াকৈ পৰভক্ষী পতঙ্গ যেনে- লেডি বাৰ্ড বিটল, লেচউইং, পৰাশ্ৰয়ী পতঙ্গ আৰু পৰাশ্ৰয়ী ভেঁকুৰ আদিৰ জৰিয়তে জৈৱিকভাবে এই পোক নিয়ন্ত্রণৰ ব্যৱস্থা হৈছে।
    ৬। ৰাসায়নিক নিয়ন্ত্রণৰ বাবে ক্লৰপাইৰিফচ ২০ ই.চি. বা মালাথিয়ন ৫০ ই.চি. আৰু অন্যান্য অনুমোদিত কীটনাশক বিশেষজ্ঞৰ পৰামৰ্শ লৈহে স্প্ৰে কৰা উচিত।
    সৰিয়হৰ অন্যান অনিষ্টকাৰী পোক হ’ল-
    পেইন্টেড্ বাগ, মাষ্টাৰ চ-ফ্লাই, বিহাৰ হেয়াৰী কাটাৰপিলাৰ আদি। এই পোকবোৰৰ নিয়ন্ত্রণৰ বাবে মোৱাপোক নিয়ন্ত্রণৰ দৰে ব্যৱস্থা ল ব পাৰি। ৰাসায়নিক কীটনাশক সৰিয়হত স্প্ৰে কৰোতে আটাইতকৈ মন কৰিবলগীয়া বিষয় হল- মৌ-মাখিয়ে সৰিয়হৰ পৰাগযোগত বিশেষভাৱে সহায় কৰে। সাধাৰণতে মৌ-মাখিয়ে ৰাতিপুৱা বেলাত সৰিয়হতলীত বিচৰণ কৰে। সেয়ে, ৰাসায়নিক কীটনাশক সদায় আবেলি সময়তহে স্প্ৰে কৰা উচিত।
    ভেঁকুৰ জাতীয় ৰোগ নিয়ন্ত্রণ:
    ১। হোৱাইট ব্ৰাষ্ট/ডাউনিমিলডিউ/ অলটাৰনেৰিয়া লিফ স্পট:
    মেটালেক্সিল-৮%+ মেনকজেব ৬৪%- প্ৰতি বিঘা সৰিয়হৰ বাবে ৩৩০ গ্ৰাম ১৩৩ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে (প্ৰতি লিটাৰ পানীত প্ৰায় ২.৫ গ্ৰাম)।

    আলু খেতিৰ পৰিচৰ্যা
    সাধাৰণ পৰিচৰ্যা:
    -খেতিডৰা পৰিষ্কাৰকৈ ৰাখিব লাগে। খেতিডৰাৰ মাজত থকা পচা ডাল-পাত, জাৱৰ-জোঠৰ আদি গোটাই আঁতৰত জ্বলাই দিব লাগে।
    -অনুমোদিত পৰিমাণৰ ৰাসায়নিক সাৰহে ব্যৱহাৰ কৰিব লাগে।
    -খেতিডৰাক পানীৰ অভাৱত ভুগিবলৈ দিব নেলাগে আৰু অত্যধিক পৰিমাণৰ পানীও দিব নেলাগে।
    -এটা বা দুটা প্ৰাকৃতিক বন্ধু পোক দেখাৰ লগে লগে জৈৱিক নিয়ন্ত্ৰণ প্ৰক্ৰিয়াক সক্ৰিয় কৰি ৰাখিবলৈ ৰাসায়নিক কীটনাশক ছটিওৱাটো বাৰণ কৰিব লাগে।
    -খেতিডৰাৰ মাজত নিৰীক্ষণ কৰি অনিষ্টকাৰী পোকৰ কণী, পলু আৰু লেটা প্ৰাথমিক অৱস্থাতে হাতেৰে ধৰি ধ্বংস কৰিব লাগে।
    -হালধীয়া আঠাযুক্ত কাৰ্ড খেতিডৰাৰ মাজত আঁৰি দিব লাগে(বিঘাই প্ৰতি ১ খনকৈ)
    -সন্ধিয়া ৬-১০ বজাৰ সময়ত পোহৰ ফান্দ (বিঘাই প্ৰতি ১ খনকৈ) ব্যৱহাৰ কৰিব লাগে।
    সাধাৰণতে হোৱা আলুৰ কিছুমান ৰোগ আৰু নিয়ন্ত্ৰণৰ উপায়-
    লেট ব্লাইট:
    ফাইটফ্থৰা ইনফেষ্টানচ্ (Phytophthora infestans) নামৰ এবিধ ভেঁকু্ৰৰ দ্বাৰা আলুৰ এইবিধ মাৰাত্মক ৰোগ হয়। প্ৰতিষেধক ব্যৱস্থা নল’লে এইবিধ ৰোগে সমূলঞ্চে আলুখেতি নষ্ট কৰি পেলায়। সাধাৰণতে জানুৱাৰী মাহত এই ৰোগে আলুখেতিত আক্ৰমণ কৰে। প্ৰথমে পাতবিলাকত ক’লা দাগ পৰে আৰু পিছলৈ পাতৰ ঠাৰি, ডাল আদিলৈ এই লক্ষণ বিয়পি পৰে। নিয়ন্ত্ৰণ-
    ৰোগৰ লক্ষণ দেখা পোৱাৰ আগতেই প্ৰতিষেধক ব্যৱস্থা ল’লেহে এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি। আলু ৰোৱাৰ ১২-১৫ দিনৰ পিছতে মেনক’জেব ৬৪% + মেটালেক্সিল ৮% ( প্ৰতিলিটাৰ পানীত ২ গ্ৰাম) আৰু তাৰ ১২-১৫ দিনৰ পিছত মেনক’জেব ৭৫% ( প্ৰতিলিটাৰ পানীত ২.৫ গ্ৰাম) পাতৰ তলপিঠি ভিজি যোৱাকৈ স্প্ৰে কৰিব লাগে। উক্ত ভেঁকুৰনাশক পুনৰ ১২-১৫ দিনৰ মূৰে চ অগাপিছাকৈ স্প্ৰে কৰিব লাগে। আলুৰ গছ লেৰেলি/মৰহি যোৱা (Bacterial Wilt): ৰালষ্টনিয়া চলানেছিয়েৰাম (Ralstonia solanacearum) নামৰ এবিধ বেক্টেৰীয়াৰ দ্বাৰা এই ৰোগ হয়। সুস্থ হৈ থকা গছবোৰ হঠাতে মৰহি নাইবা লেৰেলি যায়। দেখাত ৰ’দৰ তাপত লেৰেলি যোৱাৰ নিচিনা লাগে। আক্ৰান্ত গছবোৰ ২-৩ দিনৰ ভিতৰত সম্পূৰ্ণৰূপে শুকাই যায়। যদি গছত ইতিমধ্যে আলু গুটি ধৰিছে, তেন্তে আলুবোৰ দুফাল কৰি কাটিলে দাঁতিৰ চাৰিওফালে মুগা ৰঙৰ আঙঠি দেখিবলৈ পোৱা যাব।
    নিয়ন্ত্ৰণ:
    -ৰোগমুক্ত আলু গুটিহে বীজ হিচাবে ব্যৱহাৰ কৰিব লাগে।
    -মাটিৰ অম্লতা হ্ৰাস কৰিবলৈ মাটি পৰীক্ষা কৰি অনুমোদিত পৰিমাণত চূণ প্ৰয়োগ কৰিব লাগে।
    -বিঘাই প্ৰতি প্ৰায় ৩০ কিলোগ্ৰাম নিমৰ খলিহৈ প্ৰয়োগ কৰিব লাগে।
    -(Streptomycin sulphate 9% + tetracycline hychloride 1% SP) – ১ গ্ৰাম ১০ লিটাৰ পানীত মিহলাই ২০ দিনৰ অন্তৰত স্প্ৰে কৰিব লাগে। প্ৰথমচ আলু ৰোৱাৰ ৩০ দিনৰ পিছত প্ৰয়োগ কৰিব লাগে।
    আৰ্লি ব্লাইট:
    অলটাৰনেৰিয়া চলানি (Alternaria solani) নামৰ ভেঁকু্ৰৰ দ্বাৰা আলুত এই ৰোগ হয়। আলুৰ বুঢ়া পাতবোৰত ক’লা বৰণৰ দাগ পৰে আৰু পিছলৈ পাতখিলাত বিয়পি পৰে। দাগৰ চাৰিওফালৰ অংশখিনি হালধীয়া হৈ পাতখিলা সম্পূৰ্ণৰূপে নষ্ট হৈ যায়। নিয়ন্ত্ৰণ: কেপটান ৫০% WP (৩৩০ গ্ৰাম ১০০- ১৫০ লিটাৰ পানীত – ১ বিঘাৰ বাবে) ৮ দিনৰ অন্তৰালত বা কপাৰ অক্সিক্লৰাইড ৫০% WP (৩৩০ গ্ৰাম ১০০- ১৫০ লিটাৰ পানীত – ১ বিঘাৰ বাবে) ২১ দিনৰ অন্তৰালত স্প্ৰে কৰিব লাগে।
    আলুত ক’লা ফাপৰে ধৰা (Black scurf):
    ৰাইঝকটনিয়া চ’লানি (Rhizoctonia solani) নামৰ ভেঁকুৰৰজৰিয়তে আলুৰ বাকলিত এই ৰোগ হয়। আলুৰ বাকলিত ক’লা ফাপৰৰ নিচিনা দাগ লিপিট খাই থাকে।
    নিয়ন্ত্ৰণ:
    -ক’লা ফাপৰে ধৰা আলুবোৰ বীজ হিচাবে ব্যৱহাৰ কৰিব নেলাগে।
    -আলু খেতি কৰাৰ আগেয়ে মাটিডৰাত মাকৈ নাইবা সেউজ সাৰ ধইনচাৰ খেতি কৰিব লাগে।
    -আলুৰ বীজবোৰ ৰোৱাৰ আগেয়ে কাৰ্বানডাজিম ভেঁকুৰনাশকত ( ১ গ্ৰাম প্ৰতি লিটাৰ পানীত) ১০ মিনিট সময়ৰ বাবে ডুবাই ছাঁত শুকুৱাই ৰোপন কৰিব লাগে।
    আলুৰ ভাইৰাছজনিত ৰোগ:
    আলুৰ পাতবোৰ মেৰ খাই যোৱা, গছবোৰ চাপৰ হৈ যোৱা, পাতত হালধীয়া মজাইক হোৱা ইত্যাদি বিভিন্ন লক্ষণ দেখা যায়।
    নিয়ন্ত্ৰণ:
    -ভাইৰাছজনিত ৰোগ বিয়পে মোৱাপোকৰ দ্বাৰা। সেয়ে মোৱাপোক নিয়ন্ত্ৰণ কৰিলেই ভাইৰাছজনিত ৰোগৰ প্ৰাদূৰ্ভাব কমাব পাৰি।
    -ৰোগৰ লক্ষণ দেখা মাত্ৰেই গছবোৰ উভালি জ্বলাই নাইবা মাটিত পুতি থ’ব লাগে।
    আলু গেলি যোৱা:
    মাটিত থকা কেইবাবিধো বেক্টেৰীয়াৰ আক্ৰমণৰ ফলত এই ৰোগ হয়। ৰোগাক্ৰান্ত আলুবোৰ কোমল হৈ গেলি যায়। ছালখন সোঁতোৰা-সোঁতোৰ হয় আৰু গোন্ধ ওলায়। এই ৰোগ পথাৰত হোৱাৰ উপৰিও ভঁৰালতো হ’ব পাৰে।
    নিয়ন্ত্ৰণ:
    আলু খান্দোতে যাতে কোনো ঘাঁ নেলাগে। ঘাঁ লগা আলু ভঁৰালত ৰাখিব নেলাগে।
    আলুৰ অনিষ্টকাৰী কীট আৰু নিয়ন্ত্ৰণ:
    মোৱা পোক, পাতৰ ৰস শুহি খোৱা পোক:
    এই পোকে পাত, ঠাৰি আদিত কামোৰ মাৰি ধৰি থাকি ৰস শুহি খায়। ই পাতৰ হালধীয়া মজাইক ভাইৰাছ আৰু পাত ঘেৰ খোৱা ৰোগৰ বাহক। জৈৱিক নিয়ন্ত্ৰণৰ বাবে নিম গুটিৰ বাকলি ৰস ( প্ৰতি ১ লিটাৰ পানীত ৫০ মিলিলিটাৰ) স্প্ৰে কৰিব লাগে ৰাসায়নিক নিয়ন্ত্ৰণৰ বাবে Dimethoate 30%EC (ডাইমেথৱেট ৩০% ই.চি.)কীটনাশক (প্ৰতি বিঘাৰ বাবে ৯০ মিলিলিটাৰ ৬৫- ১৩০ লিটাৰ পানীত মিহলাই) স্প্ৰে কৰিব লাগে।
    পুলিৰ গুৰি কটা পোক (Cut worm) :
    সাধাৰণ পৰিচৰ্যাৰ জৰিয়তে এই পোক নিয়ন্ত্ৰণ কৰিব পাৰি-
    - আলু খেতিৰ শাৰীবোৰৰ মাজত আবেলি সময়ত ফলীয়া তুঁহ গুৰি (Rice bran) ছটিয়াই ৰাখিব লাগে আৰু পিছদিনা সেইবোৰ গোটাই আনি তাত লাগি ধৰা পোকবোৰ ধ্বংস কৰিব লাগে।
    - আলু ৰোপনৰ আগেয়ে মাটি প্ৰস্তুত কৰাৰ সময়ত মাটিডৰাত এবাৰ পানীৰে উপচাই ল’লে এই পোকৰ নিয়ন্ত্ৰণ হয়।
    আলুগুটিৰ চগা পোক (Potato Tuber Moth) : ইয়াৰ পলু অৱস্থাটোৱে আলুৰ পাত বা ঠাৰিত ফুটা কৰি খায়। আলুতলিত মাটিৰ ওপৰত পেলাই থোৱা আলুবোৰত ফুটা কৰি ভিতৰত সোমাই খাই থাকে। আলু চপোৱাৰ পিছতো সংৰক্ষিত অৱস্থাত এই পোকৰ আক্ৰমণ চলি থাকে আৰু সুৰঙ্গৰ সৃষ্টি কৰি মঙহাল অংশ খাই থাকে। পিছত আক্ৰান্ত আলুবোৰ গেলিবলৈ ধৰে আৰু ২-৩ মাহৰ ভিতৰত সম্পূৰ্ণ আলু নষ্ট হ’ব পাৰে।
    নিয়ন্ত্ৰণ:
    - আল গুটিবোৰ গছত ধৰাৰ পিছত যাতে মাটিৰ ওপৰত ওলাই নেথাকে তাৰ প্ৰতি সাৱধান হব লাগে আৰু ভালদৰে মাটি চপাব লাগে।
    - চপোৱাৰ পিছত আলুবোৰ পথাৰত পেলাই থ’ব নেলাগে
    - আলুখেতিৰ ওচৰে-পাজৰে এই পোকৰ বিকল্প খাদ্য গছ যেনে, বেঙেনা, বিলাহী আদি গছ থাকিব নেলাগে।
    - সংৰক্ষিত আলুৰ স্থানত মহানিমৰ পাত, ইউকেলিপটাছৰ পাত আদি দি থলে এই পোকৰ আক্ৰমণ হ্ৰাস পায়।
    - বীজৰ বাবে ৰখা আলুত মালাথিয়ন ৫% পাউদাৰ কীটনাশক ( প্ৰতি ১০০ কিলোগ্ৰাম আলুত ১২৫ গ্ৰাম কীটনাশক) মিহলাই ৰাখিব পাৰি। কিন্তু এনে আলু কেতিয়াও খোৱাৰ বাবে ব্যবহাৰ কৰিব নেলাগে।

বিশেষ ঘোষণা:
নতুন আশা- সেউজ চিন্তাত সম্প্ৰচাৰিত লিখনি/ ফটো/ স্কেকটছ্/ তথ্য ইত্যাদি সম্পৰ্কে কোনো ব্যক্তি, প্ৰতিষ্ঠান নাইবা আইনী ব্যৱস্থাৰ যদি কোনো ওজৰ-আপত্তি থাকিলে সংশ্লিষ্ট পক্ষৰ জাননী মৰ্মে উক্ত আপত্তিজনক লিখনি সেউজ চিন্তাৰ পৰা আঁতৰাই দিয়া হব নাইবা শুধৰণি কৰি দিয়া হব -শঙ্কৰাচাৰ্য ৰাভা, মুখ্য সম্পাদক (প্ৰচাৰ আৰু সংগঠন)

  • যোগাযোগৰ ঠিকনা:
  • টেলিফোন:
  • মবাইল আৰু ৱাটছআপ নম্বৰ:
    +91-9435199832