গ্ৰাম্য জ্ঞান কেন্দ্ৰ Village Knowledge Centre (VKC)

ভি.কে.চি. (Village knowledge Centre)

ভি.কে.চি. (Village knowledge Centre) অসমীয়াত, গ্ৰাম্য জ্ঞান কেন্দ্ৰ হ’ল এলাইদ ক্ৰপ কেয়াৰ প্ৰাইভেট লিমিটেড (Allied Crop Care Pvt. Ltd.), ভি.আই.পি. ৰোড, ছয়মাইল, গুৱাহাটীৰ উদ্যোগত প্ৰতিষ্ঠা কৰা এটি কেন্দ্ৰ, য’ত গ্ৰামাঞ্চলৰ কৃষকসকলৰ অৰ্থনৈতিক বিকাশৰ বাবে এলানি কাৰ্যব্যৱস্থা লোৱা হয়। ভি. কে. চি. অৰ মুখ্য উদ্দেশ্য হ’ল- কেতবোৰ উপলব্ধ সেৱাৰ জড়িয়তে কৃষি আৰু অন্যান্য আনুসংগিক পেছাত জড়িত ব্যক্তিসকলক তথ্য প্ৰদান, নতুন উদ্ভাৱন, উৎপাদন পদ্ধতি, ৰোধ-ব্যাধি নিয়ন্ত্রণ, বানিজ্যিক যোগাযোগ, বতৰৰ আগজাননী আদিৰ জ্ঞান প্ৰদান কৰি গ্ৰাম্য অৰ্থনীতি আৰু স্বাৱলম্বনৰ উন্নতি সাধন কৰা। এইক্ষেত্ৰত স্বেচ্ছাসেৱী অনুষ্ঠান ‘নতুন আশা’, বিভিন্ন চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান, বিষয়ববীয়া, কৰ্মকৰ্তা আৰু ‘নতুন আশা:সেউজ চিন্তা’ নামৰ ই-পৰ্টেলৰ মাধ্যমেদি গ্ৰাম্যাঞ্চলৰ কৃষকসকলক আধুনিক তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ যোগেদি বিশেষকৈ কৃষি আৰু আনুসংগিক দিশৰ শিক্ষা প্ৰদান কৰা হয়।

ভি. কে. চি. অৰ প্ৰয়োজনীয়তা:
গ্ৰামাঞ্চলত বসবাস কৰা কৃসকসকলে বৰ্তমানেও তেওঁলোকৰ অৰ্থনৈতিক কাম-কাজবৰৰ বিশেষকৈ কৃষি আৰু আনুসঙ্গিক দিশবোৰৰ উপযুক্ত তথ্য আৰু জ্ঞান আহৰণত অসুবিধাৰ সন্মুখীন হৈ আছে নাইবা সেইবোৰ গ্ৰহণত বিলম্বতাৰ সন্মুখীন হৈ আছে। তেওঁলোকে উন্নত কৃষি পদ্ধতি, শেহতীয়া প্ৰযুক্তি, নতুন উদ্ভাৱণ, উপযুক্ত বজাৰ সংযোগ, বিশেষজ্ঞৰ সৈতে যোগাযোগ, তাৎক্ষনিক সমিধান, চৰকাৰী আঁচনি আদিৰ বা-বাতৰি আৰু সুবিধাসমূহ সময়মতে নেপায় নাইবা বঞ্চিত হৈ আহিছে। ফলত, গ্ৰামাঞ্চলৰ কৃষকসকল আৰ্থিকভাৱে যথেষ্ট পিছ পৰি আছে। ভি.কে.চি.-য়ে কোনো এক গ্ৰামাঞ্চলৰ এইবোৰ অভাৱ দুৰ কৰাই সেই অঞ্চলত বসবাস কৰা কৃষকসকলক তথ্য আৰূ যোগাযোগ পদ্ধতিৰে খৰতকীয়া সেৱা আগবঢ়াই কৃষি আৰু আনুসংগিক খণ্ডৰ উন্নতি সাধন কৰিবলৈ সক্ষম হ’ব। ইয়াৰ উপৰিও ভিদিঅ’ আৰু অদিঅ’ কনফাৰেঞ্চনৰ যোগেদি বিশেষজ্ঞসকলৰ লগত প্ৰত্যক্ষ যোগাযোগ, প্ৰশিক্ষণ শিবিৰ, প্ৰদৰ্শনী, ক্ষুদ্ৰ ব্যৱসায়, বানিজ্যিক যোগাযোগ আদি সেৱাসমুহৰ যোগেদিও কৃষক সকলৰ দক্ষতা ও কৌশল বৃদ্ধি কৰোৱাত ভি.কে.চি.-য়ে গুৰুত্বপুৰ্ণ ভুমিকা ল’ব।

আমাৰ লক্ষ্য:
তথ্য, জ্ঞান আৰু আৰ্থিক সবলীকৰণৰ যোগেদি গ্ৰামাঞ্চলৰ উন্নয়নত প্ৰতিজন কৃষকক অন্তৰ্ভুক্ত কৰোৱাই আমাৰ মুখ্য লক্ষ্য।

আমাৰ উদেশ্য


কৃষিৰ বিকাশ:

১) কৃষি খণ্ডত হোৱা ন’ ন’ উদ্ভাৱন আৰু বিকাশ

২) উন্নত কৃষি পদ্ধতি/ প্ৰযুক্তি

৩) বতৰৰ আগ-জাননী, জলবায়ুৰ তথ্য

৪) কৃষি পঞ্জীকা

৫) কৃষিজাত সামগ্ৰীৰ বজাৰ

৬) জলসিঞ্চন, মাটি, জৈৱিক তত্বৰ তথ্য

৭) কৃষি খণ্ডৰ লগত জড়িত অনুষ্ঠান–প্ৰতিষ্ঠান

৮) সাৰ, কীটনাশক, বীজৰ অনুমোদন

৯) কৃষি বিশষজ্ঞৰ সৈতে যোগাযোগ স্হাপন

১০) শস্যৰ ৰোগ-ব্যাধিৰ তাৎক্ষনিক বিধান

সামুহিক উন্নয়ন:

১) প্ৰত্যেক গাওঁত কৃষক উৎপাদন কোম্পানী (FPC) ক সহায়তা প্ৰদান

২) কৃষি বিষয়ত অসমীয়া ভাষাত ৱেবচাইট্

৩) বেংক, অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত কৃষকৰ সংযোগ স্থাপন

৪) চৰকাৰী আচঁনি আদিৰ সজাগতা তথা উপলব্ধতাৰ বিষয়ে অৱগত কৰোৱা

৫) মহিলা কৃষকক উদগনি

৬) অগ্ৰগামী কৃষি, জৈৱিক কৃষিক উৎসাহ

দক্ষতা উন্নয়ন:

১) ভি দি অ’, অ দি অ’ কনফাৰেঞ্চৰ যোগেদি বিশেষজ্ঞৰ জড়িয়তে কৃষকৰ সমস্যা সমাধানৰ ব্যৱস্থা

২) নিয়মিত কৃষি আৰু আনুসঙ্গিক দিশৰ প্ৰশিক্ষণ

৩) কৃষি প্ৰদৰ্শনী আদি অনুষ্ঠিত কৰা

৪) সফলতা কাহিনীৰ প্ৰচাৰ

৫) শ্ৰেষ্ঠ পদ্ধতি আৰু প্ৰনালীৰ প্ৰদৰ্শন

৬) কৃষি ভিত্তিক আলোচনা সভা

৭) কৃষি প্ৰণালী আৰু ফলাফলৰ প্ৰদৰ্শন

ভি. কে. চি. অত উপলব্ধ সেৱা সমুহ:

১। বিশেষজ্ঞৰ জৰিয়তে বিভিন্ন শস্যৰ কৃষিপদ্ধতি, ৰোগ-ব্যাধিৰ তাৎক্ষনিক নিদান

২। কৃষি, পশুপালন, মীন পালন, ৰেচম শিল্প আদিৰ প্ৰশিক্ষণ

৩। বিশেষজ্ঞৰ লগত কৃষকৰ মত-বিনিময় (মুখা-মুখিকৈ আৰু ভিদিঅ’ কনকাৰেন্স যোগেদি)

৪। কৃষিৰ বিভিন্ন উপাদান যেনে, উন্নত বীজ, সাৰ আৰু কীট-নাশক আদিৰ ফলাফলৰ প্ৰদৰ্শন তথা সেইবোৰৰ ব্যৱহাৰৰ ক্ষেত্ৰত কৃষকৰ পচন্দমতে উপলব্ধ কৰোৱা।

৫। চৰকাৰী-বেচৰকাৰী অৰ্থনৈতিক আঁচনিৰ তথ্য প্ৰদান তথা সেইবোৰৰ গ্ৰহণৰ ক্ষেত্ৰত যাৱতীয় সহায় কৰা।

৬। চলিত খেতিৰ বতৰৰ আগেয়ে বিভিন্ন শস্যৰ কৃষক প্ৰশিক্ষণ।

৭। বিভিন্ন অনলাইন সেৱা

৮। বজাৰ তথ্য প্ৰদান

৯। মাটি পৰীক্ষা

১০। শস্য বীমা

আপুনি কেনেকৈ ভি. কে. চি অৰ সৈতে জড়িত হ’ব:

১) আপোনাৰ এলেকাত থকা ভি কে চি ৰ সৈতে প্ৰত্যক্ষ যোগাযোগ কৰি, নাইবা

২) ভি. কে. চি ৰ পৰিচালকৰ সৈতে মোবাইলত যোগাযোগ কৰি, নাইবা

৩) আপুনি নতুন আশা সেউজ চিন্তা ই-পৰ্টেলঅত কৃষক পঞ্জীযন কৰি

"বি:দ্ৰ: যিকোনো প্ৰাপ্তবয়স্ক পুৰুষ বা মহিলা ভি.কে.চি অৰ সদস্য হ’ব পাৰে। সেৱা গ্ৰহণ কৰাৰ বিনিময়ত কোনো মাচুল লোৱা নহয়। আজিয়েই আপোনাৰ নাম অন্তৰ্ভুক্ত কৰি ভি. কে. চি সেৱাসমুহৰ লাভ উপভোগ কৰক।"

আপোনাৰ অঞ্চলত ভি. কে. চি কেন্দ্ৰৰ বাবে আবেদন

অসমৰ বিভিন্ন অঞ্চলত ভি. কে. চি. কেন্দ্ৰ সংস্থাপনৰ বাবে আগ্ৰহী যুৱক-যুৱতীয়ে আবেদন কৰিব পাৰে । ভি.কে.চি কেন্দ্ৰ এটাৰ বাবে আৱশ্যকীয় চৰ্ত প্ৰযোজ্য হ’ব।

ইচ্ছুক আৱেদনকাৰীয়ে নিম্নলিখিত ঠিকনাত যোগাযোগ কৰিব পাৰে:

১) শ্ৰী শংকৰাচাৰ্য ৰাভা, সঞ্চালক, এলাইদ ক্ৰপ কেয়াৰ- ৭০২৬৮৩৯৪৬

২) শ্ৰী দীপক কুমাৰ নেওগ, সঞ্চালক, এলাইদ ক্ৰপ কেয়াৰ - ৭০২৭৩১২৯২

বিশেষ ঘোষণা:
নতুন আশা- সেউজ চিন্তাত সম্প্ৰচাৰিত লিখনি/ ফটো/ স্কেকটছ্/ তথ্য ইত্যাদি সম্পৰ্কে কোনো ব্যক্তি, প্ৰতিষ্ঠান নাইবা আইনী ব্যৱস্থাৰ যদি কোনো ওজৰ-আপত্তি থাকিলে সংশ্লিষ্ট পক্ষৰ জাননী মৰ্মে উক্ত আপত্তিজনক লিখনি সেউজ চিন্তাৰ পৰা আঁতৰাই দিয়া হব নাইবা শুধৰণি কৰি দিয়া হব -শঙ্কৰাচাৰ্য ৰাভা, মুখ্য সম্পাদক (প্ৰচাৰ আৰু সংগঠন)

  • যোগাযোগৰ ঠিকনা:
  • টেলিফোন:
  • মবাইল আৰু ৱাটছআপ নম্বৰ:
    +91-9435199832