1 views

দৈনিক প্ৰয়োজনীয় সতেজ পাচলি যোগান ধৰিবৰ বাবে একোখনি ঘৰত এখনি পাচলি বাগিচাৰ আকাৰ কিমান ডাঙৰ হ’ব সেইটো নিৰ্ভৰ কৰিব বাৰীখনত শাক-পাচলি খেতিৰ বাবে কিমান উপযোগী মাটি আছে? সুবিধা অনুযায়ী মাটিডোখৰ আয়তকাৰ হ’লে ভাল হয়। সাধাৰণতে ৬-৭ জনীয়া এটি পৰিয়ালৰ বাবে প্ৰায় ১ কঠা মাটিৰ প্ৰয়োজন হয়, যাতে গোটেই বছৰজুৰি পৰিয়ালটোৰ দৰকাৰী শাক-পাচলি যোগান ধৰিব পাৰি।
কেনেকৈ পৰিকল্পনা কৰিব?

এই পৰিকল্পনাৰ মূখ্য উদেশ্য হ’ল - সৰ্ব্বোচ্চ উৎপাদন কৰি গোটেই বছৰজুৰি লানি নিছিগাকৈ লাগতিয়াল পাচলি যোগান ধৰা।

- কিছুমান বহুবৰ্ষী পাচলি উদ্ভিদ যেনে, চজিনা, কাচকল, নৰসিংহ, আম, মধুৰীআম, আটলচ, কঁঠাল আদি বাগিচাখনৰ এফালে ৰোপন কৰিব লাগে। সাধাৰণতে বাগিচাখনৰ দক্ষিণ-পশ্চিম দিশত এইবোৰ ৰোপন কৰিব লাগে।
- বাগিচাখনৰ সোমাজত অহা যোৱা কৰিব পৰা এটি পথ ৰাখি তাৰ কাষত থকা মাটিত কিছুমান হ্ৰস্বকালীন শস্য যেনে, ধনীয়া, পালেং, মৰিচা, মেথিগুটি, পদিনা আদি ৰোপন কৰিব লাগে।
- বাগিচাখনৰ চাৰিওফালে থকা জেওৰা বা ফেন্সিঙত বগাই যোৱা পাচলি যেনে, জিকা, তৰৈ, ভোল, তিতাকেৰেলা, ভাতকেৰেলা আদি ৰোপন কৰি বগাবলৈ দিব লাগে।
- বাগিচাৰ চুক বা কোণবোৰত পচনসাৰৰ গাত তৈয়াৰ কৰিব লাগে।
- বাগিচাখনৰ মাটিখিনি আলি বান্ধি ভাগ কৰিব লাগে। আলিটোত পিঁয়াজ, নহৰু, আদা, হালধী আদি ৰোপন কৰিব পাৰি।

মাটি প্ৰস্তুতি কেনেকৈ কৰিব?

এখনি জৈৱিক পাচলি বাগিচা স্থাপনৰ বাবে মাটিখিনিত পৰ্যাপ্ত পৰিমাণে জৈৱিক পদাৰ্থ বিশেষকৈ পচন সাৰ মাটিত প্ৰয়োগ কৰাটো দৰকাৰ। পচি যোৱা গোৱৰ নাইবা পচনসাৰ মাটিত যোগান ধৰিলে উদ্ভিদৰ বাবে পৰ্যাপ্ত নাইট্ৰ’জেনৰ উৎস হিচাবে ক্ৰিয়া কৰে। উপযুক্ত সাৰুৱা মাটিৰ ৰং কলা বৰণৰ আৰু সিক্ত অৱস্থাত মুঠি মাৰি ধৰিলে আলসুৱা চপৰা হয়।
পামসাৰ:

ই হ’ল ঘৰচীয়া গৰু, ছাগলী, গাহৰি, ভেড়া আদিৰ বিস্তা বা গোৱৰৰ মিহলি দ্ৰব্য। ব্যৱহাৰ কৰাৰ আগতে এইবোৰ সম্পূৰ্ণৰূপে পচিব লাগে। গোহালিৰ এচুকৰ ছাঁ-পৰা ঠাইৰ পৰা এইবোৰ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰিব লাগে। সংগ্ৰহ কৰাৰ পিছত বালিৰে পাতলকৈ ঢাকি দিব লাগে। যদি গোৱৰবোৰ ৰ’দৰ তাপত মেলি দিয়া হয় ইয়াত থকা উদ্ভিদ বা পুষ্টিকৰ দ্ৰব্যবোৰ ধ্বংস হ’ব পাৰে। পাম সাৰে নাইট্ৰ’জেন, ফচফৰাচ আৰু পটেছিয়াম যোগান ধৰে। একঠা মাটিত ২-৩ কুইন্টেল পাম সাৰ প্ৰয়োগ কৰিব লাগে।
হাঁহ-কুকুৰাৰ মল আৰু অৱশিষ্ট:

ঘৰত পোহা হাঁহ, কুকুৰা, পাৰ আদিৰ গড়াল নাইবা বাহৰ পৰা এইবোৰ সংগ্ৰহ কৰা হয়। পাম সাৰতকৈ ই উৎকৃষ্ট সাৰ আৰু ইয়াক কমকৈ প্ৰয়োগ কৰিলেও হয়। পাত শাক আৰু ঘাঁহ খেতিৰ বাবে ই উপযুক্ত। মাটিত প্ৰয়োগৰ আগতে ই ভালদৰে পচিব লাগে। অন্যথা ই শস্যৰ বাবে বিষাক্ত হ’ব পাৰে।
পাত সাৰ:

উদ্ভিদৰ পাত, ঘাঁহ আৰু উদ্ভিদৰ কোমল অংশ যেনে, গা-গছ নাইবা আগলি অংশৰ পৰা এই পাত সাৰ তৈয়াৰ কৰা হয়। টাৱ নাইবা মাটিৰ পাত্রৰ মাধ্যমৰ বাবে ই অতি উপযুক্ত। ই মাটিৰ গঠন ঢিলা কৰি ৰাখে আৰু পুষ্টিদ্ৰব্যৰ পৰিমাণ বৃদ্ধি কৰে।
পাতসাৰ কেনেকৈ তৈয়াৰ কৰিব?

বাগিচাৰ এচুকত দীঘ আৰু বহলে ৩ ফুটকৈ এটি গাঁত খান্দিব লাগে। গাঁতটোৰ দ’ ২ ফুটতকৈ বেছি হ’ব নেলাগে। গাঁতটোৰ তলিভাগত শিলগুটি নাইবা ভগা ইটাৰ টুকুৰাৰ এটি তৰপ দিব লাগে। তাৰ ওপৰত শাক-পাচলিৰ পাত, বন-বাত আদিৰ তৰপ দিব লাগে। গছৰ টান ডাল, ঠাল-ঠেঙুলি, পলিথিন জেং আদি গাঁতটোত কেতিয়াও দিব নালাগে। ঘৰুৱা জাৱৰ-জোথৰ, চুৱা-পাত, কণীৰ বাকলি, শাক-পাচলিৰ অৱশিষ্ট অংশ গাঁতটোত দিব লাগে। যেতিয়া এই তৰপটো এফুটমান হয় তেতিয়া ১ ইঞ্চিমান ডাঠকৈ ভালকৈ পচা গোৱৰ আৰু ১/২ ইঞ্চি ডাঠকৈ চূণৰ এটি তৰপ দিব লাগে। চূণৰ সলনি ছাইও ব্যৱহাৰ কৰিব পাৰি। চূণ বা কাঠৰ ছাই দিলে মিশ্ৰণখিনিৰ অম্লতা হ্ৰাস কৰি ৰাখিব পাৰি। উল্লিখিত তপৰটো পুনৰ এফুটকৈ জাপি তাত গোৱৰ আৰু চূণ দি একেবাৰে ওপৰত খাৰুৱা মাটিৰ এটা তৰপ দিব লাগে। দুসপ্তাহৰ মূৰে মূৰে এবাৰ তৰপবোৰ লুটিয়াই-বগৰাই দিব লাগে। খৰাং বতৰত পাতলীয়াকৈ পানী ছটিয়াব লাগে। কিন্তু জেকা হৈ থাকিব নেলাগে। এই পাত সাৰ তিনি মাহতে তৈয়াৰ হৈ যায়। ছাঁদৰ ওপৰত নাইবা বাৰান্দাত পাত সাৰ তৈয়াৰ কৰিবৰ বাবে মাটিৰ টাৱ নাইবা ডাঙৰ প্লাষ্টিকৰ পাত্র ব্যৱহাৰ কৰিব পাৰি।

নিম খলিহৈ:

এই নিম খলিহৈ আজি কালি বজাৰত পোৱা যায়। সাধাৰণতে নিমগুটিৰ পৰা তেল নিষ্কাষণৰ পিছত এই খলিহৈৰ সৃষ্টি হয়। এই নিম খলিহৈ চহ কৰাৰ সময়তে মাটিত প্ৰয়োগ কৰিব লাগে। নিম খলিহৈয়ে মাটিত থকা শস্যকৃমি আৰু উঁই পোক নিয়ন্ত্রণ কৰে।

কিমান পৰিমাণে জৈৱিক সাৰ প্ৰায়োগ কৰিব?

প্ৰতি ১ কঠা মাটিৰ বাবে—

পাম সাৰ ৫০ কি:গ্ৰা:
হাঁহ কুকুৰাৰ মল ১.২ কি:গ্ৰা:
নিম খলিহৈ ১.০ কি:গ্ৰা:
কেঁচুসাৰ ২৫.০ কি:গ্ৰা:

ৰোগ নিয়ন্ত্রণৰ বাবে বীজ শোধন:
খেতিৰ বাবে ব্যৱহাৰ কৰা বীজবোৰ উৎকৃষ্ট মানদণ্ডৰ হোৱা উচিত। আৱশ্যকীয় পৰিমাণৰ বীজ এখন পাতল কপাহী কাপোৰত ঢিলাকৈ বান্ধি ল’ব লাগে। অন্যহাতে, ৯০ গ্ৰাম বচ গছৰ শিপাৰ লগত ৬০ মি:লি: পানী মিহলাই চেকি ল’ব লাগে। এই মিশ্ৰণত আধাঘন্টাৰ বাবে তিঁয়াই ৰাখিব লাগে।
শাক-পাচলিৰ অনিষ্টকাৰী কীট নিয়ন্ত্রণ কেনেকৈ কৰিব:
শাক-পাচলিত সাধাৰণতে মোৱা পোক, ৰস শুহি খোৱা পোক, পাত ওকনী, ৰঙা চাহী পোক, গুৱৰুৱা পোক, পাতত সুৰঙ্গ সৃষ্টিকাৰী পোক, পাত মেৰুৱা পোক, শুৰ পোক, ফল বিন্ধা কৰা পোক, মাখি পোক আদিয়ে আক্ৰমণ কৰে। জৈৱিক পদ্ধতিত এই পোকবোৰক নিয়ন্ত্রণৰ বাবে কিছু মিশ্ৰণ তৈয়াৰ কৰাৰ বিষয়ে জানিব লাগিব।
দ্ৰব্যৰ নাম নিয়ন্ত্রণ কৰিব পৰা কীটৰ নাম
১) হালধী ৰস: ২০ গ্ৰাম কেঁচা হালধি থেতালি লৈ ২০০ মি:লি: গৰু মূতৰ লগত মিহলাব লাগে। এই মিশ্ৰণটোৰ ২-৩ লি: পানীৰ লগত মিহলাই স্প্ৰে কৰিব লাগে। পাতখোৱা বিভিন্ন পলু পোক, চাঁহি পোক
২) আদাৰ ৰস: ৫০ গ্ৰাম কেঁচা আদা পিচি ল’ব লাগে আৰু তাৰ লগত ২-৩ লি:পানী মিহলাই মিশ্ৰণটো চেকি লব লাগে। পাত ওকনী, পাত শোহা পোক, মোৱা পোক, ফল বিন্ধা কৰা পোক
৩) আদা আৰু কেঁচা জলকীয়াৰ মিশ্ৰণ: ৫০ গ্ৰাম নহৰু ১০ মি:লি: কেৰাচিন তেলত এৰাতি তিয়াই ৰাখিব লাগে। পিছদিনা নহৰুৰ বাকলি গুচাই পিচিব লাগে। অন্য এটা পাত্রত ২৫ গ্ৰাম কেঁচা জলকীয়া ৫০ মি:লি: পানীত মিহলাই পিচি ল’ব লাগে। একেদৰে ২৫ গ্ৰাম আদা পিচি ল’ব লাগে। এতিয়া তিনিওটা মণ্ড ৩ লি: পানীত মিহলাই চেকি ল’ব লাগে। পলু পোক, সুৰঙ্গী পোক, শুৰ পোক আদি।
৪) তুলসী পাতৰ ৰস: ২-৩ লি মিশ্ৰণ প্ৰস্তুত কৰাৰ বাবে ৫০ গ্ৰাম তুলসীৰ পাত দৰকাৰ হয়। পাতখিলা এৰাতিৰ বাবে তিঁয়াই ৰাখিব লাগে। পিচদিনা পাতখিনি পাতখিনি পিচিব লাগে আৰু মিশ্ৰণখিনি চেকি ল’ব লাগে। ৰাতিপুৱা সময়ত এই মিশ্ৰণ স্প্ৰে কৰিব লাগে। পলু পোক, ৰঙা চাঁহি পোক, ৰঙা স্কেল পোক। ফুটফুটীয়া গুৱৰুৱা
৫) আটলচ, কঁঠাল নিম আৰু জলকীয়াৰ ৰস: ১০০ গ্ৰাম আটলচ কঁঠালৰ পাত লৈ ভালদৰে পিচিব লাগে। তাত ৫০০ মি:লি:পানী মিহলাই ভালদৰে ঘুটিব লাগে। মিশ্ৰণটো চেকি লৈ একাষৰীয়াকৈ থব লাগে। ২৫ গ্ৰাম শুকান জলকীয়া লৈ এৰাতিৰ বাবে তিয়াই ৰাখিব লাগে। পিছদিনা সেইখিনি পিচি লৈ ৰসখিনি চেকি ল’ব লাগে। ৫০ গ্ৰাম খুন্দি লোৱা নিম গুটি ২০০ মি:লি: পানীত ৰাতিটোৰবাবে তিয়াই ৰাখিব লাগে আৰু পিছদিনা ৰসখিনি চেকি ল’ব লাগে। এতিয়া তিনিওবিধ ৰস মিহলাই তাত পানী ঢালি ৫-৬ লি: কৰি ল’ব লাগে। পুণৰ মিশ্ৰণটো চেকি লৈ শস্যত স্প্ৰে কৰিব লাগে। মোৱা পোক, পাতখোৱা পলু পোক পলু পোক, মোৱা পোক, পাতখোৱা
৬) অমিতা পাতৰ ৰস: প্ৰায় ৫০ গ্ৰাম খুন্দি লোৱা অমিতা পাত ১০০ মি:লি: পানীত তিঁয়াই ৰাখিব লাগে। ভালদৰে ঘুটি ৰাতিটোৰ বাবে তিঁয়াই ৰাখিব লাগে। পিছদিনা এখন কপাহী কাপোৰেৰে চেপি লৈ ৰসখিনি ২-৩ লি: পানীত মিহলাই ল’ব লাগে। পাত খোৱা,পলু পোক
৭) নিমগুটি শাহৰ ৰস: ৫০ গ্ৰাম নিম গুটিৰ শাহৰ গুড়ি ১ লি: পানীৰ বাবে দৰকাৰ হয়। নিমগুটিৰ বাহিৰৰ খোলাটো এনেকৈ এৰুৱাই লৈ শাহখিনি ল’ব লাগে আৰু সেইখিনি খুন্দি মিহি কৰিব লাগে যাতে তাৰ পৰা তেলখিনি ওলাই নাহে। এখন মিহি কপাহী কাপোৰেৰে সেইখিনি বান্ধি ৰাতিটোৰ বাবে তিঁয়াই ৰাখিব লাগে। পিছদিনা সেইখিনি চেকি লৈ তাত পানী মিহলাই ১০০ লি: মিশ্ৰণ প্ৰস্তুত কৰি শস্যত স্প্ৰে কৰিব পাৰি। পাত সুৰঙ্গী পোক, পলু আৰু বিছা পোক, ফল আৰু ডাল বিন্ধা কৰা পোক, পাতৰ ৰস শুহি খোৱা পোক, মোৱা পোক, পাত মেৰুৱা পোক আদি।
৮) ধপাতৰ ৰস: ১৫০ গ্ৰাম ধপাত লৈ সৰু সৰুকৈ কুটি ল’ব লাগে। ১ লি: পানী গৰম কৰি লৈ উতলিবলৈ ধৰা অৱস্থাত ধপাতখিনি মিহলাব লাগে। পাত্র জুইৰ পৰা নমাই ১০ ঘন্টাৰ বাবে ঢাকি ৰাখিব লাগে। পিছত সেইখিনি চেকি লৈ সেইখিনি ১০ গুণ পানী মিহলাই শস্যত স্প্ৰে কৰিব পাৰি। মোৱা পোক, সেউজীয়া সোহনি পোক, পাত ওকনি,বগা ওৰহ (মিলি বাগ)
জৈৱিক কীটনাশকবোৰ পাতত সম্পূৰ্ণৰূপে বিয়পি পৰা আৰু লাগি ধৰা কেনেকৈ কৰিব?
উল্লেখিত জৈৱিক কীটনাশকবোৰৰ লগত খাদী চাবোনৰ পানী মিহলাব লাগে। এটুকুৰা খাদী চাবোন ৰাতিটোৰ বাবে তিঁয়াই ৰাখিব লাগে। উক্ত চাবোন মিশ্ৰণৰ পৰা ৪ মি:লি: প্ৰতি লি: হিচাবে জৈৱিক কীটনাশকত শস্যত প্ৰয়োগ কৰাত আগেয়ে মিহলাই ল’ব লাগে।