1 views

ফচফৰাছ উদ্ভিদৰ বাবে অতি লাগতিয়াল মৌল। নাইট্ৰজেনৰ পিছতে ইয়াৰ স্থান। সেইবাবে কৃষিকাৰ্যত ফচফৰাছ মৌল যোগান ধৰিবৰ বাবে বিভিন্নডৰণৰ ফচফৰাছযুক্ত সাৰ যেনে, ৰক ফচফেট, চিঙ্গল চুপাৰ ফচফেট, ডাবল চুপাৰ ফচফেট আদি ব্যৱহাৰ কৰা হয়। কিন্তু এই সাৰবোৰ অতিমাত্ৰাত ব্যৱহাৰ কৰিলে পৰিবেশৰ ওপৰত বিৰূপ প্ৰভাব পৰে। আৰ্থিক দিশতো ই ক্ষতিকাৰক। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাতো হ’ল- এই ফচফৰাছযুক্ত সাৰবোৰ পানীত অদ্ৰৱনীয় হোৱা বাবে ব্যৱহাৰ কৰা সাৰৰ পৰা উদ্ভিদে মাত্ৰ ১০-১৫ শতাংশহে গ্ৰহণ কৰিব পাৰে। বাকী সৰহ অংশই মাটিত থাকি যায় আৰু এনেদৰে ৰৈ যোৱা অৱশিষ্ট ফচফৰাছে মাটিৰ গঠনেই সলনি কৰি দিব পাৰে। আনহাতে সাধাৰণ কৃষি ভূমিত গড় হিচাপত ০.০৫ শতাংশ (w/w) ফচফৰাছ থাকে। কিন্তু ইয়াৰ মাত্ৰ ০.১ শতাংশহে উদ্ভিদে শোষণ কৰিব পৰা অৱস্থাত থাকে। মুঠৰ ওপৰত উদ্ভিদৰ বাবে প্ৰয়োজনীয় ফচফৰাছৰ সৰহ অংশই উদ্ভিদে গ্ৰহণ কৰিব পৰা অৱস্থাত নেথাকে। ই প্ৰাকৃতিকেই হওক নাইবা কৃত্ৰিম ৰাসায়নিক ফচফৰাছেই হওক।

ফচফৰাছযুক্ত সাৰক দ্ৰৱীভূত কৰাত কিছুমান অণুজীৱই ক্ৰিয়া কৰে, এই অণুজীৱবোৰক ফছফেট দ্ৰৱীকাৰক অণুজীৱ (Phosphate Solubilizing Microorganism চমুকৈ PSM) বুলি কোৱা হয়। ইয়াৰ কিছুমান ভেঁকুৰ যেনে, এচপাৰজিলাছ নাইজাৰ, কিছুমান বেক্টেৰীয়া যেনে, বেছিলি প্ৰজাতি, চিউড’মনাছ ইত্যাদি। প্ৰাকৃতিকভাবে এই PSM বোৰ আমাৰ মাটিত থাকেই। কিন্তু কিছুমান মানবসৃষ্ট কাৰকৰ বাবে এই অণুজীৱবোৰৰ সংখ্যা মাটিত দিনে দিনে কমি আহিছে। ফলত কৃষিভূমিত সাৰ যোগানৰ মাত্ৰা বাঢ়ি গৈছে, অথচ উৎপাদন কমি গৈছে। বৰ্তমান বিজ্ঞানীসকলে এই অণুজীৱবোৰ কৃষিভুমিৰ পৰা সংগ্ৰহ কৰি আনি বিজ্ঞানগাৰত তাক অধিক বৃদ্ধি কৰি পুনৰ কৃষিভূমিত প্ৰয়োগ কৰাৰ কৌশল উদ্ভাৱন কৰিছে। এই PSM বোৰ ব্যৱহাৰ কৰি বহু কৃষকে যথেষ্ট উপকৃত হৈছে। এই PSM বোৰ ব্যৱহাৰ কৰি মাটিত থকা ফছফেটযুক্ত যৌগবোৰক দ্ৰৱীভূত কৰি গছে গ্ৰহণ কৰিব পৰা অৱস্থালৈ আনিব পাৰি। ইয়াৰ যোগেদি দুটা দিশত লাভবান হব পাৰি-

ক। উদ্ভিদক ফছফেট মৌলৰ যোগান নিয়মীয়া কৰি সঠিক উৎপাদন পাব পাৰি।

খ। ফছফেটযুক্ত ৰাসায়নিক সাৰ ব্যৱহাৰ কমাই আনি কৃষকক আৰ্থিক দিশত সহায় কৰাৰ লগে লগে প্ৰাকৃতিক পৰিৱেশো সুৰক্ষিত কৰিব পাৰি।

বৰ্তমান বজাৰত PSM যুক্ত জীৱাণুসাৰ পোৱা যায়। কিন্তু ক্ৰয় কৰোতে তাৰ গুণগত মান সঠিভাবে লক্ষ্য কৰিব লাগে। প্ৰয়োজন অনুযায়ী বিশেষজ্ঞৰ পৰামৰ্শ লোৱাতো আৱশ্যক। শস্য পথাৰত PSM বোৰ ব্যৱহাৰ কৰাৰ বিভিন্ন পদ্ধতি আছে। তাৰে কেইটিমান পদ্ধতি হ’ল-

- পানী/ গুড়ৰ পানী/ অমৃত পানী আদিৰ লগত মিহলাই মাটি চহোৱাৰ সময়ত পথাৰত স্প্ৰে কৰিব লাগে।

- পচন সাৰ, কেঁচু সাৰ আদিৰ লগত মিহলাই পথাৰত ছটিয়াই দিব লাগে।

- পচন সাৰ, কেঁচু সাৰ আদিৰ লগত ফছফেট জাতীয় সাৰ মিহলাই, তাৰ লগত PSM যোগ কৰি থৈ দিব লাগে। নিৰ্দিষ্ট সময়ৰ পিছত তাক শস্য পথাৰত পোনপতীয়াকৈ ছটিয়াই বা শস্যৰ গুৰিত মাটি চপোৱাৰ সময়ত ব্যৱহাৰ কৰিব পাৰি।

বিশেষভাবে লক্ষ্য কৰিবলগীয়া বিষয় হ’ল এনে PSM ব্যৱহাৰ কৰাৰ সময়ত বা তাৰ পিছত (কমেও ১৫ দিন) যাতে কোনো ভেঁকুৰনাশক বা বেক্টেৰীযানাশক ব্যৱহাৰ কৰা নহয়। অন্যথা অণুজীৱবোৰ সেইবোৰৰ সংস্পৰ্শত আহিলে মৰি যাব আৰু একো ফল নেপাব। PSM সঠিকভাবে যোগান ধৰি শস্যৰ বাবে লাগতিয়াল সমুদায় ফছফেট মৌলভাগ উদ্ভিক যোগান ধৰিব পাৰি।