1 views

‘ট্ৰাইক’ড্ৰামা’ হ’ল এবিধ ভেঁকুৰ। এই ভেঁকুৰৰ কেইবাটাও প্ৰজাতি আছে। তাৰ ভিতৰত কেইবিধ মান প্ৰজাতি উদ্ভিদৰ বাবে অতি উপকাৰী। বৰ্তমান বহলভাৱে ব্যৱহৃত তেনে দুটা প্ৰজাতি হ’ল ট্ৰাইক’ডাৰমা ভিৰিদি (Trichoderma viridi) আৰু ট্ৰাইক’ডাৰমা হাৰঝেনিয়াম (Trichoderma harzanium) ট্ৰাইক’ডাৰমা সাধাৰণতে আমাৰ শস্য পথাৰত প্ৰাকৃতিকভাবে থাকে, কিন্তু কৃষিকাৰ্যত ভেঁকুৰ বেমাৰ ৰোধ কৰিবৰ বাবে অতি মাত্রাত ৰাসায়নিক ভেঁকুৰনাশক ব্যৱহাৰ কৰাৰ ফলত ইয়াৰ সংখ্যা কমি আহিছে। ট্ৰাইক’ডাৰমা কৃষি কাৰ্যত বহুলভাৱে ব্যবহাৰ হয়। ইয়াৰ বিশেষভাৱে উল্লেখযোগ্য ভূমিকা হ’ল-
- ‘ট্ৰাইক’ডাৰমাই’ অন্য ভেকুঁৰ ধ্বংস কৰিব পাৰে। ট্ৰাইক’ডাৰমা ব্যৱহাৰ কৰিলে মাটিত থকা অন্য ক্ষতিকাৰক ভেকুঁৰ নষ্ট হৈ যায়। সেইবাবে পচন সাৰ, কেঁচুসাৰ পচা গোৱৰ আদিত ইয়াক মিহলাই কিছুদিন ৰাখি (৪-৫ দিন) ব্যৱহাৰ কৰিব লাগে।
- বহু সময়ত দেখা যায় যে কেঁচুসাৰ, পচনসাৰ আদিত দুৰ্ভাগ্যবশত ক্ষতিকাৰক ভেঁকুৰ গজি সেইবোৰ ব্যৱহাৰ কৰা পথাৰত ভেঁকুৰ বেমাৰৰ আক্ৰমণ ঘটে। এনে ঘটনা সাধাৰণে কেঁচুসাৰ বা পচনসাৰ তৈয়াৰ কৰা পদ্ধতিত থাকি যোৱা বাবে ঘটে। কিন্তু ট্ৰাইক’ডাৰমা ব্যৱহাৰ কৰি ইয়াক প্ৰতিৰোধ কৰিব পাৰি। তাৰোপৰি ট্ৰাইক’ডাৰমা গছত স্প্ৰে কৰিলে ভেঁকুৰ বেমাৰ প্ৰতিৰোধ হয়।
- শিল-বৰষুণ হৈ শস্যৰ ডাল-পাত ভাগিযোৱা বা গা-গছত ঘাঁ লাগিলে তাত অন্য ক্ষতিকাৰক ভেঁকুৰৰ আক্ৰমণ হ’ব পাৰে। তেনেক্ষেত্রত যিমান পাৰি সোনকালে (২৪ ঘন্টাৰ ভিতৰত) ট্ৰাইক’ডাৰমা স্প্ৰে কৰিব লাগে। ট্ৰাইক’ডাৰমা স্প্ৰে কৰি আন বহু ভেঁকুৰ বেমাৰ ৰোধ কৰিব পাৰি। কিন্তু প্ৰজাতিভেদে তাৰ ক্ৰিয়া বেলেগ বেলেগ হয়। ট্ৰাইক’ডাৰমা শস্যৰ বীজ বা পুলি শোধন কৰাতো ব্যৱহাৰ কৰিব পাৰি। শস্য পথাৰত সিঁচা বা ৰোপন কৰাৰ আগতে ইয়াক ব্যৱহাৰ কৰি কম খৰচতে বহু বেমাৰ প্ৰতিৰোধ কৰিব পাৰি।
- ট্ৰাইক’ডাৰমা প্ৰাকৃতিকভাৱে মাটিত থাকে আৰু উদ্ভিদৰ ৰাইয’স্ফিয়াৰ অঞ্চলত (শিপাৰ চাৰিওকাষে থকা এনে এক অঞ্চলত য’ত উদ্ভিদৰ চুলি শিপাৰ কাৰ্য্যকৰিতা থাকে) ইয়াক পোৱা যায়। পৰীক্ষাৰ পৰা দেখা গৈছে যে ট্ৰাইক’ডাৰমা এনেদৰে থাকি আন বহু উপকাৰী অণুজীৱৰ দৰে উদ্ভিদক বৃদ্ধিত সহায় কৰে। ব্যৱহাৰিক দিশতো দেখা যায় যে ট্ৰাইক’ডাৰমা ব্যৱহাৰ কৰি শস্য উৎপাদন বঢ়াব পাৰি।
- ট্ৰাইক’ডাৰমাই এনে কিছুমান এনযাইম নিঃসৰণ কৰে, যিয়ে নেকি অন্য কিছুমান অনিষ্টকাৰী ভেঁকুৰৰ কোষ বেৰ ধ্বংস কৰাৰ উপৰিও গছৰ বাবে লাগতিয়াল কিন্তু অদ্ৰৱণীয় বহু মৌল দ্ৰবীভূত কৰিব পাৰে। গতিকে, ট্ৰাইক’ডাৰমা ব্যৱহাৰ কৰিলে মাটিত থকা বহু আৱশ্যকীয় মৌল উদ্ভিদে সহজে শোষণ কৰাত সহায় হয়।
- ট্ৰাইক’ডাৰমাৰ আন এক গুণ হ’ল ই পচন কাৰ্য্য খৰতকীয়া কৰিব পাৰে। উদ্ভিদজাত জাৱৰ-জোথৰ পচা কাৰ্যত ইয়াক ব্যৱহাৰ কৰিব পাৰি। সেইবাবে পচনসাৰ তৈয়াৰ কৰোঁতে ইয়াক ব্যৱহাৰ কৰিব লাগে।

বৰ্তমান বজাৰত ট্ৰাইক’ডাৰমা সহজলভ্য হৈ উঠিছে। কিন্তু বহু সময়ত দেখা যায় যে বজাৰত পোৱা এই ট্ৰাইক’ডাৰমাৰ গুণগত মান অতি নিম্নমানৰ। ট্ৰাইক’ডাৰমা হ’ল এবিধ ভেঁকুৰ, এক জীৱ। গতিকে লক্ষ্য কৰিবলগীয়া কথাটো হ’ল ই জীয়াই আছে নে নাই? সাধাৰণতে বজাৰত পাউদাৰ হিচাপে ট্ৰাইক’ডাৰমাৰ ৰেণু (যাক খালি চকুৰে দেখা পোৱা নাযায়)ৰ মিশ্ৰণ পোৱা যায়। এই মিশ্ৰণ পেকেটত ৰেণুৰ সংখ্যা লিখা থাকে আৰু এই ৰেণু জীয়াই থাকিব লাগিব তেতিয়াহে ব্যৱহাৰ কৰাৰ পাছত ই গজি উঠিব। আনহাতে, জুলীয়া অৱস্থাত থকা ট্ৰাইক’ডাৰমাত ৰেণুৰ লগতে গজি উঠিব পৰা কিছুমান অনুসূত্রৰ টুকুৰা যাক ইংৰাজীত cfu (Colony forming unit) বুলি কোৱা হয়। এই ট্ৰাইক’ডাৰমা থকা বটল বা পেকেটৰ ওপৰত ১ মিলিলিতাৰত থকা সংখ্যা লিখা থাকে। যি কি নহওঁক বজাৰৰ পৰা ট্ৰাইক’ডাৰমা কিনোতে সঠিকভাৱে চাই বা বিশেষজ্ঞৰ পৰামৰ্শ লৈহে ক্ৰয় কৰিব লাগে। সঠিক ট্ৰাইক’ডাৰমা ব্যৱহাৰ কৰিলেহে সঠিক ফল লাভ কৰিব পাৰি।