1 views

আধুনিক কৃষি বিকাশৰ লগে লগে অধিক শস্যৰ উৎপাদনৰ ধাৰণাই কৃষিকাৰ্যত ৰাসায়নিক দ্ৰব্য যেনে, ৰাসায়নিক সাৰ, কীটনাশক, অপতৃণনাশক আদিৰ ব্যৱহাৰ অপৰিহাৰ্য কৰি তুলিলে। অধিক উৎপাদনক্ষম জাত, হাইব্ৰীড জাতৰ ব্যৱহাৰৰ লগে লগে একোডৰা শস্যক অনিষ্টকাৰী কীট-পতঙ্গৰ আৰু ৰোগ-ব্যাধিৰ পৰা ৰক্ষা কৰাটোও জৰুৰী হৈ পৰে।১৯৪০ চনত আয়াৰলেণ্ডত আলুৰ মাৰাত্মক লেইটব্লাইট ৰোগৰ বাবে হোৱা দুৰ্ভিক্ষ, ১৯ শতিকাৰ শেষৰফালে শ্ৰীলংকাত মাৰাত্মক ৰোগৰ বাবে কফি খেতি সমুলঞ্চে ধ্বংস হৈ যোৱা আৰু ১৯৩৪ চনত ধানৰ পাতত হোৱা ব্ৰাউন লিফ স্পট ৰোগৰ বাবে হোৱা দুৰ্ভিক্ষৰ পিছতে আধুনিক কৃষিকাৰ্যত কীটনাশকৰ ব্যৱহাৰ অতি প্ৰয়োজনীয় দিশ বুলি বিবেচিত হয়। যাৰফলত উন্নত দেশবোৰত ব্যাপক হাৰত কীটনাশক দ্ৰব্যৰ উৎপাদন আৰু ব্যৱহাৰ হ’বলৈ আৰম্ভ কৰিলে আৰু সেইবোৰ তৃতীয় দেশবোৰলৈও সম্প্ৰসাৰিত হ’বলৈ আৰম্ভ কৰিলে।

বৰ্তমান কীটনাশকৰ ব্যৱহাৰ ইমান বৃদ্ধি পাবলৈ ধৰিলে যে কৃষিকাৰ্যত ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰৰ ক্ষেত্রত পৰিৱেশবিদসকলে সতৰ্কবাণী শুনালেও সেইবোৰৰ প্ৰতিকাৰৰ ভ্ৰুক্ষেপ নাই। কৃষিকাৰ্যত কীটনাশকৰ ব্যৱহাৰ হোৱাৰ ফলত ন ন পৰিৱেশীয় সমস্যাৰ উদ্ভৱ হৈছে। প্ৰাকৃতিক ভাৰাসাম্যতাৰ প্ৰতিও প্ৰবল ভাবুকি আহি পৰিল মানৱ স্বাস্থ্য আৰু জীৱ-জন্তুৰ প্ৰতিও ব্যাপক ক্ষতিৰ সমস্যা আহি পৰিল। শস্যৰ অনিষ্টকাৰী কীট-পতঙ্গ আৰু ৰোগৰ বীজাণুৰ বাবে আধুনিক কৃশসিয়ে এক অনুকূল পৰিৱেশৰ সৃষ্টি কৰি সেইবোৰৰ উপদ্ৰৱ বঢ়াই তোলে আৰু ইয়াক নিয়ন্ত্রন নাইবা দমনৰ বাবে কৃতিম ৰাসায়নিক দ্ৰব্যনবোৰৰ ব্যৱহাৰ নিশ্চিত হৈ পৰিল। যাৰফলত পৰিৱেশৰ ওপৰত ন ন সমস্যাৰ সৃষ্টি কৰিলে। বাৰে বাৰে কীটনাশক ব্যৱহাৰ হৈ থকাৰ ফলত নিয়ন্ত্রণ কৰিব বিছৰা কীট-পতঙ্গৰ কিছুমান প্ৰতিৰোধ শক্তি বাঢ়ি অধিক শক্তিশলী কীটনাশকৰ উৎপাদনৰ প্ৰয়োজণিতাক বঢ়াই তুলিলে।

শস্যৰ পথাৰত পৰ্যাপ্ত পৰিমাণে ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ হোৱাৰ ফলত শস্যই গ্ৰহণ নকৰা অৱশিষ্ট অংশ ভূগৰ্ভৰ পানী নৈ খাল বিল আৰু জলসিঞ্চনৰ পানীত মিহলি হৈ পৰে আৰু খোৱা পানীখিনিও বিষাক্ত হৈ পৰে। মাৰাত্মক কথা হ’ল, বিভিন্ন খাদ্য শস্য, ফল-মূল, শাক-পাচলি আৰু আনকি জন্তুৰ গাখীৰতো এই কীটনাশকৰ অৱশিষ্ট অংশ ক্ষুদ্ৰ কণিকা হিচাপে জমা হৈ মানৱ শৰীৰত সোমাই নানাধৰণৰ ৰোগৰ সৃষ্টিকাৰক হৈ পৰিছে। ফলত শৰীৰত এইবোৰে শ্লপয়জম হিচাপে ক্ৰিয়া কৰাৰ সম্ভাৱনা অধিক।

দৰকাৰী কথা হ’ল যে, নিশ্চিত উৎপাদনৰ বাবে শস্যডৰাক ৰোগ-ব্যাধি আৰু অনিষ্টকাৰী কীট-পতঙ্গৰ আক্ৰমণ ৰক্ষা কৰিবই লাগিব। লহপহকৈ বাঢ়ি অহা খেতিডৰা যেতিয়া চকুৰ সন্মুখতে ধ্বংস হ’বলৈ ধৰে তেতীয়া কৃষক এজনৰ মনত সাংঘাতিক দুখ হয়। ফলত বহু কৃষকে উপায়হীন হৈ কীটনাশক দ্ৰব্য প্ৰয়োগ কৰিবলগীয়া হয়। কিন্তু জানি শুনিও এই মাৰাত্মক কীটনাশক প্ৰয়োগৰ ফলত কি সমস্যা হ’ব পাৰে সেয়া ইতিমধ্যে আলোচনা কৰা হৈছে। তেন্তে কৃষকৰ সন্মূখত কি পথ আছে, যাৰ দ্বাৰা এই সমস্যাটো এৰাই চলিব পাৰি। কৃষিবিজ্ঞানীসকলে ইতিমধ্যে এক উপায়ৰ বিষয়ে কৃষকসকলক অৱগত কৰিছে। সেইটো হ’ল- সু-সংহত উপায়েৰে শস্যৰক্ষা ব্যৱস্থাপনা।

এই “সু-সংহত শস্যৰক্ষা ব্যৱস্থাপনা” এনে এক ব্যৱস্থাপনা, য’ত সকলোধৰণৰ কৌশল আৰু পদ্ধতিৰ এক সু-সন্ধয়েৰে কীট-পতঙ্গৰ সংখ্যা শস্যৰ হানিকাৰক পৰ্যায়ৰ তলত সীমাবদ্ধ কৰি ৰখা হয় যাতে শস্যৰ উৎপাদন লাভজনকভাৱে আৰু পৰিৱেশ বিনষ্ট নোহোৱাকৈ কৰিব পাৰি। এই পদ্ধতিত শস্য অনুযায়ী অনিষ্টকাৰী কীট-পতঙ্গৰ সংখ্যা এক নিৰ্দিষ্ট পৰিসৰত নিৰূপন কৰা হৈছে, যাক কোৱা হয়- অৰ্থনৈতিক ক্ষতিৰ পৰিসীমা। এই অৰ্থনৈতিক ক্ষতিৰ পৰিসীমা চেৰাই নগলে শস্য এডৰাত কীটনাশক প্ৰয়োগ কৰিলে লাভতকৈ লোকচানহে হয়।