1 views

ৰাজ্যখনত বৰ্দ্ধিত বিদেশী শাক-পাচলিৰ চাহিদা পূৰণ কৰিবলৈ আগবাঢ়ি আহিছে এচাম কৃষক। তেনে কৃষকৰ মাজৰে দুগৰাকী হ’ল হাজো উন্নয়নখণ্ডৰ শিলগুৰি টাঙোনমাৰি গাঁৱৰ সীমান্ত দাস আৰু আব্দুল জলিল। যিদুগৰাকী কৃষকে বজাৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি চেলেৰি, চুইট বেচিল, থাই বেচিল, চাইনীজ বন্ধাকবি, ৰোমান পালেং, ৰঙা পালেং, সেউজীয়া পালেং, ৰঙা বন্ধাকবি, ব্ৰকলী, চেৰি বিলাহী, বেবী আলু, ৰঙা-হালধীয়া-সেউজীয়া কেপচিকাম, হালধীয়া জুক্কিনী, শতমূল, লেমন গ্ৰাচ, লিক আদি উচ্চমূল্যবিশিষ্ট বিদেশী শাক-পাচলি উৎপাদন কৰিবলৈ লৈছে।

আব্দুল জলিলে প্ৰাৰম্ভিক অৱস্থাত সাধাৰণ কৃষকৰ দৰেই ফুলকবি, বন্ধাকবি, বিলাহী, বেঙেনা আদিৰ খেতি কৰিয়েই সন্তুষ্ট আছিল যদিও নিজৰ উপস্থিত বুদ্ধিৰ বলত গুৱাহাটী বজাৰৰ চাহিদা উপলব্ধি কৰিবলৈ সক্ষম হ’ল। গুৱাহাটী বজাৰৰ চাহিদা পূৰণ কৰিবলৈ বহিঃৰাজ্যৰ পৰা ক্ৰয় কৰাৰ বিপৰীতে স্থানীয়ভাবে এনেবোৰ এনেবোৰ পাচলিৰ উৎপাদন কৰিবলৈ পৰামৰ্শ দিলে কিছুমান পাইকাৰী গ্ৰাহকে। ইচ্ছা শক্তিক বাস্তব ৰূপ দিবলৈ এই গৰাকী উদীয়মান কৃষকে ঢাপলি মেলিলে মধ্যপ্ৰদেশ আৰু ৰাজস্থানলৈ, য’ত তেও হাতে-কামে শিকিবলৈ সক্ষম হল এইবোৰ বিদেশী পাচলি উৎপাদন কৰিবলৈ। বহিঃৰাজ্যত এনেবোৰ পাচলিৰ খেতি কৰিবলৈ যিমান কষ্ট আৰু খৰচ তাৰ তুলনাত অসমত অতি সহজতে এইবোৰ কৰিব পাৰি বুলি তেও অনুভৱ কৰিলে। বানাক্ৰান্ত অঞ্চলত মাথাউৰিৰ ভিতৰৰ মাটিতে তেও গঢ়ি তুলিলে এখনি পাচলি বাগিচা, য’ত বানপানীৰ পিছৰ সময়খিনিত অৰ্থাৎ অক্তোবৰ মাহৰ পৰা এপ্ৰিল মাহ পৰ্যন্ত মুকলি আকাশৰ তলতে অতি সহজে তেও বিভিন্ন বিদেশী পাচলিৰ খেতি কৰি আহিছে, যিবৰৰ বাবে বজাৰৰ কোনো সমস্যা নাই। বৰঞ্চ, ঘৰত বহিয়েই ইটোৰ পিছত সিটো বজাৰ পাবলৈ সক্ষম হৈছে। তেখেতে প্ৰায় ৩৫ বিধ বিদেশী পাচলি অৰ্দাৰ পোৱাৰ পিছতো এতিয়ালৈকে ২৫ বিধমানহে উৎপাদন কৰিবলৈ সক্ষম হৈছে।

বানাক্ৰান্ত অঞ্চলত বাৰিষাকালত মুকলি আকাশৰ তলত এনেবোৰ উচ্চমূল্যবিশিষ্ট খেতি কৰাতো অসুবিধাজনকেই নহয়, অসম্ভৱো। তেনে অৱস্থাতো থমকি ৰোৱা নাই সীমান্ত দাস আৰু আব্দুল জলিলৰ প্ৰয়াস। নিজ প্ৰচেষ্টাৰেই গঢ়ি তুলিছে বাঁহেৰে নিৰ্মিত এক সৰু ছা-জালিকা গৃহ (Shadenet house) আৰু এই গৃহৰ ভিতৰতে স্থাপন কৰিছে হাইদ্ৰপনিক পদ্ধতিৰে উৎপাদন কৰা বিদেশী পাচলিৰ বাগিচা। সম্পূৰ্ণ বিজ্ঞানসন্মতভাবে মহানগৰীৰ ক্ৰেতাৰ চাহিদাৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ হাইদ্ৰপনিক পদ্ধতিৰে কৰা বিদেশীমমুলৰ শাক-পাচলিৰ খেতি কৰি আহিছে। কেৱল আব্দুল জলিলেই নহয়, সীমান্ত দাস নামৰ শিক্ষিত যুৱক এজনেও তেখেতৰ লগত একেলগে খেতি কৰিবলৈ আগবাঢ়ি আহিছে। তেখেতসকলৰ আধুনিক কৃষি-প্ৰযুক্তিৰ প্ৰতি ধাউতি আৰু আত্ম-সংস্থাপনৰ হেঁপাহৰ ফলতেই বামুন্দি পঞ্চায়তৰ অন্তৰ্গত টাঙোনমাৰী গাঁৱত ওচৰা-ওচৰিকৈ ৩ খনকৈ বিদেশী মূলৰ শাক-পাচলিৰ পাম গঢ়ি উঠিছে।
উচ্চ মূল্যবিশিষ্ট বিদেশী মূলৰ শাক-পাচলিৰ খেতি কৰিবলৈ এইসকল কৃষকক প্ৰয়োজন অত্যাধুনিক আন্তঃগাঠনি যেনে, সেউজ গৃহ, টোপাল জলসিঞ্চন, সাৰপ্ৰয়োগ, সৌৰশক্তি পেনেল, মালচিং (মাটিত জীপ ৰখা ব্যৱস্থা), শস্য সুৰক্ষা আদি ব্যৱস্থাৰ। কেৱল গুৱাহাটীৰ বজাৰেই তেওঁলোকক উৎসাহিত কৰিছে। ইন্টাৰনেটৰ জ্ঞান, বহিঃৰাজ্যৰ পৰা আহৰণ কৰ ব্যক্তিগত পামৰ সৈতে যোগাযোগ আৰু প্ৰশিক্ষণৰ মাধ্যমত স্থানীয়ভাবে উপলব্ধ বাঁহ-বেতেৰে তৈয়াৰ কৰা সেউজ গৃহতে হালধীয়া কেপচিকাম, বেল পেপাৰ আদিৰ খেতি কৰি আহিছে এইসকল কৃষকে।

--খগেন্দ্ৰ নাথ শৰ্মা, সহকাৰী কৃষি সঞ্চালক (বাণিজ্য), কৃষি সঞ্চালকালয়, খানাপাৰা, গুৱাহাটী-২২