1 views

‘এন্ট্ৰিপ্ৰিনিউৰশ্বিপ’ বা উদ্যমীতা হ’ল বৰ্ত্তমান সময়ৰ এটি গুৰত্বপূৰ্ণ বিষয়। মুক্ত অৰ্থনীতি বিকাশৰ লগে লগে ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশসমূহতো এই উদ্যমীতাই সামগ্ৰিক অৰ্থনৈতিক দিশতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ভাৰতৰ দৰে উন্নয়নশীল দেশ এখনত অনুন্নত অঞ্চলৰ গৰিষ্ঠসংখ্যক জনগণৰ কল্যান সাধনৰ বাবে এই কৃষি উদ্যমীতা অতি প্ৰয়োজনীয়। কিয়নো সেইখিনি মানুহে নিয়োজনৰ বাবে কৃষি ক্ষেত্রখনৰ ওপৰতে নিৰ্ভৰশীল। গ্ৰামাঞ্চলৰ নিবনুৱাসকলৰ নিয়োজনৰ বাবে ‘উদ্যমীতা’ৰ বিকাশ সাধন কৰিব লাগে।
উদ্যমীতা মানে কি?
উদ্যমীতাৰ অৰ্থ হ’ল- অৰ্থনৈতিক অনিশ্চয়তাৰ প্ৰত্যাহ্বান লৈ কিবা এটা নতুন সৃষ্টি কৰিবলৈ সংগঠিত আৰু সমন্বয় সাধন কৰা। সংগঠনভেদে সেই উদ্যমীতাও ভিন্ন হয়। ম্যাবাক্লেন্দ্ৰৰ মতে-“সেইজনকে উদ্যমী কোৱা হয় যিজনে উৎপাদনৰ উপাদানসমূহৰ নিয়ন্ত্রণ কৰে আৰু নিজৰ প্ৰয়োজনতকৈ অধিক উৎপাদন কৰি লাভ লৈ বিক্ৰি কৰে। উদ্যমী এজনে সমন্বয়, সংগঠন আৰু তত্বাৱধান কৰে। উদ্যমী এজন সাধাৰণতে এজন উদ্ভাৱক হয় আৰু যিয়ে নতুনত্বৰ সংযোগ কৰে। উদ্যমী হ’ল সেইজনেই যিজনে লাভ আৰু উত্তৰনৰ বাবে সুযোগ সুবিধাবোৰ চিনাক্ত কৰি তথা আৱশ্যকীয় উৎসবোৰত পুঁজিৰ সংযোজন ঘটাই বাধা-বিঘিনি তথা অনিশ্চিয়তাৰ স্বত্বেও এটি নতুন ব্যৱসায় সৃষ্টি কৰি আগবঢ়াই নিয়ে।
এজন উদ্যমীৰ কি কি গুণ থাকিব লাগে?
দায়িত্বশীল হ’বলৈ ইচ্ছুক: যিটো ব্যৱসায় বা কাম-কাজ কৰিবলৈ বিচৰা হৈছে সেই কামৰ ফলাফলৰ বাবে উদ্যমীজনৰ নিজস্বভাৱে দায়িত্বশীল হ’বৰ দৃঢ় মনোভাৱ থাকিব লাগিব। তেওঁৰ উৎসবোৰৰ ওপৰত নিয়ন্ত্রণ থাকিব লাগিব আৰু স্ব-লক্ষ্যৰ বাবে এই উৎসবোৰ ব্যৱহাৰ কৰিব লাগিব।
কিছু লোকচানৰ প্ৰত্যাহ্বান ল’বলৈ সাজু: উদ্যমীসকলে যে কেৱল লোকচান প্ৰত্যাহ্বান গ্ৰহণকাৰী তেনে নহয়, তেওলোকে হিচাপেৰে লোকচানৰ প্ৰত্যাহ্বান গ্ৰহণ কৰে। তেওলোকৰ লক্ষ্য বহুত উচ্চ, আনকি কেতিয়াবা অসম্ভৱ যেনো লাগে। কিন্তু উদ্যমীসকলে সেইক্ষেত্রত ভিন্ন দৃষ্টিৰে চাই আৰু বিশ্বাস কৰে যে তেওঁলোকৰ লক্ষ্য বাস্তৱ আৰু তাক ৰূপায়ন কৰিব পাৰি। তেওঁলোকে সাধাৰণতে সেইবোৰ বিষয়ে দৃষ্টি নিক্ষেপ কৰে য’ত তেওলোকৰ জ্ঞান, অভিজ্ঞতা আৰু এক পৰিচয় আছে।
সফলতাৰ বাবে দৃঢ় বিশ্বাস: উদ্যমী সকলে সফলতাৰ বাবে গভীৰ বিশ্বাসেৰে প্ৰত্যাহ্বান গ্ৰহণ কৰে। তেওঁলোক সফলতাৰ বাবে আশাবাদী আৰু এই আশা বাস্তৱৰ ওপৰত প্ৰতিস্থিত হয়।
তাৎক্ষণিক প্ৰতিক্ৰিয়াৰ বাবে ইচ্ছুক: উদ্যমীসকলে লোকচান নোহোৱাকৈ ব্যৱসায় চলোৱাৰ প্ৰত্যাহ্বান লয় আৰু তেওঁলোকৰ ব্যৱসায় কেনেকৈ চলিছে তাৰবাবে গ্ৰাহকৰ প্ৰতিক্ৰিয়া জানিবৰ বাবে প্ৰতি মুহুৰ্তত সাজু থাকে।
উচ্চ সামৰ্থৰ অধিকাৰী: উদ্যমীসকল সাধাৰণ মানুহতকৈ অধিক সমৰ্থৱান হয়। প্ৰাৰম্ভিক কোম্পানীৰ কাম-কাজৰ ক্ষেত্রত এই সমৰ্থ হ’ল এক জটিল কাৰক। দীৰ্ঘ সময়ৰ বাবে কঠিন কাৰ্য কৰিব পৰাটোৱেই হ’ল নিয়ম।
ভৱিষ্যত দৰ্শন: উদ্যমীসকল সুযোগ সন্ধানী। তেওঁলোকে সদায় ভৱিষ্যতলৈ চাই। যোৱাকালি কি হ’ল তাৰ ওপৰত মূৰ ঘমোৱাতকৈ অহাকালিলৈ কি কৰিব পৰা হ’ব তাৰ ওপৰতহে গুৰত্ব দিয়ে। সৰ্বসাধাৰণৰ নিচিনাকে কেৱল সমস্যাৰ ওপৰতে গুৰুত্ব নিদি উদ্যমীয়ে সম্ভাৱনীয়তাৰ ওপৰত নজৰ ৰাখে। গতানুগতিক পৰিচালকসকলৰ দৰে কেৱল উপলব্ধ উৎস পৰিচালনাতে ব্যস্ত নেথাকি উদ্যমীসকলে সুযোগবোৰত দৃষ্টি নিক্ষেপ কৰি মূলধনলৈ ৰূপান্তৰিত কৰে।
সাংগাঠনিক সক্ষমতা: কাগজৰ পৰা এটি কোম্পানী বা ব্যৱসায় প্ৰতিষ্ঠান এটি গঢ় দিয়াতো খুউব সহজ সাধ্য যে নহয়। এইটো উদ্যমীসকলে ভালদৰে জানে কাক লৈ কেনেকৈ ব্যৱসায় কৰিব?
সফলতাৰ মূল্য: সৰ্বসাধাৰণৰ মাজত এটি ভূল ধাৰণা আছে যে, উদ্যমীসকলে কেৱল ধন ঘটিবৰ ব্যৱসায় কৰে। কিন্তু উদ্যমীসকলৰ অনুপ্ৰেৰণাৰ শক্তি ক’ত লুকাই থাকে সেইটো কোৱা জটিল। কেতিয়াবা ধনৰ কথাটো একেবাৰে নগণ্য হৈ পৰে।
বিভিন্ন ধৰণৰ উদ্যমী:
ক্লেৰেন্দ ডানফৰ মতে, উদ্যমীসকলক ৪ টা ভাগত ভগোৱা হয়-
১) উদ্ভাৱনী উদ্যমী: এইধৰণৰ উদ্যমীয়ে নতুন সেৱা বা কাম আৰম্ভ কৰে। নতুন উৎপাদনী পদ্ধতি উদ্ভাৱন কৰে। নতুন বজাৰ আৱিস্কাৰ আৰু প্ৰতিষ্ঠানবোৰৰ পুনৰ গঠন কৰিব পাৰে। এইসকল উদ্যমী ইতিমধ্যে অৰ্জন কৰা পৰিৱেশৰ বাবে সন্তুষ্ট থাকে আৰু পৰিৱৰ্ত্তন তথা উন্নয়নৰ বাবে দৃষ্টি নিৱন্ধ ৰাখে।
২) অনুকৰণপ্ৰিয় উদ্যমী: এইধৰণৰ উদ্যমীয়ে কেৱল সফল উদ্ভাৱন ৰূপায়ণৰ বাবেহে সাজু থাকে; কিন্তু উদ্ভাৱন কৰিব নিবিচাৰে।
৩) সাৱধানী আৰু মন্থৰ উদ্যমী: এইধৰণৰ উদ্যমী খুউব সাৱধানী আৰু তেওঁলোকে নতুন অভিজ্ঞতাক লৈ আগবঢ়াতো সন্দেহবাদী হয়।
৪) একঘেয়ামী উদ্যমী: এইধৰণৰ উদ্যমী সুযোগ গ্ৰহণ কৰি উৎপাদন পদ্ধতি পৰিবৰ্তন কৰিবলৈ সাজু নহয়। আনকি উৎপাদন কম হ’লেও তেওঁলোক পৰিবৰ্তনৰ বাবে ইচ্ছুক নহয়। ব্যৱসায়ত লোকচান ভৰি থাকিলেও তেওঁলোক বৰ্ত্তমানৰ পদ্ধতি পৰিবৰ্তনৰ বাবে সাজু নহয়।
কৃষি উদ্যমীসকল কেনেকুৱা হোৱা উচিত?
সাফল্যৰ বাবে সাজু: কৃষি উদ্যমীসকল সাফল্যৰ বাবে সদায় সাজু থাকিব লাগিব।
ক্ষতিৰ প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ ক্ষমতা: যিকোনো ব্যৱসায় বা প্ৰতিষ্ঠানত বিভিন্নধৰণৰ ক্ষতিৰ প্ৰত্যাহ্বান থাকিব পাৰে। বিশেষকৈ কৃষি ব্যৱসায়ত এইটো অনুমান কৰিব নোৱাৰি। সেইবাবে কৃষি উদ্যমীসকলে অন্য ব্যৱসায়তকৈ অধিক ক্ষতিৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব লগীয়াত পৰে।
নেতৃত্বৰ ক্ষমতা: ব্যৱসায় হিচাবে কৃষিটো হ’ল এটা দল বা গোটৰ কাম-কাজ। গতিকে ই দলগত কাম-কাজ আৰু নেতৃত্বৰ সক্ষমতা বিচাৰে।
সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা: শিক্ষা ভাৱ-বিনিময়ৰ উৎকৃষ্ট পন্থা আৰু নিৰ্দিষ্ট ব্যৱসায়টোৰ বিকাশমুখী কাম-কাজৰ ওপৰত অধিক সজাগতাৰ ওপৰতে সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা নিৰ্ভৰ কৰে। উদ্যমীৰ এটি অতি আৱশ্যকীয় গুণ হ’ল সঠিক সিদ্ধান্ত, সঠিক সময়ত আৰু সঠিক স্থানত লোৱা।
উদ্ভাৱনী চিন্তা: নেতৃত্বৰ উদ্ভাৱনী চিন্তাই বিকাশমুখী কাৰ্য-কলাপ আৰু নতুন প্ৰযুক্তি ৰূপায়নত বিশেষভাৱে প্ৰভাৱ পেলায়।
পৰিচালনা লক্ষ্য নিৰ্ণয়: নতুন প্ৰযুক্তি আৰু বিকাশমূলক কাৰ্যকলাপৰ পৰিকল্পনা, উৎপাদন পদ্ধতি, বাণিজ্যৰ তথ্য আৰু সজাগতা কৰা যাতে কৃষি-ব্যৱসায়ৰ উৎপাদকতা বৃদ্ধি হয়।
আত্ম-বিশ্বাস: শিক্ষা আৰু সফল প্ৰদৰ্শনে আত্ম-বিশ্বাস বঢ়াই তোলে।
তথ্যৰ বাবে আগ্ৰহী: যিকোনো ব্যৱসায় প্ৰতিষ্ঠানৰ বাবে উৎপাদন আৰু তাৰ পৰৱৰ্তী পৰ্যায়বোৰৰ বাবে বিভিন্ন ধৰণৰ তথ্যৰ দৰকাৰ হয়। সেয়ে, উদ্যমীসকল তথ্যৰ বাবে আগ্ৰহী হোৱাতো দৰকাৰ।

(হায়দৰাবাদস্থিত ৰাষ্ট্ৰীয় কৃষি সম্প্ৰসাৰণ পৰিচালনা প্ৰতিষ্ঠান (MANAGE) ৰ স্নাতকোত্তৰ কৃষি সম্প্ৰসাৰণ পৰিচালনা ডিপ্লমা পাঠ্যক্ৰমৰ আধাৰত এই লেখা ৰচনা কৰা হৈছে- সম্পাদক, সেউজ চিন্তা (অবৈতনিক))