1 views

সাধাৰণতে আমাৰ অসমৰ সৰহ সংখ্যক লোকৰে মনত পৰম্পৰাগতভাৱে এক ধাৰণা আছে যে- উন্নত প্ৰজাতিৰ গো-পালনৰ বাবে আমাৰ জলবায়ু ভাল নহয়, ব্যৱসায় ভিত্তিত এনে প্ৰজাতিৰ গো পালন কৰা আমাৰ দৰে এলেকাবোৰত সম্ভৱ নহয়। কিন্তু বৰ্তমান সময়ত বিভিন্নজন উদ্যোগীয়ে উন্নত প্ৰজাতিৰ গো-পালনেৰে সমাজত উদাহৰণ দাঙি ধৰাৰ পিছত তেনে ধাৰণাসমূহৰ বিপৰীতে উদ্যমীসকলে গো-পালনৰ বাবে আগবাঢ়ি আহিবলৈ সাহস কৰিছে।

উত্তৰ-পশ্চিম যোৰহাটৰ এলেংমৰা কৃষি চক্ৰৰ অন্তৰ্গত ধনখুলৈ গাওঁৰ যুৱক পঙ্কজ ছেত্ৰীৰ মনতো এনে এক আশাৰ জন্ম হৈছিল। স্থানীয় কলবাৰী পশু চিকিৎসালয়ৰ চিকিৎসক ডা: সুবোধ সিঙৰ পৰামৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ গো-পালনৰ বাবে আগ্ৰহী হৈ পৰিছিল। পঙ্কজে বেঙ্কৰ চেলচ্ মেনেজাৰৰ পদ ইস্তফা দি ২০১৪ চনৰ ২১ চেপ্তেম্বৰত ৩ জনী গাই লৈ গো-পালনৰ কাম আৰম্ভ কৰিছিল। ইয়াৰ ৬ মাহৰ পাছত অন্য ৩ জনী আৰু এবছৰৰ পিছত হাৰিয়ানাৰ পৰা ৪ জনী উন্নত প্ৰজাতিৰ গাই ক্ৰয় কৰি ব্যৱসায়ভিত্তিত গো-পালনৰ কাম আৰম্ভ কৰিছিল। আৰম্ভনীতেই বেঙ্ক অৱ মহাৰাষ্ট্ৰই ৪ লাখ ২০ হেজাৰ টকা ঋণ প্ৰদান কৰি এজন সফল গো-পালক হোৱাত অৰিহণা যোগাইছিল। সেই একেই বেঙ্কৰ পৰা ২০১৮ চনত ১১ লাখ টকাৰ ঋণ লাভ কৰি গো-পালনৰ লগতে সমন্বিত কৃষি পাম প্ৰতিষ্ঠা কৰাত গুৰুত্ব প্ৰদান কৰে। বৰ্তমান তেখেতৰ সৰ্বমুঠ ৪০ জনী গাইগৰু (পোৱালীকে ধৰি) আছে আৰু প্ৰতিদিনে ১৪০ লিটাৰ গাখীৰ উৎপাদন হৈ আছে। যোৰহাটস্থ অসম কৃষি বিশ্ববিদ্যালয় আৰু অন্য দুখন প্ৰতিষ্ঠানে উৎপাদিত গোটেই গাখীৰখিনি প্ৰতিলিটাৰত ৪৫ টকা দৰত ক্ৰয় কৰি আছে। বছৰি প্ৰায় ১০ লাখ টকা উপাৰ্জনেৰে তেখেতে গো-পালনক এক লাভজনক বৃত্তি হিচাপে পৰিগণিত কৰিছে।

গো-পালনৰ সমান্তৰাল ভাৱে প্ৰায় ৮ বিঘা মাটিত উন্নত জাতৰ নেপিয়াৰ ঘাঁহ, মাকৈ, বাৰ্চিম ঘাঁহৰ খেতি কৰিছে। অসম কষি বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক সঞ্জীৱ শৰ্মা, সুভাঙ্কৰ চাহাৰ উদগনিত ২০১৬ চনত ফুল খেতি আৰম্ভ কৰে। জাৰবেৰা, ৰজনীগন্ধা, নাৰ্জি ফুল উৎপাদনৰ লগতে শেহতীয়াকৈ বিভিন্ন অৰ্কিড উৎপাদন কৰাতো তেখেতে মনোনিবেশ কৰিছে। তেখেতে জাৰবেৰা, ৰজনীগন্ধা ফুলৰ পৰাও প্ৰতি বছৰে প্ৰায় ২০০০০/- টকা আয় কৰে। যোৰহাটৰে স্থানীয় বজাৰত প্ৰতিডাল ফুলত গড়ে ৭ টকাকৈ বিক্ৰী হয়।

পামত থকা প্ৰায় ১৫০ জোপা কলৰ পৰাও প্ৰতিবছৰে প্ৰায় ৩০০০০/- টকা উপাৰ্জন কৰি আহিছে। তেখেতৰ পামত প্ৰতিদিনে ৩ জন স্থায়ী শ্ৰমিক আৰু ২জন অস্থায়ী শ্ৰমিকে কাম কৰি আহিছে।

তেখেতৰ মতে সঁচা কৃষকসকলে নিজৰ সৰ্বাঙ্গীন উন্নতিৰ বাবে সমবায় গঠনৰ জৰিয়তে আগবাঢ়ি যোৱাৰ সময় সমাগত। গো-পালনৰ ক্ষেত্ৰত প্ৰচুৰ স্ব-নিয়োজনৰ সম্ভাৱনা আছে। তেখেতৰ আদৰ্শ লৈ নিজা গাঁও ধনখুলৈতে প্ৰায় ১০ জনে বৰ্তমান গো-পালনৰ কাম আৰম্ভ কৰিছে। সমন্বিত চিন্তাৰে আগবাঢ়িলে স্ব-নিয়োজনৰ আন বহু দিশ মুকলি হব। যিসকলৰ গো-পালনৰ বাবে ইচ্ছা বা সুবিধা নাই তেখেতসকলে ঘাঁহ, মাকৈ উৎপাদনত মনোনিৱেশ কৰিব পাৰিব। মাকৈৰ পৰা শ্লাইচ (গো-খাদ্য) তৈয়াৰৰ কৰিও প্ৰচুৰ সম্ভাৱনাপূৰ্ণ ব্যৱসায় আৰম্ভ কৰিব পাৰি।

পঙ্কজ ছেত্ৰী বৰ্তমান যোৰহাটৰ এজন আদৰ্শ গো-পালক, সফলতাৰ এক উদাহৰণ। আমি আশা কৰিছো তেখেতৰ উদাহৰণেৰে অনুপ্ৰানিত হৈ নৱপ্ৰজন্মৰ মাজত অধিক আদৰ্শবান কৃষক সৃষ্টি হওক।

অৰুণ কুমাৰ বৰা, বিশেষ প্ৰতিনিধি, যোৰহাট