1 views

চপোৱাৰ পিচত ফ’চল বেছিকৈ পকি যোৱা আৰু পচি যোৱাতো কৃষি খণ্ডৰ এটা ডাঙৰ সমস্যা। উৎপাদনস্থলীৰ পৰা গ্ৰাহকৰ ওচৰ গৈ পাওঁতে পাওঁতে শাক-পাচলি আৰু ফল-ফুলৰ এটা বৃহৎ অংশ নষ্ট হৈ যায়। ইয়াৰ মুখ্য কাৰণ হৈছে, কৃষকৰ বাবে কেঁচামালসমুহ মজুত ৰখাৰ বাবে শীতল ভড়ালৰ সুবিধাৰ অভাৱ। গ্ৰামাঞ্চলত বিদ্যুৎ উপলব্ধতাৰ সমস্যা আৰু শীত-তাপ নিয়ন্ত্রিত ট্ৰাক বা ভেনৰ সুবিধা নথকা বাবে কৃষকসকলে বজাৰলৈ চপোৱা শাক-পাচলি, ফল-মুল আদি কেঁচা সামগ্ৰীসমুহ বজাৰলৈ চিধাচিধিকৈ পঠাই দিয়ে। বজাৰত সেইবোৰ বিক্ৰীৰ বাবে ব্যৱসায়ীসকলে ল’ৰা-ধপৰা লগায়। যদিহে কিছুসময় মজুত কৰিব লগা অৱস্থা হয়, তেতিয়া কেঁচা সামগ্ৰীবোৰৰ সতেজতা নাইকীয়া হ’বলৈ ধৰে আৰু লাহে লাহে পকিবলৈ বা পচিবলে আৰম্ভ হয়। ফলত ফচলৰ এক বৃহৎ অংশ অবাবতে পেলাই দিব লগা হয়। যাৰ ফলত কৃষক আৰু ব্যৱসায়ী দুয়োজনেই এক বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হ’ব লগা হয়।

ভাৰত হ’ল এখন জনবহুল দেশ, য’ত আজিওঁ ৩৫০ মিলিয়ন লোক দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে। তেওঁলোকে দুবেলা-দুমুঠি অন্নৰ বাবে আজিও হাহাকাৰ কৰি আছে। ভাৰতবৰ্ষত প্ৰতি বছৰে প্ৰায় ৩৫ শতাংশ খাদ্য সম্ভাৰ নষ্ট হয়। ইযাৰ বাবে, আমাৰ দেশৰ ৮৬ শতাংশ দুখীয়া কৃষকৰ (যাৰ বছৰি আয় ৭০ হাজাৰতকৈ কম) উপাৰ্জনৰ ওপৰত এক গুৰুতৰ প্ৰভাৱ পৰে। ইয়াৰ মুল কাৰণ হৈছে, সূচল বজাৰ ব্যৱস্থা আৰু শীত-তাপ নিয়ন্ত্রিত মজুত ব্যৱস্থাৰ অভাৱ। কৃষি খণ্ডৰ এইধৰণৰ ক্ষতি এক নৈতিক অপৰাধ বুলি গণ্য কৰিব পৰা যায়। সৌৰ-শক্তিৰ মহত্ব বুজি উঠাৰ লগে লগে ইয়াৰ ব্যৱহাৰৰ পৰিসৰ দিনক-দিনে বাঢ়ি আহিছে। বৰ্তমান কৃষি খণ্ডতো সৌৰ-শক্তিৰ ব্যৱহাৰ বহুলভাৱে হ’ব ধৰিছে। বৰ্তমান ভাৰতবৰ্ষৰ বিভিন্ন কোম্পানীয়ে সৌৰ-শক্তি চালিত নানা ধৰণৰ সা-সজুলি, যন্ত্ৰপাতি আদিৰ উদ্ভাৱন কৰিছে। শেহতীয়াকৈ, সৌৰ-শক্তি চালিত এনে এটি চলন্ত ভড়াল নিৰ্মাণ কৰি উলিয়াইছে, য’ত কৃষকে চপোৱা ফচলবোৰ বহূদিনলৈকে নষ্ট নোহোৱাকৈ ৰাখিব পাৰিব। ই ফ’চলৰ সংৰক্ষণ আৰু সতেজতা দীৰ্ঘ দিনলৈ অটুট ৰখাত সহায় কৰে। ইয়াৰ ফলত কৃষকৰ আয় ১০ গুণলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । ভাৰতৰ মূঠ ইন্ধনৰ প্ৰায় ২৮ ৰ পৰা ৩০ শতাংশ খৰছ কেৱল শীতল ভড়ালৰ বাবদ খৰছ হয়। শীতল ভড়ালৰ সেৱাসমুহ পৰিচালিত কৰিবৰ বাবে বৃহৎ পৰিমানৰ বিদ্যুৎ শক্তিৰ ব্যৱহাৰ হয়। পাৱাৰ গ্ৰীডসমূহে গ্ৰামাঞ্চলত যোগান ধৰা বিদ্যুতৰ গুণমাণ আৰু পৰিমাণ যথেষ্ট পুতৌলগা। যাৰবাবে গ্ৰামাঞ্চলত শীত-তাপ নিয়ন্ত্ৰিত ভড়ালৰ সংখ্যা একেবাৰেই কম। ইয়াৰ উপৰিও, ক্ষয়িঞ্চু কেঁচামাল যেনে, শাক-পাচলি, ফল-মুল আদিৰ সংৰক্ষণ, মজুত আৰু যাতায়তৰ এটি সমন্বিত ব্যৱস্থাৰ অভাৱ পৰিলক্ষিত হয়।

এতিয়া আৰু কৃষকৰ কোনো শংকা কৰিব লগা নহয়। সুৰ্য দেৱতাই কৃষকক সদায়েই দয়া কৰি আহিছে। সৌৰ শক্তিয়ে পথাৰৰ শস্যৰ যেনেদৰে ভৰণ-পোষণ কৰি আহিছে, ঠিক তেনেদৰে ফচলৰো সংৰক্ষণ আৰু দীৰ্ঘ দিনলৈ মজুত ৰখাতো সহায় কৰিব। কৃষকে উৎপাদন কৰা ফচল আৰু অপচয় নহ’ব। উপযুক্ত দাম অথবা ক্ৰেতা নোপোৱালৈকে কৃষকে এতিয়া কোনো নষ্ট নোহোৱাকৈ আৰু সতেজতাৰো কোনো হানি নোহোৱাকৈ নিজৰ কষ্টৰ ফচল ভড়ালতে মজুত কৰি ৰাখিব পাৰিব। বিগত কিছু বছৰৰ পৰা ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত সৌৰ-শক্তি চালিত শীতল ভড়ালৰ চাহিদা বৃদ্ধি পাবলৈ ধৰিছে। ভালেমান সচল ব্যৱসায় (ষ্টাৰ্ট আপ) আৰু প্ৰতিষ্ঠিত কোম্পানীয়ে কৃষকৰ প্ৰয়োজন অনুসৰি বিভিন্ন অবয়বৰ শীতল ভড়াল নিৰ্মান কৰি উলিয়াইছে। বজাৰত বৰ্তমান আয়তকাৰ ভড়াল, বৰ্গকাৰ ভড়াল, চলন্ত শীতল ভড়াল আদি উপলব্ধ। সৌৰ-শক্তি চালিত শীতল ভড়াল ভাৰতীয় কৃষকৰ বাবে এটি আদৰ্শ আৰ্হি। ইয়ে ফল-মুল, শাক-পাচলি আৰু অন্যান্য ক্ষয়িঞ্চু কেঁচামালৰ সতেজতাৰ ৰক্ষনাবেক্ষণ দিব। এই ব্যৱস্থাত ফচলসমুহ এটি পৰিষ্কাৰ প্লাষ্টিকৰ পাঁচিত ভৰাই ভড়ালটোৰ ভিতৰত ৰখা হয় আৰু গেটখন ভালদৰে বন্ধ কৰি দিয়া হ’য়। ইয়াত কেঁচামাল, ফলমুল, শাক-পাচলি আৰু যিকোনো ক্ষয়িঞ্চু শস্য ২১ দিন পৰ্যন্ত সতেজ কৰি ৰাখিব পৰা যায়।

সৌৰ-শক্তি চালিত ভড়াল ঘৰটো ভালকৈ এনে এক অৱস্থাত ৰখা হয় যাতে তাত নিৰন্তৰ ৮ ডিগ্ৰী চেলছিয়াছত তাপমানৰ প্ৰবাহ চলি থাকে। ভড়াল কোঠাটোৰ ছালৰ ওপৰত সৌৰ-কাঁহি (solar panel) স্থাপন কৰা হয়। এই সৌৰ কাঁহিবোৰৰ পৰা সৌৰ শক্তিৰ প্ৰবাহ এটি উচ্চ ক্ষমতাসম্পন্ন বেট্যাৰীলৈ প্ৰেৰণ কৰা হয়। বেট্যাৰীটোৱে সৌৰ-শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰে আৰু তাত মজুত থকা ইনভাৰ্টাৰটোক ইন্ধন দিয়ে। ইনভাৰ্টাৰটোৱে শীতল কৰা মাধ্যমবোৰক নিৰন্তৰ শক্তি যোগান ধৰে। এনেদৰে ভড়াল ঘৰটো শীতল হৈ থাকে আৰু এটা ফ্ৰীজৰ নিচিনা কাম কৰি থাকে।

- ডালিম বৰ্মন, মহাৰাষ্ট্ৰ