1 views

মাহজাতীয় শস্যৰ শিপা এডাল মাটিৰ পৰা উভালি আনি ধুলে বহুতো সৰু সৰু টেমুনা দেখা যায় । চিত্রত ফ্ৰেন্সবিনৰ শিপাৰ টেমুনা দেখুওৱা হৈছে । তেনে টেমুনা এটা দুচোৱা কৰিলে গোলপীয়া ৰঙৰ এবিধ জুলীয়া পদাৰ্থ দেখা পোৱা যায়। জুলীয়া পদাৰ্থবিধক লেগৰক্তৰঞ্জক বুলি কোৱা হয় আৰু ইয়াৰ যৌগিক গঠন মানুহৰ সদৃশ। লেগেৰজৰঞ্জৰক অকনমান অনুবীক্ষণ যন্ত্রৰ দ্বাৰা সূক্ষ্মভাৱে নিৰীক্ষণ কৰিলে অসংখ্য বেক্টেৰিয়া কোষ ইয়াত বিয়পি থকা দেখা যায়। অনুবীক্ষণ যন্ত্রৰ দ্বাৰা আবৰ্দ্ধিত বেক্টেৰিয়া কোষবোৰ জীৱন্ত অৱস্থাত লেগৰক্তৰঞ্জকত সাতুৰি থকা যেন লাগে। আহাৰ মাহৰ খাল-বিলৰ পানীত ঠিক মাছৰ পোনা সাতুৰি থকা দৃশ্যৰ দৰে। সাতুৰি থকা কোষবোৰ বেক্টেৰীয়াৰ জাতি ৰাইজ’ব্যামৰ সদস্য। সাধাৰণ অৱস্থাত কোষবোৰ মাটিত মিহলি হৈ থাকে। মাটিত যেতিয়া মাহজাতীয় শস্যই শিপা মেলে এই কোষবোৰে বিশেষ প্ৰক্ৰিয়াৰে শিপাৰ ভিতৰলৈ প্ৰৱেশ কৰে। শিপা কোষত থিতাপি লৈ কোষবোৰ এঘন্টাৰ অন্তৰে অন্তৰে বিভাজিত হয় আৰু ফলস্বৰূপে ৰাইজ’বিয়াম স্থাপিত হোৱা অংশবোৰ ফুলি উঠে। ৰাইজ’বিয়ামৰ বিভাজনৰ লগে লগে শিপাৰ কোষত লেগৰক্তৰঞ্জক উৎপন্ন হয়। এনেকৈ ৰাইজবিয়াম, শিপাৰ কোষ আৰু লেগৰক্তৰঞ্জকৰ মাজত স্থাপন হোৱা ঘনিষ্ঠতাৰ বহি:প্ৰকাশ হ’ল টেমুনাবোৰ ।


টেমুনাৰ ভিতৰত এনেকুৱা এবিধ জৈৱ ৰাসায়নিক বিক্ৰীয়া সংঘটিত হয়, যাক ইউৰীয়া উৎপাদনকাৰী উদ্যোগত হোৱা ৰাসায়নিক বিক্ৰিয়াৰ লগত তুলনা কৰিব পৰা যায়। এইটো সাধাৰণতে সকলোৱে জনা কথা যে উদ্ভিদৰ প্ৰয়োজনীয় খাদ্যমৌলৰ উৎস হ’ল মাটিত থকা বিভিন্ন খনিজ পদাৰ্থ। কিন্তু কোনো খনিজ পদাৰ্থৰ লগত উদ্ভিদৰ বাবে প্ৰয়োজনীয় আন মৌলৰ লগতে নাইট্ৰ’জেন মৌলও সংযুক্ত হৈ থাকে। ফল স্বৰূপে মাটিৰ খনিজ পদাৰ্থ ক্ষয় গৈ বা দ্ৰবীভূত হৈ উদ্ভিদৰ শিপাই শোষণ কৰি লব পৰাকৈ নিৰ্গত হোৱা খাদ্য মৌলবিলাকৰ ভিতৰত নাইট্ৰ’জেন নপৰে । মটিত নাইট্ৰজেনৰ মুখ্য উৎস হল বায়ুমণ্ডলৰ নাইত্ৰ’জেন গেছ। মাটিত থকা বেক্টেৰীয়াৰ জাত কিছমানে জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াৰে বায়মণ্ডলৰ নাইট্ৰজেন গেচ নিজৰ কোষত এমনিয়ালৈ পৰিৱৰ্তন কৰে । এমোনিয়াৰ এটা অংশ কোষৰ এমিনো এচিড আৰু প্ৰটিন উৎপাদনত ব্যৱহাৰ হয়। বেক্টেৰীয়া কোষবোৰ মৃত্যৰ পিছত যুক্ত যৌগবোৰ (প্ৰটিন, নিউক্লিয় এচিড) মাটিৰ অংশ হয়। মাটিৰ মৃত অনুজীৱবোৰে এই নাইট্ৰ’জেন যৌগ লব পৰাকৈ মুকলি কৰি দিয়ে। মাহজাতীয় শস্যৰ শিপাত থকা টেমুনাৰ ভিতৰত ৰাইজবিয়াম কোষবোৰেও বায়ুৰ নাইট্ৰ’জেন যৌগীকৰণ কৰি এটা অংশ নিজৰ বাবে ব্যৱহাৰ কৰে আৰু বাকী অংশ আশ্ৰয়দাতা শিপালৈ বাবে যোগান ধৰে। শিপাই নাইট্ৰ’জেনৰ বিনিময়ত কোষবোৰলৈ শ্বেতসাৰ যোগান ধৰে। এই শ্বেতসাৰত সঞ্চিত শক্তি ৰাইজবিয়ামে নাইট্ৰ’জেন যৌগীকৰণ প্ৰক্ৰিয়াত ব্যৱহাৰ কৰে। ইতিমধ্যে উল্লেখ কৰা হৈছে যে ৰাইজবিয়ামৰ ভিতৰত সংঘটিত নাইট্ৰ’ জেন যৌগীকৰণ বিক্ৰিয়াৰ লগত ইউৰীয়া উৎপাদনৰ সময়ত সংঘটিত ৰাসায়নিক বিক্ৰিয়াৰ সামঞ্জস্য আছে।
বায়ুমণ্ডলৰ নাইট্ৰ’জেন গেচ অণুবোৰ দুটা নাইট্ৰ’জেন পৰমাণুৰ সমষ্টি। পৰমাণু দুটা তিনিডাল বন্ধনেৰে সংলগ্ন হৈ থাকে। নাইট্ৰ’জেন গেচৰ অণুবোৰ তুলনামূলকভাৱে নিষ্ক্ৰিয়। অৰ্থাৎ পাৰমানৱিক বন্ধন তিনিডালে নাইট্ৰ’জেন পৰমাণু দুটাক অধিক শক্তিৰে ধৰি ৰাখে। আনহাতে উদ্ভিদৰ শিপাই বা ৰাইজ’বিয়ামৰ কোষে নাইট্ৰ’জেন ব্যৱহাৰ কৰে এম’নিয়া হিচাবে। এম’নিয়া যৌগত মাত্র এটা নাইট্ৰ’ জেন পৰমাণু থাকে । অৰ্থাৎ বায়ুৰ পৰা নাইট্ৰ’জেন অণু উদ্ভিদ বা অণুজীৱই লবলৈ হলে পাৰমানৱিক বন্ধন তিনিডাল ভাঙি পৰমাণু দুটা পৃথক হব লাগিব। পৃথক হোৱা প্ৰতিটো নাইট্ৰ’জেন পৰমাণু হাইদ্ৰ’জেন তিনিটাকৈ সঞ্চাৰিত পৰমাণুৰ লগ লাগি এম’নিয়া হব লাগিব। নিস্ক্ৰিয় পাৰমানবিক বন্ধন তিনিডাল ভাঙিবলৈ ৰাইজবিয়াম কোষে শক্তি যৌগ এডেন’চিন ত্ৰাইফস্ফেট ব্যৱহাৰ কৰে । ৰাইজবিয়ামে শিপাৰ পৰা পোৱা শ্বেতসাৰ শ্বাস-প্ৰশ্বাসৰ দ্বাৰা ভাগি শ্বেতসাৰত সঞ্চিত শক্তিবোৰ এদেন’ছেন ট্ৰাইফ ‘স্ফেট হিচাবে নিজৰ কোষত জমা ৰাখে।

- ড0 নাৰায়ণ চন্দ্ৰ তালুদাৰ, সঞ্চালক, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান, গুৱাহাটী, ভাৰত চৰকাৰ