1 views

কৰ’ণা ভাইৰাছৰ আগ্ৰাসনক সামাজিক দূৰত্বৰে প্ৰতিহত কৰিবলৈ বৰ্তমান কেন্দ্ৰীয় চৰকাৰে বলবৎ কৰা ‘লক ডাউন’ৰ সময়চোৱাত কৃষক তথা কৃষি খণ্ডৰ লগত জড়িত লোকসকল বিমোৰত পৰা দেখা গৈছে। পূৰ্ব পৰিকল্পনা আৰু বিকল্প উপায় নথকাত বহু কৃষকৰ কষ্টোপাৰ্জিত ফচল পথাৰতে নষ্ট হোৱাৰ তথ্য পোৱা গৈছে। মীনপালকসকল তেনেদৰে প্ৰত্যক্ষভাবে লোকচানৰ সন্মুখীন হোৱাৰ তথ্য এতিয়ালৈকে পোৱা নাই যদিও, আগন্তুক সময়চোৱাত যাতে কোনো সমস্যাৰ সৃষ্টি নহয় তাৰবাবে কিছু সাৱধানতামূলক পদক্ষেপ লোৱাৰ প্ৰয়োজনীয়তা আছে। এইক্ষেত্ৰত লক্ষ্য ৰাখিব লাগে যাতে লকডাউনৰ সময়চোৱাত মানিলগীয়া আত্মসুৰক্ষা, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সামাজিক দূৰত্বৰ নিয়ম ৰক্ষা কৰিহে এই পদক্ষেপসমূহ লোৱা যায়।

এই সময়ত মীনপালকসকলৰ পুখুৰীত তিনি পৰ্যায়ৰ মাছ থাকিব পাৰে, যেনে-
১। যোৱাবছৰ মেলা পোনা ডাঙৰ হৈ খোৱাৰ যোগ্য বা বিক্ৰিৰ মাছ
২। অনাগত প্ৰজনন ঋতুত আবিষ্ট প্ৰজনন তথা পোনা উৎপাদনৰ বাবে বাচনি কৰি ৰখা পৈণত মাছ
৩। কোনো পুখুৰীত এইবছৰ উৎপাদন কৰা কমনকাৰ্প মাছৰ ফিংগাৰলিং আৰু যোৱা বছৰৰ প্ৰজনন ঋতুত সংগ্ৰহ কৰি ৰখা মাছ পোনা (ড্ৰপ পোনা)


উল্লিখিত তিনিওটা পৰ্যায়ৰ মাছৰ বাবেই বিশেষ খাদ্য যোগান, পুখুৰী পানীৰ গুণাগুণৰ নিয়ন্ত্ৰণ তথা পৰিচালনাৰ প্ৰয়োজন হয় যদিও বৰ্তমান সময়ত সকলো সম্ভৱ হৈ নুঠিব পাৰে। আনহাতে দীঘলীয়া খৰাং, কম বৰষুণ আদিৰ ফলত পুখুৰীসমূহৰ পানীৰ গভীৰতা প্ৰায়ে কমি যোৱা পৰিলক্ষিত হৈছে। এনে পৰিপপ্ৰেক্ষিতত পানীত দ্ৰৱীভূত অম্লজানৰ নাটনি, পানী ঘোলা হোৱা, দুৰ্গন্ধ ওলোৱা আদি সমস্যাৰ সৃষ্টি হব পাৰে। মাছৰ বাবে পৰ্যাপ্ত খাদ্যৰো অভাৱ হব পাৰে। এনে সমস্যাসমূহৰ পৰা ৰক্ষা পাবৰ বাবে নিম্নলিখিত পদক্ষেপসমূহ লোৱা উচিত।
(ক) সুবিধা থাকিলে কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা পুখুৰীলৈ পানী দিয়াৰ ব্যৱস্থা কৰক। দমকল নাইবা আন উৎসৰ পানী গোটা বাঁহ বা পাইপেৰে পুখুৰীত পেলোৱাৰ ব্যৱস্থা কৰিব পাৰে। পানীখিনি যিমানেই সিঁচৰিত কৰি পৰিবলৈ দিব পাৰে সিমানেই দ্ৰৱীভূত অম্লজানৰ পৰিমাণ বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে।
(খ) হাঁহ সাতুৰিবলৈ দি বা বাঁহেৰে পানীৰ উপৰিভাগত মৰিয়াই হেন্দোলনি বা ঢৌ তুলি দিলেও পানী বতাহৰ সংস্পৰ্ষ্পলৈ আহি দ্ৰৱীভূত অম্লজানৰ পৰিমাণ বৃদ্ধি পায়।
(গ) যথাসম্ভৱ পুখুৰীটোত জলজ উদ্ভিদৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখিব, পাৰটো পৰিস্কাৰ কৰি ৰাখক।
(ঘ) পুখুৰীত বাঁহৰ গোজ, গছৰ ডাল, তামোলৰ ঢকুৱা আদি গুজি দিব পাৰে। এই ব্যৱস্থাই মাছৰ বাবে প্ৰাকৃতিক খাদ্য (পেৰিফাইটন)ৰ উৎপাদন বৃদ্ধি ত্বৰান্বিত কৰিব।
(ঙ) পৰিমিত পৰিমাণৰ সহজে পোৱা যিকোনো জৈৱিক সাৰ (গোৱৰ, কেঁচুসাৰ বা অন্য পশুধনৰ মল আদি) প্ৰয়োগ কৰি পুখুৰীত প্ৰাকৃতিক খাদ্যৰ উৎপাদন অটুট ৰাখক। কিন্তু অতিমাত্ৰা শেলাই থকা, আন জলজ উদ্ভিদ থকা বা ঘোলা পানীৰ পুখুৰী বা মাছ কমাই থকা পুখুৰীত এই পদক্ষেপ নোলোৱাই ভাল।
(চ) নিয়মিতভাবে চূণ প্ৰয়োগ কৰি থাকিব, যদিহে পুখুৰীত কমেও ১ মিটাৰ পানী আছে। চূণৰ অভাৱত কলগছৰ ছাঁই বা ফুটছাঁই পৰিমিত পৰিমাণে ব্যৱহাৰ কৰিব পাৰে। কলগছ টুকুৰা টকুৰ কৰি কাটি পানীত পেলাই দিলেও ভাল ফল পোৱা যায়। সময়ে সময়ে এইবোৰ আঁতৰাই থাকিব লাগে।
(ছ) পুখুৰীৰ মাছখিনিক মাছ খোৱা চৰাই বা আন শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা লওক।


এই সময়ত যিহেতু মাছধৰা বা বিক্ৰি কৰা বন্ধ হৈ আছে, উপৰোক্ত পদক্ষেপসমূহ লৈ পুখুৰীৰ মাছখিনিক লকডাউন শেষ নোহোৱা পৰ্যন্ত কোনো সমস্যা নোহোৱাকৈ ৰাখিবলৈ যত্ন কৰিব লাগে। যাতে বিক্ৰিৰ উপযোগী মাছখিনি হানি নোহোৱাকৈ ৰাখি লোকচানৰ পৰা হাত সাৰিব পৰা যায় আৰু প্ৰজনন পৈণত মাছখিনিৰ পৰা অনাগত প্ৰজনন ঋতুত পোনা উৎপাদনত সুফল লাভ কৰিব পৰা যায়।
মীনপালকসকললৈ অনুৰোধ, আপোনালোকে ধৈৰ্য হেৰুৱাই নেপেলাব। এই দুৰ্দিন সদায় নেথাকে। এইসময়ত এজন আনজনৰ সহায়ৰ সাৰথি হওক। সামাজিক মাধ্যমসমূহ আনৰ বা নিজৰ সহায়ৰ বাবে যথোচিতভাবে ব্যবহাৰ কৰক। সংশ্লিষ্ট বিভাগ তথা বিষয়ববীয়াসকলকো অনুৰোধ জনাও যাতে এই উদ্যমী মীনপালকসকলৰ উদ্যম যাতে হেৰাই নেযাই তাৰবাবে বিশেষ ব্যৱস্থা হাতত লওক।

- ড০ বিভা চেতিয়া বৰা প্ৰধান বিজ্ঞানী, মীন গৱেষণা কেন্দ্ৰ, অসম কৃষি বিশ্ব-বিদ্যালয়