1 views

কপৌফুল- প্ৰতিজন অসমীয়াৰে মন পুলকিত কৰিব পৰা এটি নাম, এটি অনুভব। যৌৱনৰ ঋতু বহাগত মনৰ মানুহজনে যাঁচি কপৌফুল এথুপিৰ মূল্য কিমান সেয়া যাঁচোতা আৰু লওতাজনেহে অনুভব কৰিব পাৰে। আঁহতৰ ডাল বগাই কপৌফুল আনি নাচনিৰ খোপাত পিন্ধাই দিয়াটো হ’ল প্ৰেমিক ডেকাৰ গৰ্ব, সাহস আৰু আত্ম-সন্মানবোধৰ পৰিচয়। সেইবাবে ইয়াক আমি যৌৱনৰ প্ৰতীক বুলিও কব পাৰো। ৰূপ, ৰং আৰু গন্ধৰে আমোলমোলাই থকা কপৌফুলৰ এই বংশটোৱেই হল ‘অৰ্কিড’। পৃথিৱীত এই ফুলৰ নিচিনাকৈ অন্য কোনো ফুলেই প্ৰকৃতিপ্ৰেমীসকলক ইমান আকৃষ্ট কৰিব পৰা নাই।


অৰ্কিড কি?
আমি সচৰাচৰ য’তে-ত’তে দেখা অৰ্কিড তিনিবিধ- কপৌ (Rynchostylis), মতা কপৌ (Cymbidium) আৰু ভাটৌফুল (Vanda)। গছ-গছনিত আশ্ৰয় লৈ থাকিলেও ইহঁত পৰজীৱি নহয়, পৰাশ্ৰয়ী বা বায়বীয়হে (Epiphytic)। ৰ’দ, বৰষুণ, পচা পাত, নিয়ৰ কণা আদিৰ পৰা শিপা আৰু পাতৰ জৰিয়তে আহাৰ সংগ্ৰহ কৰি জীয়াই থাকে। অন্যহাতে অধিক পাতসাৰযুক্ত, ছাঁ বা আংশিক ছাঁ-পৰা ঠাইত গজা অৰ্কিডবোৰক ভুমি অৰ্কিড (Terrestrial) বুলি কোৱা হয়। অৰ্কিড (Orchid) নামটো আহিছে গ্ৰীক শব্দ ‘অৰ্কিচ’ (Orchis) ৰ পৰা, যাৰ অৰ্থ হ’ল- অণ্ডকোষ (Testicle)।


অৰ্কিডৰ বাসস্থান, প্ৰজাতি আদি মৰুভূমিৰ পৰা তুন্দ্ৰা অঞ্চল, সাগৰ পৃষ্ঠৰ পৰা ১৪০০০ ফুট ওখ উচ্চতালৈকে অৰ্কিডৰ বাসস্থান বিস্তৃত। এতিয়ালৈকে প্ৰায় ৬০০-৮০০ গোত্ৰৰ প্ৰায় ৩৫,০০০ প্ৰজাতিৰ অৰ্কিডৰ চিনাক্তকৰণ হৈছে। ইয়াৰোপৰি বহু সংখ্যক বৰ্ণ-সংকৰ অৰ্কিড উদ্ভাৱন হৈছে।
অৰ্কিডৰ বংশবৃদ্ধি কেনেকৈ কৰা হয়?
অৰ্কিডৰ বংশ বৃদ্ধি তিনি প্ৰকাৰে কৰিব পাৰি।
১। বীজৰ পৰা
২। কলাকৰ্ষণ
৩। অঙ্গজ প্ৰজনন


প্ৰথম দুটা পদ্ধতি যথেষ্ট জটিল আৰু কাৰ্যকৰী কৰোতে কাৰিকৰী অৰ্হতাৰ প্ৰয়োজন হয়। প্ৰচলিত সহজ পদ্ধতিটো হল তৃতীয়টো- অঙ্গজ প্ৰজনন।
বংশবৃদ্ধিৰ বাবেঅৰ্কিডৰ গুৰি অংশৰ বিভাজন আৰু শিপাৰ সৈতে উপকন্দবোৰ পৃঠক কৰা হয়। বুঢ়া হৈ যোৱা কিছুমান পুৰণি উপকন্দত ক্ষুদ্ৰ শিপাৰে সৈতে সৰু সৰু পুলি দেখা যায়। এইবোৰ শুকান নাৰিকলৰ পৰা বাকলি বা শুকান ‘মচ’ৰে বান্ধি দিলে সুন্দৰকৈ শিপা ওলাই আৰু তাৰ পৰা কাটি আনি ৰুব পাৰি। ‘ড্ৰেনড্ৰবিয়াম’ৰ দৰে কিছুমান অৰ্কিডৰ ক্ষেত্ৰত এবছৰ পুৰণি উপকন্দবোৰ ১০-১৫ ছেন্টিমিটাৰকৈ কাটি আনি ট্ৰে নিচিনা পাত্ৰত ‘মচ’ দি ৰাখিব লাগে আৰু তাত পানী ছটিয়াই থাকিব লাগে। কিছুদিনৰ পিছতে চকুবোৰৰ পৰা গজালি ওলাই আৰু তেতিয়াই সেইবোৰ এৰুৱাই বেলেগে ৰূব পৰা হয়। বয়সীয়াল উদ্ভিদবোৰ টাব বা আশ্ৰয়স্থলীৰ পৰা উলিয়াই বিভাজন কৰিব লাগে। কিন্তু, নিচেই সৰু উদ্ভিদ টাবৰ পৰা উলিয়াই পেলালে মৰি যোৱাৰ আশঙ্কা থাকে। ‘ভাণ্ডা টেৰিছ’ৰ দৰে অৰ্কিডৰ ক্ষেত্ৰত প্ৰায় ২০ ছেন্টিমিটাৰ ওপৰত বায়বীয় শিপা ওলোৱা অংশ কাটি আনি ৰুব লাগে। সুপ্তকালছোৱাৰ শেষৰফালে বা ফুল সামৰাৰ পিছত সেমেকা বতৰৰ সময়খিনিয়েই অৰ্কিডৰ বংশবৃদ্ধি কৰাৰ উপযুক্ত সময়।
অৰ্কিড কেনেকৈ ৰোৱা হয়?
অসমৰ পৰিবেশত বায়বীয় অৰ্কিডবোৰ বাগিচাত থকা খহতা ছালৰ গছত বান্ধি দিব পাৰি। দুটা ঘৰৰ মাজৰ খালি সেমেকা ঠাই বা আংশিক ৰ’দ পৰা বাৰান্দাতো ওলোমাই ৰাখিব পাৰি। কিন্তু আটাইতকৈ উত্তম ব্যৱস্থা হ’ল অৰ্কিড গৃহ এটা সাজি লোৱাটোহে। এনেকুৱা গৃহত টাব, কাঠৰ টুকুৰা, বাস্কেট আদিত ৰোপন কৰা অৰ্কিডবোৰ গেলেৰীৰ দৰে চাঙত ওলোমাই থব পাৰি। গৃহৰ আকাৰ: ১২ ফুট x ১৬ ফুট আৰু ১০-১২ ফুট ওখ। কাঠ, বাঁহ নাইবা লোহাৰ ফ্ৰেমৰে ঘৰটো সাজিব পাৰি। ঘৰটোৰ বেৰাবোৰ বাঁহ নাইবা অন্য কোনো সামগ্ৰীৰে জালিৰ দৰে দি আংশিক ৰ’দ পৰা কৰিব লাগে। মাজেদি অহা-যোৱা কৰিব পৰা বাট ৰাখি দুয়োকাষে আৰু মূদৰ ফালে খলপা-খলপ চাং সাজিও লব পৰা যায়। এই গৃহত ক্ৰম অনুসৰি ছাঁ আৰু ৰ’দ ভালপোৱা অৰ্কিডবোৰ শৃংখলাৱদ্ধভাৱে ৰাখি যাব লাগে।


গছতে অৰ্কিড লগাবলৈ হলে খহতা ছালৰ, শাখা-প্ৰশাখাযুক্ত আৰু মজলীয়া ছাঁ দিয়া গছ বাচি লব লাগে। বেছি ছাঁ পৰা আৰু নিমজ বাকলিৰ গছ অৰ্কিডৰ বাবে উপযুক্ত নহয়। বগাই যোৱা সিপাবোৰ গছৰ বাকলিত আলসুৱাকৈ মেলি দি ঢেকীয়াৰ পুৰণি শিপাৰ পাতল তৰপ এটা বা শুকান ‘মচ’ৰ আৱৰণ এটা দি নাৰিকলৰ ৰচীৰে গছৰ লগত ভালদৰে বান্ধি দিব লাগে। এনে কৰিলা কুমলীয়া শিপাবোৰে ৰক্ষণাবেক্ষণ পোৱাৰ উপৰিও জলীয় বাষ্প সংৰক্ষণত সহায় হয়। কিন্তু অতি ডাঠ তৰপে শিপাবোৰ অনিষ্ট কৰাৰ ভয় থাকে।
কেতিয়াবা গছৰ ডাল বা কাঠৰ টুকুৰাতো অৰ্কিড ৰুব পাৰি। ইয়াৰবাবে ২ ইঞ্চি ব্যাসাৰ্দ্ধৰ কাঠৰ টুকুৰা এটা দীঘলকৈ কাটি এফালে জুইত পুৰি লব লাগে। পুৰি লোৱা ফালটোত শুকান ‘মচ’ বা পুৰণি ঢেকীয়াৰ শিপাৰ তৰপ এটা বহুৱাই অৰ্কিডব শিপাবোৰ মেলি দি আকৌ একেই তৰপেৰে পাতলীয়াকৈ ঢাকি দি নাৰিকলৰ ৰচিৰে জালৰ দৰে সুন্দৰকৈ বান্ধি দিব লাগে। প্লাষ্টিকৰ ৰচি পৰাপক্ষত ব্যৱহাৰ নকৰাই ভাল। বৃক্ষ ঢেকীয়া বা ওচমুণ্ডা ঢেকীয়াৰ টুকুৰাও অৰ্কিড ৰুবলৈ ব্যৱহাৰ কৰিব পাৰি। তামোল বা নাৰিকলৰ গা-গছ ফালি আঁহ থকা ফালটোত অৰ্কিড ৰুব পাৰি। সদ্যৰোপিত গছবোৰ ঠন ধৰি উঠিলে টুকুৰাবোৰ তাঁৰেৰে বান্ধি ওলোমাই দিব লাগে।
কেতিয়াবা ১ ইঞ্চিমান ব্যাসাৰ্দ্ধৰ কাঠৰ মাৰি ১ ফুটকে কাটি ৬ ফুট ওখকৈ জাপে জাপে গজাল মাৰি লৈও অৰ্কিড ৰোৱা বাস্কেট তৈয়াৰ কৰি লব পাৰি। এনে বাস্কেটৰ তলী আৰু কাষবোৰত পুৰণি ঢেকীয়াৰ শিপা বা কাঠ, বাঁহৰ চোঁচ দি মাজত উপযুক্ত মিশ্ৰণ ভৰাই অৰ্কিড ৰোৱা হয়।


টাবত অৰ্কিড ৰোৱাটোৱেই অৰ্কিড পালনৰ আটাইতকৈ সুবিধাজনক ব্যৱস্থা বুলি কব পাৰি। প্লাষ্টিকৰ টাব ব্যৱহৃত হলেও মাটিৰ পাত্ৰই উপযুক্ত। তলি আৰু কাষবোৰত ফুটা থকা টাব আজিকালি কিনিবলৈ পোৱা যায়। সহজে পানী সৰকিব পৰাকৈ টাবৰ তলিখনত ভঙা ইটা বা খোলাকটি আদিৰ তৰপ এটা দি তাৰ ওপৰত নিম্নলিখিত মিশ্ৰণটো ভৰাই অৰ্কিড ৰুব লাগে।
- এভাগ শোধিত হাড়ৰ ভঙা টুকুৰা
- দুভাগ ডাঙৰ কাঠ-কয়লাৰ টুকুৰা
- এভাগ ইটাৰ সৰু ভঙা টুকুৰা
- এভাগ নাৰিকলৰ পুৰণি কোৰোকাৰ টুকুৰা
- এভাগ পিট্ বা শুকান চ বা পচা ঢেকীয়াৰ শিপা
পাত্ৰৰ তলিত ভগা ইটাৰ টুকুৰাৰ ওপৰত পিট, পচা ঢেকীয়াৰ শিপা বা শুকান মচৰ তৰপটো দি কাঠ-কয়লা, হাড়, ভঙা ইটাৰ টুকুৰা আৰু নাৰিকলৰ কোৰোকাৰ টুকুৰা একেলগে মিহলাই টাবটোৰ কাষলৈকে পূৰাই দি মাজ অ্ংশ টিপ কৰি ৰাখিব লাগে। ৰুব লগা গছজোপাৰ দীঘল শিপাবোৰ মিশ্ৰণটোৰ মাজেদি তললৈকে সুমুৱাই দি বাকীবোৰ উপৰিভাগত বোৱাই দিয়া উচিত। অৱশ্যে পিট ঢেকীয়াৰ শিপা বা শুকান মচৰ পাতলীয়া চামনি এটা শিপাৰ ওপৰত মেলি দিলে পুলিটোৱে ঠন ধৰি নুঠালৈকে নিৰাপত্তা পায়।
পাত্ৰ সলোৱা
অনিবাৰ্য কাৰণৰ বাহিৰে অৰ্কিডৰ পাত্ৰ সলাব নেলাগে। সাধাৰণতে শিপাৰে পাত্ৰটো ভৰি পৰিলে, মিশ্ৰণটো একেবাৰে অনুৰ্বৰ হৈ গলে অথবা ফুটাবোৰ বন্ধ হৈ বতাহ চলাচল কৰিব নোৱাৰা হলে আৰু কেতিয়াবা টাবটো ভাঙি গলেহে পাত্ৰ সলোৱা ব্যৱস্থা কৰিব লাগে। সাধাৰণ নিয়ম অনুযায়ীস কেলান্থি, ডেমবিডিয়াম, ফেলেনপাচিচ আদি এবছৰ; কেট্টলিয়া, অনচিডিয়াম, অড’নট’গ্লচিয়াম দুবছৰ আৰু ভান্দা, চিমবিডিয়াম, আদি তিনিবছৰৰ মূৰে মূৰে সলাব লাগে। অৱশ্যে সৰ্বসাধাৰণে তিনিবছৰীয়া নিয়ম মানিলেই চলে।


পাত্র সলনি কৰাৰ সময় হিচাবে পৰিবৰ্দ্ধনৰ আৰম্ভনি বা নতুন পোখা ওলোৱাৰ সময় অৰ্থাৎ ফেব্ৰুৱাৰীৰ পৰা মে মাহেই উপযুক্ত। কেট্টলিয়াবোৰৰ আকৌ নতুন পোখাবোৰ ৫ ছে:মি: মান দীঘল হ’লেহে পাত্র সলোৱা উচিত। পাত্র সলাওতে খুউব সাৱধানেৰে নিৰ্দিষ্ট নীতি নিয়ম মানি নচলিলে শিপাবৰত আঘাত লাগি গোটেই গছজোপাই নষ্ট হৈ যোৱাৰ ভয় থাকে
শিপাৰে কামোৰ খাই থকা মিশ্ৰণখিনিৰে সৈতে গছজোপা উঠাবলৈ চুৰি কটাৰি এখন ব্যৱহাৰ কৰিব পাৰি। পুৰণি মিশ্ৰণ, মৃত শিপা, শুকান উপকণ্ড আদি লাহে লাহে এৰুৱাই পেলোৱা উচিত। একাক্ষী অৰ্কিড যেনে কেট্টলিয়া, ডেনদ্ৰডিয়াম আদিৰ ৫ টাতকৈ আধিক আৰু ৩ টাতকৈ কম উপকন্দ থকা অনুচিত। কেতিয়াবা পুৰণি বা আগৰ বছৰৰ উপকণ্ডবোৰত সুপ্ত ‘চকু’ দেখিলে সৰু টাৱত ৰুই আকৌ নতুন গছ পাব পাৰি । পাত্রবোৰত যাতে অনায়েসে কমেও দুটামান নতুন গজালিৰ বাবেও ঠাই ওলায় তাৰ প্ৰতি লক্ষ্য ৰখা ভাল। কিন্তু অতিৰিক্ত ডাঙৰ পাত্র হ’লে গছবোৰ বঢ়াত আৰু ফুল ধৰাত বিলম্ব হয়। ৰোৱাৰ সময়ত পুৰণি উপকণ্ডবোৰ পৰিধিৰ ফালে আৰু নতুনবোৰ কেন্দ্ৰভাগত থাকিলে গছজোপা অনায়েসে বাঢ়িব পাৰে। উপকণ্ডহীন ভাণ্ডা টেৰিচ আদিও একেই ধৰণে কিন্তু ঠিক সোমাজতে ৰোৱা উচিত। বেচিকৈ পানি বিচৰা অৰ্কিডৰ ক্ষেত্রত উপৰিভাগত মচৰ তৰপ এটা দি সিহঁতৰ সজীৱতালৈ লক্ষ্য কৰি পানীৰ প্ৰয়োজনীয়তা বুজাৰ উপৰিও গছৰ পৰিবৃদ্ধিত সহায় হয়। আঘাতপ্ৰাপ্ত শিপাবোৰে পানী শুহি ল’ব নোৱাৰে বাবে ৰোৱাৰ প্ৰথম কেইসপ্তাহমান পানী ওপৰৰ পৰা চটিয়াই দিয়াহে যুগুত। অন্যহাতে পাত্র সলোৱাৰ সময়তে কাঠৰ বা বাঁহৰ মাৰি এডাল তলিলৈকে পুতি দি প্লাষ্টিকৰ সূতাৰে গছজোপা হাউলি নোযোৱাকৈ বান্ধি দিয়া উচিত।
বায়বীয় অৰ্কিডৰ দৰেই ভূমি অৰ্কিডৰো উপকণ্ড থাকে আৰু ইহঁতে দেখিবলৈ গোলাকাৰ, উপবৃত্তাকাৰ, আঙুলিকাৰ বা অণ্ডকোষৰদৰে হয়। এইবোৰ মাটিৰ উপৰিভাগতে সচৰাচৰ থাকিলেও কেতিয়াবা মাটিৰ তলতো থাকে। কিছুমান ভূমি অৰ্কিডৰ মাটিৰ তলত থকা কাণ্ড অংশ মঙ্গহাল মূঢ়ালৈও ৰূপান্তৰিত হ’ব পাৰে। প্ৰতিকূল পৰিবেশত ওপৰৰ অংশ মৰি গলেও অনুকূল পৰিবেশত মাটিৰ তলৰ অংশৰ পৰা আকৌ গজালি ওলায়। কেতবোৰ অৰ্কিড এনেদৰে বহুবছৰলৈ সুপ্ত অৱস্থাত জীয়াই থাকিব পাৰে। ইহঁতৰ শিপাবোৰ সাধাৰণ শিপাৰ দৰে হলেও প্ৰজাতি বিশেষে অতি কম সংখ্যকতহে সুপৰিবৰ্দ্ধিত শিপা থাকে আৰু অগ্ৰভাগৰ বাহিৰে ইহঁতৰ উপৰিভাগ সৰু সৰু চুলি শিপাৰে আবৃত। প্ৰায়বোৰ ভূমি অৰ্কিডেৰে পাতবোৰ সেউজীয়া, কিন্তু জুৱেল অৰ্কিড আদিৰ পাতবোৰ বহুমূলীয়া ৰত্নৰ দৰেই ৰঙচঙীয়া। মাটিত গজা অৰ্কিডবোৰ অতিপাত সাৰযুক্ত, আংশিক ৰ’দ পৰা, পুৰণি হাবিতলীয়া মাটিত গজা দেখা যায়। কিছুমানৰ ফুলবোৰ অতি বিতোপন আৰু কিছুমানৰ পাতবোৰহে চকুত লগা। আমাৰ ভৈয়ামত সচৰাচৰ দেখা ভূমি অৰ্কিডবোৰৰ ভিতৰত বেম্ব অৰ্কিড আৰু স্পেথ’গ্লট্টিছবোৰ প্ৰায় গোটেই বছৰ জুৰি ফুলি থকা দেখা যায়। ভূমি অৰ্কিডবোৰ টাবত ৰুবৰ বাবে নিম্নলিখিত মাটিৰ মিশ্ৰণটো প্ৰস্তুত কৰি লব লাগে-
- ১ ভাগ ভালদৰে পচা পচন সাৰ
- ১ ভাগ পাত সাৰ
- ১ ভাগ সাধাৰণ মাটি
- ১ ভাগ মিহি বালি
- ১ ভাগ কাঠ কয়লাৰ টুকুৰা
বায়ৱীয় অৰ্কিডৰ দৰেই ইহঁতৰো নতুন পোখা অহাৰ সময়ত উপকণ্ড বা মূঢ়াবোৰ বিভাজন কৰি পাত্ৰ সলোৱা হয়। এই মিশ্ৰণ নতুন গছ ৰুবলৈকো ব্যৱহাৰ কৰিব পাৰি। উল্লেখযোগ্য যে মাটিত ২-৩ ফুট মান দ গাঁত কৰি গছৰ সৰা পাত গোটাই মাটিৰে ৩ মাহ মান ভালদৰে ঢাকি থলে উপযুক্ত পাতসাৰ পাব পাৰি।

- নৱ কুমাৰ বৰা
লেখকৰ ঠিকনা: অসম কৃষি বিশ্ব-বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৃষি বিষয়া, ভোটাই গাঁও, নগাঁও