1 views

শস্য চপোৱা আৰু মৰণা মৰা:
-কভিদ-১৯ মহামাৰী প্ৰতিৰোধ কৰিবৰ বাবে কৃষকসকলেও সাৱধানতা আৰু সুৰক্ষাৰ নীতি-সমূহ পালন কৰিব লাগিব
- সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব


- নিজৰ সুৰক্ষাৰ বাবে চাবোনেৰে হাত ধোৱা, মুখত সাধাৰণ মাস্ক ব্যৱহাৰ কৰা, সুৰক্ষিত কাপোৰ-কানি পৰিধান কৰা আৰু খেতিৰ সা-সজুলি আৰু যন্ত্ৰ-পাতি শোধন কৰা
- খেতিৰ পথাৰত কাম কৰোতে প্ৰতিটো কামতে সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে সুৰক্ষাৰ ব্যৱস্থাসমূহ লোৱা
- খেতিৰ পৰা ফচল চপাওতেও শ্ৰমিকসকলে সামাজিক দূৰত্ব (৩-৪ ফুট) বাহাল ৰাখিব লাগিব
- খেতিৰ কামত নিয়োজিতসকলে মুখত মাস্ক পৰিধান কৰিব লাগিব আৰু নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে চাবোনেৰে হাত ধুই থাকিব লাগিব
- একেদিনাই সৰহকৈ মানুহ খেতিৰ কামত লগাব নেলাগে
- খোৱা-বোৱা, ফচল কঢ়িওৱা, বোজাই কৰা, জিৰণি লোৱা আদি কাম কৰোতেও ৩-৪ ফুট দূৰত্বতহে অৱস্থান কৰিব
-খেতিৰ পথাৰত কাম কৰোতে জনা-শুনা শ্ৰমিকহে কামত লগাব; সন্দেহযুক্ত লোকক দৰকাৰী অনুসন্ধান কৰিহে কামত লগাব
-যথাসম্ভৱ যন্ত্ৰৰ (ট্ৰেক্টৰ/ পাৱাৰটিলাৰ/ স্প্ৰেয়াৰ) জৰিয়তেহে খেতিৰ কাম সমাধা কৰক আৰু কেৱল প্ৰয়োজনীয় মানুহহে যন্ত্ৰৰ লগত যাবলৈ দিব
-যন্ত্ৰ-পাতিসমূহ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে শোধন কৰিব; পৰিবহন বাহন, বস্তা আৰু অন্যান্য পেকিং কৰা সামগ্ৰীও শোধন কৰিব
-চপোৱা শস্য/ ফচল সৰু সৰু ঢিপ কৰি ৩-৪ ফুট আঁতৰে আঁতৰে ৰাখিব; পৰৱৰ্তী কাম যেনে চাফা কৰা, ওজন কৰা আদিৰ বাবে প্ৰতিটো ঢিপত ১-২ জন মানুহহে লগাব যাতে কেইবাজনো মানুহ লগ হব নোৱাৰে
চপোৱাৰ পিছৰ কাৰ্য, ভঁৰালত ৰখা আৰু বিপনন:
-শুকুওৱা, মৰণা মৰা, চাফা কৰা, বচা, ভাগ কৰা আৰু টোপলা বন্ধা আদি কাম কৰোতে মুখত মাস্ক পৰিধান কৰা যাতে ধুলি-বালি আদি শ্বাস-প্ৰশ্বাস নলীত প্ৰবেশ নকৰে
-চপোৱা শস্য যাতে ভালকৈ শুকোৱা হয় আৰু আগতে ব্যৱহাৰ কৰা বস্তা ব্যৱহাৰ কৰিব নেলাগে। ৫% নিমৰ মিশ্ৰণত শোধন কৰি লোৱা বস্তাহে ব্যৱহাৰ কৰিব লাগে
-ওচৰৰ কোনো মজুত গৃহত সামগ্ৰী মজুত কৰিবলৈ নিলে দৰকাৰী সুৰক্ষা ব্যৱস্থাসমূহ লব লাগিব
-ব্যক্তিগত সুৰক্ষা ব্যৱস্থাসমূহ লৈহে বোজাই কৰা, কঢ়িওৱা আৰু বজাৰত বিক্ৰি কৰা কাৰ্যত নিয়োজিত হব লাগে
-বীজ উৎপাদন কৰা খেতিয়কসকললে যাৱতীয় পৰিবহন অনুমতি লৈহে বীজ সৰবৰাহ কৰিব
-শাক-পাচলি প্ৰত্যক্ষভাবে বিক্ৰি কৰিবলৈ হলে দৰকাৰী সাৱধানতাসমূহ লব লাগিব
পথাৰৰ কাম-কাজ কৰোতে:
-বৰোধান, আহুধান, মাকৈ, শাক-পাচলি, কঠীয়াতলী প্ৰস্তুত, কীট-নাশক ছটিওৱা ইত্যাদি কাম কৰোতেও সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব আৰু মুখত মাস্ক পৰিধান কৰিব লাগিব

- (কৃষকসকলৰ হিতাৰ্থে ভাৰতীয় কৃষি আৰু গৱেষণা পৰিষদ, ভাৰত চৰকাৰে প্ৰস্তুত কৰা নিয়মাৱলী অনুযায়ী এই লেখা প্ৰস্তুত কৰা হৈছে। ফটো উৎস: ইন্টাৰনেট)