1 views

শীতকাল আগমনৰ লগে লগে বজাৰত কবি, মূলা, বিলাহী, বেঙেনা, লাই, লফা, গাজৰ, পালেং, চুকা আদি বিভিন্ন তৰহৰ পাচলিৰে বজাৰ ভৰি পৰিব। বতৰৰ পাচলিৰ সোঁৱাদেই বেলেগ। ফুলকবি-আলুৰ তৰকাৰী, বন্ধাকবি-আলুৰ ভাজি, বৰবেঙেনাৰ ফ্ৰাই, পালেং শাকৰ লগত কাৱৈ মাছৰ তৰকাৰী, গাজৰ-বিলাহীৰ চাটনি, চুকা শাকৰ টেঙা জোল. . . . আৰু যে কত কি! পিছে খাদ্যপ্ৰাণ আৰু পুষ্টিমৌলৰে পৰিপূৰ্ণ এই পাচলিবোৰ উৎপাদন কৰোতে কৃষকসকলে কম কষ্ট কৰিবলগীয়া নহয়। দুপইচা সৰহকৈ পোৱাৰ বাবে আগতীয়াকৈ বজাৰত পাচলি যে উলিয়াবই লাগিব। কিন্তু, আগতীয়া পাচলি উৎপাদনৰ বাবে প্ৰয়োজনীয় কৌশলবোৰ কৃষকসকলে ভালকৈয়ে জানিব লাগিব। আগতীয়া পাচলি উৎপাদনৰ আটাইতকৈ প্ৰয়োজনীয় আৰু প্ৰাথমিক কৌশলটোৱেই হ’ল- পুলিবাৰী বা নাৰ্চাৰীৰ প্ৰস্তুতি। কথাতে কয়- ‘কঠীয়া গুণে কিৰিষি’। পাচলিৰ ভাল উৎপাদন পাবলৈ হলে সুস্থ, সবল আৰু নিৰোগী পুলি ৰোপন কৰিব লাগিব আৰু ইয়াৰবাবে কৃষকসকলে শৃংখলাৱদ্ধভাবে আগবাঢ়িব লাগিব।

কোনবোৰ কথা কৃষকে আগতীয়াকৈ চিন্তা কৰিব লাগিব?

কি জাতৰ খেতি কৰিব?

পোনপ্ৰথমে এজন কৃষকে কি কি পাচলিৰ খেতি কৰিব, কোনবিধ জাতৰ বীজ সংগ্ৰহ কৰিব, ক’ৰ পৰা সংগ্ৰহ কৰিব, কেতিয়া কৰিব ইত্যাদি কথাবোৰ পুলিবাৰী প্ৰস্তুত কৰাৰ আগেয়ে চিন্তা কৰিব লাগিব। পৰাপক্ষত ২-৩ মাহৰ আগতেই এই কথাবোৰৰ ওপৰত এক সুস্থ সিদ্ধান্ত ল’ব পাৰিলে ভাল। আজিকালি বজাৰত উন্নত পাতৰ বীজ বুলি সুন্দৰ পেকেটত ভৰাই কৃষকক ঠগা বেপাৰীৰ সংখ্যাও কম নহয়। গতিকে কৃষকসকলে য’ৰে-ত’ৰে পৰা বীজ সংগ্ৰহ নকৰি নিৰ্ভৰযোগ্য আৰু অনুমোদিত বিক্ৰি প্ৰতিস্থানৰ পৰাহে বীজ সংগ্ৰহ কৰিব লাগে। বৰ্তমান বিভিন্ন বহুজাতিক কোম্পানীয়ে প্ৰত্যেকবিধ পাচলিৰ উন্নত জাতৰ বীজ, হাইব্ৰীড জাতৰ বীজ বজাৰত বিক্ৰিৰ বাবে মুকলি কৰি দিছে আৰু কৃষকৰ মাজত ব্যাপক ৰূপত সোমাই পৰিছে। এনে জাতবোৰৰ নিৰ্ভৰযোগ্যতা আৰু গুণাগুণৰ ওপৰত উপযুক্ত গৱেষণা আৰু অনুমোদন অসম কৃষি বিশ্ব-বিদ্যালয় আৰু অসমৰ কৃষি বিভাগৰ দ্বাৰা হোৱা নাই যদিও কৃষকসকলে নিজৰ পথাৰত পোৱা অভিজ্ঞতাৰ ভিত্তিতে এইবোৰৰ খেতি কৰি আহিছে। (অনুমোদিত জাতসমূহৰ বিষয়ে ‘এই মাহৰ খেতি চাওক)

অনুমোদিত জাতবোৰ বজাৰত উপলব্ধ হয়নে ? দেখা গৈছে যে, অনুমোদিত জাতবো্ৰ সলনি বজাৰত বৰ্তমান কিছুমান কোম্পানীৰ বীজহে কৃষকৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। তেনে কোম্পানী কিছুমান হ’ল- চাংগ্ৰ চিডছ্, নামধাৰী চিডছ্, চাকাটা, মাহিকো, চেমিনিছ, ক্লজ, চুলতান, এচ.জি., কৃষি কল্যান, চাটনচ্ ইত্যাদি। বহুক্ষেত্ৰত এই কোম্পানীৰ বীজৰ পৰা কৃষকসকলে ভাল ফল পালেও মাজে-সময়ে ঠগ খাবলগীয়াতো পৰে। সেয়ে, দোকানৰ পৰা বীজ সংগ্ৰহ কৰোঁতে কেইটিমান কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব।
  1. খেতি কৰিব বিছৰা জাতটোৰ গুণাগুণ সম্পৰ্কে জানি লব লওঁক। ইয়াৰবাবে কোম্পানীৰ পুস্তিকা, কৃষি বিষয়ক পত্ৰিকা নাইবা কৃষি-বিষয়া-কৰ্মীৰ সহায় লওঁক।
  2. বীজৰ পেকেটত থকা লেবেল ভালদৰে পঢ়ি চাই জাতৰ নাম, ম্যাদ কাল, মূল্য, অঙ্কুৰণ ক্ষমতা ইত্যাদি জানি লব লাগে(যদি ইংৰাজী নেজানে অন্য ব্যক্তিৰ সহায় লওঁক)। পৰাপক্ষত খুলি থোৱা টেমা নাইবা পেকেটৰ পৰা বীজ কিনিব নেলাগে।
  3. কৃষকৰ পথাৰত ইতিমধ্যে ভাল ফল দেখুওৱা জাতৰহে বীজ কিনিব লাগে। নতুনকৈ উপলব্ধ জাতৰ ক্ষেত্ৰত নমুনা পৰীক্ষাৰ বাবে কমকৈ বীজ কিনিব লাগে।
বীজতলী কেনেকৈ প্ৰস্তুত কৰিব?
  • ৰ’দঘাই, পানী ওলাই যাব পৰা, জলসিঞ্চনৰ সুবিধা থকা, অধিক জৈৱিক পদাৰ্থ থকা ঈষৎ বালিচঁহীয়া মাটি বীজতলীৰ বাবে নিৰ্বাচন কৰিব লাগে।
  • আহাৰ-শাওন মাহতে বীজতলীডৰাত জাৱৰ-জোঠৰ পেলাই পচিবলৈ দিব লাগে আৰু হাল বাই ভালদৰে মিহি কৰি ল’ব লাগে।
  • বীজতলীডৰাত আগতীয়াকৈ অৰ্থাৎ বহাগ-জেঠ মাহত সেউজসাৰ ‘ধইনচা’ৰ বীজ সিঁচি শাওন মাহত গছবোৰ কাটি হাল বাই পচাই পেলোৱা হয়। তেতিয়া মাটিত যথেষ্ট পৰিমাণে জৈৱিক সাৰ উপলব্ধ হয়।
  • যদি মাটিডৰাৰ আম্লিক গুণটো বেছি, তেতিয়া কঠাই প্ৰতি ১০-১৫ কিলোগ্ৰাম চূণ প্ৰয়োগ কৰিব লাগে।স
  • মাটিডোখৰ ভালদৰে হালবোৱাৰ পিছত জাৱৰ-জোঠৰবোৰ পৰিষ্কাৰ কৰি ভালদৰে শুকাবলৈ দিব লাগে। শুকাবৰ বাবে পলিথিনৰ সহায়ত মাটিডৰা বৰষুণৰ পৰা ৰক্ষা কৰিব লাগে।
  • মাটিডৰাত ১ মিটাৰ বহল আৰু প্ৰয়োজনমতে দীঘল কৰি কিছুমান ভেটি প্ৰস্তুত কৰি লব লাগে। সমতলৰ পৰা ভেটিবোৰ ৬-৭ ইঞ্চি ওখ হ’ব লাগে।
  • ভেটিবোৰত পচনসাৰ নাইবা কেঁচুসাৰ মিহলাই লব লাগে।
মাটিডৰা ৰোগমুক্ত নাইবা বীজাণুমুক্ত কৰিবলৈ কি কৰিব লাগিব?
  1. বীজতলীখন বীজাণুমুক্ত কৰিবলৈ জৈৱিক নাইবা ৰাসায়নিক পদ্ধতিৰ যিকোনো এটা অৱলম্বন কৰিব পাৰি।
  2. জৈৱিক পদ্ধতিত ট্ৰাইক’ডাৰমা ভিৰিডি আৰু চিউড’ম’নাচ ফ্লৰেন্স নামৰ ভেঁকুৰনাশক মাটিত প্ৰয়োগ কৰিব পাৰি। প্ৰতি ১ মিটাৰ বহল আৰু ১০ মিটাৰ দীঘল বীজতলীৰ বাবে ১০০ গ্ৰাম ট্ৰাইক’ডাৰমা ভিৰিডি আৰু ১০০ গ্ৰাম চিউড’ম’নাচ ফ্লৰেন্স আৱশ্যক হয়।
  3. ৰাসায়নিক পদ্ধতিত কেপটাফ বা ব্লাইটক্স ভেঁকুৰনাশকৰ প্ৰায় ৫০ গ্ৰাম প্ৰতি ১ মিটাৰ বহল আৰু ১০ মিটাৰ দীঘল বীজতলীত প্ৰয়োগ কৰি মাটিৰ ৪-৫ ইঞ্চি দ’লৈকে ভালদৰে মিহলাই দিব লাগে।
  4. মাটিত থকা বিভিন্ন অনিষ্টকাৰী পোক-পৰুৱা নিয়ন্ত্ৰণ কৰিবলৈ জৈৱিক পদ্ধতিত নিমৰ খলিহৈ/ সৰিয়হৰ খলিহৈ প্ৰয়োগ কৰিব পাৰি। ৰসায়নিক পদ্ধতিত ৫% মালাথিয়ন পাউদাৰ কীটনাশক প্ৰয়োগ কৰিব পাৰি।
বীজখিনিও শোধন কৰাৰ প্ৰয়োজনীয়তা আছেনেকি?

নিশ্চয়। বহুতো ভেঁকুৰজনিত ৰোগৰ বীজাণু বীজৰ জৰিয়তে মাটিলৈ সংক্ৰমনিত হয়। সেয়ে, পেকেট বা টেমাৰ পৰা খোলাৰ পিছতে বীজবোৰ এঘন্টামানৰ বাবে কোমল ৰ’দত মেলি দিব লাগে। সিঁচাৰ আগতে জৈৱিক পদ্ধতিত ট্ৰাইক’ডাৰমা ভিৰিডি আৰু চিউড’ম’নাচ ফ্লৰেন্স নামৰ ভেঁকুৰনাশক বীজৰ লগত সানি দিব লাগে। ৰাসায়নিক পদ্ধতিত কেপটাফ বা ব্লাইটক্স ভেঁকুৰনাশক ( ১ মিঃগ্ৰাঃ প্ৰতি ১০০ গ্ৰাম বীজত)

বীজবোৰ কেনেকৈ সিঁচিব লাগে?
  • পৰাপক্ষত বীজবোৰ পাতলকৈ সিঁচিব লাগে। আবেলি সময়তহে বীজ সিঁচিব লাগে। প্ৰতি পাচলিৰে বীজৰ পৰিমাণো বেলেগ বেলেগ। উদাহৰণস্বৰূপে, ১০ বৰ্গমিটাৰ জোখৰ বীজতলীৰ বাবে (৩০ ফুট x ৩০ ফুট)l ফুলকবিৰ বীজ- ৫০ গ্ৰাম, বন্ধাকবিৰ বীজ- ২৫ গ্ৰাম, ওলকবিৰ বীজ- ৫০ গ্ৰাম, বিলাহীৰ বীজ- ৫ গ্ৰাম, বেঙেনাৰ বীজ- ২০ গ্ৰাম, জলকীয়াৰ বীজ- ৫ গ্ৰাম আদি।
  • বীজবোৰ যাতে মাটিৰ বেছি তললৈ নেযাই তাৰবাবে সতৰ্ক হ’ব লাগে। অৰ্থাৎ বীজবোৰ মাটিৰ ১-২ ইঞ্চি তলতহে থাকিব লাগে। বীজ সিঁচাৰ পিছত শুকান গুড়ি মাটি চালনীৰ সহায়ত চালি দিব লাগে। বৰষুণ নপৰিবৰ বাবে বাঁহৰ কামিৰ সহায়ত পোহৰ সোমাব পৰা পাতল পলিথিনৰ চালি দিব লাগে। প্ৰখৰ ৰ’দত পলিথিনেৰে বীজতলীডৰা ঢাকি ৰাখিব নেলাগে। ইয়াৰবাবে পাতল পলিথিনৰ চালি দিব লাগে।
পুলিবোৰৰ যত্ন কেনেকৈ লব লাগে?
  • বীজ গজালি মেলি দুপতীয়া হোৱাৰ সময়খিনি অতি গুৰুত্বপূৰ্ণ। এইখিনি সময়ত যদি পুলিবোৰ অনবৰত ঢাকি ৰখা হয়, তেতিয়া পুলিবোৰ লেংলেঙকৈ বাঢ়ি যাব। সেয়ে, বৰষুণ নেথাকিলে পুলিবোৰত কোমল ৰ’দ পৰিবলৈ দিব লাগে।
  • পুলিবোৰ যাতে পানীৰ অভাৱত নুভোগে তাৰবাবে জাৰিকেনৰ সহায়ত আবেলিপৰত পানী চটিয়াব লাগে।
  • পুলি দুপতীয়া হোৱাৰ পৰাই পোক-পৰুৱাই আক্ৰমণ কৰিব পাৰে। সেয়ে ইয়াৰবাবে প্ৰতিষেধকমূলক আৰু নিবাৰণমূলক ব্যৱস্থা সময়মতেই লব লাগে।
কেনেকুৱা ব্যৱস্থাই পুলিবোৰ পোক-পৰুৱাৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব? জৈৱিক নে ৰাসায়নিক
  • ৫০ গ্ৰাম আদা পিচি লব লাগে আৰু এইখিনি ২-৩ লিটাৰ পানীত মিহলাই পুলিবাৰীত ৪-৫ দিনৰ মূৰে মূৰে স্প্ৰে কৰিব লাগে।
  • ৫০ গ্ৰাম নহৰু ১০ মিলিলিটাৰ কেৰাচিনত ৰাতিটোৰ বাবে ভিজাই থওক। পিছদিনা নহৰুখিনি বাকলি গুচাই পিচি লব লাগে।
  • অন্য এটা পাত্ৰত ২৫ গ্ৰাম জলকীয়া ৫০ মিলিলিটাৰ পানীত মিহলাই পিচিব লাগে। ঠিক তেনেদৰে ২৫ গ্ৰাম আদা পিচি লব লাগে। তিনিওবিধ পিচি লোৱা সামগ্ৰী ৩ লিটাৰ পানীত মিহলাই লব লাগে। পিছত মিশ্ৰণখিনি চেকি লৈ পুলিবাৰীত স্প্ৰে কৰিব লাগে।
  • ভালদৰে মোহাৰি লোৱা অমিতাৰ পাত ৫০ গ্ৰাম ১০০ মিলিলিটাৰ পানীত ৰাতিটোৰ বাবে ভিজাই থব লাগে। পিছদিনা পাতল কাপোৰৰ সহায়ত ভালদৰে চেপি ৰসখিনি উলিয়াই লব লাগে। এই ৰসখিনি ২-৩ লিটাৰ পানীত মিহলাই পুলিবাৰীত স্প্ৰে কৰিব পাৰি।
  • আজিকালি বজাৰত উপলব্ধ ‘আজাৰাদিক্টিন’ (নিমৰ পৰা নিষ্কাষণ) নামৰ কীটনাশকবিধো পুলিবাৰীত স্প্ৰে কৰিব পাৰি।

পুলিবাৰীত হোৱা ভেঁকুৰজনিত আৰু বেক্টৰীয়াজনিত ৰোগ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি?

জৈৱিকভাবে নিয়ন্ত্ৰণ কৰিবৰ বাবে-
  • গৰুৰ মূত ৫০ মিলিলিটাৰ আধা লিটাৰ পানীত মিহলাই ৰাতিপুৱা খুউব সোনকালে পুলিবাৰীত স্প্ৰে কৰিব লাগে।
  • ১ কিলোগ্ৰাম কেঁচা গোৱৰ ১০ লিটাৰ পানীত মিহলাব লাগে। মিশ্ৰণখিনি কাপোৰেৰে চেকি লব লৈ পুনৰ তাত ৫ লিটাৰ পানী মিহলাব লাগে। পুনৰ একেখন কাপোৰেৰে চেকিব লাগে আৰু পুলিবাৰীত স্প্ৰে কৰিব লাগে।
  • পদিনাৰ পাত ২৫০ গ্ৰাম পিচি লব লাগে আৰু ইয়াৰ লগত ২ লিটাৰ পানী মিহলাই পুলিবাৰীত স্প্ৰে কৰিব লাগে।
পুলি সুস্থ-সবল হ’বৰ বাবে কি কি ব্যৱস্থা লব লাগিব? পুলি সবল হবৰ বাবে কিছুমান শস্য যেনে, ফুলকবি, ওলকবি, বিলাহী, বেঙেনা, জলকীয়া আদিৰ পুলি ৪-৫ পতীয়া হওঁতেই পুলিবোৰ উঠাই নি দ্বিতীয় এখন পুলিবাৰীত ৰোপন কৰিব লাগে। ইয়াৰবাবে ইতিমধ্যে কৈ অহা ধৰণে মাটিখিনি প্ৰস্তুত কৰি লৈ আবেলি সময়ত প্ৰথম পুলিবাৰীৰ পৰা উঠাই আনি দ্বিতীয়খন পুলিবাৰীত ৰুব লাগে। দুদিনৰ বাবে পুলিখিনিত সম্পূৰ্ণ ছাঁ দিব লাগে। পুলিখিনি সবল হোৱাৰ পিছত ৰ’দ সহ্য কৰিব পৰা হবলৈ পুলিবোৰত ক্ৰমান্বয়ে ৰ’দ পৰিবলৈ দিব লাগে আৰু পানী দিয়াৰ পৰিমাণ কমাই আনিব লাগে। মূল পথাৰত ৰোপন কৰাৰ দুদিনমান আগৰে পৰা পুলিবোৰত সম্পূৰ্ণৰূপে ৰ’দ পৰিবলৈ দিব লাগে আৰু পানী দিয়া বন্ধ কৰিব লাগে।