1 views

অসমৰ আৰ্থসামাজিক ক্ষেত্ৰৰ উন্নতিৰ অন্যতম প্ৰধান অন্তৰায় হৈছে প্ৰতি বছৰে হোৱা বানপানী। বিশেষকৈ ৰাজ্য খনৰ অৰ্থনীতিত প্ৰধান অৰিহণা যোগোৱা কৃষি আৰু আনুসংগিক ক্ষেত্ৰৰ উন্নয়নত বানপানীৰ প্ৰত্যক্ষ বা পৰোক্ষ প্ৰভাৱে প্ৰতি বছৰে মাধমাৰ সোধাই আহিছে। যোৱা বছৰটোতো(২০১৯চন) বানপানীয়ে ৰাজ্যৰ উনত্ৰিশখন জিলাত তাণ্ডৱ চলাই প্ৰায় ৪৬২৬ খন গাঁৱৰ ৫৮ লাখ মানুহক ক্ষতিগ্ৰস্ত কৰে। ৰাজ্যখনৰ প্ৰায় ১.৬০লাখ হেক্টৰ কৃষি ভূমি বানৰ কৱলত পৰে।
মীন উৎপাদন ক্ষেত্ৰখনতো বানপানীয়ে প্ৰভূত ক্ষতি সাধন কৰে। এই ক্ষেত্ৰত নিৰ্দিষ্ট নিৰ্ভৰযোগ্য তথ্যৰ অভাৱ যদিও সমগ্ৰ মীন উদ্যোগ বিশেষকৈ মীনপালন ক্ষেত্ৰই প্ৰতি বছৰে হোৱা বানপানীৰ ফলত বিভিন্ন দিশৰ পৰা ক্ষতিগ্ৰস্ত হৈ আহিছে।
সাধাৰণতে, বানপানী অধ্যুষিত এলেকা ব্যৱসায়িকভিত্তিত মীন পালনৰ বাবে অনুপযুক্ত বুলি বিবেচনা কৰা হয়। যিহেতু ৰাজ্যখনৰ প্ৰায়বোৰ সম্ভাৱনাপূৰ্ণ ঠাইতে বানপানীৰ সমস্যা আছে আৰু পূৰ্বে বানৰ কৱলত নপৰা ন ন ঠাইতো আজিকালি বানপানী হোৱা পৰিলক্ষিত হৈছে, গতিকে এনেবোৰ ঠাইত থকা মীনপালন পুখুৰীসমূহ সাম্ভাব্য বানৰ প্ৰভাৱত হ'ব পৰা ক্ষতি ৰোধ কৰিবলৈ বা হ্ৰাস কৰিবলৈ আগতীয়াকৈ সাৱধানতামূলক ব্যৱস্থা লোৱা উচিত।
আনহাতেদি অসমৰ বানপানী বছৰেকত ৩-৫ বাৰ পৰ্যন্ত আৰু বহাগ মাহৰ পৰা আহিন মাহলৈকে বছৰটোৰ বিভিন্ন সময়ত হোৱাৰ তথ্য আছে। ইতিমধ্যে কভিড-১৯ ৰ আগ্ৰাসন ৰোধ কৰিবলৈ প্ৰৱৰ্তন কৰা লকডাউনৰ ফলত প্ৰায় স্থৱিৰ হৈ পৰা অসমৰ মীন ক্ষেত্ৰত যাতে অনাগত সময়ত বানপানীৰ প্ৰভাৱত অধিক ক্ষতিগ্ৰস্ত নহয়, তাৰ বাবে মীন পালকসকলে সজাগ সচেতন হৈ সাৱধানতা মূলক পদক্ষেপ গ্ৰহণ কৰিব লাগে।
১) পুখুৰীৰ মাছখিনিক বানপানীৰ পৰা সুৰক্ষা দিবলৈ উপযুক্ত ঢাল ৰাখি নিৰ্মাণ কৰা এটা মজবুত পাৰৰ অতি প্ৰয়োজন। পাৰটোৰ উচ্চতা ঠাইডোখৰত সাধাৰণতে হোৱা সৰ্বোচ্চ পানীৰ সীমাতকৈ কমেও এক মিটাৰ ওখ হ'ব লাগে। বান অহাৰ আগতেই মীনপালকসকলে পুখুৰীৰ পাৰৰ যাৱতীয় মেৰামতি আদি কৰি ল'ব লাগে, যাতে পানীৰ হেঁচা প্ৰতিহত কৰি পাৰটোৱে পুখুৰীৰ মাছখিনিক প্ৰয়োজনীয় ৰক্ষণাবেক্ষণ দিব পাৰে। প্ৰয়োজন হ'লে বাঁহ, গছৰ ঠাল আদিৰে দূৰ্বল অংশত গোজ দি মাটি থাপি দিব লাগে। পাৰটোত যাতে ঘাঁহৰ আৱৰণ থাকে, কোনো অংশ যাতে উন্মুক্ত হৈ নাথাকে, তালৈ লক্ষ্য ৰাখিব লাগে। ঘাঁহৰ আৱৰণে পাৰৰ মাটিক বৰষুণ আৰু বানৰ প্ৰত্যক্ষ প্ৰভাৱৰ পৰা কিছু পৰিমাণে হ'লেও ৰক্ষা কৰে।
২) বানপানীৰ ঢল বা অত্যধিক বৰষুণৰ ফলত পুখুৰীৰ পাৰ উপচি পৰি পানীৰ সোঁতৰ লগত পোহনীয়া মাছ ওলাই যোৱাত বাধা দিবৰ বাবে পুখুৰীৰ চাৰিওফালে ঘন জালেৰে বেৰি দিব লাগে। বাঁহ বা গছৰ ডালৰ খুটি পুখুৰীৰ চাৰিও পাৰত মজবুতকৈ পুতি তাত জালখন ৰছী বা তাঁৰৰ সহায়ত ভাল ধৰণে বান্ধি দিব লাগে ( চিত্ৰ ১ চাওক)। জালখনৰ মাটিত লাগি থকা অংশত গধুৰ শিল বা ইটা দি মেৰিয়াই দিব লাগে যাতে পানীৰ সোঁতে সহজে এৰুৱাই নিব নোৱাৰে।
৩) এই সময়ছোৱাত পোহনীয়া মাছ খিনিক আকৰ্ষণ কৰি ৰাখিব পৰাকৈ পুখুৰীৰ মাজভাগত খাদ্য যোগানৰ ব্যৱস্থা কৰিব লাগে। মাছৰ প্ৰাকৃতিক খাদ্য প্লাংকটন, পেৰিফাইটন আদি উৎপাদনৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল'ব লাগে। নিয়মিত হাৰত চূণ, জৈৱিক সাৰ প্ৰয়োগ কৰাৰ লগতে পেৰিফাইটন উৎপাদনৰ বাবে পুখুৰীৰ মাজত বাঁহৰ গোজ, জেং, কাঠৰ টুকুৰা, তামোলৰ ঢকুৱা, নাৰিকলৰ পাত আদি সহজতে পোৱা সামগ্ৰী ৰাখিব লাগে। এই বিলাকৰ ওপৰত গধুৰ শিল বা ইটা ৰাখি বা খুটি পুতি বা আন কোনো উপায়েৰে স্থানচ্যুত নোহোৱাকৈ ৰাখিব লাগে। অসমৰ কিছুমান বিলত মাছমৰীয়া সকলে মাছ আকৰ্ষণ কৰিবলৈ সিজল, পান সৌৰা আদি গছৰ ঠাল-পাত ব্যৱহাৰ কৰা দেখা যায়। কিছুমান কৃত্ৰিম আৱেষ্টনী যেনে গাড়ীৰ পুৰণা টায়াৰ, কংক্ৰীট বা প্লাষ্টিকৰে সজা আৱেষ্টনী আদি পুখুৰীৰ ঠায়ে ঠায়ে ৰখাৰ ব্যৱস্থা কৰিলে প্ৰায়বিলাক মাছেই এইবোৰত আশ্ৰয় লৈ পানীৰ সোঁতত ওলাই নোযোৱাকৈ থাকে।
৪) বানপানীৰ সম্ভাৱনা পূৰ্ণ অঞ্চলৰ মীনপালকসকলে পুখুৰীৰ মাছখিনি ধৰি আন নিৰাপদ স্থানৰ পুখুৰীলৈ স্থানান্তৰিত কৰাৰ সুবিধা থাকিলে সময় থাকোঁতেই সেই পদক্ষেপ গ্ৰহণ কৰিব লাগে। উপঙি থকা সঁজাৰ(floating cage) ভিতৰতো সাময়িকভাবে মাছ খিনি (বিশেষকৈ মাছ পোনা ) সুৰক্ষিত কৰি ৰাখিব পাৰে।
৫) আন একো উপায় নাথাকিলে লোকচানৰ পৰা হাত সাৰিবলৈ, বানপানী হোৱাৰ আগতেই বিক্ৰীৰ উপযোগী মাছ সমূহ ধৰি বিক্ৰী কৰিব লাগে।
৬) আজি কালি অন্যান্য পশুধনৰ দৰে পুখুৰীত পালন কৰা মাছৰো বীমা কৰাৰ সুবিধা হৈছে। ব্যৱসায়িকভাৱে মাছ পালন কৰাসকলে এই সুবিধা লৈ নিজৰ জীৱিকা সুৰক্ষিত কৰিব পাৰে।
৭) অতিমাত্ৰা বানপানী হোৱা অঞ্চলৰ পুখুৰীবিলাকত মীনপালকসকলে বানপানী নোহোৱা সময়ছোৱাত হ্ৰস্ৰম্যাদী মীনপালনৰ পৰিকল্পনা কৰিব পাৰে। এই কৌশল অনুযায়ী বছৰৰ ছেপ্তেম্বৰ-অক্টোবৰ মাহৰ পৰা মাৰ্চ মাহ পৰ্যন্ত প্ৰায় ছমাহ মাছ পালন কৰিব পাৰিব। এইখিনি সময়ত পৰিৱেশৰ তাপমাত্ৰা কম থকাৰ বাবে মাছৰ বৃদ্ধি আশানুৰূপ নহয়। সৰু আকাৰত বজাৰ চাহিদা থকা মাছৰ প্ৰজাতি যেনে কুঢ়ি, মালি, কাৱৈ, কান্দুলী আদি পালন কৰি লাভবান হব পাৰিব।
৮) বছৰৰ শেহতীয়া পোনা সংগ্ৰহ কৰি বিজ্ঞানসন্মত পদ্ধতি অনুসৰি পালন কৰি পিছৰ বছৰ মাৰ্চ মাহত ড্ৰপ পোনা (carry over seed) হিচাপে বিক্ৰী কৰিব পাৰে।
৯) বাঁহৰ কামি, জাল আদিৰে সঁজা নিৰ্মাণ কৰি লৈ তাৰ ভিতৰত বানপানীৰ সময়ছোৱাত মাছ ৰাখি বানৰ পিছত পুখুৰীত মেলি দিব পাৰে।
১০) বানপানীৰ সম্ভাৱনাপূৰ্ণ অঞ্চলত অনুমোদন নথকা বিদেশী মাছৰ প্ৰজাতি যাতে পালন কৰা নহয়, তালৈ লক্ষ্য ৰাখিব লাগে। বানপানীৰ লগত পুখুৰীৰ পৰা ওলাই এনে মাছ নৈ বিল আদি প্ৰাকৃতিক উৎসত সোমালে থলুৱা প্ৰজাতিৰ মাছসমূহৰ বাবে বিপদজনক হোৱাৰ লগতে সমগ্ৰ পৰিৱেশতন্ত্ৰলৈ ভাবুকি কঢ়িয়াই আনে। উপৰোক্ত পদক্ষেপসমূহৰ দ্বাৰা মীনপালকসকলে বানপানীৰ প্ৰভাৱত হ'ব পৰা ক্ষয়-ক্ষতি কিছু পৰিমাণে হ'লেও হ্ৰাস কৰি জীৱিকা সুৰক্ষিত কৰিব পাৰে। বানপানী হৈ যোৱাৰ পাছত পুখুৰীত জাল মাৰি মাছৰ সংখ্যা, স্বাস্থ্য আদি লক্ষ্য কৰিব লাগে। পানীৰ গুণাগুণ, অপতৃণৰ বিস্তাৰ আদি নিৰীক্ষণ কৰি যাৱতীয় ব্যৱস্থা হাতত ল'ব লাগে। প্ৰয়োজন সাপেক্ষে মীন বিশেষজ্ঞৰ পৰামৰ্শ লৈ ভৱিষ্যত কাৰ্যপন্থা গ্ৰহণ কৰিব লাগে।

ড : বিভা চেতিয়া বৰা , প্ৰধান বিজ্ঞানী, মীন গৱেষণা কেন্দ্ৰ, অসম কৃষি বিশ্ব-বিদ্যালয়, যোৰহাট