1 views


ইংৰাজী Mulch শব্দটো সম্ভৱতঃ জার্মান শব্দ ম'ল্চ'(molsch)ৰ পৰা উদ্ভৱ হৈছে, যাৰ অর্থ কোমল, ক্ষয় হ'বলৈ আৰম্ভ কৰা।
খেতি পথাৰত আচ্ছাদন (মালচিং) ব্যৱহাৰ আধুনিক কৃষি পদ্ধতিৰ এক অনবদ্য উপাদান। বিগত কিছুদিনৰ পৰা আচ্ছাদন ব্যৱহাৰ কৰি দেশে-বিদেশে কৃষকসকল যথেষ্ট লাভাৱান্বিত হৈছে। অসমৰ কৃষি ক্ষেত্ৰতো ইয়াৰ ব্যৱহাৰ আৰম্ভ হৈছে যদিও ইয়াৰ সম্প্ৰসাৰণ বৰ বেছি হোৱা নাই।
আচ্ছাদন (মালচিং) হল শস্যৰ বাবে প্ৰস্তুত কৰা মাটিৰ ঢিপৰ ওপৰত পাৰি দিয়া এবিধ প্লাষ্টিকৰ আবৰণ। মাটিৰ জীপ সংৰক্ষণ, মাটিৰ উর্বৰতা ৰক্ষা তথা শস্যৰ স্বাস্থ্যৰ উন্নতি, অপতৃণ নিয়ন্ত্ৰণৰ লগতে খেতিডৰাৰ শৃংখলাৱদ্ধতা আৰু দৃষ্টিনন্দনৰ বাবেও আচ্ছাদন ব্যৱহাৰ অপৰিহাৰ্য।
- আচ্ছাদন জৈৱিক আৰু অজৈৱিক দুয়োটা পদ্ধতিত ব্যৱহাৰ কৰা হয়। ইয়াক সঠিকভাবে প্রয়োগ কৰি শস্যৰ উৎপাদনশীলতা উন্নত কৰিব পাৰি।
- আচ্ছাদন মাটি পৃষ্ঠৰ ওপৰত প্ৰয়োগ কৰা হয়।
- গছৰ তল, ফুলৰ বিছনাৰ আশে-পাশে মাটি ক্ষয় ৰোধ কৰিবলৈ, ফুল আৰু উদ্ভিদজাত ফচলৰ উৎপাদন ক্ষেত্রবোৰত ইয়াক ব্যৱহাৰ কৰা হয়।
- আচ্ছাদন বছৰৰ বিভিন্ন সময়ত নিৰ্দিষ্ট উদ্দেশ্যৰে প্রয়োগ কৰা হয়। শীতকালীন নিশাৰ সময়চোৱাত নষ্ট হোৱা উত্তাপ ধৰি ৰখাত সহায় কৰে। আচ্ছাদনবোৰ প্রাথমিকভাৱে মাটিৰ উত্তাপ ধৰি ৰখাৰ বাবেও ব্যৱহাৰ কৰা হয়। ই প্রাথমিকভাৱে শস্য ৰোপনত সহায় কৰি ইয়াৰ দ্ৰুত বৃদ্ধি কৰে। শস্যৰ দ্ৰুত বৃদ্ধিৰ লগে লগে মাটিৰ তাপমাত্রা আৰু জীপ স্থিতিশীল কৰি অপতৃণ বৃদ্ধি ৰোধ কৰে। তাৰোপৰি অত্যধিক বৰষুণ, অত্যধিক হিম আদিৰ পৰা গছৰ শিপাক ৰক্ষা কৰি স্বাস্থ্যকৰ পৰিৱেশ এটা বৰ্তাই ৰাখে।
- আচ্ছাদনে মাটি আৰু বায়ুমণ্ডলৰ মাজত এটা স্তৰ গঠন কৰে যি সূর্যৰ ৰশ্মি মাটিৰ ভিতৰত পোনপতীয়াকৈ প্ৰৱেশত বাধা দিয়ে। ফলত বাস্পীভৱন হ্রাস পায়। বৃষ্টিপাতৰ পৰা পানী শুহি বা জমা কৰি মাটিত পানী প্ৰৱেশতো বাধা দিব পাৰে।
- নতুনকৈ উদ্ভিদ ৰোপনৰ বাবে আচ্ছাদন অত্যন্ত গুৰুত্বপূর্ণ । কাৰণ ই উদ্ভিদৰ আশে-পাশে মাটিত শিপাবোৰ বৃদ্ধি নোহোৱা পর্যন্ত গছজোপাৰ জীপ সংৰক্ষণত সহায় কৰে। অপতৃণই পানী আৰু পুষ্টিৰ শোষণ কৰিব নোৱাৰাৰ বাবে গছৰ বৃদ্ধিৰ হাৰ বাঢ়ি যায়।
- ক'লা প্লাস্টিকৰ আৱৰণে বসন্তকালত মাটিৰ উত্তাপ বৃদ্ধি কৰাত সহায় কৰে,পানীৰ অপচয় হ্রাস কৰে।
- বসন্তকালৰ গৰমত ৰূপালী ৰঙৰ প্লাষ্টিকৰ আচ্ছাদন মেল খাই যাব পাৰে আৰু ই অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অসমৰ্থ হয়। গ্ৰীষ্মৰ মাজভাগত মাটি অধিক উতপ্ত হৈ পৰে। সেইবাবে দীৰ্ঘদিনীয়া শস্য লগালে মাজে-মাজে ফুটা ৰাখিব লাগে, যাতে মাটি অত্যধিক গৰম হৈ খেতিৰ অনিষ্ট নহয়।
- আচ্ছাদনৰ সঠিক ব্যৱহাৰেৰে এজন খেতিয়কে অধিক লাভ আদায় কৰিব পাৰে। ভিন ভিন খেতিৰ বাবে ভিন ভিন ৰঙৰ আচ্ছাদন ব্যৱহাৰ কৰা হয়। বজাৰত প্ৰয়োজন মতে ফুটাযুক্ত আৰু ফুটাবিহীন আচ্ছাদন পোৱা যায়।
- আজিকালি প্ৰায়বোৰ খেতিতে আচ্ছাদন ব্যৱহাৰ কৰা দেখা যায়। পলিহাউচত আচ্ছাদন একপ্ৰকাৰ অপৰিহাৰ্য ৰূপত ব্যৱহৃত হৈ আহিছে। যিবোৰ খেতিত কম পানীৰ আৱশ্যক তেনে খেতিত আচ্ছাদন অতি বৃষ্টিপাতৰ সময়ত বিস্তৰ উপকাৰ সাধন কৰে।
- আচ্ছাদন প্ৰয়োজন অনুসৰি ডাঠ, পাতল আৰু খেতিৰ প্ৰয়োজন মতে ভিন্নৰঙী হয়।
- আচ্ছাদন ব্যবহাৰৰ ফলত খেতিডৰাৰ পানী, সূর্যৰ তাপ আৰু বতাহত সহজে উৰি যাব নোৱাৰে। ফলত মাটিত জীপৰ অভাৱ নহয় আৰু মাটিৰ প্ৰায় ১০ৰ পৰা ২৫ ভাগ জীপ সংৰক্ষণ সম্ভৱ হয়।
মালচিংঙৰ উপকাৰিতা
- ই মাটিত পানীৰ লগতে বাষ্পীভৱন ৰোধ কৰে। সেয়ে শস্যত কম পানীৰ প্রয়োজন।
- কৃষকে আচ্ছাদন ব্যবহাৰ কৰাৰ আঁৰত অপতৃণ নিয়ন্ত্ৰণ এটা গুৰুত্বপূর্ণ উদ্দেশ্য। ই অপতৃণ বৃদ্ধি দমন কৰাত সহায় কৰে।
- খেতিডৰা বাষ্পীভৱনৰ পৰা ৰক্ষা কৰি দীর্ঘ সময়ৰ বাবে মাটি জীপাল কৰি ৰখাত সহায় কৰে। গছৰ শিপা অংশত স্থিৰ জীপৰ স্তৰ সংৰক্ষণ কৰে।
- ই শিপা অংশত সুক্ষ্ম-জলবায়ুৰ সৃষ্টি কৰে আৰু উদ্ভিদৰ বগা শিপা বিকাশত সহায় কৰে।
- আচ্ছাদন ফিল্মবোৰে ফুল, ফল তথা উদ্ভিদৰ অন্যান্য অঙ্গলৈ মাটি চিটিকি পৰাতো ৰোধ কৰে আৰু সেইবোৰৰ গুণগত মান উন্নত কৰাত সহায়ক হয়।
- আচ্ছাদন ফিল্মে পোহৰ প্রতিফলিত কৰে, সেয়ে মোৱা পোক আৰু পাত ওকনিৰ দৰে কীটপতঙ্গ সহজে নিয়ন্ত্রণ কৰিব পাৰি। ই শস্যকৃমিৰ বিৰুদ্ধেও খুব কার্যকৰ ভূমিকা পালন কৰে।
- হালধীয়া আচ্ছাদনে বগা মাখি নিয়ন্ত্রণত সহায় কৰে।
- শীতকালীন নিয়ৰকণা, তাপ আৰু শীত নিয়ন্ত্ৰক হিচাপে আচ্ছাদনে কাম কৰে।
- আচ্ছাদনে মাটি আৰু বৃষ্টিপাতৰ মাজত বাধা হৈ পৰে আৰু মাটি ক্ষয় হ্ৰাস কৰে।
আচ্ছাদনৰ প্ৰকাৰ:
সাধাৰণতে, আচ্ছাদন দুই প্রকাৰৰ
১. জৈৱিক আচ্ছাদন
২. অজৈৱিক আচ্ছাদন
উভয়বিধৰে নিজা সুবিধা আৰু বৈশিষ্ট আছে।
জৈৱিক আচ্ছাদন:
জৈৱিক আচ্ছাদন প্রাকৃতিক উপকৰণে কৰিব পাৰি। যেনে ধান খেৰ, ঘেঁহুৰ খেৰ, বাকলি, শুকান ঘাঁহ, কাঠৰ গুড়ি নাইবা চোচ, শুকান পাত, পাইনগছৰ চুচ, ঘাঁহৰ ক্লিপিং ইত্যাদিৰ সমন্বয়ত তৈয়াৰ কৰা হয়। জৈৱ আচ্ছাদন সহজেই পচি যায় আৰু ঘন ঘনকৈ প্রতিস্থাপনৰ প্রয়োজন হয়। কীটপতঙ্গ, শামুক আৰু কাঠপোকৰো আকর্ষণৰ অভিকেন্দ্ৰ হৈ পৰে।
খেৰ আচ্ছাদন:
এইটো জৈৱ গন্ধক ব্যবহাৰ কৰা সকলোতকৈ সাধাৰণ উপাদান। ধান আৰু ঘেঁহুৰ খেৰ উদ্ভিদ আৰু ফলমূল শস্যৰ বাবে ব্যবহৃত সর্বাধিক সাধাৰণ মালচিঙৰ উপকৰণ। জৈৱিক মালচিঙৰ উপকৰণবোৰৰ ভিতৰত খেৰৰ আচ্ছাদন দীর্ঘ সময় ধৰি টিকি থাকে। এইবিধ আচ্ছাদন পচি যোৱাৰ পাছত মাটি অধিক উর্বৰ কৰি তোলে।
ঘাঁহৰ ক্লিপিং (ছুটি টুকুৰা) আচ্ছাদন: ই সহজলভ্য উপাদানবোৰৰ ভিতৰত এটা উপাদান। ঘাঁহ ক্লিপিঙৰ বাবে ব্যৱহৃত সেউজীয়া বা শুকান ঘাঁহে পচনৰ পিচত মাটিত নাইট্রোজেন সৰবৰাহ কৰে। বর্ষাকালত সেউজীয়া ঘাঁহৰ মূলে বিকাশ লাভ কৰি নতুন অপতৃণৰ জন্ম দিব পাৰে। সেয়ে আচ্ছাদনৰ বাবে শুকান ঘাঁহ ব্যৱহাৰ কৰা ভাল। জৈৱ আচ্ছাদনৰ সীমাৱদ্ধতা: - জৈৱ আচ্ছাদন সঠিকভাৱে প্ৰয়োগ কৰিব নোৱাৰিলে মাটিত বিৰূপ প্ৰভাৱ পৰিব পাৰে। ই মাটিত অধিক জীপ কৰি তোলাৰ বাবে শিপাই অধিক অক্সিজেন পোৱাত বাধাপ্ৰাপ্ত হয়। - অধিক কীট পতংগ, শামুক আৰু এন্দুৰৰ আশ্রয় দিয়ে। - ঘাঁহ আৰু খেৰত মিহলি হৈ থকা বীজৰ পৰা অপতৃণ সৃষ্টি হয়।
অজৈৱিক আচ্ছাদন:
- প্লাষ্টিকৰ ফিল্ম, জিওটেক্সটাইলচ, শিলগুটি, পাত্থৰ আদি অজৈৱিক আচ্ছাদন হিচাপে ব্যৱহাৰ কৰিব পাৰি।
- অজৈৱিক আচ্ছাদন বাণিজ্যিক কৃষিত ব্যাপকভাৱে ব্যবহৃত হয়। সকলো অজৈৱিক আচ্ছাদনৰ ভিতৰত প্লাষ্টিক আচ্ছাদন সর্বাধিক ব্যৱহাৰ কৰা হয়। ই সহজে নপচে।
প্লাষ্টিক আচ্ছাদন:
পলিথিলিন উপাদানেৰে গঠিত প্লাষ্টিকৰ আৱৰণক কৃষিক্ষেত্ৰত প্লাষ্টিকালচাৰ বোলা হয়। বিভিন্ন ধৰণৰ প্লাষ্টিকৰ আচ্ছাদন পোৱা যায়, যিবোৰ শস্যত ব্যৱহাৰ হয়।
বগা প্লাষ্টিক আচ্ছাদন :
এই ধৰণৰ আচ্ছাদন মাটিৰ উত্তাপ ধৰি ৰখাত সহায় কৰে। শীতকালত এইবিধ আচ্ছাদন বেছিভাগ ব্যৱহাৰ হয়। শীতৰ বতৰত ষ্ট্ৰবেৰী খেতিৰ বাবে এইবিধ আচ্ছাদন ব্যৱহাৰ কৰা হয়
ক'লা আচ্ছাদন:
এইবিধ দুয়োফালেই ক'লা ৰঙৰ।এইবিধ আচ্ছাদনে পোহৰ প্ৰতিফলন আৰু স্থানান্তৰ নকৰে। ই জীপ সংৰক্ষণ, অপতৃণ নিয়ন্ত্রণত সহায় কৰে।
হালধীয়া- বাদামী আচ্ছাদন:
বাদামী ৰঙটো তললৈ আৰু হালধীয়া ৰঙ ওপৰলৈ দিয়া হয়। বগা মাখিয়ে উপদ্রৱ কৰা অঞ্চলত ইয়াক ব্যৱহাৰ কৰা হয়। হালধীয়া ৰঙে বগা মাখি আকর্ষণ কৰে। সেয়ে সূৰ্যৰ তাপৰ বাবে তুষাৰপাতৰ সময়ত অহা বগামাখি ইয়াৰ সংস্পৰ্শত মৰি যায়।
ৰূপালী- ক'লা আচ্ছাদন:
এইবিধ আচ্ছাদন প্ৰায়বোৰ খেতিৰ বাবে উপযোগী। ই ফল আৰু গছ পাতৰ ৰং ২৭% প্ৰতিবিম্বিত কৰে। ফলৰ ৰং বিকশিত কৰাৰো সহায়ক হয়।
বগা-ক'লা আচ্ছাদন:
ৰূপালী-ক'লা আচ্ছাদনতকৈ ই উদ্ভিদৰ বাবে বেছি স্বাস্থ্যকৰ। ই ৬০%তকৈ বেছি সক্ৰিয় আলোক ৰশ্মি গছৰ কাষলৈ স্থানান্তৰিত কৰে। উদ্ভিদৰ বিকাশ বৃদ্ধি কৰাৰ লগতে কীট পতংগৰ আক্রমণ, ৰোগৰ লগত যুঁজাৰ শক্তি বঢ়াই তোলে। ই গ্ৰীষ্মকালীন ব্যৱহাৰৰ বাবে উত্তম আৰু অধিক উৎপাদনক্ষম।
ভাল আচ্ছাদননির্বাচন কেনেকৈ কৰিব:
- ভাল আচ্ছাদন নির্বাচন হ’ল কৃষকৰ বাবে এটি গুৰুত্বপূর্ণ সিদ্ধান্ত। ভাল আচ্ছাদনৰ পৰা সর্বাধিক সুবিধা পাবলৈ সঠিক নিৰ্বাচন অৱশ্যেম্ভাৱী।
- বৃক্ষজাতীয় শস্যৰ বাবে আচ্ছাদন ১৫ মাইক্রন পৰা ৩০ মাইক্রন ডাঠ হব লাগে , অর্কিডৰ বাবে ১০০ মাইক্রন পৰা ১৫০ মাইক্রন পর্যন্ত হব লাগে।
- খেতিৰ ধৰণৰ ওপৰত ডাঠ, পাতল নিৰ্বাচন কৰা হয়। বৃক্ষজাতীয় শস্যৰ বাবে ৩০ মাইক্রন উপযুক্ত যদিহে কৃষকে এবছৰতকৈ বেছি দিন ব্যৱহাৰ কৰিব খোজে। হ্ৰস্বকালীন শস্যৰ ক্ষেত্রত ২০/২৫ মাইক্রন ব্যৱহাৰ কৰিব পাৰি। অধিক শিল থকা মাটিৰ উদ্যান শস্যৰ বাবে দীৰ্ঘদিন ব্যৱহাৰ কৰাৰ সুবিধাৰ বাবে ১০০/১৫০ মাইক্রন আচ্ছাদন নির্বাচন কৰি উপকৃত হ'ব পাৰি।
টেষ্ট আচ্ছাদন ফিল্ম:
এইবিধ সৰু টুকুৰা প্লাষ্টিকৰ আচ্ছাদন। সূৰ্যৰ ৰশ্মি বিকিৰণ নকৰিলেও শিপা লৈ স্থানান্তৰ কৰিব পাৰে।
পুনৰ ব্যৱহাৰযোগ্য আচ্ছাদন কিনক:
এবিধ ভাল আচ্ছাদন দীর্ঘ স্থায়ীত্বসম্পন্ন, এয়াৰপ্রুফ আৰু উত্তাপ সহনশীল বৈশিষ্ট্যযুক্ত। ভাৰতত কেৱল কেইটামান আচ্ছাদন উৎপাদনকাৰী সংস্থাই এই সূচক অনুসৰণ কৰে। সেয়ে প্রখ্যাত উৎসৰ পৰাহে আচ্ছাদন ফিল্ম কিনিব লাগে।
প্লাষ্টিকৰ আচ্ছাদন ব্যৱহাৰ কৰাৰ পিছত অত্যধিক উৎপাদন দিব পৰা শস্য:
কেপচিকাম, বিলাহী,কল,বেঙেনা, জলকীয়া,গোভা,ভেণ্ডি,তৰমূজ,কবি ইত্যাদি।
আচ্ছাদন সংস্থাপন:
- শাক পাচলিৰ ক্ষেত্ৰত আচ্ছাদন ভেটি তৈ‌য়াৰ কৰাৰ পাছত পাৰিব লাগে। বাগান শস্যবোৰত পুলি ৰোপনৰ পিছত পাৰিব লাগে।
- আচ্ছাদন পৰাৰ আগতেই খেতিডৰাত পৰিমাণ মতে শেষ চহ বা তাৰ আগতে সাৰ প্ৰয়োগ কৰক।
- পুনৰ যথাযথ মাটিৰ সতে মিশ্ৰিত কৰিবলৈ ভালদৰে চহ কৰক।
- শস্যৰ ব্যৱধান মতে বেড প্ৰস্তুত কৰি টোপাল সিঞ্চনৰ ব্যৱস্থা কৰক।
- ডাঙৰ চপৰা, শিল আদি বেডৰ পৰা আঁতৰাই ৰাখক যাতে আচ্ছাদনৰ ক্ষতি নহয় আৰু তাৰ ওপৰত সঠিক ৰূপত আচ্ছাদন পাৰি কাষবোৰ ২০ ছে:মি: লৈকে মাটিৰে আবৃত কৰক। মনত ৰাখিব সাৰ মিশ্ৰণৰ পাছত দুই চাৰিদিন মাটিখিনি ফৰফৰীয়াকৈ শুকাবলৈ দিয়ক।
- ঢিপবোৰত টোপাল সিঞ্চনে (Drip irrigation) ভালদৰে কাম কৰিছেনে নাই আচ্ছাদন পৰাৰ আগতেই পৰীক্ষা কৰি লওক।
- হাতেৰেই হওক বা যান্ত্রিকভাৱেই হওক আচ্ছাদন পাৰোতে ভালদৰে স্থিৰ হোৱাকৈ আচ্ছাদন প্ৰসাৰিত কৰক।
- শস্যৰ পুলি বা বীজ ৰোপনৰ বাবে জোখমতে গৰম পাইপ বা অন্য পদ্ধতিৰে ফুটা কৰি লওক।

লিখকৰ ঠিকনা: তিনতিনা, মেৰমুখ, লক্ষিমপুৰ-৭৮৪১৬৪, মবাইল: 9678296910