1 views

দীৰ্ঘম্যাদি জলবায়ু পৰিবৰ্তনে শস্যৰ উৎপাদন আৰু মানদণ্ডত বাৰুকৈয়ে প্ৰভাৱ বিস্তাৰ কৰিছে। মাটিৰ উৰ্বৰতা হ্ৰাস, মাটিৰ ক্ষয়ৰ লগতে শস্য-ক্ৰমৰ ওপৰতো জলবায়ু পৰিবৰ্তনে ব্যাপক প্ৰভাৱ পেলাইছে। কৃষি খণ্ডই অসমৰ অৰ্থনীতিত এক বলিষ্ঠ অৰিহণা যোগাই আহিছে। অসমৰ মুঠ ঘৰুৱা উৎপাদনৰ ১৯.৩৪ শতাংশ (২০১৬-১৭) কৃষি আৰু আনুসঙ্গিক খণ্ডৰ পৰা আহে।
অসমৰ ২৮ লাখ হেক্টৰ মুঠ খেতি মাটিৰ ধানখেতিয়ে এক গৰিষ্ঠ অংশ অৰ্থাৎ ২৪,৩৪,০০০ হেক্টৰ (৮৭.৭৫%) মাটি আবৰি আছে। অসমৰ ধানখেতিৰ উৎপাদন ২০১১-১২ চনতে ৰাহি হবলৈ আৰম্ভ কৰিছিল আৰু বৰ্তমানেও ৫৩.৮৪ লাখ মেট্ৰিক টনেৰে এই ৰাহি উৎপাদন পাবলৈ সক্ষম হৈ আছে। কিন্তু দেখা গৈছে যে অন্যান্য মাহজাতীয় শস্য, তৈলজাতীয় শস্যৰ শস্যৰ ক্ষেত্ৰত এতিয়াও বহুখিনি পিছ পৰি আছে।
জলবায়ু পৰিবৰ্তনৰ ফলত দেখা দিয়া কিছুমান সমস্যা যেনে, অতিবৃষ্টি, খৰাং, বানপানী, শিলাবৃষ্টি, কীট-পতঙ্গৰ আক্ৰমণ, ৰোগ-ব্যাধি আদিয়ে অসমৰ শস্য উৎপাদনতো যথেষ্ট প্ৰভাৱ পেলাইছে। সেয়ে, জলবায়ু পৰিবৰ্তনৰ বাবে সাম্ভাব্য প্ৰত্যাহবানসমূহৰ লগত খাপ খোৱাকৈ উপযুক্ত শস্য, শস্যৰ জাত, শস্যক্ৰম, কৃষি পদ্ধতি নিৰ্বাচন কৰি সেইমতে কৃষি আঁচনি যুগুত কৰি লোৱাতো প্ৰয়োজন।
অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল অতিবৃষ্টি অঞ্চলৰ অন্তৰ্ভূক্ত। কিন্তু জলাবায়ু পৰিবৰ্তনৰ বাবে এই অতিবৃষ্টি অঞ্চলতো সময়ে সময়ে খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়। কিছুমান তথ্যৰ পৰা জনা গৈছে যে প্ৰতিটো দশকত উত্তৰ পূৰ্বাঞ্চলত বাৰ্ষিক সৰ্বোচ্চ গড় উঞ্চতা ০.১১ ডিগ্ৰীকৈ বৃদ্ধি পাইছে। বিগত শতিকাত উত্তৰ পূৰ্বাঞ্চলত মৌচুমী বায়ুয়ে সৃষ্টি কৰা বৰষুণৰ পৰিমাণ গড় হিচাপত প্ৰতি দশকত ১১ মিলিমিটাৰকৈ হ্ৰাস পাইছে। ইয়াৰ ফলত শালিধানৰ উৎপাদনত প্ৰভাব পৰিছে। কেতিয়াবা আকৌ অতিমাত্ৰা বৰষুণৰ ফলতো শালিধানৰ উৎপাদনত ব্যাঘাত জন্মিছে। সেইদৰে অসময়ত হোৱা বৰষুণে আৰু শিলাবৃষ্টিয়ে গ্ৰীষ্মকালীন ধানখেতি, মৰাপাট, শাক-পাচলিকে ধৰি অন্যান্য খেতিৰো বিস্তৰ ক্ষতিসাধন কৰিছে।
জলবায়ু পৰিবৰ্তনৰ ফলত অসমৰ কৃষি খণ্ডই সন্মুখীন হোৱা কিছুমান প্ৰত্যাহবান হ’ল-
- উঞ্চতা বৃদ্ধিৰ ফলত ধানখেতিৰ উৎপাদনত ব্যাঘাত হোৱা
- জলসিঞ্চনৰ বাবে পানীৰ নাটনি হোৱা
- মাটিৰ স্বাস্থ্যৰ অৱনতি হোৱা- আম্লিকতা তথা ক্ষাৰকীয়তা সলনি হোৱা
- ভূ-গৰ্ভৰ পানীত লো (আয়ৰণ) আৰু আৰ্চেনিকৰ পৰিমাণ বৃদ্ধি হোৱা
- আবতৰীয়া বানপানী বা খৰাং পৰিস্থিতি
- নিত্য-নতুন শস্যৰ অনিষ্টকাৰী পোক-পৰুৱা আৰু ৰোগ-ব্যাধি
যিহেতু অসমৰ প্ৰধান খেতি ধানখেতি এই আলোচনাত পৰিবৰ্তিত জলাবায়ুৰ লগত মোকাবিলা কৰিবলৈ কেনেধৰণৰ জাত নিৰ্বাচন কৰিব পাৰি সেইবিষয়ে কিছু আলোচনা কৰা হৈছে।
অসম কৃষি বিশ্ব-বিদ্যালয়ে উদ্ভাৱন কৰা বানপানী সহনশীল বা বানাক্ৰান্ত অঞ্চলত পলমকৈ সিঁচিব পৰা কিছুমান জাত কৃষকৰ মাজত ইতিমধ্যে জনপ্ৰিয়তা অৰ্জন কৰিছে। সেইবোৰ হ’ল-
বীনা ধান-১১: দুসপ্তাহলৈ পানীত ডুবি থাকিলেও এইবিধ ধান নষ্ট নোহোৱাকৈ থাকিব পাৰে। এইবিধ ধান ১২০ দিনত চপাব পাৰি। উৎপাদন প্ৰতি হেক্টৰত ৫০-৫৫ কুইন্টল।
ডি. আৰ. আৰ-৪২: এইবিধ ধানৰ কৃষি কাল ১১৫ ৰ পৰা ১২০ দিন। উৎপাদন প্ৰতি হেক্টৰত ৫০-৫৫ কুইন্টল। খৰাং বতৰৰ বাবে এইবিধ ধান উপযোগী আৰু ব্লাষ্ট ৰোগৰ সহনশীল জাত।
অভিষেক: ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ পৰা দ’ মাটিৰ বাবে উপযোগী। কৃষিকাল- ১১০-১১৫ দিন। শালি বতৰত ৪০ কুইন্টল আৰু আহু বতৰত ইয়াৰ উৎপাদন হেক্টৰে প্ৰতি ৬০ কুইন্টলকৈ পোৱা যায়। ব্লাষ্ট বেমাৰ, ব্ৰাউন স্পট, গ’লমিজ (বায়’টাইপ ১ আৰু ৫ ৰ ক্ষেত্ৰত ই প্ৰতিৰোধী জাত)
নবীন: এই জাতবিধৰ খেতি ২০০৫ চনৰ পৰা ৰাজ্যত কৰি অহা হৈছে। ই বৰ্ষা নিৰ্ভৰ আৰু জলসিঞ্চিত বৰোখেতিৰ বাবে উপযোগী। শালিৰ বতৰত ইয়াৰ কৃষিকাল: ১১৫-১১৮ দিন আৰু ৰবি বতৰত ৫০-৬০ কুইন্টল। ব্লাষ্ট বেমাৰ, ব্ৰাউন স্পট আৰু মজাখোৱা পোকৰ ই সহনশীল জাত।
খৰাং পৰিস্থিতি মোকাবিলা কৰিব কেনেকৈ
- বৰষুণৰ পানীভাগ নষ্ট নোহোৱাকৈ মাটি নাইবা ইয়াৰ উপৰিভাগত সংৰক্ষণ কৰিব লাগে।
- মাটিৰ গুণগত মান উন্নত কৰি মাটিত পানী সংৰক্ষণৰ ক্ষমতা বৃদ্ধি কৰিব লাগে
- পথাৰখনত প্ৰচুৰ পৰিমাণে জৈৱিক সাৰ যেনে, গোৱৰ, পচন সাৰ, সেউজীয়া সাৰ প্ৰয়োগ কৰা উচিত।
- মৌচমী বতাহৰ আগমনৰ পূৰ্বেই মাটিডৰা দ’কৈ হাল বাই থ’ব লাগে।
- শস্য চপোৱাৰ পিছত পথাৰত এৰি অহা অৱশিষ্ট অংশ, নৰা, মূঢ়া আদি আচ্ছাদন হিচাপে ব্যৱহাৰ কৰি মাটিৰ আদ্ৰতা বৃদ্ধি কৰিব পাৰি
- শস্যক্ৰমত মাহজাতীয় শস্যৰ অন্তৰ্ভূক্তিৰে মাটিৰ উৰ্বৰতাৰ লগতে আদ্ৰতা বৃদ্ধি কৰা
জলবায়ু পৰিবৰ্তনৰ লগত খাপ খোৱা শস্য ক্ৰম তথা পদ্ধতিৰ ওপৰত শেহতীয়াকৈ বিভিন্ন প্ৰযুক্তিকৌশলৰ উদ্ভাৱন তথা এইক্ষেত্ৰত গৱেষণা চলি আছে। উদাহৰণস্বৰূপে, শূন্য চহ পদ্ধতি (Zeo Tillage), য’ত মাটি চহ নকৰাকৈয়ে শস্যৰ খেতি কৰা। অদূৰ ভৱিষ্যতে কৃষক সমাজে এই পদ্ধতিবোৰৰ ওপৰত মনোনিবেশ কৰাতো প্ৰয়োজন, যাতে পৰিবৰ্তিত জলবায়ুৰ লগত মোকাবিলা কৰি অসমৰ অৰ্থনৈতিক উন্নয়নৰ তেওঁলোক অংশীদাৰ হব পাৰে।

লেখিকাৰ ঠিকনা: মহকুমা কৃষি বিষয়া (জল ব্যৱস্থাপনা), কৃষি সঞ্চালকালয়, খানাপাৰা, গুৱাহাটী