1 views

কৃষিক্ষেত্ৰত ব্যৱহৃত হোৱা বিভিন্ন ৰাসায়নিক পদাৰ্থৰ পৰা সৃষ্টি হোৱা বেমাৰ-আজাৰ আৰু সেইবোৰ প্ৰয়োগৰ ফলত পৰিবেশৰ ওপৰত পৰা বিৰূপ প্ৰভাৱৰ বিষয়ে বৰ্তমান সমগ্ৰ বিশ্ব সজাগ হৈছে। ফলত জৈৱিক কৃষিৰ জনপ্ৰিয়তা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। শস্যত পুষ্টিমৌল যোগানৰ বাবে নাইবা কীট-পতঙ্গ আৰু ৰোগ নিয়ন্ত্ৰণৰ বাবে জৈৱিক কৃষি পদ্ধতিত ৰাসায়নিক দ্ৰব্যৰ সলনি প্ৰাকৃতিক উপাদানেৰে প্ৰস্তুত কৰা দ্ৰব্য ব্যৱহাৰ কৰা হয়। তেনে উপাদানবোৰৰ ভিতৰত এবিধ হ’ল- জীৱাণুসাৰ। এই জীৱাণুসাৰ হ’ল- কিছুমান অণুজীৱ যেনে, বেক্টেৰীয়া, ভেঁকুৰ আদি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা দ্ৰব্য, যিবোৰ প্ৰয়োগ কৰিলে মাটিত শস্যৰ প্ৰয়োজনীয় পুষ্টিমৌল প্ৰাকৃতিকভাবেই যোগান হয়। জৈৱিক পদ্ধতিত ব্যৱহাৰ কৰা তেনে এবিধ জীৱাণুসাৰৰ বিষয়ে জানি লও আহকচোন-
এয’ট’বেক্টাৰ (Azotobacter) :
এয’ট’বেক্টাৰ হল এবিধ বেক্টেৰীয়া। এই বেক্টেৰীয়াবিধৰ পৰাই গৱেষণাগাৰত জীৱাণুসাৰ প্ৰস্তুত কৰা হয়। এইবিধ জীৱাণুসাৰৰ ব্যৱহাৰ অসমৰ কৃষকসকলৰ পথাৰত বহুলভাবে প্ৰয়োগ কৰা হোৱা নাই যদিও বিভিন্ন চৰকাৰী-বেচৰকাৰী গৱেষণাগাৰত, অসম কৃষি বিশ্ব-বিদ্যালয়, কৃষি বিজ্ঞান কেন্দ্ৰবোৰত ইয়াক প্ৰস্তুত কৰা হয়। এইবিধ জীৱাণুসাৰত থকা বেক্টেৰীয়াবিধে বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন আহৰণ কৰি মাটিত শস্যই গ্ৰহণ কৰিব পৰা অৱস্থালৈ নিয়ে। নাইট্ৰজেন মৌল হ’ল শস্যৰ বৃদ্ধিৰ বাবে অতি দৰকাৰী এবিধ মৌল। মাহ জাতীয় শস্য, পানী জমা হৈ থকা ধানখেতিৰ বাহিৰে অন্য সকলোধৰণৰ খেতিতে ইয়াক ব্যৱহাৰ কৰিব পাৰি। এইবিধ বেক্টেৰীয়াই কেইবাবিধো উদ্ভিদ বৃদ্ধিকাৰক (Growth Hormone) নিঃসৰণ কৰে যাৰ ফলত শস্যৰ শ্ৰীবৃদ্ধি হয়। এই উদ্ভিদ বৃদ্ধিকাৰকবোৰ হ’ল- ইন্দল এচিটিক এচিদ(IAA), চাইট’কাইনিন আৰু জিবাৰলিক এচিদ।
প্ৰয়োগ পদ্ধতিঃ শস্যভেদে ভিন ভিন পদ্ধতি ব্যৱহাৰ কৰি এয’ট’বেক্টাৰ জীৱাণুসাৰ প্ৰয়োগ কৰা হয়।
বীজত প্ৰয়োগ: পোনে পোনে বীজ সিঁচি কৰা খেতি যেনে, সিঁচা আহুধান, সৰিয়হ, ঘেঁহু, বেলিফুল, গুজিতিল আদি বীজত মিহলাই এইবোধ জীৱাণুসাৰ প্ৰয়োগ কৰা হয়। ইয়াৰবাবে ১০০ গ্ৰাম এয’ট’বেক্টাৰ জীৱাণুসাৰ ২০০ মিলিলিটাৰ পানীত মিহলাই প্ৰতি ৫ কিলোগ্ৰাম বীজত সানি ল’ব লাগে আৰু আধাঘন্টাৰ বাবে ছাঁত শুকুৱাই লৈ লগে লগে বীজখিনি পথাৰত সিঁচিব লাগে।
শিপাত প্ৰয়োগঃ পুলি ৰোপন কৰা শাক-পাচলিৰ খেতি যেনে, বেঙেনা, বিলাহী, জলকীয়া, কেপচিকাম, ফুলকবি, বন্ধাকবি, ওলকবি আদিৰ ক্ষেত্ৰত ৰোৱাৰ আগতে পুলিৰ শিপাখিনি এয’ট’বেক্টাৰ জীৱাণুসাৰৰ মিশ্ৰণত ডুবাই লব লাগে। ইয়াৰবাবে ২৫০ গ্ৰাম এয’ট’বেক্টাৰ জীৱাণুসাৰ ৪ কিলোগ্ৰাম পচা গোৱৰ নাইবা কেঁচুসাৰৰ লগত মিহলাই লব লাগে। উক্ত মিশ্ৰণত প্ৰয়োজনমতে পানী মিহলাই বোকাৰ দৰে এটি লেপন প্ৰস্তুত কৰি লব লাগে। উক্ত লেপনত ৰুবলৈ অনা পুলিবোৰৰ শিপা আধাঘন্টাৰ বাবে ডুবাই ৰাখি মূল পথাৰত ৰুব লাগে। উক্ত পৰিমাণৰ মিশ্ৰণেৰে প্ৰায় এবিঘা মাটিৰ পুলিত ব্যৱহাৰ কৰিব পাৰি।
মাটিত প্ৰয়োগঃ আদা, হালধি, কুঁহিয়াৰ, আলু আদিৰ দৰে মৃদ্গত কাণ্ড ব্যৱহাৰ কৰি ৰোপন কৰা শস্যৰ ক্ষেত্ৰত এইবিধ জীৱাণুসাৰ ব্যৱহাৰ কৰিব পাৰি। ইয়াৰবাবে ১ কিলোগ্ৰাম জীৱাণুসাৰ ২৫ কিলোগ্ৰাম পচনসাৰ নাইবা কেঁচুসাৰৰ লগত মিহলাই অলপ পানী চটিয়াই ৰাতিটোৰ বাবে দ’ম কৰি ঢাকি ৰাখিব লাগে। পিছদিনা পুৱা প্ৰায় এবিধা মাটিত চটিয়াই লগে লগে হাল বাই দিব লাগে। উক্ত দিনটোতে পথাৰত শস্য ৰোপন কৰিব পাৰি। অৱশ্যে, প্ৰথমবাৰ মাটি চপাৱাৰ সময়তো (প্ৰায় ৩০ দিনৰ পিছত) এইবিধ জীৱাণুসাৰ প্ৰয়োগ কৰিব পাৰি।
বাগান শস্যত প্ৰয়োগঃ বাগান শস্য যেনে, চাহ, কফি, ৰবৰ, তামোল, নাৰিকল আদিৰ ক্ষেত্ৰতো এই জীৱাণুসাৰ ১:২৫ হাৰত পচনসাৰ বা কেঁচুসাৰৰ লগত মিহলাই বছৰত দুবাৰকৈ প্ৰয়োগ কৰিব লাগে।

লিখকৰ ঠিকনাঃ জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া, কৃষি সঞ্চলকালয়, খানাপাৰা, গুৱাহাটী-২২