1 views


শালিধান খেতিৰ বতৰ। এফালে বানৰ তাণ্ডব আৰু আনফালে পথাৰত ধান ৰোৱাৰ ভৰপক সময়। অসময়ত হোৱা বানপানী, খৰাং তথা জলাবায়ু পৰিবৰ্তনে অসম তথা সমগ্ৰ বিশ্বৰ কৃষিক্ষেত্ৰলৈ লৈ আহিছে এক বৃহৎ প্ৰত্যাহ্বান। অতি বৃষ্টি, অনিয়মীয়া বৃষ্টি আদিৰ বাবে কেতিয়াবা যদি বানপানী; আন কেতিয়াবা হয়তো খৰাং সদৃশ পৰিস্থিতি। বৰষুণ নিৰ্ভৰশীল ধানকৈতিডৰা সময়মতে কৰিব নোৱাৰাৰ ফলত কৃষকসকল কেৱল আশানুৰূপ উৎপাদনৰ পৰাই যে বঞ্চিত হৈছে তেনে নহয়, কেতিয়াবা মাটিডৰা চন পেলাই থব লগীয়াও হৈছে। এইক্ষেত্ৰত শালিধানৰ বাবে কৃষকসকলৰ এক প্ৰধান সমস্যা হ’ল হ্ৰস্বকালীন অধিক উৎপাদনক্ষম শালিধানৰ জাতৰ অভাৱ। কিয়নো, প্ৰায়বোৰ অধিক উৎপাদনক্ষম জাতেই হ’ল – ১৫০-১৬০ দিনীয়া। উদাহৰণস্বৰূপে, অসম কৃষি বিশ্ব-বিদ্যালয়ে উদ্ভাৱন কৰা বহুকেইবিধ শালিধানৰ জাত যেনে, ৰঞ্জিত, বাহাদুৰ, মণিৰা, ৰঞ্চিত চাব-১, বাহাদুৰ-চাব-১ জাতসমূহ অসমৰ কৃষকে আদৰি লৈছে যদিও এই জাতবোৰ তুলনামূলকভাবে দীৰ্ঘদিনীয়া।
অসমৰ কৃষকলৈ এক আশাৰ বতৰা। ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অধীনস্থ কামৰূপ জিলাৰ হাজোৰ গেৰুৱাত অৱস্থিত আঞ্চলিক বৰষুণ নিৰ্ভৰশীল দ’ কৃষি ভূমিৰ ধান গৱেষণা কেন্দ্ৰই (Regional Rainfed Lowland Rice Research Station) অসমৰ কৃষকৰ বাবে উদ্ভাৱন কৰিছে কেইবাটাও হ্ৰস্বকালীন অধিক উৎপাদনক্ষম আৰু বিশেষ গুণমানৰ ধানৰ জাত। উৰিষ্যাৰ কটকত অৱস্থিত কেন্দ্ৰীয় ধান গৱেষণা কেন্দ্ৰত উদ্ভাৱিত বহুকেইটা অধিক উৎপাদনক্ষম কমদিনীয়া ধানৰ জাতৰ সফল পৰীক্ষাৰ অন্তত অসমৰ কৃষকৰ বাবে উপলব্ধ কৰিছে উক্ত কেন্দ্ৰটিয়ে। এইক্ষেত্ৰত কেন্দ্ৰটিৰ প্ৰধান বিজ্ঞানী ড০ ৰূপাঙ্কৰ ভাগৱতীৰ পৰা জানিব পৰা মতে কেন্দ্ৰটিয়ে অসমত জলবায়ু পৰিবৰ্তনৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰাকৈ কেতবোৰ কৌশল উদ্ভাৱন কৰিছে। শালিধানৰ উপযোগী, জলবায়ু পৰিবৰ্তনৰ লগত খাপখোৱাকৈ উদ্ভাৱন কৰা জাত কিছুমান হ’ল- চি.আৰ ধান-৮০১(CR-Dhan-801) আৰু চি.আৰ ধান-৮০২(CR-Dhan-802)। এই জাতকেইটা ১৫ দিন পৰ্যন্ত পানীৰ তলত থাকিলেও নষ্ট নহয়, অৰ্থাৎ এইবোৰ হৈছে বানপানী সহনশীল জাত। খৰাং বতৰৰ বাবেও এই জাতকেইটা উপযোগী। লগতে অনিষ্টকাৰী কীট আৰু ৰোগ প্ৰতিৰোধৰো ক্ষমতা আছে। ২০১৯ চনত উদ্ভাৱিত এই জাতকেইটাৰ উৎপাদন বিঘাই প্ৰতি ২০ মোন (প্ৰায় ৮ কুইন্টল)।
বৰ্দ্ধিত জনসংখ্যাৰ খাদ্য সুৰক্ষাৰ দিশটো প্ৰায় নিশ্চিতকৰণৰ পিছত কৃষি বিজ্ঞানীসকলৰ বাবে আন এক প্ৰত্যাহ্বান হ’ল – পৰিপুষ্টিৰ যোগান। দুখীয়া শ্ৰেণিৰ জনগণে চাউলৰ জৰিয়তে পোৱা কেৱল মাথোন শৰ্কৰাৰ (কাৰ্বহাইদ্ৰেট) বিপৰীতে প্ৰটিন আৰু অন্য প্ৰয়োজনীয় মৌলসমূহ কিদৰে যোগান ধৰিব পাৰি সেই সম্পৰ্কে চিন্তা-চৰ্চা কৰি ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অধীনস্থ ধান গৱেষণা কেন্দ্ৰসমূহে উদ্ভাৱন কৰি উলিয়াইছে শৰ্কৰা সংমিশ্ৰণত প্ৰটিন আৰু জিংক সংযোজিত ‘জৈৱ-পোষিত ধান’ (Bio-Fortified Rice) ধান। সেই জাতবোৰ হ’ল- চি.আৰ ধান-৩০৯(CR-Dhan-309), চি.আৰ ধান-৩১০(CR-Dhan-310), চি.আৰ ধান-৩১১(CR-Dhan-311)। অধিক উৎপাদনক্ষম আৰু হ্ৰস্বকালীন এইবোৰ ধানৰ জাতৰ খেতি শালিৰ বতৰত কৰিব পাৰি। এই জাতকেইটাত ১০ শতাংশতকৈ অধিক প্ৰটিন আৰু ২০ পিপিএম তকৈ অধিক জিংক পোৱা যায়।
ঠিক সেইদৰে চি.আৰ ধান-৩০৭(CR-Dhan-307), চি.আৰ ধান-৫০০(CR-Dhan-500), চি.আৰ ধান-৫০৫(CR-Dhan-505), চি.আৰ ধান-৫০৬(CR-Dhan-506) আৰু চি.আৰ ধান-508 (CR-Dhan-309) জাতকেইটা হৈছে দ’ কৃষি ভূমিৰ উপযোগী শালিধানৰ জাত।
কেৱল শালিধানৰ খেতিৰ বতৰতেই নহয়, আহু আৰু বৰো হিচাপেও খেতি কৰিব পৰা কমদিনীয়া আৰু ভাল গুণবিশিষ্ট আন কেইটামান নতুন ধানৰ জাত হ’ল- চি.আৰ ধান-৬০১ (CR-Dhan-601), বি.আই.আৰ.আৰ.আই-৭৫ (BIRRI-75), বিনা-১৭ (Bina-17), চন্দ্ৰমা আদি।
জাত সমূহৰ বিৱৰণঃ
উচ্চ প্ৰটিনযুক্ত ধান:
চি.আৰ ধান-৩১০ (CR-Dhan-310) :
অধিসূচনা বছৰ- ২০১৬ , শস্যকাল: ১১৫-১২০ দিন, উচ্চতা: ১১০ ছেন্টিমিটাৰ, উৎপাদন: ৫-৬ টন প্ৰতি হেক্টৰত, শস্য ঋতু: খাৰিফ
বিশেষ গুণ: পৃথিৱীৰ প্ৰথম জৈৱ-পোষিত ধান, উচ্চ প্ৰটিনযুক্ত (১০.৩%) আৰু জিংক যুক্ত ধান। এই ধানে পাতৰ ব্লাষ্ট ৰোগ, মুগা বৰণীয়া দাগ পৰা ৰোগ, বৌখা পচা ৰোগ, মজাখোৱা পোক, পাতমেৰোৱা পোক আৰু পিঁয়াজী পোক (বায়’টাইপ-১) আদিক মধ্যমীয়াভাবে প্ৰতিৰোধ কৰিব পাৰে।
চি.আৰ ধান-৩০৯ (CR-Dhan-309) : অধিসূচনা বছৰ- ২০১৯ , শস্যকাল: ১১৫-১২০ দিন, উচ্চতা: ১২০ ছেন্টিমিটাৰ, উৎপাদন: ৫.৫-৬ টন প্ৰতি হেক্টৰত, শস্য ঋতু: খাৰিফ বিশেষ গুণ: দীঘল মিহি ধান, উচ্চ প্ৰটিনযুক্ত (১০.২%) আৰু জিংক যুক্ত ধান। এই ধানে পাতৰ মজাখোৱা পোক, পাতমেৰোৱা পোক আৰু ভোৰ পোক আদিক মধ্যমীয়াভাবে প্ৰতিৰোধ কৰিব পাৰে। গ্ৰীষ্মকালীন ধান হিচাপেও এই ধানৰ খেতি কৰিব পাৰি।
চি.আৰ ধান-৩১১ (CR-Dhan-311) :
অধিসূচনা বছৰ- ২০১৬ , শস্যকাল: ১২০-১২৫ দিন, উচ্চতা: ১২৫ ছেন্টিমিটাৰ, উৎপাদন: ৫.৫-৬ টন প্ৰতি হেক্টৰত, শস্য ঋতু: খাৰিফ
বিশেষ গুণ: দীঘল মোটা ধান, উচ্চ প্ৰটিনযুক্ত (১০.১০%) আৰু জিংক যুক্ত ধান। এই ধানে পাতৰ মজাখোৱা পোক, মুগা বৰণীয়া শোহনী পোক, পিঁয়াজী পোক, পাতৰ ব্লাষ্ট ৰোগ, মুগা বৰণীয়া দাগ পৰা ৰোগ আদিক মধ্যমীয়াভাবে প্ৰতিৰোধ কৰিব পাৰে।
জলবায়ু সক্ৰিয় ধানৰ জাত:
চি.আৰ ধান-৮০১ (CR-Dhan-801) :
অধিসূচনা বছৰ- ২০১৯ , শস্যকাল: ১৪০-১৪৫ দিন, উচ্চতা: ৯৫ ছেন্টিমিটাৰ, উৎপাদন: ৫.০-৬.৫ টন প্ৰতি হেক্টৰত, শস্য ঋতু: খাৰিফ
বিশেষ গুণ: বানপানী আৰু খৰাং প্ৰতিৰোধী জাত। এই ধানে পাতৰ মজাখোৱা পোক, পাতমেৰোৱা পোক, শোহনী পোক, টুপলি কটা পোক প্ৰতিৰোধ কৰিব পাৰে আৰু পাতৰ বেক্টেৰীয়াজনিত ৰোগ, বৌখা পচা ৰোগ আদিক মধ্যমীয়াভাবে প্ৰতিৰোধ কৰিব পাৰে।
চি.আৰ ধান-৮০২ (CR-Dhan-802) :
অধিসূচনা বছৰ- ২০১৯ , শস্যকাল: ১৪০ দিন, উচ্চতা: ১০০ ছেন্টিমিটাৰ, উৎপাদন: ৫.০-৬.৫ টন প্ৰতি হেক্টৰত, শস্য ঋতু: খাৰিফ
বিশেষ গুণ: বানপানী আৰু খৰাং প্ৰতিৰোধী জাত। ধানৰ আকাৰ ছুটি আৰু মোটা।
সুগন্ধি অধিক উৎপাদনক্ষম জাত
চি.আৰ ধান-৯০৯ (CR-Dhan-909) : অধিসূচনা বছৰ- ২০১৮ , শস্যকাল: ১৪০-১৪৫ দিন, উচ্চতা: ১০৫-১১০ ছেন্টিমিটাৰ, উৎপাদন: ৪.৫-৫.৫ টন প্ৰতি হেক্টৰত, শস্য ঋতু: খাৰিফ
বিশেষ গুণ: অৰ্দ্ধ চাপৰ, গছ হালি নপৰে, উচ্চ সুগন্ধ, ৰন্ধন গুণবিশিষ্ট, চিৰা-মুড়িৰ বাবে উপযুক্ত।
দ’ মাটিৰ বাবে উপযুক্ত অধিক উৎপাদনক্ষম জাত
চি.আৰ ধান-৩০৭ (CR-Dhan-307) :
অধিসূচনা বছৰ- ২০১৫ , শস্যকাল: ১৪৫ দিন, উচ্চতা: ১২০ ছেন্টিমিটাৰ, উৎপাদন: ৬.৫-৮.০ টন প্ৰতি হেক্টৰত, শস্য ঋতু: খাৰিফ
বিশেষ গুণ: গছ হালি নপৰে, পোখা বেছি হয়, ছুটি মোটা ধান
চি.আৰ ধান-৫০০ (CR-Dhan-500) :
অধিসূচনা বছৰ- ২০১২ , শস্যকাল: ১৬০ দিন, উচ্চতা: ১৪০ ছেন্টিমিটাৰ, উৎপাদন: ৩.৫-৪.৫ টন প্ৰতি হেক্টৰত, শস্য ঋতু: খাৰিফ
বিশেষ গুণ: মধ্যমীয়া মিহি ধান, কিছু পৰিমাণে ব্লাষ্ট, নেক ব্লাষ্ট, মুগা বৰণীয়া দাগ পৰা ৰোগ ৰোগ, মজাখোৱা পোক, পাতমেৰোৱা পোক, পিঁয়াজী পোক আদি প্ৰতিৰোধ কৰিব পাৰে। গছ হালি নপৰে।
চি.আৰ ধান-৫০৬ (CR-Dhan-506) : অধিসূচনা বছৰ- ২০১৭ , শস্যকাল: ১৬০ দিন, উচ্চতা: ১৪০ ছেন্টিমিটাৰ, উৎপাদন: ৪.৫-৬.৫ টন প্ৰতি হেক্টৰত, শস্য ঋতু: খাৰিফ
বিশেষ গুণ: মধ্যমীয়া মিহি ধান, কিছু পৰিমাণে ব্লাষ্ট, নেক ব্লাষ্ট, মুগা বৰণীয়া দাগ পৰা ৰোগ ৰোগ,বৌখা পচা ৰোগ, মজাখোৱা পোক, পাতমেৰোৱা পোক, ভোৰ পোক আদি প্ৰতিৰোধ কৰিব পাৰে।
চি.আৰ ধান-৫০৮ (CR-Dhan-508) : অধিসূচনা বছৰ- ২০১৭ , শস্যকাল: ১৬০ দিন, উচ্চতা: ১৪০-১৫০ ছেন্টিমিটাৰ, উৎপাদন: ৫.০-৬.০ টন প্ৰতি হেক্টৰত, শস্য ঋতু: খাৰিফ
বিশেষ গুণ: মধ্যমীয়া মিহি ধান, কিছু পৰিমাণে ব্লাষ্ট, নেক ব্লাষ্ট, মুগা বৰণীয়া দাগ পৰা ৰোগ ৰোগ,বৌখা পচা ৰোগ, মজাখোৱা পোক, পাতমেৰোৱা পোক, ভোৰ পোক আদি প্ৰতিৰোধ কৰিব পাৰে।
বৰো, আহু আৰু শালিৰ বাবে উপযুক্ত অধিক উৎপাদনক্ষম জাত
চি.আৰ ধান-৬০১ (CR-Dhan-601) : অধিসূচনা বছৰ- ২০১1 , শস্যকাল: ১৪০-১৪৫ দিন, উচ্চতা: ৯০-৯৫ ছেন্টিমিটাৰ, উৎপাদন: ৫.৬ টন প্ৰতি হেক্টৰত, শস্য ঋতু: খাৰিফ আৰু ৰবি (বৰো, আহু আৰু শালি হিচাপে)
বিশেষ গুণ: শীত সহ্য কৰিব পাৰে, কিছু পৰিমাণে ব্লাষ্ট, নেক ব্লাষ্ট, মুগা বৰণীয়া দাগ পৰা ৰোগ ৰোগ,বৌখা পচা ৰোগ, মজাখোৱা পোক, পাতমেৰোৱা পোক, ভোৰ পোক আদি প্ৰতিৰোধ কৰিব পাৰে।
বি. আই. আৰ. আৰ. আই-৭৫ (BIRRI-75) : অধিসূচনা বছৰ- ২০১৮-১৯, শস্যকাল: ১১৫-১২০ দিন, উচ্চতা: ৯৫-১০০ ছেন্টিমিটাৰ, উৎপাদন: ৩.৬-৪.০ টন প্ৰতি হেক্টৰত, শস্য ঋতু: খাৰিফ আৰু ৰবি (বৰো, আহু আৰু শালি হিচাপে)
বিশেষ গুণ: সুগন্ধ থকা জাত, বানপানীৰ পিছতো এই জাতৰ খেতি কৰিব পাৰি। প্ৰায়বোৰ ৰোগ আৰু পোক-পতঙ্গ প্ৰতিৰোধ কৰিব পাৰে।
বিনা-১৭ (BINA-17) : অধিসূচনা বছৰ- ২০১৮-১৯, শস্যকাল: ১১৫-১২০ দিন, উচ্চতা: ৯৮-১০০ ছেন্টিমিটাৰ, উৎপাদন: ৩.৫-৪.০ টন প্ৰতি হেক্টৰত, শস্য ঋতু: খাৰিফ আৰু ৰবি (বৰো, আহু আৰু শালি হিচাপে)
বিশেষ গুণ: বানপানীৰ পিছতো এই জাতৰ খেতি কৰিব পাৰি। প্ৰায়বোৰ ৰোগ আৰু পোক-পতঙ্গ প্ৰতিৰোধ কৰিব পাৰে।
চন্দ্ৰমা (Chandrama) : অধিসূচনা বছৰ- ২০১১, শস্যকাল: ১৩০ দিন, উচ্চতা: ১০৫-১১০ ছেন্টিমিটাৰ, উৎপাদন: ৪.৭-৫.০ টন প্ৰতি হেক্টৰত, শস্য ঋতু: খাৰিফ আৰু ৰবি (বৰো, আহু আৰু শালি হিচাপে)
বিশেষ গুণ: দীঘল মোটা ধান। কিছু পৰিমাণে পাতৰ বেক্টেৰীয়াজনিত ৰোগ, টুংৰু ভাইৰাছ, বৌখা পচা ৰোগ, পিঁযাজী পোক আদি প্ৰতিৰোধ কৰিব পাৰে।

....