1 views


আজি কেইবছৰমান ধৰি অসমৰ কিছুমান প্ৰাকৃতিক জলাশয়ত মাছমৰীয়াসকলৰ জালত এটা আচহুৱা প্ৰজাতিৰ মাছ পৰাৰ তথ্য পোৱা গৈছে। কঠিন বৰ্মৰ দৰে মূৰৰ খোল, দেহৰ উপৰিভাগত কবচৰ দৰে কঠিন বাকলিৰ আৱৰণ থকা, সৰু সৰু ক'লা চকু, পেটৰ ফালে বাকলিহীন পখৰা ছাল, মূৰৰ তলফালে থকা ডাঠ মঙহহাল শোহক ওঁঠ, তুলনামূলকভাৱে ডাঙৰ কঠিন পাখিৰ সৈতে ক'লা আৰু ছাইৰঙৰ পখৰা (ছবি চাওক) এই অতি অদ্ভূত ধৰণৰ মাছ প্ৰজাতিক লৈ মাছমৰীয়া তথা সাধাৰণ ৰাইজৰ মাজত যথেষ্ট উদ্বিগ্নতা তথা অনুসন্ধিৎসুকতাৰ সৃষ্টি হৈছে। তাৰ লগতে বিভিন্ন সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমতো এই মাছ সম্পৰ্কে সংবাদ আৰু চিন্তা চৰ্চা প্ৰকাশ পাইছে। এই মাছবিধৰ সন্দৰ্ভত ৰাইজৰ মাজত সৃষ্টি হোৱা সন্দেহৰ মৰিষণৰ লগতে কিছু সজাগতাৰ সৃষ্টি কৰাৰ উদ্দেশ্যে তলৰ লিখাখিনি আগবঢ়াইছো।
এইবিধ কি মাছ?
এই আচহুৱা মাছবিধ দেখাৰ লগে লগে মানুহৰ মনলৈ স্বাভাবিকতে এই প্ৰশ্নটো আহে। উপৰোক্ত মাছ প্ৰজাতিৰ মূল প্ৰাকৃতিক বাসস্থান আমাৰ ৰাজ্য বা আমাৰ দেশৰ জলাশয় নহয়। এইবিধ বিদেশী মাছহে। এই মাছৰ মূল প্ৰাকৃতিক বাসস্থান হ'ল দক্ষিণ আমেৰিকাৰ জলাশয়সমূহ। ইয়াৰ বৈজ্ঞানিক নাম হ'ল হাইপ'ষ্ট'মাছ প্লেক'ষ্টমাছ (Hypostomus plecostomus) আৰু ইংৰাজীত সাধাৰণভাবে এই মাছক Common Pleco (প্লেক') আৰু Armored sucker mouth catfish (কবচধাৰী শোহকমুখী কেট্ ফিছ) বুলি জনা যায়। এই মাছবিধ আমাৰ চিনাকী স্বদেশী মাছ মাগুৰ, শিঙি, বৰালী, শিঙৰা আদিৰ লগত একে চাইলুৰীফৰ্মিচ (Siluriformis) বৰ্গৰ অন্তৰ্ভুক্ত। কিন্তু, এই মাছৰ পৰিয়াল বেলেগ। ই ল'ৰিকেৰিডী (Loricaridae) নামৰ বিশেষ পৰিয়ালৰহে সদস্য।
মাছটোৰ বিশেষত্ব সমূহ: মাগুৰ, শিঙি মাছৰ দৰে এই প্ৰজাতিৰ মাছৰো বায়ুশ্বসন ক্ষমতা আছে। অৰ্থাৎ এই মাছে তাৰ বিশেষ অ‌ঙ্গৰ সহায়ত বায়ুৰ পৰাও অম্লজান উশাহত ল'ব পাৰে। এই মাছবিধৰ পাকস্থলীটো তুলনামূলকভাবে যথেষ্ট ডাঙৰ আৰু পাকস্থলীৰ বেৰ অসংখ্য ৰক্তবাহী নলীকাৰে আবৰি থকা। এই পাকস্থলীটোৱে প্ৰয়োজন সাপেক্ষে বায়ুশ্বাসী অংগ হিচাপে কাম কৰে যাৰ সহায়েৰে এই মাছ প্ৰজাতিয়ে পানীৰ বাহিৰত ২০ ঘন্টালৈকে জীয়াই থাকিবলৈ সক্ষম হ'ব পাৰে। দ্ৰৱীভূত অম্লজান কম পৰিমাণে থকা, ঘোলা আৰু কিছু পৰিমাণে প্ৰদূষিত পানীতো এই মাছে দীৰ্ঘ সময় ধৰি জীয়াই থাকিব পাৰে। আনহাতে এই মাছৰ কিছু পৰিমাণে লুণীয়া পানীতো (প্ৰতি লিটাৰ পানীত ৬-১২ মিলিগ্ৰাম পৰ্যন্ত) জীয়াই থকাৰ ক্ষমতা আছে। এই মাছৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ১৫ ছেন্টিমিটাৰ মান হলেই প্ৰজননক্ষম হয় আৰু উপযুক্ত পৰিৱেশ পালে বছৰত কেবাবাৰো কণী পাৰি পোনা জগাব পাৰে। ইয়াৰ বাবে মাছবিধে জলাশয়ৰ সুবিধাজনক অংশত (সাধাৰণতে পাৰৰ কাষৰ তৰাং অংশত) মাটি খান্দি সুৰংগৰ দৰে বাঁহ সাজি তাত কণী পাৰে তথা পোনা জগায়। পোনাবিলাক ডাঙৰ নোহোৱালৈকে পিতৃ মাছে সিহঁতক পহৰা দিয়ে আৰু যত্ন লয়। সাধাৰণতে পৰিব্ৰজন নকৰে যদিও প্ৰয়োজন সাপেক্ষে ই তাৰ বিশেষধৰণৰ শুহিব পৰা মুখ আৰু কঠিন পাখিৰ সহায়েৰে সেমেকা ঠাইত বহু দূৰলৈকে বগাই যাব পাৰে। কঠিন বৰ্মৰ দৰে আৱৰণ থকা এইবিধ মাছক সহজে শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰে। উপৰোক্ত তথ্যসমূহৰ দ্বাৰা এই কথা সহজে প্ৰতীয়মান হয় যে এই মাছবিধ অন্য মাছৰ তুলনাত অধিক শক্তিশালী। অতি কঠিন পৰিৱেশ পৰিস্থিতিতো এই মাছবিধে নিজকে খাপ খুৱাই স্বচ্ছন্দে জীয়াই থাকিব পাৰে আৰু যিকোনো এটা জলাশয়ত প্ৰৱেশ কৰি সহজে নিগাজীকৈ নিজৰ বংশ বিস্তাৰ কৰিব পাৰে।
মাছটোৰ খাদ্যাভ্যাস: এই মাছ প্ৰজাতিৰ খাদ্যাভ্যাস সৰ্বভোজী। সাধাৰণতে জলাশয়ৰ পানীৰ তলী অংশত থকা শেলাই, তলীত পৰি থকা কাঠ, শিল বা কোনো সামগ্ৰীৰ ওপৰত গজা পেৰিফাইটন, গেলা-পচা জৈৱিক পদাৰ্থ, পোক-পতংগ, মৰা মাছ আদি খাদ্য হিচাপে গ্ৰহণ কৰে। কিন্তু প্ৰয়োজন হ'লে ইহঁতে খাদ্যৰ বাবে জীৱিত মাছৰ ওপৰতো আক্ৰমণ কৰে বুলি জানিব পৰা যায়।
অৰ্থনৈতিক গুৰুত্ব:
এই মাছৰ খাদ্য হিচাপে গুৰুত্ব অতি কম যদিও আলংকাৰিক মাছ হিচাপে সমগ্ৰ বিশ্বতে ইয়াৰ চাহিদা আছে। একুৱাৰিয়ামৰ কাঁচৰ বেৰত সাধাৰণতে হোৱা শেলাইৰ আৱৰণ, তলীৰ জৈৱিক আৱৰ্জনা খাই পৰিষ্কাৰ কৰিব পৰা গুণৰ বাবে ই একুৱাৰিয়াম ৰাখোঁতাৰ মাজত যথেষ্ট জনপ্ৰিয়। ইয়াৰ শোহক ওঁঠৰ দ্বাৰা একুৱাৰিয়ামৰ কাঁচৰ বেৰ, শিল বা একুৱাৰিয়ামত ৰখা অইন সামগ্ৰীত লাগি ধৰিব পাৰে।
এতিয়া প্ৰশ্ন হয়, এই বিদেশী মাছ প্ৰজাতি অসমৰ নদী বিল আদি প্ৰাকৃতিক জলাশয়লৈ আহিল কেনেকৈ?
এই সম্পৰ্কে কোনো প্ৰমাণিত তথ্য নাই যদিও, অনুমান কৰা হৈছে যে একুৱাৰিয়ামত বিদেশী আলংকাৰিক মাছ ৰাখোতা বা বিদেশী আলংকাৰিক মাছৰ ব্যৱসায়ৰ লগত জড়িত মানুহৰ জৰিয়তে, জ্ঞাতে বা অজ্ঞাতে এই মাছ প্ৰজাতি প্ৰাকৃতিক জলাশয় সমূহত প্ৰৱেশ কৰিছে। কেৱল অসমতেই নহয়, ভাৰতবৰ্ষৰ বিভিন্ন নদী তন্ত্ৰ আৰু পৃথিৱীৰ বিভিন্ন ঠাইৰ জলাশয়ত এই মাছে অনাকাঙ্খিতভাবে প্ৰৱেশ কৰি থলুৱা মাছ প্ৰজাতিৰ লগতে সমগ্ৰ পৰিৱেশতন্ত্ৰলৈ সংশয় নমাই আনিছে। যিটো হৈছে আলংকাৰিক মাছৰ ব্যৱসায়ৰ জৰিয়তেই।
যিহেতু আলংকাৰিক মাছ হিচাপে এই মাছ প্ৰজাতিৰ যথেষ্ট চাহিদা আছে, অসমৰ প্ৰায়বোৰ একুৱাৰিয়ামৰ ব্যৱসায়ীয়ে এই মাছ বিদেশৰ পৰা সৰবৰাহ কৰে। সাধাৰণতে এই মাছ খুব সৰু আকাৰতে (৩-৫ চেন্টিমিটাৰ) বাহিৰৰ পৰা আমদানি কৰা হয় যদিও একুৱাৰিয়ামত থকা অৱস্থাত ই অতি দ্ৰুত গতিত বৃদ্ধি পায়। এই মাছ প্ৰায় ৫০ চেন্টিমিটাৰ (ডেৰ ফুটৰ অধিক) পৰ্যন্ত ডাঙৰ হোৱাৰ তথ্য পোৱা যায় আৰু একুৱাৰিয়ামত ১০ বছৰ মানলৈকে জীয়াই থাকে। ডাঙৰ হৈ অহাৰ লগে লগে এই মাছ কিছু পৰিমাণে উদণ্ড হৈ পৰে আৰু একুৱাৰিয়ামৰ তলীৰ শিল, বালি, এৰেটৰ, ফিল্টাৰ, সজোৱা সামগ্ৰী আদি লণ্ডভণ্ড কৰাৰ লগতে একেলগে থকা বেলেগ মাছৰ বাবেও সন্ত্ৰাসৰ কাৰণ হৈ পৰে। এই কাৰণতেই প্ৰকৃততে এই মাছ পালনকৰোতা বা ৰাখোতাই ডাঙৰ হোৱাৰ পাছত সংশ্লিষ্ট একুৱাৰিয়ামৰ পৰা উলিয়াই কোনো জলাশয়ত মেলি দিয়ে। কালক্ৰমত এই মাছে ক্ষীপ্ৰতাৰে বংশবৃদ্ধি কৰি জলাশয়ৰ আন থলুৱা মাছ প্ৰজাতিৰ আবাদী লৈ সংকট নমাই অনাৰ লগতে জলাশয়ত ইয়াৰ কাৰ্যকলাপে পাৰৰ গৰাখহনীয়া, পানীৰ গুণাগুণৰ অৱনতি কৰাৰ লগতে সমগ্ৰ পৰিৱেশ তন্ত্ৰলৈ ভাবুকি কঢ়িয়াই আনে।
এই মাছৰ আগ্ৰাসন ৰোধৰ বাবে লবলগীয়া পদক্ষেপ:
ভাৰতবৰ্ষৰ গোদাবৰী, কৃষ্ণা আদি নদীৰ লগতে বিভিন্ন গুৰুত্বপূৰ্ণ জলাশয়ত এই মাছে ইতিমধ্যেই বংশবৃদ্ধি কৰি প্ৰাকৃতিক অৱক্ষয়ৰ সূচনা কৰিছে। অসমত এতিয়াও সেই পৰ্যায় পোৱা নাই যদিও এতিয়াই এই মাছৰ আগ্ৰাসন ৰোধ কৰিবলৈ উপযুক্ত পদক্ষেপ লোৱাৰ প্ৰয়োজন। একুৱাৰিয়াম ৰাখোতা আৰু আলংকাৰিক মাছৰ ব্যৱসায়ৰ লগত জড়িতলোকসকলে এইক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাতো অতি প্ৰয়োজন। এনে মাছ পৰাপক্ষত আমদানি নকৰাই যুগুত। আমদানি কৰিলেও প্ৰাকৃতিক জলাশয় বা অসংৰক্ষিত পুখুৰীত নেমেলি সংৰক্ষিত কৰি ৰাখিব পৰা পকী বা প্লাষ্টিকৰ পুখুৰী বা চিষ্টাৰ্নতহে মেলিব লাগে বা নষ্ট কৰি পেলাব লাগে। অন্যথাই নিয়ন্ত্ৰিত পৰিৱেশত সাৱধানে ৰাখি আলংকাৰিক মাছ হিচাপে নিয়ন্ত্ৰিত বংশবৃদ্ধি আৰু উৎপাদন কৰিব পৰা যায়। এইক্ষেত্ৰত সকলোৰে মাজত সজাগতাৰ লগতে চৰকাৰেও এইক্ষেত্ৰত নিয়ন্ত্ৰণমূলক নীতি-নিৰ্দেশনাৰে কঠোৰ ব্যৱস্থা ল'ব লাগে। বহুত দেশত এই মাছবোৰ ধৰি আজিকালি হাঁহ, কুকুৰা বা মাছৰ খাদ্যৰ উপকৰণ হিচাপে ব্যৱহাৰ কৰিছে। ছালৰ পৰাও বিভিন্ন সামগ্ৰীৰ ব্যৱসায়িক উৎপাদনত ব্যৱহাৰ কৰি ইয়াৰ বংশ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰা হৈছে।
অসমত এতিয়া প্ৰয়োজনীয় পদক্ষেপ হ’ল- এই মাছ সম্বন্ধে মানুহক সজাগ কৰা, আলংকাৰিক মাছৰ লগত জড়িতসকলক চৰকাৰী নীতি-নিৰ্দেশনাৰ আৱেষ্টনীৰ মাজলৈ অনা আৰু প্ৰাকৃতিক জলাশয়সমূহত এই মাছৰ আগ্ৰাসনৰ ওপৰত চোকা দৃষ্টি ৰখা।

লেখিকাৰ ঠিকনাঃ প্ৰধান বিজ্ঞানী, মীন গৱেষণা কেন্দ্ৰ, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট