1 views

অসমত সফলভাবে কৰিব পৰা খেতিৰ ভিতৰত কলখেতি অন্যতম। ব্যৱসায়ভিত্তিত কলৰ বাগান পাতি গছবোৰ সুস্থ-সবল কৰি ৰাখিবলৈ হ’লে কিছুমান বিজ্ঞানসন্মত পৰিচৰ্যা সময়মতে লোৱাতো আতি জৰুৰী। তেনে কিছুমান পৰিচৰ্যাৰ বিষয়ে জানি লওঁ আহকচোন-
- কল খেতিডৰা চাফ-চিকুনকৈ ৰখাটো কলখেতিৰ বাবে অতি প্ৰয়োজনীয়। কলৰ বাগানত চাফ-চিকুন কৰোতে ওলোৱা জাৱৰ-জোঠৰবোৰ কলগছৰ মাজৰ খালিঠাইত দুদিনমান শুকাবলৈ দি পুনৰ কলগছৰ গুৰিতে জাপি দিব লাগে যাতে গুৰিটো সামান্য ওখ হৈ থাকে। এইক্ষেত্ৰত, বনুৱাৰ ব্যয়ৰ কথা লক্ষ্য ৰাখি কলগছৰ মাজত আগতীয়াকৈ অৰ্থাৎ পুলি ৰোপনৰ সময়তে ক’লা ৰঙৰ প্লাষ্টিক আচ্ছাদন (Black Poly-mulch) ব্যৱহাৰ কৰিব পাৰি। ইয়াৰবাবে মাটিডৰাত নিৰ্দিষ্ট দূৰত্বত সামন্য ওখ ভেটি কৰি তাত আচ্ছাদন খন পাৰি দিব লাগে আৰু নিৰ্দিষ্ট ৰোপন দূৰত্বৰ অন্তৰত ফুটা কৰি কলৰ পুলি ৰোপন কৰিব লাগে।
- কল গছত ওলমি থকা শুকান বা পচি যোৱা পাতবোৰ সাৱধানে কাটিব লাগে আৰু বাৰীখনৰ এচুকত পচনসাৰৰ গাঁত খান্দি তাত পেলাব লাগে।
- ডিল ওলোৱা কল গছবোৰত (মাতৃগছত) এটা মাত্ৰ স্বাস্থ্যবান পুলি ৰাখি বাকী পোখা পুলিবোৰ সাবধানে উঠাই দিব লাগে যাতে মূঢ়াটোৰ পৰা পুনৰ পুলি ওলাব নোৱাৰে।
- তিনি বছৰীয়া কল খেতিডৰা সম্পূৰ্ণকৈ মূঢ়াৰে সৈতে উভালি মাটিডৰা ভালদৰে চহাই, পৰিষ্কাৰ কৰি পুনৰ কল গছ ৰোপন কৰিব লাগে।
- কলৰ ঠোক ওলোৱাৰ পিছতে (কলবোৰ আঙুলি আকাৰৰ হওঁতে) পলিথিন নাইবা কাপোৰৰ বেগেৰে (Nonoven Cloth)) ঢাকি ৰখাৰ ব্যৱস্থা কৰিব লাগে। এনে কৰিলে কলবোৰ পোকে খোৱাৰ পৰা ৰক্ষা পৰে আৰু কলৰ গুণগত মানদণ্ড বৃদ্ধি হয় আৰু বজাৰত উচিত মূল্য পোৱা যায়।
- হালি যোৱা কলগছবোৰত, বিশেষকৈ ঠোক ওলোৱা গছবোৰত ঢোকা দিয়াৰ ব্যৱস্থা কৰিব লাগে।
- কল খেতি ডৰাত পানী জমা ন’হবৰ বাবে উপযুক্ত স্থানত নলাৰ ব্যৱস্থা কৰিব লাগে যাতে কোনো কাৰণতে পানী জমা হৈ কলখেতিডৰা অনিষ্ট কৰিব নোৱাৰে।
- কলখেতিত অনুমোদিত হাৰত পচনসাৰ আৰু জৈৱিক নাইবা ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব লাগে যাতে কল গছবোৰে পুষ্টিমৌল অভাৱজনিত ৰোগত আক্ৰান্ত নহয়। অসম কৃষি বিশ্ব-বিদ্যালয়ে অনুমোদন জনোৱা ৰাসায়নিক সাৰৰ প্ৰয়োগবিধি নিম্নলিখিত তালিকাত সন্নিৱিষ্ট কৰা হ’ল-

প্ৰয়োগ সময় প্ৰয়োগ সময় পচন সাৰ(কিলোগ্ৰাম) ইউৰীয়া (কিলোগ্ৰাম) একক চুপাৰ ফচফেট সাৰ(SSP) (কিলোগ্ৰাম) মিউৰেট অব পটাছ(MOP)(কিলোগ্ৰাম)
পুলি ৰোপনৰ সময়ত (প্ৰতিটো পুলিত) ১২
ৰোৱাৰ ৩ মাহৰ পিছত (প্ৰতিটো পুলিত) ৪৮ ২০৬ ৮৩
ৰোৱাৰ ৫ মাহৰ পিছত (প্ৰতিটো পুলিত) ৭২ ১৩৭
ৰোৱাৰ ৭ মাহৰ পিছত (প্ৰতিটো পুলিত) ৭২ ১৬৫
ৰোৱাৰ ৯ মাহৰ পিছত (প্ৰতিটো পুলিত) ৪৮ ১৬৫


- এই সময়তে কল গছজোপা বিভিন্ন ৰোগ-ব্যাধিত আক্ৰান্ত হ’ব পাৰে। ইয়াৰবাবে অভিজ্ঞ কৃষি বিশেষজ্ঞৰ লগত যোগাযোগ কৰি ৰোগ-ব্যাধিৰ চিনাক্তকৰণ কৰিব লাগে আৰু অনুমোদন জনোৱা বিধিমতে ব্যৱস্থা ল’ব লাগে। এইক্ষেত্ৰত ‘সেউজ সাৰথি’ (SeujXarothi) এপচটো ‘গুগল প্লে-ষ্ট’ৰ’ৰ পৰা ডাউনলোদ কৰি খেতিয়কে নিজাকৈও ৰোগ চিনাক্তকৰণ কৰিব পাৰে আৰু সেইমতে ব্যৱস্থা ল’ব পাৰে।

লেখিকাৰ ঠিকনাঃ কনিষ্ট বিজ্ঞানী, আঞ্চলিক গৱেষণাগাৰ, কৃষি বিশ্ব-বিদ্যালয়, চিলঙনী, নগাঁও