1 views


জৈৱ-বৈচিত্রাৰে চহকী অসম তথা উত্তৰ পূব্বাৰ্ঞ্চল সমগ্র পৃথিবীৰ ৰেচম মানচিত্রত এক অনন্য স্থান লাভ কৰি আহিছে । ব্যৱসায়িক ৰূপত পালন কৰা চাৰিত্ত বিধ ৰেচম এৰী, মুগা, পাট আৰু তচৰ এই অঞ্চলত পোৱা যায়। অনুকূল বাতাৱৰণ তথা পযাৰ্প্ত পৰিমাণে পোৱা খাদ্য-বৃক্ষৰ কাৰনে এৰী পলু পালনত উত্তৰ-পূব্বাৰ্ঞ্চল সমগ্র পৃথিবীৰ ভিতৰতে অগ্রণী। কিন্তু প্রণালীবদ্ধ খেতি নথকাৰ বাবে এই শিল্পই ব্যৱসায়িক ৰূপত গা কৰি উঠিব পৰা নাই। অসমৰ বিটিচিৰ ওদালগুৰি, কাৰ্বিআংলঙৰ ডিফু আদি জনজাতি অধ্যুষিত অঞ্চলত এৰী শিল্প বহুলৰূপত কৰা দেখা যায়।
এৰী পলু এবিধ বহুভক্ষী ৰেচম প্রজাতি। ইংৰাজীত ইয়াক ‘পলিফেগাচ’ কোৱা হয়। প্রধান খাদ্য-বৃক্ষ এৰা আৰু কেচেৰু গছৰ উপৰিত্ত ই শিমলু আলু, বৰপাত, বৰকেচেৰু, পায়াম, গুলঞ্চ, গমাৰী, কঢ়া আদি বহু গছৰ পাত ভক্ষণ কৰে। এৰা গছৰ পাত মূলতে ভক্ষণ কৰা বাবে ই এৰী পলু নামেৰে বিখ্যাত। এই অসমীয়া নামকৰণৰ বাবে এৰী পলু অসমত উৎপতি হোৱা বুলি গণ্য কৰা হয়। প্রধান খাদ্য-বৃক্ষ এৰা আৰু কেচেৰু গছৰ প্রণালীবদ্ধ খেতি প্রণালী কৃষকৰ বাবে অনুমোদন কৰা হৈছে। সাম্প্ৰতিক Covid-19 অতিমাৰীৰ (Pandemic) ক্ষেত্ৰত উদ্ভৱ হোৱা শ্ৰমিক সমস্যা নিবাৰণৰ বাবে এৰী শিল্পই উল্লেখযোগ্য ভূমিকা লোৱাৰ যথেষ্ট অৱকাশ আছে।
এৰাগছ ৰোপন পদ্ধতি:
- অম্ল অথবা ক্ষাৰযুক্ত যিকোনোধৰণৰ মাটিত এৰা খেতি কৰিব পাৰি। কিন্তু, জৈৱিক সাৰযুক্ত মাটিত এৰা কৰিবলৈ উত্তম। পানী জমা হোৱা মাটিত এৰা খেতি কৰিব নোৱাৰি। পানী জমা নহবলৈ নলা কাটি দিব লাগে।
- বাৰিষাৰ আগত বা পাচত এৰা খেতি কৰিব পাৰি।
- চত-বহাগ অথবা আহিন-কাতি মাহ এৰা খেতিৰ বাবে উত্তম ।
- এৰা খেতিৰ বাবে মাটিডোখৰ ভালকৈ হাল বাই ১মি x১মি ব্যৱধানত ২৫x২৫x২৫ ছে.মি. জোখত গাঁত খান্দি প্রতিতো গাঁতত ১ কি.গ্রাম পচা গোৱৰ বা কেঁচুসাৰ মিহলাই দিব লাগে।
- ফৰকাল বতৰত পূৰঠ, নিৰোগী এৰা বীজ সংগ্রহ কৰিব লাগে। তাৰপিচত প্রতি কিঃগ্রাঃ গুটিত ২-৩ গ্রাম ভেঁকুৰনাশক (কাৰ্বানদাজিম বা মেনক’জেব) মিহলাই প্রতিটো গাঁতত দুটাকৈ গুটি সিঁচিব লাগে। ডাঙৰ হলে এটা পুলি উভালি দিব লাগে। ৭-১০ দিনৰ পাচত বীজ অংকুৰিত হয়।
- নিয়মীয়াকৈ ঘাঁহ বন নিৰাই দিব লাগে।
- পাউদাৰবিহীন ৰঙা জাতৰ এৰা (এন.বি.আৰ-১) পলু পোহাৰ বাবে উত্তম। সম্প্রতি এন.বি.আৰ-২ আৰু এন.বি.আৰ-৩ নামৰ অধিক উৎপাদনক্ষম জাত অনুমোদন কৰা হৈছে।
- জৈৱিক সাৰ কম থকা মাটিত এৰা খেতি কৰিলে প্রতি জোপা এৰা গছত প্রথম কিস্তিত ইউৰীয়া ১৩ গ্রাম, ফচফেট ২৫ গ্রাম আৰু পটাচ ৩ গ্রাম বীজ অংকুৰণৰ এমাহ পাচত প্রয়োগ কৰা হয়। তিনিমাহৰ পাচত দ্বিতীয় কিস্তি সাৰ ইউৰীয়া-৭ গ্রাম প্রয়োগ কৰিব লাগে।
- এৰা খেতিৰ পৰা প্রতি বিঘাত (জেঠ-আহাৰ, শাওন-ভাদ, আহিন- কাতি, আঘোন- পুহ) চাৰিবাৰ পাত ছিঙি মুঠ ১৬০০ (কি.গ্রাম) পাত উৎপাদন কৰিব পাৰি। ইয়াৰ পৰা ৪০০ জনী চকৰী পুহিব পাৰি।
- এৰা গছক কীট পতঙ্গৰ ভড়াল আখ্যা দিয়া হয়। বিছা, চেমিলুপাৰ আদি উল্লেখযোগ্য। ভেকুঁৰজাতীয় ৰোগ ‘চাৰকচপৰা লিফ স্পট’, ‘অলটাৰনেৰীয়া লিফ ব্লাইট’ ৰোগ হোৱা পাত ছিঙি জলাই দিব লাগে। বেছি হলে ০.৩% কপাৰ অক্সিক্লৰাইদ অথবা ০.২৫% মেনকজেব ২-৩ বাৰ ছটিয়াই দিব লাগে। ‘ফিউজেৰিয়াম উই্লট’ প্রতিৰোধৰ বাবে প্রতি কি.গ্রা. বীজত ২-৩ গ্রাম থিৰাম অথবা ২ গ্রাম কাৰবানদেজিম মিহলাব লাগে। ‘চেমিলুপাৰ’ অথবা বিছা জাতীয় কীট আক্রান্ত পাত ছিঙি জ্বলাই দিব লাগে। কীট-নাশক দ্রব্য পৰাপক্ষত ব্যৱহাৰ নকৰাই ভাল ।
কেচেৰু ৰোপন পদ্ধতি:
কেচেৰু গছ ৰোপন পদ্ধতিত দুটা বিষয় জড়িত হৈ আছে। প্রথমতে পুলি উৎপাদনৰ বাবে নাৰ্চাৰী কৰি তাৰ পাচত পুলি ৰোপন কৰা হয়।
কেচেৰু নাৰ্চাৰী:
কেচেৰু নাৰ্চাৰীৰ বাবে পানী জমা নোহোৱা এঢলীয়া মাটি সৰ্বোত্তম। ফাগুন-চ’ত মাহত ইয়াৰ নাৰ্চাৰী কৰা হয়।
নাৰ্চাৰীৰ বীজতলি প্রস্তুতকৰণৰ :
কেচেৰু বৃক্ষৰ বীজতলী ২-৩ বাৰ হালবাই সমান কৰি লব লাগে। ৬ x ২ মিটাৰ জোখৰ বীজতলী তৈয়াৰ কৰি ১৫ ছে.মি ওখকৈ ৰাখিব লাগে। প্রতিখন বীজতলীত প্ৰায় ৩০ কিলোগ্ৰাম গোৱৰ প্রয়োগ কৰি ২ সপ্তাহ ৰাখি থ’ব লাগে। খেৰৰ অথবা ছাঁ-জালিৰ তলত নাৰ্চাৰী কৰিলে সুফল পাব পাৰি আৰু বীজৰ অংকুৰণ ভালকৈ হয়।
বীজ সংগ্রহ:
চৰাই-চিৰিকতিয়ে খাব নোৱাৰাকৈ কেচেৰু গছৰ গুটি জালেৰে ঢাকি দিব লাগে । ফাগুন-চত মাহত পূৰঠ গুটি সংগ্রহ কৰি এৰাতি পানীত জুবুৰিয়াই ৰাখিব লাগে। পিচদিনাখন গুটিবোৰ বস্তা এখনত ঘঁহি বাকলি গুচাই লব লাগে। মাত্র পনীত ডুব যোৱা গুটি সিঁচিবৰ বাবে লব লাগে। নিয়মীয়াকৈ হাবি-বননি নিৰাই দিব লাগে। ০.০৫ % ৰগৰ আৰু ০.১ % ইন্দফিল এম ৪৫ ছটিয়াই কীট পতংগ আৰু ৰোগ প্রতিৰোধ কৰিব পাৰি। ইয়াৰবাবে কৃষি বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো প্ৰয়োজন।
কেচেৰু গছৰ ৰোপন:
পানী জমা নোহোৱা এঢলীয়া মাটি সৰ্বোত্তম। বাৰিষাৰ পাচত কেচেৰু ভাদ- আহিন মাহত ২মি x ২মি অথবা ৩ মি x ৩মি দূৰত্ব ব্যৱধান ৰাখি কেচেৰু খেতি কৰা হয়। ৩ মি x ৩মি দূৰত্ব ব্যৱধান ৰাখিলে অন্তৱৰ্তী শস্যৰ খেতি যেনে, আদা, হালধী, কচু, জলকীয়া আদি কৰিবলৈ সুবিধা হয় আৰু অধিক উপাৰ্জন কৰিব পাৰি।
কেচেৰু গছৰ উন্নতজাত:
পূ্ৰ্বতে মিশ্র জাতৰ কেচেৰু কৃষকে ৰোপন কৰিছিল। বৰ্তমান HF008 আৰু HF005 উচ্চ উৎপাদনক্ষম মজলীয়া আৰু সৰু পাতৰ দুটা প্রজাতি চিনাক্ত কৰি কৃষকৰ বাবে অনুমোদন কৰা হৈছে।
কেচেৰুগছত সাৰপ্রয়োগ:
প্রথম বছৰত বাৰিষাৰ পাচত প্রতিজোপা গছৰ চাৰিওফালে ঘূৰণীয়াকৈ নলা কাটি ১৫ কিলোগ্ৰাম মান গোৱৰ প্রয়োগ কৰিব লাগে। দ্বিতীয় বছৰৰ পৰা গোৱৰৰ উপৰিও বাৰিষাৰ আগত আৰু পাচত প্রতিজোপা গছত ইউৰীয়া-৫০ গ্রাম, একক চুপাৰ ফচফেট- ৯০ গ্রাম আৰু পটাচ-১০ গ্রাম প্ৰয়োগ কৰিব লাগে।
কেচেৰুগছৰ কলম পদ্ধতি:
পাঁচবছৰ বয়স হোৱাৰ পাচত গা-গছজোপা শকত হ’লে ১.৭৫ মিটাৰ অথবা ৬ ফুটমান উচ্চতাত কলম দিব লাগে। প্ৰয়োজন অনুসৰি পাঁচবছৰ অন্তৰে অন্তৰে এখাপ ওখ এখাপ তলত কলম দিব লাগে।
পাতৰ উৎপাদন:
প্রতি একৰত ২মি.x২মি. ব্যৱধানত কেচেৰু ৰোপন কৰিলে বছৰি বহাগ-জেঠ, ভাদ-আহিন আৰু কাতি-আঘোন এই তিনিটা সময়ত ১০,০০০ কিঃগ্রাম পাত উৎপাদন কৰি ১০০০ জনী চকৰীৰ কণী পুহিব পাৰি।

লিখকৰ ঠিকনাঃ অৱসৰপ্ৰাপ্ত বিজ্ঞানী, কেন্দ্ৰীয় ৰেচম বৰ্ড, যোৰহাট, অসম