1 views

ব্ৰজেন গগৈ, লখিমপুৰ জিলাৰ পঞ্চাশ বছৰীয়া উদ্যান শস্যৰ এজন কৃষক। এইজন কৃষকেই শেহতীয়াকৈ সকলো উদ্যান শস্যৰ কৃষকৰ বাবে অনুপ্ৰেৰণা হৈ পৰিছে। কাৰণ, উদ্যান শস্যৰ খেতিৰ জৰিয়তে তেখেতে নিজৰ উপাৰ্জন বৃদ্ধি কৰাত মনোনিবেশ কৰিছে। তেখেতৰ কঠোৰ পৰিশ্ৰম আৰু ত্যাগে আজি জিলাখনত এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।


লখিমপুৰ কৃষি চক্ৰৰ নলকটা গাঁৱৰ কৃষক শ্ৰী গগৈয়ে প্ৰায় ২০ বছৰ ধৰি কৃষিকাৰ্যত জড়িত হৈ আহিছে। কৃষক পৰিয়ালৰ সন্তান হিচাপে তেখেতৰ কৃষিৰ প্ৰতি গভীৰ ৰাপ আছে। ২০১৪ চনতে ওচৰৰে জয়হিং নামৰ ঠাইত প্ৰায় ২৩ বিঘা মাটি বন্দোবস্তি (লীজ)ত লৈ আনাসৰ খেতি আৰম্ভ কৰে।
শ্ৰী গগৈৰ মতে, অন্যান্য খেতিতকৈ উদ্যান শস্যৰ খেতি বেছি লাভজনক, কমসময়তে অধিক উপাৰ্জন কৰিব পাৰি। নিজ গৃহ গাঁৱৰ পৰা নিলগত নলকটাৰ নিজ পামতে থাকি বিগত ৬ বছৰ ধৰি তেখেতে পামখনৰ কেনেকৈ উৎপাদন বঢ়াব পাৰি সেইবিষয়ে চেষ্টা কৰি আহিছে।


শ্ৰী গগৈয়ে ২৩ বিঘাৰ আনাৰসৰ খেতিৰ পৰা বছৰি ৪-৫ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। লখিমপুৰ জিলাৰ কৃষি বিভাগ আৰু প্ৰশাসনৰ পৰা ইতিমধ্যে বিভিন্ন প্ৰশিক্ষণ পাবলৈ সক্ষম হৈছে। যিসময়ত কভিদ-১৯ সংহাৰে বহুজনৰ উপাৰ্জনৰ পথ বন্ধ কৰি দিছে, সেইসময়ত ব্ৰজেন গগৈয়ে গ্ৰামাঞ্চলৰ যুৱক-যুৱতীসকলৰ বাবে এক নিদৰ্শণ দাঙি ধৰিছে। কাৰণ তেখেতে সীমিত মাটি আৰু পানী সম্পদকে লৈ কেনেকৈ শস্য পৰিকল্পনা কৰিছে তথা বিভিন্ন কৃষি কাৰ্যত নিজকে মনোনিবেশ কৰিছে, আধুনিক প্ৰযুক্তিকৌশল আৰু পৰম্পৰাগত কৌশল সংমিশ্ৰণ কৰি কেনেকৈ প্ৰয়োগ কৰিছে সেয়া সকলোৱে শিকিবলগীয়া। বহুজন কৃষকৰ বাবে ব্ৰজেন গগৈ অনুকৰণীয় হৈ পৰিছে। আনাৰস খেতিৰ জৰিয়তেই কেনেকৈ স্বাৱলম্বী হব পাৰি সেয়া তেখেতে বাস্তৱত পৰিণত কৰিছে ।

লেখকৰ ঠিকনাঃ কৃষি উন্নয়ন বিষয়া, লখিমপুৰ কৃষি চক্ৰ, লখিমপুৰ জিলা)