1 views

অসমৰ মীন পালন পুখুৰীত সাধাৰণতে দেখা দিয়া সমস্যা বোৰৰ ভিতৰত এটা হৈছে নীলা সেউজীয়া শেলাইৰ বৃদ্ধি। কিছুমান নীলা সেউজীয়া শেলাইৰ অতি বৃদ্ধিৰ ফলত পুখুৰীৰ পানীৰ গুণাগুণৰ অৱনতি ঘটিব পাৰে, মাছৰ বাবে বিষাক্ত পদাৰ্থৰ উৎপন্ন হ'ব পাৰে, তাৰ ফলত মাছৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। আনহাতে এনে শেলাইযুক্ত পানী মানুহ বা পশুধনে খালেও বিষক্ৰিয়া হোৱাৰ লগতে মৃত্যু পৰ্যন্ত হোৱাৰ সম্ভাৱনা থাকে। অৱশ্যে সকলো নীলা সেউজীয়া শেলাইয়ে যে বিষাক্ত গেছৰ উৎপন্ন কৰে এনে নহয়। হ'লেও শেলাইৰ অতিবৃদ্ধিয়ে দ্ৰৱীভূত অম্লজানৰ নাটনিকে ধৰি নানান সমস্যাৰ সৃষ্টি কৰিব পাৰে।
এই নীলা সেউজীয়া শেলাই(Blue green algae) প্ৰকৃততে কি?
নীলা সেউজীয়া শেলাইবোৰ প্ৰকৃততে শেলাই নহয়। চায়েনোবেক্টেৰিয়া নামৰ এবিধ হৰিৎকণা যুক্ত বেক্টেৰিয়াহে। এই বেক্টেৰিয়াই উদ্ভিদৰ দৰেই হৰিৎকণাৰ দ্বাৰা সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা অম্লজানৰ উৎপাদন কৰিব পাৰে। পুখুৰীৰ মাটি বা পানীত নাইট্ৰজেন আৰু ফচফৰাছৰ পৰিমাণ বেছি হ'লে, পুখুৰীৰ তলীত জৈৱিক পদাৰ্থৰ পৰিমাণ অতি বেছি হ'লে, পানীত দ্ৰৱীভূত অম্লজানৰ পৰিমাণ কম থাকিলে, পৰিৱেশৰ তাপমাত্ৰা বৃদ্ধি পালে, এই নীলা সেউজীয়া শেলাইৰ অতিবৃদ্ধি পৰিলক্ষিত হয়। অতি বৃদ্ধি হ'লে পুখুৰীৰ অন্যান্য শেলাই বা উদ্ভিদ আদিৰ লগত লাগি এটা ডাঠ তৰপ তৈয়াৰ কৰে। এই অৱস্থাক সাধাৰণতে bloom বুলি কোৱা হয়। এই bloom ৰ ৰং ডাঠ নীলা সেউজীয়াৰ ওপৰত বগা চিটিকনি পৰাৰ দৰে হয়। এই নীলা সেউজীয়া শেলাইৰ পৰা নিৰ্গত বিষাক্ত দ্ৰব্যৰ প্ৰভাৱত মাছৰ মৃত্যু হোৱাৰ লগতে কালক্ৰমত এই শেলাইবোৰ মৰি পচিবৰ সময়ত দ্ৰৱীভূত অম্লজানৰ নাটনিৰ সৃষ্টি হৈ মাছৰ হানি কৰে। কিছুমান নীলা সেউজীয়া শেলাইৰ অতিবৃদ্ধিয়ে পানী অস্বাভাৱিক গোন্ধ যুক্ত কৰিব পাৰে। মাছৰ দেহতো বোকা বোকা গোন্ধ পোৱা যায়।


শেলাইৰ অতিবৃদ্ধি কেনেদৰে ৰোধ কৰিব?
১) পুখুৰীত নিৰ্দিষ্ট নিৰিখতকৈ অত্যধিক পৰিমাণে নাইট্ৰজেন আৰু ফচফৰাছ জাতীয় সাৰ প্ৰয়োগ নকৰিব। পুখুৰীৰ মাটি পৰীক্ষা কৰি প্ৰয়োজন অনুসৰি সাৰৰ নিৰিখ নিৰ্ধাৰণ কৰি ল'ব। ওচৰৰ খেতি পথাৰৰ পৰা এনে সাৰ যাতে বৰষুণৰ পানীৰ লগত আহি পুখুৰীত পৰিব নোৱাৰে, সেই বিষয়ত সতৰ্ক হব।
২) অত্যধিক হাৰত পৰিপূৰক খাদ্য যোগান নধৰিব। এৰেহা আহাৰে পুখুৰীত নাইট্ৰজেনৰ পৰিমাণ বৃদ্ধি কৰে।
৩) পুখুৰীৰ পাৰত অত্যধিক পাত সৰা গছ থাকিব নালাগে। গছৰ সৰাপাতেও পূখুৰীত জৈৱিক পদাৰ্থৰ পৰিমাণ বৃদ্ধি কৰে।
৪) মাছৰ সংখ্যা পুখুৰীৰ পানী কালি অনুপাতে অনুমোদিত হাৰতহে মেলিব লাগে। অধিক ঘনত্বত থকা মাছৰ মলৰ পৰিমাণ অধিক হৈ জৈৱিক আৱৰ্জনাৰ পৰিমাণ বঢ়ায়। অধিক জৈৱিক আৱৰ্জনাই অন্যান্য কাৰকৰ লগ লাগি নীলা সেউজীয়া শেলাইৰ বৃদ্ধিত সহায় কৰে।
৫) পশু-পক্ষী আৰু মাছৰ প্ৰত্যক্ষ সমন্বিত পালনৰ ক্ষেত্ৰত পশু-পক্ষীৰ সংখ্যা অনুমোদিত নিৰিখতকৈ অধিক কেতিয়াও ৰাখিব নালাগে। অধিক পশু-পক্ষী পালনৰ পৰা নিৰ্গত মল আৰু আন আৱৰ্জনাই পানীত জৈৱিক পদাৰ্থৰ পৰিমাণ বঢ়াই নীলা সেউজীয়া শেলাইৰ অতিবৃদ্ধিৰ কাৰক হৈ পৰে।


অসমৰ জহকালিৰ তাপমাত্ৰা আৰু অন্যান্য কাৰকসমূহ নীলা সেউজীয়া শেলাইৰ অতিবৃদ্ধিৰ বাবে অতি অনুকূল হয়। তাৰ লগতে বানপানী বা বৰষুণৰ পানীৰ সৈতে সোমোৱা নানা ৰাসায়নিক বা জৈৱিক আৱৰ্জনাই পুখুৰীত শেলাইৰ বৃদ্ধিত অৰিহণা যোগায়। বাৰিষা কালি পুখুৰীৰ পানী আৰু পাৰৰ কাষত লহপহকৈ গজি উঠা নল, দল, কচু, মেটেকা, পুনি, কলমৌ আদি মৰি পচি জৈৱিক পদাৰ্থৰ পৰিমাণ বৃদ্ধি কৰে। মুঠৰ ওপৰত সমগ্ৰ পৰিৱেশ নীলা সেউজীয়া শেলাইৰ অতিবৃদ্ধিৰ বাবে অতি অনুকূল হৈ পৰে। সেয়ে এই সময়ত মীন পালক সকলে যথেষ্ট সাৱধানতা অৱলম্বন কৰা উচিত।
নীলা সেউজীয়া শেলাইৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ লবলগীয়া পদক্ষেপ সমূহ:
১) পুখুৰীটোলৈ বায়ুযোগান যন্ত্ৰ বা পাম্পৰ সহায়ত পানী সিঁচৰতি কৰি পৰিবলৈ দি বায়ুৰ যোগান ধৰক।
২) কোনো পৰিষ্কাৰ উৎসৰ পৰা পৰিষ্কাৰ পানীৰ যোগান ধৰক। টিউবৱেলৰ পানীও দিব পাৰিব।
৩) পুখুৰীৰ বা কাষৰ গেলা পচা উদ্ভিদ আদি উঠাই চাফা কৰক।
৪) পৰিপূৰক খাদ্য বা কোনো সাৰ প্ৰয়োগৰ পৰা বিৰত থাকক, পৰিস্থিতিৰ উপশম নোহোৱালৈকে।
৫) সমন্বিত পশু-পক্ষী আৰু মাছ পালন পদ্ধতি হ'লে কিছু দিনৰ বাবে পুখুৰীলৈ পশুপক্ষীৰ মল পৰা বন্ধ কৰক।


ৰাসায়নিক পদ্ধতিৰ ভিতৰত কপাৰ চালফেটৰ প্ৰয়োগেই আটাইতকৈ ফলপ্ৰসূ। প্ৰয়োগৰ হাৰ হ'ল, বিভিন্ন জাতৰ নীলা সেউজীয়া শেলাইৰ বাবে ০.০৬-০.২৫ মিঃগ্ৰাম প্ৰতি লিটাৰ পানীৰ বাবে। কিন্তু মাছ থকা পুখুৰীত কপাৰ চালফেট (CuSo4) দিওঁতে পানীৰ আয়তন অনুযায়ী, শেলাইৰ জাত অনুযায়ী উচিত মাত্ৰাত সাৱধানতা অৱলম্বন কৰি নিদিলে মাছৰ মৃত্যু হ'ব পাৰে। কাৰণ কপাৰ চালফেট মাছৰ বাবে অতি হানিকাৰক, মাছৰ মৃত্যু পৰ্যন্ত ঘটাব পাৰে। মানুহৰ বাবেও ক্ষতিকাৰক। এবাৰ প্ৰয়োগৰ পিছত সেই পানী ১৪ দিনলৈকে মানুহ বা জীৱ-জন্তুৱে ব্যৱহাৰৰ অনুপযোগী হৈ পৰে। কপাৰ চালফেট প্ৰয়োগৰ ফলত হঠাতে মৰি যোৱা শেলাইবোৰ পচি পানী কলুষিত কৰিব পাৰে আৰু দ্ৰৱীভূত অম্লজানৰ নাটনিৰ সৃষ্টি কৰিব পাৰে। তাৰোপৰি কপাৰ চালফেটে পানীৰ অন্যান্য হিতকাৰী জীৱ যেনে প্লাংকটন, পচনকাৰী বেক্টেৰিয়া আদিৰ ওপৰতো কু-প্ৰভাৱ পেলাই সমগ্ৰ পৰিৱেশতন্ত্ৰকে ধ্বংস কৰিব পাৰে। এবাৰ কপাৰ চালফেট প্ৰয়োগ কৰি শেলাই মৰাৰ পিছত উপযুক্ত সাৱধানতা নললে কম সময়ৰ ভিতৰতে পুনৰ অতিচাৰ বৃদ্ধি হোৱাৰো তথ্য পোৱা যায়। গতিকে মীন পালকসকলে এই দিশলৈ লক্ষ্য ৰাখিব আৰু পৰাপক্ষত ৰাসায়নিক দ্ৰব্য প্ৰয়োগ নকৰাকৈ কেৱল উপৰোক্ত বিষয়সমূহত সাৱধানতা অৱলম্বন কৰি আৰু উপৰোক্ত পদক্ষেপ সমূহ লৈহে শেলাইৰ নিয়ন্ত্ৰণ কৰক।

লেখিকাৰ ঠিকনাঃ প্ৰধান বিজ্ঞানী, মীন গৱেষণা কেন্দ্ৰ, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট