1 views


গোলাঘাট জিলাৰ বনগাঁও কৃষি চক্ৰৰ অন্তৰ্গত বুঢ়ালিকচন গাঁৱৰ এজন সকল কৃষক পল্লৱ গগৈ। এটি সৰু পৰিয়ালৰ সৈতে জীৱন নিৰ্বাহ কৰা এইজন কৃষকে ২০ বিঘা মাটিত সমন্বিত কৃষিৰে কৃষিকাৰ্য কৰি আহিছে। চাহখেতি, কলখেতি, তামোল, সাঁচি ইত্যাদিৰ লগতে গাহৰি আৰু মীন পালনেৰে তেওঁ নিজৰ পামখন গঢ়ি তুলিছে। ২০১১ চনতে উদ্যমী পল্লৱৰ গগৈৰ বাৰীতে গোলাঘাট জিলাৰ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা (Agriculture Technology Management Agency, চমুকৈ ATMA) ৰ জৰিয়তে স্থাপন হৈছিল এখনি গাহৰি এখন পাম বিদ্যালয়। সেইয়াই আৰম্ভণি। পাম বিদ্যালয়ত অৰ্জন কৰা বিভিন্ন ব্যৱহাৰিক জ্ঞান আৰু বিভিন্ন প্ৰশিক্ষণৰ অভিজ্ঞতাৰে তেওঁ পৈত্ৰিক সম্পত্তি মাটিখিনিতে এখনি সমন্বিত কৃষি পাম গঢ়ি তোলাৰ মনস্থ কৰিছিল। সেইমতেই তেওঁ আৰম্ভ কৰিছিল এখনি গাহৰি পাম আৰু পিছলৈ সেইখনৰ সম্প্ৰসাৰণ কৰিছিল। পিছত বছৰসমূহত সমন্বিত পদ্ধতিৰে ক্ষুদ্ৰ চাহ বাগিচাৰ লগত কলখেতি, তামোল খেতি আৰু সাঁচি গছ আৰম্ভ কৰিছিল। জলসিঞ্চনৰ বাবে এটি পুখুৰীও আৰম্ভ কৰিছিল। অশেষ কঠোৰ পৰিশ্ৰম আৰু মনোবলেৰে তেওঁ কোনো বিত্তীয় প্ৰতিষ্ঠানৰ সহায় নোলোৱাকৈয়ে আগবাঢ়িছিল নিজ লক্ষ্যৰ দিশত।


বৰ্তমান কৃষি আৰু আনুসঙ্গিক দিশৰ কৰ্মসূচীৰে পামখন জাতিষ্কাৰ হৈ পৰিছে। তেওঁ নিজে নিয়োজিত হোৱাৰ উপৰিও পামখনত গোটেই বছৰ জুৰি দৈনিক গড়ে ২-৩ জনকৈ শ্ৰমিক নিয়োজিত কৰি আহিছে। পামখনত মন কৰিবলগীয়া দিশটোৱেই হ’ল- চাহখেতিত প্ৰয়োজন হোৱা গতানুগতিক ছাঁ গছ ৰোপন কৰাৰ পৰিৱৰ্তে তেওঁ উদ্যান শস্য কলখতি ৰোপন কৰিছে আৰু সোনকালেই উপাৰ্জন পাবলৈ সক্ষম হৈছে। তেওঁৰ পামত প্ৰায় ১২৫০ জোপা কলগছ আছে। ৰাসায়নিক সাৰৰ পৰিৱৰ্তে তেওঁ ব্ৰয়লাৰ মুৰ্গী, গৰু আৰু গাহৰিৰ গোৱৰ ব্যৱহাৰ কৰে।


বৰ্তমান তেওঁ কলপুলি আৰু গাহৰিৰ পোৱালি তিনিচুকীয়া আৰু সীমামূৰীয়া অৰুনাচল ৰাজ্যলৈ বিক্ৰিৰ বাবে পঠাই আছে। যদিও পামখনৰ চাহখেতিৰ পৰা এক বুজন পৰিমাণৰ আয় আহে, কল আৰু কলপুলিৰ পৰা বছৰি প্ৰায় ৫ লাখ উপাৰ্জন কৰে। প্ৰতিটোত ২০-২৫ টকাকৈ কলপুলি বিক্ৰি কৰি প্ৰায় ২.৫ লাখ টকা তেওঁ উপাৰ্জন কৰে। তেওঁৰ মতে কলখেতিৰ পৰা সৰ্বাধিক উপাৰ্জন কৰিব পাৰি। গাহৰি আৰু মীনপালনৰ পৰাও তেখেতে এক ভাল উপাৰ্জন কৰে। বছৰি প্ৰায় ২০ লাখ টকা পামখনৰ পৰা উপাৰ্জন কৰে। সাঁচি গছৰ পৰা বৰ্তমানেও উপাৰ্জন হোৱা নাই।


তেওঁৰ কৃষি কৰ্মৰ স্বীকৃতি হিচাবেই ২০১৮ চনত গোলাঘাট জিলা প্ৰশাসনে সম্বৰ্ধনা জনাইছিল আৰু ২০২০ চনৰ “ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান”ৰ অন্তৰ্গত তামিলনাডুস্থিত “ৰাষ্ট্ৰীয় কল গৱেষণা কেন্দ্ৰ”ই দেশৰ ভিতৰতে এক বিৰল স্বীকৃতি “Banana Farmer Award-2020” প্ৰদান কৰে।
এই ৩৪ বছৰীয়া কৃষকজনে সমন্বিত কৃষিৰ জৰিয়তে এটি স্থায়ী উপাৰ্জনেৰে এক সন্মানজনক জীৱন নিৰ্বাহ কৰি সমাজৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে। অভিনন্দন পল্লব গগৈ ডাঙৰীয়া।
অভিনন্দন পল্লব গগৈ ডাঙৰীয়া।

লেখকৰ ঠিকনাঃ কৃষি উন্নয়ন বিষয়া, বনগাঁও কৃষি চক্ৰ, গোলাঘাট