1 views


সাম্প্ৰতিক সময়ত ন ন কৃষি প্ৰযুক্তি আৰু কৃষি যান্ত্ৰিকীকৰণে বিভিন্ন ধৰণে কৃষিক্ষেত্ৰত ইতিবাচক পৰিবৰ্তন আনিব পাৰিছে। যেনে, উচিত মাত্ৰা আৰু সঠিক সময়ত ৰাসায়নিক সাৰ আৰু কীটনাশকৰ প্ৰয়োগ, ট্ৰেক্টৰ, পাৱাৰটিলাৰ আৰু বিভিন্ন কৃষি যন্ত্ৰৰ প্ৰয়োগ ইত্যাদি। এনেধৰণৰ কৃষিকৰ্মৰ জৰিয়তে কম সম‌য়তে গুণগতভাৱে অধিক কৃষিকৰ্ম সম্পাদন, কৃষকৰ কায়িক শ্ৰম লাঘৱ, কৃষিত উৎপাদনৰ ব্যয় হ্ৰাস, কৃষিৰ উৎপাদন বৃদ্ধি, বৰ্ধিত উৎপাদনৰ লাভজনক ব্যৱহাৰ আদি উল্লেখ কৰিব পাৰি। বৰ্তমান জৈৱ-প্ৰযুক্তিৰ জৰিয়তে আগতে খেতিৰ অনুপযোগী মাটিতো কৃষকে খেতি কৰিব পৰা হৈছে। জেনেটিক ইঞ্জিনিয়াৰিঙৰ জৰিয়তে শস্যৰ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰি পোক-পৰুৱা, বেমাৰ, বন-বাত প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰাৰ লগতে উন্নত প্ৰযুক্তিৰে খেতি কৰি মাটিৰ সংৰক্ষণ কৰাৰ উপৰিও খৰাং পৰিস্থিতিতো খেতি কৰিব পৰা হৈছে। এনেদৰে কৃষকে কৃষি সামগ্ৰী ব্যৱহাৰ হ্ৰাস কৰাৰ ফলত শস্যৰ উৎপাদনৰ ব্যয় ৰাহি কৰিব পাৰিছে। জৈৱ-প্ৰযুক্তিৰ জৰিয়তে কৃষকে কম মাটিত পৰিৱেশ বহনক্ষম ব্যৱস্থাৰ জৰিয়তে খেতি কৰি অধিক উৎপাদন পাব পাৰিছে।


কৃষিক্ষেত্ৰত আধুনিক প্ৰযুক্তি বুলি ক'লে প্ৰথমতে কৃষি যান্ত্ৰিকীকৰণৰ কথাকে মনলৈ আহে। বৰ্তমান কৃষিক্ষেত্ৰখনত বনুৱাৰ অভাৱ এক সমস্যা ৰূপে দেখা দিছে। বনুৱাৰ দৈনিক মজুৰিও দিনে দিনে বাঢ়ি গৈছে। এনেক্ষেত্ৰত আধুনিক কৃষি প্ৰযুক্তি যেনে: শস্য ৰোপণ কৰা যন্ত্ৰ, শস্য চপোৱা যন্ত্ৰ, উৎপাদিত শস্য সঠিক সম‌য়ত সঠিকভাৱে মজুত ৰখা ইত্যাদি জৰিয়তে খেতিয়কে কম খৰচতে, কম সময়তে অধিক উৎপাদন পাব পাৰিছে। এই সঁজুলিসমূহ বেছি ভাগেই ট্ৰেক্টৰৰ দ্বাৰা চালিত হয়।
- হালবোৱা যন্ত্ৰৰ সহায়ত মাটিৰ উপৰিভাগৰ কঠিন মাটিৰ টুকুৰাবোৰ ভাঙি কোমল কৰি মাটিৰ ওপৰিভাগ মসৃণ কৰাৰ উপৰিও মাটিৰ গাঠনি ঢিলা কৰে।
- বীজ সিঁচা যন্ত্ৰই বীজবোৰ সঠিক ঠাইত পেলাই আৰু উপযুক্ত দ'ত ৰুই মাটিৰে ঢাকি দিয়ে। ইয়াৰ দ্বাৰা বীজবোৰ সমভাৱে ৰোপণ কৰিব পাৰি।
- শস্য ৰোপন কৰা যন্ত্ৰবিধ ট্ৰেক্টৰৰ পিছফালে লগাই লোৱা হয় আৰু কঠিয়াবোৰ শাৰী শাৰীকৈ উপযুক্ত ব্যৱধানত বিশেষ ব্যৱস্থাৰে পথাৰত ৰোপণ কৰা হয়।
- কিছু কিছু ক্ষেত্ৰত স্বয়ংক্ৰিয় যন্ত্ৰৰে শস্য চপোৱা যন্ত্ৰ, স্প্ৰে মেচিন, সাৰ প্ৰয়োগ কৰা যন্ত্ৰ, ৰোপন যন্ত্ৰ আৰু বীজ সিঁচা যন্ত্ৰ আদি চালিত কৰা হয়।


আজিকালি জি পি এছ ব্যৱস্থাৰ জৰিয়তে স্বয়ং চালিত স্প্ৰে মেচিন আৰু শস্য চপোৱা, শস্য ৰোপন কৰা ইত্যাদি সহজ হৈ পৰিছে। কৃষিক্ষেত্ৰত যিহেতু সময়মতে ৰোপন কৰা, শস্য চপোৱা আৰু শস্য ভৰালত মজুত ৰখা ইত্যাদি সময়মতে সম্পন্ন কৰাতো দৰকাৰ, জি পি এছ ব্যৱস্থাৰ জৰিয়তে ই সঠিক আৰু দক্ষতাপূৰ্ণ ব্যৱস্থাৰে কৰিবৰ বাবে সুবিধা হৈছে। জি. পি.এছ ব্যৱস্থাত স্প্ৰে-মেচিন বা ট্ৰেক্টৰ আদি চলাবলৈ কোনো চালকৰ প্ৰয়োজন নাই, ইন্ধন বা আন যন্ত্ৰ-পাতিৰ ব্যৱহাৰ নহয় আৰু মানুহৰ দ্বাৰা পৰিচালিত হ'লে হ'ব পৰা সম্ভাৱ্য ভুলসমূহ নহয়। এই ব্যৱস্থাৰ ব্যৱহাৰ শস্যৰ প্ৰৰ্দশনমূলক খেতিত অতি ফলপ্ৰসূ প্ৰযুক্তি হিচাপে চিহ্নিত হৈছে। জি. পি. এছ. ব্যৱস্থাৰ যোগেৰে খেতিকৰা মাটিডোখৰৰ স্থিতি সহজে নিৰূপণ কৰিব পাৰি। ইয়াৰ দ্বাৰা শস্যত কি কি উপাদান কিমান পৰিমাণত প্ৰয়োগ কৰা হৈছে আৰু শস্যৰ উৎপাদন আদিৰ খতিয়ান অতি সহজে ৰাখিব পাৰি। এনেধৰণৰ পৰিসংখ্যাই কৃষকক ভৱিষ্যতে কৃষিকাৰ্যত সিদ্ধান্ত লোৱাত সহায় কৰে আৰু সমগ্ৰ বছৰটোৰ কাম-কাজৰ সাৰমৰ্মৰ এটা আভাষ পাব পাৰি। ইয়াৰ উপৰিও স্মাৰ্ট ম'বাইল ফোনত ম'বাইল এপ্লিকেচন ছফ্টৱেৰ উপলব্ধ কৰি বতৰৰ বতৰা, শস্যৰ উৎপাদন আৰু ইয়াৰ বজাৰৰ উপলব্ধতা ইত্যাদি হাতৰ মুঠিতে পাব পাৰি। "প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনা" আঁচনিখনত কৃষকে শস্য ৰোপনৰ প্ৰস্তুতিৰ পৰা দাবী মূল্যায়ন কৰালৈকে ইয়াক বহুলভাৱে ব্যৱহৃত হয়।
শস্য সংবেদনশীল যন্ত্ৰৰ জৰিয়তে কৃষকে কিমান সাৰ বা কীটনাশক কোন সম‌য়ত, কিমান পৰিমাণত প্ৰয়োগ কৰিব লাগিব তাক অতি সহজে জানিব পাৰি। এই প্ৰযুক্তিৰ ব্যৱহাৰে খেতিডৰাত আৱশ্যক অনুযায়ী সাৰ, কীটনাশক প্ৰয়োগ কৰি অপচয়ৰ পৰা ৰোধ কৰিব পাৰি। শস্য সংবেদনশীল যন্ত্ৰ এনেদৰে প্ৰস্তুত কৰা হৈছে যে, এই যন্ত্ৰই কোন শস্যত কিমান সমলৰ দৰকাৰ আৰু কোন সম‌য়ত প্ৰয়োগ কৰা উচিত আদি বিষয়ে নিৰ্দেশনা দিব পাৰে।
স্বয়ংক্ৰিয় বতৰ আস্থানবোৰে(Automated Weather Station) স্বয়ংক্ৰিয় ভাৱে উষ্ণতা, বৰষুণ, আৰ্দ্ৰতা, বতাহৰ বেগ ইত্যাদি লিপিবদ্ধ কৰে আৰু এই পৰিমাপবোৰ বৈদ্যুতিক সংকেতলৈ সংবেদনশীল যন্ত্ৰৰ যোগেদি বিস্তাৰিত কৰি সঠিক ফলাফল দিয়ে।
ড্ৰোণ (Drone) নামৰ এই যন্ত্ৰটো স্বয়ংক্ৰিয় উৰিব পৰা যন্ত্ৰ। ইয়াৰ জৰিয়তে বিভিন্ন প্ৰকাৰৰ কৃষি পদ্ধতি যেনে-সাৰ আৰু কীটনাশক পথাৰৰ ওপৰৰ পৰা ছিটিকণিৰ দৰে শস্যত প্ৰয়োগ কৰি শস্যক ৰক্ষা কৰিব পাৰি।


ছাটিমৰা জলসিঞ্চন (Sprinkler Irrigation) ব্যৱস্থাৰ জৰিয়তে শস্যত বৰষুণৰ দৰে নিয়ন্ত্ৰিত পদ্ধতিৰে পানী যোগান ধৰা হয়। ইয়াত পানী পাম্প, ভালভ পাইপ, পানীৰ ছিটিকণি সৃষ্টিৰ জৰিয়তে নিয়ন্ত্ৰণ কৰি প্ৰ‌য়োগ কৰা হয়।
সৌৰশক্তিৰে চালিত পাম্প, ইলেকট্ৰিক ফটোভলট'নিক পেনেল বা ৰেডিয়েটেড থাৰ্মাৰ শক্তি (সূৰ্য্যৰ পৰা আহৰণ কৰা) দ্বাৰা চালিত হয়। ই কম খৰচী আৰু পৰিৱেশ অনুকূল হয়।


উচ্চ মূল্যৰ শস্যসমূহ পলি হাউচত কৰা হয়। পলি হাউচত সম্পূৰ্ণ নিয়ন্ত্ৰিত পদ্ধতিৰে বতৰৰ অৱস্থা সলনি কৰি খেতি কৰা হয়। ইয়াত বিশেষ ধৰণেৰে প্ৰতিকূল বতৰৰ পৰিৱেশ গঢ়ি তোলা হয় আৰু গোটেই বছৰজুৰি ইয়াত খেতি কৰা হয়।
হাইড্ৰ'পনিক পদ্ধতিৰে মাটি নোহোৱাকৈ মিনাৰেল, পোষক দ্ৰৱ্য পানীত মিহলাই দ্ৰৱণ বনাই সেই পানীত খেতি কৰা হয়।
দূৰ সংবেদনশীল (Remote Sensing) প্ৰযুক্তি কৃষিৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা অন্যতম আধুনিক প্ৰযুক্তি। এই প্ৰযুক্তিত কৃত্ৰিম উপগ্ৰহৰ সহায়ত ভূ পৃষ্ঠৰ পৰা হোৱা প্ৰতিফলন আৰু বিকিৰণৰ পৰিমাণ বিশ্লেষণ কৰি শস্যৰ উৎপাদন, কীট-পতঙ্গৰ সাম্ভাব্য প্ৰাদুৰ্ভাৱ, মাটিত থকা পানীৰ স্থিতি, মাটিৰ মানচিত্ৰ অংকন, জল সম্পদৰ মানচিত্ৰ অংকন, খৰাং পৰিস্থিতি আদিৰ বিশ্লেষণ কৰি সুফল লাভ কৰিব পৰা গৈছে ।
আধুনিক কৃষি প্ৰযুক্তি দ্বাৰা কৃষকে এক লাভজনক আয় আৰু উৎপাদন পাব পাৰে। গতিকে কোনো এটা খেতিৰ জৰিয়তে উন্নত লাভালাভ পাবলৈ হ'লে বিভিন্ন প্ৰযুক্তিৰ আৰু বিষয়বস্তুৰ ওপৰত সম্যক জ্ঞান আহৰণ কৰি আগবাঢ়িলেহে কৃষকৰ সপোন সাৰ্থক হ'ব। ●

লেখিকাৰ ঠিকনা: মহকুমা কৃষি বিষয়া (জল ব্যৱস্থাপনা), কৃষি সঞ্চালকালয়, খানাপাৰা, গুৱাহাটী