1 views


সাম্প্ৰতিক সময়ত বহু কৃষকে কৃষি কাৰ্য পৰিত্যাগ কৰি জীৱিকাৰ বাবে নগৰ-চহৰলৈ প্ৰব্ৰজিত হোৱাতো পৰিলক্ষিত হৈছে। এনে এক প্ৰত্যাহ্বানৰ সময়তে লখিমপুৰ জিলাৰ লখিমপুৰ কৃষি চক্ৰৰ আজাদ গাঁও পঞ্চায়তৰ কাৰ্চন গাঁৱৰ কৃষক লক্ষী গগৈয়ে তেওঁৰ পেছাদাৰী অভিজ্ঞতাৰে শাক-পাচলি আৰু অন্যান্য ৰবিশস্যৰ খেতি কৰি আহিছে।

লৰালি কালৰে পৰা শ্ৰী গগৈয়ে কৃষি আৰু আনুসঙ্গিক বৃত্তিৰ বাবে হাবিয়াহী আছিল। তেওঁৰ মনৰ হাবিয়াস দুগুণে বাঢ়িছিল যেতিয়া কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীৰ সংস্পৰ্শলৈ আহিছিল আৰু বিভিন্ন শীতকালীন শাক-পাচলি যেনে, বন্ধাকবি, ফুলকবি, বিলাহী, মূলা, আলু আদি খেতি তথা সৰিয়হ খেতি আৰু মৌ-পালনেৰে তেওঁ নিজৰ এখন কৃষি পাম গঢ়ি তুলিছিল।

লখিমপুৰ কৃষি বিভাগৰ পৰা তেখেতে প্ৰশিক্ষন লাভ কৰিছিল। প্ৰধান মন্ত্ৰীৰ কৃষি জলসিঞ্চন যোজনাৰ তেখেত এজন সফল হিতাধিকাৰী, য’ত তেখেতে এটি সিঁচৰিত জলসিঞ্চন আঁচনি লাভ কৰিছিল। তেওঁ এটা কথা বিশ্বাস কৰিছিল যে সফল কৃষিকাৰ্যৰ বাবে প্ৰাকৃতিক উৎস যেনে, পানী, সূৰ্যৰ পোহৰ সঠিকভাবে ব্যৱহাৰ কৰিব লাগিব। সেইবাবে তেওঁৰ পথাৰত নতুন প্ৰযুক্তি যেনে সিচঁৰিত জলসিঞ্চন আৰু সৌৰচালিত অগভীৰ নলীনাদ স্থাপন কৰাৰ বাবে লখিমপুৰ জিলাৰ কৃষি বিভাগক ধন্যবাদ জ্ঞাপন কৰে।

শ্ৰী গগৈৰ কৃষি পামে কেৱল গ্ৰাম্য নিয়োজনেই সৃষ্টি কৰা নাই, মহিলা সৱলীকৰণৰ ক্ষেত্ৰতো বিশেষ উদাহৰণ দাঙি ধৰিছে। ছেপ্তেম্বৰ মাহৰ পৰা এপ্ৰিল মাহলৈকে তেওঁৰ কৃষি পামৰ উপাৰ্জন প্ৰায় ১০ লাখ টকা। নতুন প্ৰযুক্তি আৰু জ্ঞানৰ বাবে শ্ৰী গগৈ যথেষ্ট আগ্ৰহী আৰু কৃষি বিশেষজ্ঞৰ লগত মত-বিনিময়ৰ সুবিধা পালে তেওঁ কেতিয়াও এৰি নিদিয়ে।

শ্ৰী গগৈ কেৱল এজন সফল খেতিয়কেই নহয়, তেওঁ অন্যান্য কৃষকৰ বাবেও আদৰ্শস্বৰূপ। ২০১৯ চনত তেওঁ লখিমপুৰ জিলাৰ সৰ্বশ্ৰেষ্ঠ কৃষক হিচাবেও পুৰস্কৃত হৈছিল।

লেখকৰ ঠিকনাঃ কৃষি উন্নয়ন বিষয়া, লখিমপুৰ কৃষি চক্ৰ, লখিমপুৰ জিলা