1 views


সকলো মীনপালকলৈ শাৰদীয় শুভেচ্ছা জনাই এই সময়ত মাছ পালন পুখুৰীত লবলগীয়া কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপৰ বিষয়ে লিখিব খুজিছোঁ।
শৰৎ কাল অহাৰ লগে লগে পৰিৱেশৰ তাপমাত্ৰা কমি আহিবলৈ ধৰে। আহিনমহীয়া বৰষুণ এতিয়াও দি আছে, কোনো কোনো ঠাইত পুনৰ বানপানীও হৈছে। শীতকালৰ আগমনৰ লগে লগে পৰিৱেশৰ উষ্ণতা অধিক কমাৰ লগতে বৰষুণৰ পৰিমাণ হ্ৰাস হ'ব আৰু কিছুমান ঠাইত খৰাং সদৃশ পৰিৱেশৰ সৃষ্টি হ'ব।
মাছ পালনৰ ক্ষেত্ৰত এই সময়ছোৱা কিছু উদ্বেগৰ সময় বুলিব পৰা যায়। কাৰণ পৰিৱেশৰ উষ্ণতা কমি অহাৰ লগে লগে মাছৰ দৈহিক বৃদ্ধিৰ হাৰত তাৰ প্ৰভাৱ পৰিলক্ষিত হ'ব। পুখুৰীৰ পানীৰ গভীৰতা, অন্যান্য গুণাগুণৰ লগতে মাছৰ প্ৰাকৃতিক আহাৰৰ উৎপাদনতো তাৰতম্য ঘটিব। উপযুক্ত সাৱধানতা অৱলম্বন নকৰিলে এই সময়ত মাছৰ ঘাঁ লগা বেমাৰকে ধৰি বিভিন্ন সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেয়ে এই সময়ছোৱাত মাছ পালন পুখুৰীৰ পোহনীয়া মাছখিনিৰ বাবে কিছুমান বিশেষ ব্যৱস্থা লবলগীয়া হয়।


 যিসকলৰ পুখুৰীত আবতৰীয়া বানপানী হৈছে, পানী ওলাই যোৱাৰ পাছত পুখুৰীত জাল মাৰি মাছৰ সংখ্যা, স্বাস্থ্য আদি লক্ষ্য কৰিব লাগে। বাহিৰৰ পৰা পানীৰ সোঁতত সোমোৱা অপকাৰী বা বিদেশী মাছ আদি দেখিলে লগে লগে নিৰ্মূলৰ ব্যৱস্থা কৰিব লাগে। পানীৰ গুণাগুণৰ উপৰিও, মেটেকা, পুনি, কঁচু, দল আদি অপতৃণৰ বিস্তাৰ নিৰীক্ষণ কৰি নিৰ্মূলৰ বাবে যাৱতীয় ব্যৱস্থা হাতত ল'ব লাগে। এই উদ্ভিদ সমূহ পানী শুকোৱাৰ পাছত মৰি গেলি পানীৰ গুণাগুণ নিম্নমানৰ কৰি পেলাব পাৰে। ফলত পানীৰ দ্ৰৱীভূত অম্লজানৰ পৰিমাণ হ্ৰাস পাব পাৰে আৰু মাছবোৰে কমাব পাৰে।
 বানপানী সোমাওঁতে উদ্ভিদৰ বাহিৰেও অন্যান্য আৱৰ্জনা লৈ আনিব পাৰে। পানী কমি যোৱাৰ লগে লগে এইবিলাকেও পানী প্ৰদূষিত কৰা, ঘোলা কৰাকে ধৰি পানীৰ বিভিন্ন গুণাগুণৰ ওপৰত প্ৰভাৱ পেলায়। সেয়ে বানপানীৰ পাছতে পুখুৰীটো বৰ সমস্যাপ্ৰৱণ হৈ থাকে। গতিকে এইখিনি সময়ত খুউব সাৱধানতা অৱলম্বন কৰা উচিত। পুখুৰীৰ অপতৃণ আৰু অন্য আৱৰ্জনা পৰিষ্কাৰ কৰাৰ লগতে পাৰৰো প্ৰয়োজনীয় মেৰামতি কৰিব।
 পানীৰ গুণাগুণৰ নিয়ন্ত্ৰণৰ বাবে কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা পৰিষ্কাৰ পানী পাম্পৰ সহায়ত দৈনিক কিছু সময়ৰ বাবে সিঁচৰতি কৰি দিব। নতুন পানী দিয়াৰ আগতে পুখুৰীৰ প্ৰদূষিত পানীৰ কিছু অংশ উলিয়াই দিব পাৰে। এই পদক্ষেপে পানীৰ স্বাভাৱিক গুণাগুণ পুনৰুদ্ধাৰ ৰাখি মাছখিনিৰ বাবে এক স্বাস্থ্যসন্মত পৰিৱেশ সৃষ্টি কৰিব।
 মাছে কমাই থকা দেখিলে পৰিৱেশ ভাল নোহোৱালৈকে মাছৰ বাবে আহাৰ প্ৰয়োগ বা পুখুৰীত কোনো সাৰ প্ৰয়োগ সাময়িকভাৱে স্থগিত ৰাখিব লাগে।
 পানীৰ অম্লতা সূচাংক (pH ) নিৰূপণ কৰি নিয়মীয়াকৈ চূণৰ প্ৰয়োগ কৰি থাকিব। চূণৰ নিয়মিত প্ৰয়োগ, উপযুক্ত পৰিপূৰক খাদ্যৰ পৰিমিত প্ৰয়োগ, পানীৰ উপযুক্ত গভীৰতাৰ (১.৫মিটাৰ) নিয়ন্ত্ৰণ আদিৰ দ্বাৰা মাছখিনিৰ স্বাস্থ্য অটুট ৰাখি মাছৰ ৰোগকে ধৰি বিভিন্ন সমস্যাৰ পৰা হাত সাৰিব পৰা যায়।
 মাছৰ ৰোগ বা আন কোনো সমস্যা দেখিলে প্ৰয়োজন সাপেক্ষে মীন বিশেষজ্ঞৰ পৰামৰ্শ লৈ ভৱিষ্যত কাৰ্যপন্থা গ্ৰহণ কৰিব
মাছে কমাই থকা দেখিলে দ্ৰৱীভূত অম্লজানৰ পৰিমাণ পুনৰ উপযুক্ত সীমালৈ আনিবলৈ কিছুমান বিশেষ পদক্ষেপ তাৎক্ষণিকভাৱে লবলগীয়া হয়:
 পুখুৰীলৈ বতাহ সঞ্চালনৰ বাবে বাতনযন্ত্ৰ বা বায়ু যোগান যন্ত্ৰ ব্যৱহাৰ কৰিব লাগে। তাৰ অবিহনে পুখুৰীৰ ওপৰিভাগত গোটা বাঁহেৰে মৰিয়াই পানী সিঁচৰিত কৰি দিয়ক তাতে পানীলৈ বতাহ সুমায়।
 হাঁহ সাঁতুৰিবলৈ দিয়ক


 নাওঁ আছে যদি, নাওঁখন কেবাবাৰো বঠা মাৰি মাৰি পুখুৰীৰ ইমূৰৰ পৰা সিমূৰলৈ চলাওক।বঠা এনেকৈ মাৰিব যাতে পানীলৈ বতাহ যিমান পাৰি সুমায়।


 পাম্পৰ সহায়ত ভাল উৎসৰ পৰা পৰিষ্কাৰ পানী ওপৰৰ পৰা ভাগ ভাগ কৰি/ সিঁচৰতি কৰি পুখুৰীত পৰিবলৈ দিয়ক।
 কলগছ কাটি টুকুৰা টুকুৰ কৰি পানীত দিয়ক। টুকুৰা বোৰ পছি যোৱাৰ আগতেই তুলি পেলাব।
 সাৰ /আহাৰ যোগান সাময়িক বাবে বন্ধ ৰাখক সমস্যাৰ উপশম নোহোৱালৈকে।
 এইখিনি সময়ত মাছখিনি যথেষ্ট ডাঙৰ হয়। গতিকে জাল মাৰি বিক্ৰীৰ উপযোগী ডাঙৰ মাছখিনি ধৰি মাছৰ সংখ্যা যিমান পাৰে কমাওক। এই পদক্ষেপে লোকচানৰ পৰা বচোৱাৰ লগতে বাকী থকা মাছখিনিক ডাঙৰ হোৱাৰ সুবিধা প্ৰদান কৰিব।

লেখিকাৰ ঠিকনাঃ প্ৰধান বিজ্ঞানী, মীন গৱেষণা কেন্দ্ৰ, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট