1 views


ফুলৰ সৌন্দৰ্যই মানযহৰ মনলৈ আনি দিয়ে প্ৰেৰণা, উন্মাদনা আৰু অনাবিল আনন্দ। জন্ম, মৃত্যু, বিবাহকে আদি কৰি পূজা-পাৰ্বন আদি প্ৰায় সকলো উৎসৱতে ফুল অপৰিহাৰ্য। ঘৰৰ সৌন্দৰ্য বৰ্ধনতো ফুল বহুলভাবে ব্যৱহৃত হয়। প্ৰায় সকলো সময়তে সুন্দৰ, সতেজ হৈ থকাৰ বাবে ফুলৰ ভিতৰত পাতফুলৰ গুৰুত্ব অপৰিসীম। অতীজৰ পৰাই ফুলৰ থুপাই মানুহক বাৰুকৈয়ে আকৰ্ষণ কৰি আহিছে। আগতে পুষ্প-সজ্জাত ফুলৰ ব্যৱহাৰ বেছি হৈছিল, কিন্তু সম্প্ৰতি পুষ্প-সজ্জাত বিভিন্ন ধৰণৰ পাতৰ বহুল ব্যৱহাৰ হবলৈ ধৰিছে। পুষ্প সজ্জাত সাধাৰণতে চিৰসেউজীয়া উদ্ভিদৰ সেউজীয়া পাত ব্যৱহাৰ কৰা হয় যদিও ৰঙীণ পাতো বহুক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। ৰঙীণ পাতে সজ্জাতো ৰঙীণ আৰু অধিক আকৰ্ষণীয় কৰি তোলে। সম্প্ৰতি পত্ৰ ৰূপান্তৰে (leaf modification / leaf manipulation) পুষ্প সজ্জাত যথেষ্ট গুৰুত্ব লাভ কৰিছে।



এই পত্ৰ ৰূপান্তৰ কি?


পত্ৰ ৰূপান্তৰ হ’ল এক কলা যাৰ দ্বাৰা পাত কাটি, মেৰিয়াই, ফালি বা তাঁৰেৰে পকাই ইয়াৰ বিভিন্নধৰণৰ পৰিবৰ্তন কৰা হয়। এনেধৰণৰ পৰিবৰ্তনৰ দ্বাৰা এখিলা সাধাৰণ পাতৰ সৌন্দৰ্য বহুগুণে বৃদ্ধি কৰিব পৰা যায়। পত্ৰ ৰূপান্তৰণৰ দ্বাৰা পাতবিলাকক বিভিন্নধৰণৰ আকৰ্ষণীয় আকৃতি দিয়া হয়।

পত্ৰ ৰূপান্তৰৰ ক্ষেত্ৰত সততে লক্ষ্য কৰিবলগীয়া কথাকেইটা হ’ল- পাতৰ ভাৰসাম্য ৰক্ষা কৰা আৰু ‘ডিজাইন’। বিভিন্ন ধৰণৰ ‘ডিজাইন’ সাজিবলৈ যাওতে ৰঙা পোহৰ, আকৃতি আদি দিশলৈ লক্ষ্য ৰখা প্ৰয়োজন। পত্ৰ ৰূপান্তৰৰ বাবে প্ৰথমে পাতখিলা পানীত কিছুসময় ডুবাই নমনীয়া কৰি লব লাগে আৰু তাৰপিছত বিভিন্নধৰণে ভাঁজ কৰি বা গাঁথি দি প্ৰয়োজনীয় তথা আকৰ্ষণীয় গঢ়ি তুলিব পাৰি। পত্ৰ ৰূপান্তৰৰ দ্বাৰা এখিলা সাধাৰণ পাতৰ মূল্য সংযোজিত কৰা হয় যিয়ে ইয়াৰ ব্যৱসায়িক বিকাশত অৰিহণে যোগায়। পত্ৰ ৰূপান্তৰৰ বাবে সততে ব্যৱহৃত উদ্ভিদৰ পাতবিলাক হ’ল- নাৰিকলৰ পাত, তামোল পাত, লিলি পাত, এস্পিডিস্ত্ৰা পাত, হেলিকণীয়া, প্ৰেয়াৰ প্লেন্টৰ পাত আদি। ইয়াৰবাবে ব্যৱহৃত পাতবিলাক মিহি আৰু নমণীয় হোৱাটো বাঞ্ছনীয়, কিয়নো এনে পাতবিলাক সহজে ভাঁজ কৰিব পৰা যায়। পত্ৰ ৰূপান্তৰৰ বাবে প্ৰয়োজনীয় সঁজুলিবিলাক হ’ল- চোকা কেঁচি, কটাৰী, ফ্লেৰেল টেপ, ওৱায়াৰ কাটাৰ, ষ্টেপলাৰ, তাঁৰ আৰু আঠা। এই সা-সঁজুলি তথা ব্যৱহাৰ কৰিবলগীয়া পাতবিলাক সাজু হ’লে নানাধৰণৰ কৌশল প্ৰয়োগ কৰি পত্ৰ ৰূপান্তৰৰ দ্বাৰা বিভিন্ন আকৰ্ষণীয় আকৃতি গঢ়ি তুলিব পৰা যায়।


ৰূপান্তৰিত পাতৰ বিভিন্নধৰণৰ আকৃতিবিলাক হ’ল-
১। ৰিবন বা ফিটা আকৃতি (Ribbon) ২। পকোৱা (Ripple) ৩। মেৰিওৱা (Rolled) ৪। ক্ৰিছ-ক্ৰছ (Criss-cross) ৫। সৰ্প-চৰ্ম আকৃতি (Snake-skin) ৬। নলী আকৃতিৰ (Tubular) ৭। বোৱা সদৃশ (Woven) ৮। স্প্ৰীং সদৃশ (String) আৰু ৯। জাপ সদৃশ (Pleated)





ড্ৰেছিনা আৰু এস্পিডিস্ত্ৰাৰ পাত সাধাৰণতে ফিটা আকৃতি ৰূপান্তৰৰ বাবে ব্যৱহাৰ কৰিব পাৰি। ক্ৰিছ-ক্ৰছ আৰু সৰ্প-চৰ্ম আকৃতি আদিৰ বাবেও এস্পিডিস্ত্ৰাৰ পাত ব্যৱহাৰ কৰিব পাৰি। বোৱাৰ নিৱিনা আকৃতি দিবলৈ সততে নাৰিকলৰ আদিৰ পাত ব্যৱহাৰ কৰা হয়। নাৰিকল , তামোল আদিৰ পাত নানাধৰণে বৈ বিভিন্ন আকৰ্ষণীয় গঢ় দিব পৰা যায়। পত্ৰ ৰূপান্তৰত ব্যৱহৃত পাতবিলাকত বিভিন্ন ৰং দিও বেছি আকৰ্ষণীয় কৰিব পাৰি। তদুপৰি সতেজ ৰূপান্তৰিত পাতো পৰৱৰ্তীকালত শুকুৱাই ৰং কৰি পুনৰ ব্যৱহাৰ কৰিব পৰা যায়।


ভিয়েট, ইণ্ডোনেছিয়া, চিংগাপুৰ, সুমাত্ৰা, ফিলিপাইন, জাপান আদি দেশত পুষ্পসজ্জাত পত্ৰ ৰূপান্তৰৰ বহুল ব্যৱহাৰ পৰিলক্ষিত হয়। ই জাপানী পুষ্পসজ্জা ইকেবেনাৰ এক আতি গুৰুত্বপূৰ্ণ উপাদান। ভাৰতবৰ্ষত পুষ্প ৰূপান্তৰ বহুলভাবে ব্যৱহৃত নহয় যদিও দক্ষিণ ভাৰতত ইয়াৰ ব্যৱহাৰ কিছু পৰিমাণে পৰিলক্ষিত হয়। ফুল তথা পুষ্পসজ্জাৰ বজাৰত ৰূপান্তৰিত পাতৰ গুৰত্ব দিনকদিনে বৃদ্ধি পাই আহিছে। যিহেতু আসম তথা উত্তৰ-পূৰ্বাঞ্চলতো সম্প্ৰতি ফুলৰ বৃহৎ বজাৰ আছে। সেয়েহে ইয়াতো পত্ৰ ৰূপান্তৰৰ ক্ষুদ্ৰ উদ্যোগ গঢ়ি উঠাৰ সম্ভাৱনা আছে। অসমৰ কৃষক তথা উদ্যোগীয়ে ৰূপান্তৰিত পাতৰ এই নতুন কলা শিকি ব্যৱসায় কৰাৰ যথেষ্ট থল আছে। যিহেতু আমাৰ ইয়াত এইবিধ কলা প্ৰায় নতুন, গতিকে ইয়াৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰো গুৰুত্ব নুই কৰিব নোৱাৰি। মুঠৰ ওপৰত পত্ৰ ৰূপান্তৰৰ উদ্যোগে অসমৰ কৃষি খণ্ডৰ বিকাশত কিছু হলেও আৰিহণা যোগাব পাৰিব।

লেখিকাদ্বয়ৰ ঠিকনাঃ বিজ্ঞানী, অসম কৃষি বিশ্ব-বিদ্যালয়, যোৰহাট