1 views




ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ। ইয়াৰ প্ৰায় ৮০ শতাংশ লোকেই কৃষিজীৱি। আই ভাৰতীয়ে যুগ যুগ ধৰি ভাৰতৰ জনগণৰ মুখত পূৰ্ণ অন্ন-পাত্ৰ ডাঙি ধৰি ভোগ কৰাই আহিছে। কিন্তু বৰ্তমান সমগ্ৰ পৃথিৱীৰ লগতে ভাৰতবৰ্ষৰ কৃষি খণ্ডতো বিভিন্ন সমস্যাই গা কৰি উঠিছে। কৃষিত প্ৰচুৰ পৰিমাণে ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰাৰ ফলত মানৱ খাদ্যত ই যথেষ্ট পৰিমাণে বিৰূপ প্ৰভাব পেলাইছে। ফলত ক্ৰমাত ন ন ৰোগৰ কৰাল গ্ৰাসত মানব সমাজ ত্ৰস্তমান হৈ পৰছে। সেয়েহে এনেবোৰ সমস্যাৰ পৰা পৰিত্ৰান পাবলৈ বৰ্তমান কৃষিত যিবোৰ নতুন শস্য-ব্যৱস্থা সংযোজন হৈছে তাৰ ভিতৰত মাইক্ৰগ্ৰীনো হৈছে এনে নৱতম ব্যৱস্থা।।

মাইক্ৰগ্ৰীন’ হৈছে সেউজীয়া শাক-পাচলিৰ বাবে ব্যৱহৃত এক বাণিজ্যিক শব্দ য’ত পাচলিবোৰ ১-৩ ইঞ্চি উচ্চতালৈকে ডাঙৰ কৰা হয়। ইয়াত সেউজীয়া শাক-পাচলিবোৰৰ নকৈ মেলা সতেজ পূৰঠ পাতৰ সৈতে সম্পূৰ্ণকৈ বিকশিত বীজপত্ৰ ৰখা হয়। পাচলিভেদে বীজ সিঁচাৰ ৭-২৮ দিনৰ ভিতৰত এই অৱস্থাটো পায়। এনে অৱস্থাৰ পাচলিবোৰ সতেজ আৰু সোৱাদযুক্ত হয়।

মাইক্ৰগ্ৰীনবোৰ পুষ্টিকৰ আৰু মানব স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় পুষ্টিমৌলৰে এইবোৰ পৰিপূৰ্ণ। এইবোৰত অন্য সাধাৰণ শাক-পাচলিতকৈ অধিক পৰিমাণে ভিটামিন, খনিজ লবণ আৰু প্ৰতি-বিজাৰক (Anti-oxidant)পোৱা যায়। সাধাৰণ পূৰঠ শাক-পাচলিত পোৱা পটাছিয়াম, লো, জিংক, মেগনেছিয়াম আৰু তামতকৈ ৯ গুণ তথা ভিটামিন আৰু প্ৰতি-বিজাৰক ৪০ গুণ বেছিকৈ মাইক্ৰগ্ৰীণত পোৱা যায়।


প্ৰতি ১০০ গ্ৰাম মাইক্ৰগ্ৰীণত থকা উপাদান সমূহ হ’ল-

কেলৰি – ২৮, প্ৰটিন – ২.২ গ্ৰাম, কাৰ্বহাইদ্ৰেট- ৪.৪ গ্ৰাম, আঁহ- ২.২ গ্ৰাম, কেলছিয়াম- ৮ ৮ মিলিগ্ৰাম, ৬। লো- ১৫.৯ মিলিগ্ৰাম, ৭। মেগনেছিয়াম- ৬৬ মিলিগ্ৰাম, পটেছিয়াম- ২৯৮ মিলিগ্ৰাম, চডিয়াম- ১২ মিলিগ্ৰাম, জিংক- ০.৭ মিলিগ্ৰাম, ভিটামিন-চি- ৬.৬ মিলিগ্ৰাম, ভিটামিন-এ- ৭৯.৬ মিলিগ্ৰাম আৰু ফ’লেট- ৬৬ মিলিগ্ৰাম

মাইক্ৰগ্ৰীনবোৰ কিছুমান ৰোগৰ বাবেও উপকাৰীঃ

১। হৃদৰোগঃ মাইক্ৰগ্ৰীণ হৈছে পলিফিনলেৰে সমৃদ্ধ এক শস্য আৰু অন্য শস্যৰ তুলনাত ইয়াত প্ৰতি-বিজাৰকবোৰ বেছিকৈ থাকে। যাৰবাবে হৃদৰোগীসকলে এই মাইক্ৰগ্ৰীণ খাদ্য হিচাপে ব্যৱহাৰ কৰিলে এই ভয়ঙ্কৰ ৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে।
২। আলঝেইমাৰ ৰোগঃ ই হ’ল মগজুৰ স্মৃতি শক্তি হ্ৰাস হোৱা এবিধ ৰোগ। বতৰ্মান মানব সমাজত বহুলভাবে প্ৰাদুৰ্ভাব হোৱা এই ৰোগবিধ নিয়ন্ত্ৰণ কৰিবলৈ মাইক্ৰগ্ৰীণবোৰ অতি উপকাৰী।
৩। ডায়েবেটিছঃ প্ৰতি বিজাৰক সমৃদ্ধ হোৱা বাবে মাইক্ৰগ্ৰীণ খাদ্যই ডায়েবেটিছ ৰোগ প্ৰশমিত কৰিব পাৰে
৪। কৰ্কট ৰোগঃ এই ৰোগৰ বাবেও মাইক্ৰগ্ৰীণবোৰ উপকাৰী।

মাইক্ৰগ্ৰীণ কেনেকৈ উৎপাদন কৰিব?

মাইক্ৰগ্ৰীণবোৰ ঘৰতে সুন্দৰকৈ উৎপাদন কৰিব পাৰি। এইবোৰ উৎপাদন কৰিবলৈ অতি সহজ আৰু সুবিধাজনক। ইয়াৰবাবে বেছি সঁজুলি বা অধিক সময়ৰ প্ৰয়োজ নহয়। মাইক্ৰগ্ৰীণ গোটেই বছৰ জুৰি উৎপাদন কৰিব পাৰি। ঘৰৰ ভিতৰ নাইবা বাহিৰতো ইয়াক উৎপাদন কৰিব পাৰি। বিভিন্ন প্ৰকাৰৰ সাধাৰণ শাক-পাচলিৰ বীজৰ পৰাই মাইক্ৰগ্ৰীণ উৎপাদন কৰা হয়। মাইক্ৰগ্ৰীণ হিচাপে কৰিব পৰা জনপ্ৰিয় শাক-পাচলি নাইবা শস্যবোৰ হ’ল- ফুলকবি, ব্ৰকলি, বন্ধাকবি, মূলা, পালেং, লেটুছ, চেলেৰী, গাজৰ, নহৰু, পিঁয়াজ, মৰিচা, তৰমুজ, তিঁয়হ, স্কোৱাচ, ওট, ঘেঁহু, মাকৈ, বুটমাহ, মচুৰ মাহ, মগু মাহ ইত্যাদি

মাইক্ৰগ্ৰীণ উৎপাদন কৰিবলৈ মাটি বা পচন সাৰেৰে ভৰ্তি পাত্ৰৰ প্ৰয়োজন হয়। ইয়াক বৃদ্ধিৰ বাবে সঠিক পোহৰৰ প্ৰয়োজন হয়। প্ৰতিদিনে ১২-১৬ ঘন্টা সূৰ্যৰ পোহৰ বা অতি বেঙুনীয়া ৰশ্মিৰ প্ৰয়োজন হয়।



















  1. -প্ৰথমে পাত্ৰটো মাটিৰে পৰিপূৰ্ণ কৰিব লাগে।
  2. পাত্ৰটোত কিছু পাতলকৈ পানী ছটিয়াব লাগে যাতে পানী অধিক নহয়।
  3. এতিয়া সংগ্ৰহ কৰা নিৰ্দিষ্ট শাক-পাচলিৰ বীজ সম পৰিমাণে পাত্ৰটোত ছটিয়াই দিব লাগে।
  4. পাত্ৰটোত ফুলজাৰিৰ নিচিনাকৈ পানী ছটিয়াই প্লাষ্টিকৰ ঢাকনিৰে ঢাকি দিব লাগে।
  5. বীজবোৰ যাতে সেমেকি থাকে তাৰবাবে দৈনিক পাত্ৰটোৰ পানীৰ পৰিমাণ পৰীক্ষা কৰিব লাগে।
  6. বীজবোৰ গজাৰ পিছত পোহৰ পাবৰ বাবে ঢাকনি আঁতৰাই দিব লাগে।
  7. শস্যবোৰ যাতে লহপহকৈ বাঢ়ি যায় যাৰবাবে দৈনিক পানী দিব লাগে।
  8. নিৰ্দিষ্ট দিনৰ ভিতৰত (নকৈ মেলা সতেজ পূৰঠ পাতৰ সৈতে সম্পূৰ্ণকৈ বিকশিত বীজপত্ৰ) মাইক্ৰগ্ৰীণবোৰ চপাব পৰা হয়।









পুষ্টিহীনতাৰ সমস্যাৰ পৰা পৰত্ৰাণ পাবলৈ নিজ ঘৰতে মাইক্ৰগ্ৰীণৰ দৰে শস্য উৎপাদন ব্যৱস্থা অতি সহজেই গঢ়ি তুলিব পাৰি আৰু এইধৰণৰ ব্যৱস্থাৰ জৰিয়তে এক নিত্য নতুন কৃষি উদ্যোগো গঢ়ি তুলিব পাৰি।

লেখিকাৰ ঠিকনাঃ পি.এইচ.ডি. গৱেষক ছাত্ৰি, শস্য ৰোগ নিদান বিভাগ, অসম কৃষি বিশ্ব-বিদ্যালয়, যোৰহাট-১৩