1 views


পদ্ধতি-১


অসমত অতি সহজে হোৱা বিভিন্ন ধৰণৰ ফল-মূলৰ গছ বোৰ কম বেচি পৰিমানে আমাৰ প্ৰায়বোৰ মানুহৰ ঘৰতে দুই এডাল হলেও দেখা পোৱা যায় । আজি কালি ব্যৱসায়িক ভিত্তিতো ফল-মূলৰ খেতি বহু পৰিমনে কৰা হয়। যিবোৰ ফলৰ গছৰ আকাৰ ডাঙৰ আৰু গছ্বোৰ বহুবৰ্ষীয় হয় তেনেবোৰ গছক সাধাৰণ ভাবে বাৰ্হিবলৈ নিদি নিৰ্দ্দিস্ত নিয়ম অবলম্বন কৰি সিহঁতৰ ডাল-পাত বোৰ কাটি থকিলে তাৰ পৰা বিশেষ সুফল পোৱ যায়। এনে ডাল-পাত কটা কাৰ্য্যৰ মূখ্য লক্ষ্য হ’ল---- গছৰ আকাৰ আৰু বৃদ্ধি নিয়ন্ত্ৰনৰ দ্বাৰা ফলৰ মান আৰু উৎপাদন বৃদ্ধি কৰা। এই কাৰ্য্যই ফলৰ গছ আৰু বাগন খনক বিভিন্ন ধৰনে ধনাত্মক প্ৰভাব পেলায়। যেনে---

• গছৰ বৃদ্ধি নিয়ন্ত্ৰন আৰু ফলৰ লাগন বৃদ্ধি কৰা
• ডালৰ শৃংখলা গঢ়া
• সূৰ্য্যৰ ৰশ্মিৰ সৰ্ব্বধিক ব্যবহৰ কৰা
• ডালৰ বৃদ্ধি আৰু বাঢ়নৰ দিশ নিয়ন্ত্ৰন কৰা
• ফলৰ নিয়মীয়া লাগন নিশ্ছিত কৰা
• ৰোগ আৰু অনিস্তকাৰী কীত-পতংগ নিয়ন্ত্ৰন কৰা
• দুৰ্বল গছৰ বৃদ্ধিত বাধা দিয়া
• অলাগতীয়াল গজালি ওলোৱাত বাধা দিয়া
• বাগান খনত কাম কাজ কৰিবৰ বাবে সুচলতাৰ সৃস্তি কৰা

এতিয়া আমি অসমত হোৱা কেইবিধ মান প্ৰ্ধান ফলৰ গছৰ এনে ডাল-পাত কটা পদ্ধতিৰ বিষয়ে আলোচনা কৰিম।

প্ৰথমে আহো নেমু টেঙা জাতীয় গছৰ ডাল-পাত কটা পদ্ধতিলৈ



নেমু টেঙাৰ গছবোৰ বছৰতোত ৪-৫ বাৰলৈ বঢ়ি থাকে আৰু ফলত এই ডাল বোৰ বাহিৰলৈ ওলাই আহি গছডালৰ মাজৰ অংশত ৰ’দ নপৰা কৰি পেলায়। সেই বাবে নেমু জাতীয় ফলৰ গছত অকল বাহিৰ আৰু ওপৰৰ অংশতে মূলতঃ ফলবোৰ লগা দেখা যায়। সেইবাবে এই গছ বোৰ চিকুনাই ৰাখিলে যথেষ্ট সুফল পোৱা যায়। নিয়মীয়কৈ চিকুনাই ৰখা গছৰ পৰা উন্নত মানৰ আৰু অধিক উৎপাদন পাব পাৰি।
নেমু গছ বোৰক ১-২ বছৰ বয়সৰ পৰাই ডাল কটা আৰম্ভ কৰিব লাগে যাতে গছডালক ওলোটা ছাতি এটাৰ দৰে আকাৰ দিব পাৰা যায়। এজোপা ভাল আকাৰৰ নেমু গছত মাটিৰ পৰা ৬৫ ছে: মি: ওপৰত ৩-৫ ডাল মুখ্য ডাল থাকিব লাগে। ইয়াৰ পিছত নিয়মীয়াকৈ ফল ধৰিব আৰম্ভ কৰাৰ পিচত নিয়মীয়াকৈ গছবোৰ চিকুনাব লাগে। ৰুগ্ন, দুৰ্বল আৰু মৃতপ্ৰায় বৃদ্ধিহীন অংশবোৰ আঁতৰাই পেলাব লাগে। ওপৰা ওপৰিকৈ থকা ডালবোৰ গুচাই পেলাব লাগে যাতে সূৰ্য্যৰ পোহৰ সকলো আংশতে পৰিব পাৰে। নিৰ্দ্দিষ্ট হিচাবতকৈ বাহিৰত গলে গছৰ উচ্চতা অৰু প্ৰস্থও হ্ৰাস কৰা দৰকাৰ। ইয়াৰ ওপৰিও ফল নধৰা কাঁইটীয়া সবল কান্দবোৰো সেই সময়তে কাটি পেলাব লাগে। অতি পুৰণি অথচ এতিয়াও ফল দিব পৰা গছৰ ক্ষেত্ৰত গছৰ একাষে আধা অংশৰ মূল ডালবোৰকে চুটিকৈ কাটি দিয়া হয়, যাতে এটা ফালৰ পৰা কম হলেও ফল পায় থকিব পাৰি। তাৰপিছৰ বছৰত আনটো ফালৰ ডালবোৰ তেনেদৰে কটা হয়। এনেদৰে দুই-তিনি বছৰৰ মূৰত গোটেই গছ জোপাই এজোপা নতুন গছৰ দৰে ফল দিব ধৰিব। (ক্ৰমশঃ)

লেখকদ্বয়ৰ ঠিকনা: * জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া, কৃষি সঞ্চলকালয়, খানাপাৰা, গুৱাহাটী-২২ ** বিজ্ঞানী, আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, অসম কৃষি বিশ্ব-বিদ্যালয়, চিলঙনী, নগাঁও