1 views

ৰনজীৎ, বাহাদুৰ, স্বৰ্ণ আৰু বীনা হ’তৰ কথাৰে আৰম্ভ কৰিব ওলাইছো। পিছে আমাৰ আলোচনাৰ বিষয়বস্তু কোনো কলেজৰ ডেকা-গাভৰু নহয় আকৌ। আচলতে এই কেইটি নাম ধানৰ জাতৰ মাথো। ইহত হৈছে ৰনজীৎ-চাব-১, বাহাদুৰ-চাব-১, স্বৰ্ন-চাব-১ আৰু বীনা-১১। চাব-১ আচলতে আহিছে ইংৰাজী ‘চাবমাৰজেণ্চ্’ (submergences) শব্দটোৰ পৰা। অৰ্থ হ’ল পানী জমা হোৱা । অৰ্থাৎ এই ধান কেইটি হ’ল পানী সহনশীল । ইহতবোৰ বানপানীত পানীৰ তলত ১৪ দিনলৈও জীয়াই থাকিব পৰা জাত।

বিভিন্ন কৃষিকেন্দ্ৰিক অনুষ্ঠানে এনে কিছুমান উদ্ভাৱনী ধাৰণা বা ব্যক্তি বিশেষৰ কৃতিত্ব তালিকা প্ৰকাশ কৰি দেখুৱাই যে প্ৰতিকূল অৱস্থাকো প্ৰত্যাহ্বান দিব পৰা পথ আছে। এনেকুৱা অনুষ্ঠানবোৰৰ নিৰন্তন গবেষণা আৰু অনুসন্ধানৰ ফলত উদ্ভৱ হৈছে ন’ ন’ বিকল্প, যিয়ে কৃষকৰ সমস্যা সমাধানৰ সম্ভৱ কৰি তুলিছে। ঠিক একেদৰে চাব-১ জাতৰ ধানে অসমৰ বানপিড়ীত অঞ্চলৰ কৃষকৰ বাবে আনি দিছে এটা নতুন আশাৰ বতৰা। অনাগত ভবিষ্যতে ই কঢ়িয়াই আনিব আৰু কিছু সেউজ চিন্তা ।

ৰনজীৎ, বাহাদুৰ আৰু স্বৰ্ণ এই তিনিটা ধানৰ জাত অসমৰ কৃষকৰ বাবে অতি চিনাকী নাম। বহু বছৰ ধৰি শালিধানৰ পথাৰত ৰনজীৎ, বাহাদুৰ আৰু স্বৰ্ণই এক সুকীয়া আসন লৈ আহিছে। অসমৰ থলুৱা জাত বা হাইব্ৰীদ বা উচ্চ উৎপাদনক্ষম জাতসমুহক উলাই নকৰিও এটা কথাত কৃষক ৰাইজ একমত যে এইজাতকেইটা উচ্চহাৰত উৎপাদন দিবলৈ সক্ষম হৈছে। ‌

অসমত শালিধানৰ বতৰত আপদীয়া বানে কৃষকসকললৈ কঢ়িয়াই আনে চকুপানী। কেতিয়াবা জে’ঠতেই বান, কেতিয়াবা ভাদতেই বান! ভগৱানৰ কৃপা দৃষ্টি নহলে চৰুৰ তললৈ জূই নোযোৱা অৱস্থা হয়। এনেক্ষেত্ৰত বানপানীৰ স’তে মোকাবিলা কৰিবলৈ হ’লে কৃষকসকলে হয় বানপানী হোৱা আগত বা পিছত কম দিনীয়া জাতৰ খেতি কৰিব লাগিব; নহয়, পানীৰ তলত থাকিও জীয়াই থাকিব পৰা জাতৰ খেতি কৰিব লাগিব।‌

অসম কৃষি বিশ্ববিদ্যালয় আৰু ইন্টাৰনেচনেল্ ৰাইচ্ ৰিচাৰ্ছ ইনষ্টিটিউট্ চমুকৈ “ইৰি” (IRRI) অৰ যুটীয়া প্ৰচেষ্টাত ‘চাব-১’ নামৰ জিনটো ৰনজীৎ, বাহাদু্ৰ আৰু স্বৰ্ণত সংযোজন কৰাই পানীৰ তলত ধানৰ গছজোপা ১৪ দিন পৰ্য্যন্ত জীয়াই থকাৰ ব্যৱস্থা কৰি দি অসমৰ কৃষকক এটি বিকল্প পথৰ সন্ধান দিলে। ৰনজীৎ, বাহাদু্ৰত চাব-১ সংযোজন ঘটি ক্ৰমে ৰনজীৎ চাব-১, বাহাদুৰ চাব-১ হ’ল। স্বৰ্ণ চাব-১ আছিলেই। ইয়াৰ লগতে সংযোজন ঘটিল বীনা ধান-১১ (বিহেৰাং-চাব-১) নামৰ মধ্যমীয়া কৃষিকালৰ এটি জাতৰ। আগতীয়া আহু আৰু বৰো খেতিৰ বাবে অতি উত্তম জাত। যোৱা দুটা বছৰ (২০১৮)ৰ পৰা অসমত “অসম কৃষি বানিজ্য আৰু গ্ৰাম্য ৰুপান্তকৰণ” আঁচনিৰ অধীনত বহলভাবে এই জাতৰ প্ৰদৰ্শনমুলক খেতি আৰম্ভ হৈছে। সকলো ঠিকে ঠাকে থাকিলে অসমৰ কৃষকে বীনা -১১ কো নিশ্চিতভাবে আঁকোৱালী ল’ব। ‌

অসমৰ অৰ্থনীতিত চাব-১ ধানে আনিব পাৰে অতি উল্লেখযোগ্য পৰিবৰ্তন। ৰনজীৎ চাব-১, বাহাদুৰ-চাব-১, স্বৰ্ণ-চাব-১ বা বীণা-১১ য়ে খেতি পথাৰত বাহাদু্ৰী দেখুৱাটো খাটাং। ইতিমধ্যে বানাক্ৰান্ত অঞ্চলত কঠীয়া অৱস্থাৰ পৰা পোখা মেলা অৱস্থালৈ কৃষকসকলে ইয়াৰ বান সহনশীলতাৰ প্ৰমান পাইছে। এতিয়া সময় হৈছে কৃষি উদ্যমী আমাৰ কৃষকষকলে কিদৰে ইয়াৰ ব্যৱসায়-বানিজ্য কৰি সৰ্বাধিক মুনাফা আদায় কৰিব পাৰে, তাৰ আচঁনি প্ৰস্তুত কৰা। ধানৰ শৃংখলত অৰ্থাৎ বীজৰ পৰা ভাত খোৱা থালিখনলৈ কি ধৰণৰ নতুন ব্যৱসায় পথ এটাৰ সন্ধান কৰি উলিয়াব পৰা যায়। ইয়াৰ বাবে প্ৰয়োজন হ’ব কিছু বিশ্লেষণ, ধৈৰ্য, সাহস আৰু লক্ষ্য প্ৰাপ্তি নোহোৱা পৰ্যন্ত যুঁজ কৰাৰ মানসিকতা। ‌

জ্যোতি বিকাশ নাথ