1 views

আৰম্ভনী:
জিৰ’ বাজেট ফাৰ্মিং এনে এটা কৃষি পদ্ধতি য’ত কোনো এটা শস্যৰ বাবে খেতিৰ নামত খৰছ শূণ্য (জিৰ’)। ই মুখ্যত: এটা প্ৰাকৃতিক প্ৰণালী। ইয়াত প্ৰাকৃতিক উপাদান যেনে কেঁচু, গোৱৰ, গোমূত্ৰ, অণুজীৱ, প্ৰাকৃতিক নিষ্কৰ্ষ, জাৱৰ-যোথৰ আদিৰ বিস্তৃত ব্যৱহাৰ হয়। ৰাসায়নিক সাৰ অথবা কীটনাশকৰ ব্যৱহাৰ একেবাৰে নিষিদ্ধ। এই পদ্ধতি কৃষি ব্যৱস্থাত ফচলৰ উৎপাদনো গুনগতভাবে দুগুণ হয়। জিৰ’ বাজেট খেতিত ৰাসায়নিক দ্ৰব্য আদিৰ ব্যৱহাৰ নকৰাকৈয়ে সম্পুৰ্ণ প্ৰকৃতি আৰু ইয়াৰ উপাদান ব্যৱহাৰ হোৱা হেতুকে ইয়াক “প্ৰাকৃতিক খেতি” বুলিও কোৱা হ’য়। এই পদ্ধতিৰে উৎপাদিত ফচল সম্পুৰ্ণৰূপে জৈৱিক (অৰ্গানিক্)। ইয়াৰ কোনো পাৰ্শ্বক্ৰীয়া নাই আৰু প্ৰদুষণ নহয়। আমাৰ পৰিবেশ, প্ৰকৃতি, জীৱ-অণুজীৱবোৰৰ সংৰক্ষণ হয়। প্ৰকৃতি, পৰিবেশ, জীৱজগত আৰু মানুহৰ পাৰস্পৰিক সমন্বয় আৰু সহযোগিতাৰ উপস্থিতিৰ বাবে ইয়াক “আধ্যাত্মিক খেতি” বুলিও কোৱা হয়। জিৰ’ বাজেট খেতি কৃষকৰ আয় বৃদ্ধি আৰু খৰছ হ্ৰাস কৰা লগতে পৰিবেশ সংৰক্ষণ কৰাৰ এটা সফল অভ্যাস বুলি ইতিমধ্যে প্ৰমাণিত হৈছে। অন্ধ্ৰপ্ৰদেশ চৰকাৰে ইয়াক চৰকাৰী আচঁনিত সামৰি লৈছে আৰু ২০২৪ ইং চনৰ ভিতৰত ষাঁঠি লাখ কৃষকক সামৰি লোৱাৰ পৰিকল্পনা হাতত লৈছে। বৰ্তমানৰ বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা চিতাৰামনে যোৱা আভ্যন্তৰীন বাজেটত (২০১৯) কৃষকৰ আয় দুগুণ কৰা প্ৰয়াসেৰে “জিৰ’ বাজেট” খেতিৰ প্ৰসাৰ আৰু বিস্তাৰত গুৰুত্ব প্ৰদান কৰিছে। ইতিমধ্যে ছত্তিছগড়, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, কেৰেলা আৰু কৰ্ণাটক চৰকাৰে জিৰ’ বাজেট খেতিৰ আঁচনি প্ৰস্তুত কৰি উলিয়াইছে। জিৰ’ বাজেট খেতি অকল ভাৰততে নহয়, বিদেশতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

আহ’ক আজি আমি জিৰ’ বাজেট খেতিৰ বিষয়ে কিছু কথা জানি লওঁ।
ইতিহাস: মহাৰাষ্ট্ৰৰ বিদৰ্ভ অঞ্চলৰ এজন কৃষক পৰিয়ালৰ সন্তান শ্ৰী সুভাষ পালেকৰদেৱে প্ৰথমে বৈজ্ঞানিকভিত্তিত “জিৰ’ বাজেট নেচাৰেল ফাৰ্মিং” পদ্ধতি প্ৰস্তুত কৰি উলিয়াই। তেখেতে কেইবাবছৰ অৰণ্য অধ্যয়ন কৰি সন্ধান পাইছিল যে অৰণ্য বা জংঘলবোৰত কোনোধৰণৰ সাৰপানী দিয়া নহয়, অথচ্ অৰণ্যবোৰ ফলমূলেৰে নদন-বদন। ফচলেৰে ভৰা, ৰোগ-ব্যাধি নাই আৰু উদ্ধিদৰ বৃদ্ধিও যথেষ্ট উন্নত। তেখেতে ১৯৮৯ ইং চনৰ পৰা ১৯৯৫ ইং চনলৈ, সুদীৰ্ঘ ছয় বছৰ নিজৰ ফাৰ্মত এই বিষয়ে অধ্যয়ন কৰে। এই সময়ছোৱাত তেখেতে ১৫৪ টা গৱেষণা যোজনা প্ৰস্তুত কৰি উলিয়াই; যাৰ ফলস্বৰূপে “জিৰ’ বাজেট নেচাৰেল ফাৰ্মিং” পদ্ধতিৰ উদ্ভাৱন হয়। সুভাষ পালেকৰদেৱে তেখেতৰ গৱেষণাত পাইছিল যে অত্যধিক ৰাসায়নিক সাৰ, কীট-নাশক দৰৱ, ট্ৰেক্টৰ আদিৰ অবাধ প্ৰয়োগৰ ফলত মাটিত থকা অণুজীৱবোৰ সংখ্যা কমি যায়, যাৰ বাবে মাটিৰ আদ্ৰতা, বায়ু, পানী ধৰি ৰাখিব পৰা ক্ষমতা আদি ক্ৰমাগতভাবে হ্ৰাস পাই গৈ থাকে। ফলত মাটিৰ উৰ্বৰা শক্তি লোপ পায় আৰু কৃষকে কম উৎপাদন পায়। গতিকে উৎপাদন বৃদ্ধি কৰিবলৈ হ’লে মাটিত থকা অণুজীৱৰ সংখ্যা বৃদ্ধি কৰাব লাগিব। তেখেতে অনুসন্ধানত পাইছিলে যে, ভাৰতীয় দেশীয় মূলৰ যিকোনো গাই এজনীৰ মাত্ৰ এক (১) গ্ৰাম গোৱৰত প্ৰায় তিনিশ (৩০০) ৰ পৰা পাচশ (৫০০) সূক্ষ্ম অণুজীৱ থাকে, যি মাটিৰ উৰ্বৰা বৃদ্ধিত যথেষ্ট সহায় কৰে। তেখেতে পৰ্যায়ক্ৰমে গোৱৰ, মূত্ৰৰ লগতে আন কিছুমান প্ৰাকৃতিক উপাদনৰ মিশ্ৰণৰ ওপৰত বিস্তৃত গৱেষণা কৰে আৰু বীজামৃত, জীৱামৃত, অগ্নিঅস্ত্ৰ, ব্ৰক্ষাস্ত্ৰ তথা নীমাস্ত্ৰৰ বিধান কৃষকক দিয়ে। তেখেতৰ কাৰ্যত কৰি দেখুৱাইছে যে মাত্ৰ এজনী দেশীয় গাইৰ পৰা এজন কৃষকে পয়সত্তৰ (৭৫) বিঘা মাটি পৰ্যন্ত খেতি কৰিব পাৰে। কৃষিখণ্ডত তেখেতৰ বহুমুলীয়া অৱদানৰ বাবে ভাৰত চৰকাৰে ২০১৬ ইং চনত “পদ্মশ্ৰী” সন্মানেৰে সন্মানীত কৰে।

বৈশিষ্ট্য:
জিৰ’ বাজেট নেচাৰেল ফাৰ্মিং” নিম্নলিখিত চাৰিটা মুল সিন্ধান্ত মানি চলে:
ক) প্ৰাকৃতিক উপাদান
খ) ৰাসায়নিক দ্ৰব্যৰ বৰ্জন
গ) আচ্ছাদন আৰু
ঘ) মিশ্ৰিত খেতি

ক) প্ৰাকৃতিক উপাদান:
১) প্ৰকৃতি আৰু আশেপাশে উপলব্ধ ঘাহ-বন, বনৌষধি ৰ ব্যাপক ব্যৱহাৰ।
২) বিষমুক্ত আৰু পাৰ্শ্বক্ৰীয়াহীন প্ৰাকৃতিক উপাদানৰ ব্যৱহাৰ।
৩) কেচু, গোৱৰ, গোমুত্ৰ, জীৱানুৰ প্ৰয়োগ।

খ) ৰাসায়নিক দ্ৰব্যৰ বৰ্জন:
১) কোনোধৰনৰ ৰাসায়নিক সাৰ অথবা কীটনাশক দ্ৰব্যৰ নিষেধ।
২) জৈৱিক ক্ৰীয়াৰে উদ্ভৱ হোৱা প্ৰাকৃতিক দ্ৰব্যৰ ব্যৱহাৰ।
৩) ৰোগ-ব্যাধি, পোক-পৰুৱাৰ আক্ৰমন ৰোধৰ প্ৰাকৃতিক বিধান।

গ) আচ্ছাদন্:
১) মাটিৰ সংৰক্ষণ আৰু বাষ্প প্ৰস্তুত।
২) মাটিত জৈৱিক ক্ৰীয়াত নিৰন্তৰতা।
৩) প্ৰাকৃতিক পদ্ধতিৰে মাটিৰ উৰ্বৰতা বৃদ্ধি।

ঘ) মিশ্ৰিত খেতি:
১) মুল শস্যৰ সৈতে আন খেতি।
২) মাটিত জীৱ আচ্ছাদনৰ কাম কৰা।

‘জিৰ’ বাজেট ফাৰ্মিং’ পদ্ধতিৰ কাৰ্যক্ৰমনিকা :
‘জিৰ’ বাজেট ফাৰ্মিং মুলত: চাৰিটা প্ৰনালীৰে কাম কৰে:
ক) বীজামৃত
খ) জীৱামৃত
গ) আচ্ছাদন্ আৰু
ঘ) ৱাফ্চা

ক) বীজামৃত: ই এটা প্ৰাকৃতিক বীজশোধন ব্যৱস্থা। ইয়াৰ দ্বাৰা বীজৰ বিষক্ৰীয়া আতৰোৱা হয়। পোক-পৰুৱাৰ আক্ৰমনৰ পৰা ৰক্ষা কৱজ দিয়া হয়। আৰু ই বীজৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
সামগ্ৰী:

১) গোৱৰ
২) পানী
৩) চুন
৪) মাটি
৫) গোমুত্ৰ
বিধি:
১) পাচ (৫) কে.জি. গোৱৰ কাপোৰেৰে বান্ধি বাৰ (১২) ঘন্টা পানীত ডুবাই ৰাখক।
২) এক (১) লিটাৰ পানীত পঞ্চাচ্ (৫০) গ্ৰাম চুন একৰাতিৰ বাবে ৰাখক।
৩) চুনৰ পানীত এতিয়া কেইমুঠিমান ভাল মাটি মিহলাই লওঁক।
৪) পাচ (৫) লিটাৰ গোমুত্ৰ এই মিশ্ৰণটোত ভালদৰে মিহলাই লওঁক।
৫) এতিয়া গোৱৰ খিনিৰ যোগ দিয়ক।
৬) আপোনাৰ বীজামৃত তৈয়াৰ হৈ গ’ল।
উপয়োগ:
১) আপোনাৰ বীজখিনি বস্তা এটাৰ ওপৰত সিচৰিত কৰি লওঁক।
২) জীৱামৃত খিনি বীজৰ সৈতে চতিয়াই দিয়ক।
৩) এতিয়া হাতেৰে বীজ আৰু বীজামৃত মিহলাই লওঁক।
৪) কিছুসময় ৰ’দত শুকাবলৈ এৰি দিয়ক।
৫) আপোনাৰ বীজ শোধন হৈ গ’ল।

খ) জীৱামৃত: জীৱামৃতে মাটিত জৈৱিক ত্বত্ত শ্ৰীবৃদ্ধিত সহায় কৰে। ই এটা প্ৰাকৃতিক সাৰ যি মাটিত সূক্ষ্ম অনুজীৱৰ সংখ্যা বঢ়ায় ; শস্যৰ গঠন, বৃদ্ধি আৰু বিকাশত কাম কৰে।
সামগ্ৰী:
১) পানী, ২)গোৱৰ, ৩)গোমুত্ৰ, ৪)গুৰ, ৫)মাকৈ গুৰি, ৬)বট্গছৰ তলৰ মাটি, ৭) কাপোৰ, ৮) বাহৰ মাৰি
বিধি:

১) এটা পাত্ৰত দুশ (২০০) লিটাৰ পানী লওঁক।
২) পাত্ৰটোত দহ (১০) কে.জি. গোৱৰ, পাচৰ পৰা দহ (৫-১০)লিটাৰ গোমুত্ৰ, দূই (২) কে.জি. গুৰ , দূই (২) কে.জি. মাকৈ (বা অন্য মাহজাতীয় শস্যৰ গুৰি) আৰু পঞ্চাচ (৫০) গ্ৰাম বট্গছৰ তলৰ মাটি মিহলাই লওঁক।
৩) এতিয়া পাত্ৰটো কাপোৰেৰে মুখ বন্ধ কৰি ছা’ত ৰাখক।
৪) প্ৰতিদিনে দুবাৰকৈ (পুৱা-গধুলী) ঘড়ী কাটা দিশে বাহৰ মাৰি এডালেৰে ঘুৰাব।
৫) এনেকৈ পাচ-ছয় (৫-৬) দিন পিচত জীৱামৃত তৈয়াৰ হে যাব।
উপয়োগ:
১) জীৱামৃত আপোনাৰ খেতিডৰাত জলসিঞ্চনৰ যোগেদি বা প্ৰত্যক্ষ ভাৱেও প্ৰয়োগ কৰিব পাৰে।
২) স্প্ৰে কৰিও দিব পাৰে।
৩) সপ্তাহত দুবাৰকৈ প্ৰয়োগ কৰিব।
৪) ওপোৰক্ত দুশ (২০০) লিটাৰ জীৱামৃত তিনিৰ পৰা পাচ (৩-৫) বিঘা মাটিৰ বাবে যথেষ্ট।

গ) আচ্ছাদন্: পুলিৰ গুৰিত আৱশ্যকীয় আদ্ৰতা, উষ্ণতা, জীৱানুৰ উপস্থিতি অথবা অনাগতীয়াল ঘাহঁবন ৰোধ কৰাৰ বাবে আচ্ছাদনৰ ব্যৱস্থা কৰা হয়। আচ্ছাদন্ তিনি প্ৰকাৰৰ:
১) মাটি আচ্ছাদন্: মাটিত বায়ুৰ চলাচল, বৰষুনৰ পানী বা জলসিঞ্চনৰ পানীৰ আদ্ৰতা বজাই ৰাখিবৰ কাৰনে মাটি আচ্ছাদন্ দিয়া হ’য়। আমি মাটিৰ বিছনা ( বেদ) বা ধাপ্ দিয়াকে মাটি আচ্ছাদন্ বুলি কোৱা হ’য়।
২) খেৰ আচ্ছাদন্: শস্যৰ শুকান খেৰ বা গছ-গছনিৰ শুকান পাতত যথেষ্ট পৰিমানৰ পুষ্ঠি থাকে। মাটিডৰাত প্ৰ্যয়োগ কৰিলে মাটিয়ে নাইট্ৰ’জেন্, ফচফৰাচ্, পটাচ্ আৰু মেগনেচিয়াম্ লাভ কৰে। ই মাটিত অনুজীৱবোৰৰ বৃদ্ধিত সহায় কৰে। ইয়াৰ উপৰিও ই অনাগতীয়াল ঘাহঁ বন গজাত বাধা দিয়ে। ৩) শস্য আচ্ছাদন্: শস্য আচ্ছাদন্ মানে মুল শস্যৰ লগত কৰা মিশ্ৰিত ভাৱত কৰা অন্যান্য খেতি লগোৱাকে বুজায়। কোনো এটা শস্য আন এটা শস্যৰ পশ্চাপতত ডাঙৰ
দীঘল হয়। আপুনি লক্ষ্য কৰিব জংঘলত বৃহৎ বৃক্ষই মজলীয়া বৃক্ষক আচ্ছাদন্ প্ৰদান কৰে, মজলীয়াই সৰুসুৰা গছ গছনিক আৰু সৰু সুৰা গছ-গছনিযৈ ঘাঁহ বনক আচ্ছাদন্ দিয়ে। আমাৰ খেতি পথাৰতো একে নিয়ম প্ৰযোয্য হ’য়।
ঘ) ৱাফ্চা: ৱাফ্চা মানে হৈছে মাটিৰ বাতান্বয়ন। ৱাফ্চাই মাটিক এনে এটা প্ৰাকৃতিক পৰিবেশ প্ৰদান কৰে যাৰ ফলত মাটিযে তাৰ নিজৰ জৈৱিক তত্বক মুক্ত ভাৱে ক্ৰীয়া কৰায়। ই মাটিৰ আৱশ্যকীয় আদ্ৰতা অব্যাহত ৰাখে। সহজকৈ ক’বলৈ হ’লে ৱাফ্চা হ’ল এনে এটা পদ্ধতি যিয়ে মাটিত ৫০% বায়ু আৰু ৫০% পানীৰ বাষ্প সঞ্চাৰ কৰিব দিয়া হ’য়। ৱাফ্চা কৰা বিধি হ’ল : দিনৰ বাৰ (১২) বজাত পৰা শস্যৰ ছাঁত পানী দিয়া কাৰ্য্য। ‌

ক্ৰমশঃ ..........
শ্ৰী ডালিম বৰ্মন
মহাৰাষ্ট্ৰ