1 views

কৃষকৰ আয় বৃদ্ধি, জীৱিকাৰ সুৰক্ষা আৰু দৰিদ্ৰ নিৰ্মূলকৰকণত ছাগলীক বৰ্তমান অৰ্থ-ব্যৱস্থাৰ ভৱিষ্যতৰ পশুধন হিচাপে গণ্য কৰা হৈছে। খৃষ্টপূৰ্ব ১০,০০০-৬,০০০ বছৰৰ পূৰ্বেই দক্ষিণ-পশ্চিম এচিয়াত (প্ৰথমে ৰোমন্থক প্ৰাণী হিচাপে) মানুহে ছাগলী পুহিবলৈ আৰম্ভ কৰিছিল। ৰাষ্টীয় অৰ্থনীতিৰ ছাগলী পালনে এক গুৰুত্বপূৰ্ণ অৰিহনা যোগাই আহিছে। ১৩৫ মিলিয়ন ছাগলীৰে সমগ্ৰ বিশ্বৰ ভিতৰতে ভাৰত তৃতীয় স্থানত আছে। ভাৰতৰ অৰ্থনীতিত ছাগলী পালনৰ জড়িয়তে ২৮,৫০০ কোটি (৯%) উপাৰ্জনেৰে আৰু গ্ৰাম্য আত্ম-সংস্থাপনত ৪.২% অৰিহনা যোগাইছে।

স্বাধীনতাৰ পিছত ২০০৭ – ২০১২ চনত ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে ছাগলীৰ সংখ্যা ৬ মিলিয়ন হ্ৰাস পাইছে, যিটো এল চিন্তনীয় বিষয়। ইয়াৰ প্ৰধান কাৰণসমূহ হৈছে – চৰণীয়া পথাৰৰ অভাব, আৰ্থ-সামাজিক দিশত পৰিবৰ্তন, উপযুক্ত সময়ৰ পূৰ্বেই ছাগলীক বজাৰত বেছি দিয়া ইত্যাদি। মহাত্মা গান্ধীয়ে ছাগলীক “দুখী্যাৰ গাই গৰু” হিচাপে অভিহিত কৰিছিল আৰু বৰ্মামান সময়ত ছাগলীক “দুখীয়াৰ এ.টি.এম. মেচিন” বুলি কোৱা হৈছে। দেখা গৈছে যে বৰ্তমান বজাৰত উপলব্ধ মাংসবিলাকৰ ভিতৰত ছাগলীৰ মাংসৰ মূল্য বেছি। কিন্তু, গ্ৰামাঞ্চলত দুখীয়া কৃষকসকলে পৰম্পৰাগত পদ্ধতিৰেই ছাগলী পালন কৰি আছে।

ছাগলী পালনৰ বিজ্ঞান সন্মত পদ্ধতিঃ
১। ছাগলীৰ জাত নিৰ্বাচনঃ
জলবায়ুভেদে ভাৰতত বিভিন্নজাতৰ ছাগলী দেখা যায়। এই ছাগলীবোৰৰ আকাৰ আৰু চাৰিত্ৰিক বৈশিষ্টও বেলেগ বেলেগ। উপযোগিতাসমূহ যেনে, গাখীৰ, মাংস আৰু নোম ইত্যাদিৰ ওপৰত নিৰ্ভৰ কৰি কেইটিমান জাত নিম্নলিখিত ভাগত ভগাব পাৰি।
গাখীৰৰ বাবে: বিটেল, যমুনাপাৰি, চিৰহী, চুৰতি
মাংসৰ বাবে: ব্লেক মংগল, বাৰবাৰি, আচামহিল, গনজাম
নোমৰ বাবে: চাংঠাংনি, চেগু, গদ্দী, ডাকৰৱালী
অসমৰ জলবায়ু আৰু থলুৱা ছাগলীৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি অসম চৰকাৰে অসমৰ থলুৱা ছাগলী “আসাম হিল গ’ট”ক বৈজ্ঞানিক পদ্ধতিৰে পুহিবৰ বাবে পৰামৰ্শ আগবঢ়াইছে। অসম চৰকাৰৰ ছাগলী প্ৰজনন নীতি অনুসৰি নিৰ্বাচিত প্ৰজননৰ জড়িয়তে থলুৱা ছাগলীৰ উৎপাদন ক্ষমতা বঢ়াই ঘৰৰ চৌহদতে নাইবা বাণিজ্যিক পামত ছাগলী পালনৰ পোষকতা কৰিছে। কেইটিমান বৈশিষ্ট যেনে, ২-৩ টাকৈ পোবৱালি দিয়া, ৰোগ-ব্যাধি প্ৰতিৰোধ ক্ষমতা থকা, উৎকৃষ্ট মাংস আৰু ছাল আদিৰ কাৰণে অন্যান্য ভাল উৎপাদনক্ষম জাততকৈও থলুৱা ছাগলী পালনত বিশেষ গুৰুত্ব দিয়া হৈছে। বৰ্ণসংকৰ জাতৰ ছাগলী পালনৰ জড়িয়তে লাভবান হব পাৰি যদিও ইয়াক বিশেষজ্ঞৰ তত্বাৱধানতহে কৰিব লাগে। অন্যথা, জধে-মধে কৰা সংকৰণৰ দ্বাৰা অসমৰ ভাল উৎপাদনক্ষম থলুৱা ছাগলীৰ জাত বিলুপ্ত হোৱাৰ সম্ভাৱনা আছে। আসাম হিল গ’টৰ কেইটিমান বৈশিষ্ট হল-
১। ওজন:

লিঙ্গ শৰীৰৰ ওজন (কিলোগ্ৰাম)
জন্মৰ সময়ত ৩ মাহত ৬ মাহত ৯ মাহত ১২ মাহত
মতা ১.২৮ ৫.২২ ৭.৯০ ১০.৫৬ ১৩.৫১
মাইকী ১.১৩ ৪.৯৯ ৭.৫১ ৯.৮৬ ১২.৮৬

২। প্ৰজনন আৰু বংশবৃদ্ধি:
- প্ৰথম প্ৰজননৰ সময়ত বয়স – ২৫৪ (+/- ৭) দিন
- প্ৰথম পোৱালি দিওতে বয়স - ৪০২ (+/- ১৪) দিন
- গৰ্ভৱতী অৱস্থাত থকাৰ সময় - ১৪৭ (+/- ৫) দিন
- পোৱালি দিয়াৰ ব্যৱধান - ২৪৭ (+/- ৪) দিন
৩। উৎপাদন ক্ষমতা:
- প্ৰকৃত মাংস উৎপাদনৰ হাৰ : ৪৮ – ৫০ শতাংশ
- ছালৰ ওজন: ১ – ২ কিলোগ্ৰাম
- খাদ্য উপযোগী অন্যান্য : ০.৩২০ – ০.৩৫০ কিলোগ্ৰাম
ছাগলীৰ ঘৰ:
অস্বাস্থ্যকৰ ঘৰৰ বাবে ৫০% লৈকে ছাগলীৰ মৃত্যু হোৱা দেখা গৈছে। ছাগলীক সঠিক পৰিমাণে ঠাই নিদিলে আৰু কম ঠাইত বেছি ছাগলী ৰাখিলে নিউম’নিয়াৰ দৰে শ্বাস-প্ৰশ্বাসজনিত ৰোগ হব পাৰে। জলবায়ু অনুসৰি ছাগলীৰ ঘৰৰ আৰ্হি বেলেগ বেলেগ হয়। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বৰষুণ আৰু আদ্ৰতাৰ ওপৰত নিৰ্ভৰ কৰি ছাগলীৰ ঘৰটো চাংঘৰৰ আঁকাৰত সাজিব লাগে যাতে মজিয়াখন সেমেকি নেথাকে। স্থানীয়ভাবে উপলব্ধ উপকৰণৰ পৰা কম খৰচতে, ছাগলীৰ ঘৰটো
- প্ৰজননক্ষম মতাৰ বাবে কোঠা
- গাভিনী ছাগলীৰ বাবে কোঠা
- ছাগলী পোৱালিৰ বাবে কোঠা (৩ মাহলৈকে)
- বেমাৰী ছাগলীৰ বাবে আঁচুতীয়া কোঠা
- ছাগলীৰ ঘৰ সাঁজোতে মন কৰিব লগীয়া কথা:
- ঘৰটো পূবা-পশ্চিমাকৈ সাঁজিব লাগে
- ঘৰটো বহলে ৬-৮ মিটাৰতকৈ বেছি হব নেলাগে
- মাটিৰ পৰা চাংঘৰটো ০.৫-১ মিটাৰ হব লাগে
- মজিয়াখনত ছাগলীৰ মল-মূত্ৰ তললৈ সৰি যাব পৰাকৈ ১.৫-২ ছেন্টিমিটাৰ জোখৰ খালি ঠাই থাকিব লাগে
- কাষৰ বেৰৰ উচ্চতা ২.৭ মিটাৰ আৰু মূধচৰ উচ্চতা ৩.৫ মিটাৰ হব লাগে
- ঘৰৰ সন্মুখত এখন আবৃত চোতাল থাকিব লাগে য’ত দিনৰ ভাগত দানা, মিনাৰেল ব্লক আৰি ঘাঁহ-পাত আদি দিয়া হয়। চোতালখন শুকানকৈ ৰাখিবলৈ বালিৰে ঢাকি দিব পাৰি
- ০-৩ মাহৰ পোৱালি আৰু গাখীৰতী ছাগলীৰ বাবে ২-৩ ইঞ্চিমান জাৱৰ-জোঠৰ বা ঘাঁহ-বনৰ কোমল বিচনা পাৰি দিব লাগে
- মজিয়াখন মাজে-মাজে চূণ, চ’ডা, খাৰ আদিৰে মচি চাফা কৰি থাকিব লাগে।
- স্থানীয়ভাবে উপলব্ধ উপকৰণেৰে দানা/ ঘাঁহ দিয়াৰ পাত্ৰ আদি তৈয়াৰ কৰিব লাগে
- সৰু ছাগলী পোৱালিবোৰে খেলিব/ জপিয়াব পৰাকৈ কাঠ-বাঁহেৰে সজা সৰু সৰু মূঢ়া, টেবুল মুকলি চোতালত ৰাখিব লাগে। ইয়াৰ ফলত ছাগলী পোৱালিবোৰৰ হাড়ৰ গঠন মজবুত হয়।
- ছাগলীবোৰে বেৰত গা ঘঁহাই বা খজুৱাই ভাল পায় বাবে ছাগলী ঘৰটোৰ ভিতৰত অথবা চোতালত নাৰিকলৰ আঁহেৰে তৈয়াৰী সৰু দলিচা (Door mat) ব্যৱহাৰ কৰিব পাৰি। এনে কৰিলে ছাগলীৰ ৰক্ত সঞ্চালন বৃদ্ধি পায় আৰু ছাগলীৰ বৃদ্ধিত সহায়ক হয়।
ছাগলীৰ খাদ্য:
সাধাৰণতে ছাগলী পালন কৰা সৰহসংখ্যক কৃষকেই হল দুখীয়া। গতিকে ছাগলীক সুষম আহাৰ যোগান ধৰাতো সাধাৰণতে দেখা নেযায়। অসমৰ ছাগলীবোৰে হাবি-জংঘল, চৰণীয়া পথাৰত যি ঘাঁহ-বন, গছ-লতা পায় সেইবোৰকে খাই বৃদ্ধি হয়। ফলত ছাগলী সৰ্বাধিক উৎপাদন নহয়। কিন্তু সঠিকভাবে সুষম আহাৰ আমাৰ থলুৱা ছাগলীক যোগান ধৰিলে মাংস আৰু গাখীৰ উৎপাদন যথেষ্ট বৃদ্ধি পাব।
বয়স অনুসৰি ছাগলীক খাদ্য যোগান:

বয়স সুষম দানা ( গ্ৰাম/ প্ৰতিদিনত)
৩ মাহ ১৫০ – ২০০
৪ মাহ ২০০ – ২৫০
৫ মাহ ২৫০ – ২৭৫
৬ মাহ ২৭৫ – ৩০০
৭ মাহ ৩০০ – ৩২৫
৮ -১২ মাহ ৩২৫ – ৩৫০

ছাগলীয়ে খোৱা ঘাঁহ আৰু গছৰ পাত:
যিবোৰ ঠাইত চৰণীয়া পথাৰৰ অভাব সেইবোৰ ঠাইত উন্নত ঘাহৰ খেতি আৰু বিভিন্নধৰণৰ পুষ্টিকৰ গছ ৰুই ছাগলীৰ পৰিপুষ্টি সুনিশ্চিত কৰিব পাৰি।
উন্নত জাতৰ ঘাঁহ: হাইব্ৰীড নেপিয়াৰ, গিনি, পাৰা, মাকৈ, ওট
গছৰ পাত: চুবাবুল, চজিনা, নিম, কঁঠাল, আঁহত, বগৰী, আম
মাহজাতীয় গছ: বাৰছিম, লেচেৰামাহ, মটৰ মাহ, উৰহী, কলামাহ আদি
শুকান ঘাঁহ: মাহজাতীয় শস্যৰ শুকান গা-গছ, বুট মাহ, মগুমাহ, উৰহীৰ শুকান বাকলি
ছাগলীৰ খাদ্য ব্যৱস্থাপনাৰ কেইটিমান দৰকাৰী বিষয়:
- মাইকী ছাগলীজনীৰ প্ৰজননৰ ৩ সপ্তাহৰ আগৰে পৰা প্ৰতিদিনে ২৫০ গ্ৰাম দানা দিলে পোৱালিৰ জন্ম সংখ্যা বাঢ়ে
- গাভিনী ছাগলীক গৰ্ভাৱস্থাৰ শেষৰ ৪৫ দিনত আৰু গাখীৰ দিয়া সময়ত ৪০০ গ্ৰাম দানা প্ৰতিদিনে দিব লাগে
- প্ৰজননৰ বাবে ৰখা বয়স্ক মতা ছাগলীক ৫০০ গ্ৰাম দানা আৰু প্ৰায় ১০০০ কিলোগ্ৰাম সেউজীয়া ঘাঁহ দিব লাগে
ছাগলীৰ প্ৰজননৰ বাবে কেইটিমান মন কৰিবলগীয়া বিষয়:
- ছাগলীৰ পোৱালিবোৰ যাতে বছৰৰ অতি ঠাণ্ডা বা গৰমৰ সময়ত জন্ম নহয় তাৰবাবে মে-জুন আৰু ছেপ্তেম্বৰ-অক্টোবৰ সময়ত প্ৰজনন কৰাব লাগে
- মতা : মাইকী ছাগলীৰ অণুপাত আৱদ্ধ পদ্ধতিত ১:১০ আৰু মুকলিকৈ ৰাখিলে ১:২০ হব লাগে
- একোটা মতা ছাগলী ২ বছৰৰ পিছতহে প্ৰজননৰ বাবে ব্যৱহাৰ কৰিব নেলাগে
- ২-৩ টা পোৱালি জন্ম হোৱা গোটটোৰ পৰা ভৱিষ্যত প্ৰজন্মৰ বাবে নিৰ্বাচিত কৰিব লাগে
- শিং নথকা মতা ছাগলী প্ৰজননৰ বাবে ব্যৱহাৰ কৰিব নেলাগে
ছাগলীৰ বিভিন্ন ৰোগ:
বৰ্তমান সময়ত যাতায়তৰ উন্নত হোৱাৰ লগে লগে ছাগলীৰ বিভিন্ন ৰোগৰো প্ৰাদুৰ্ভাব বেছি হৈছে। আগতে সাধাৰণতে দেখা নোপোৱা “ছাগলী বসন্ত” ৰোগটোৱে ২০১৬ চনত অসমৰ ছাগলী উদ্যোগটোক বেয়াকৈ ক্ষতি কৰিছিল। গতিকে এই মাৰাত্মক ৰোগবোৰৰ বিৰুদ্ধে সঠিক ব্যৱস্থা গ্ৰহণ কৰি অসমৰ ছাগলী পালকসকলে ৰোগ প্ৰতিৰোধ কৰিব পাৰিব।
১। কলাইবেচিলাছ:
নতুনকৈ জন্ম হোৱা পোৱালিবৰৰ (১৫ দিনৰ ভিতৰত) এই ৰোগ হোৱা দেখা যায়। ই. কলাই নামৰ অণুজীৱবিধে এই ৰোগটো সৃষ্টি কৰে। পোৱালিয়ে ভালকৈ ফেঁহু খাবলৈ নেপালে, অপৰিষ্কাৰ গড়াল, দূষিত খাদ্য আৰু পানীৰ জৰিয়তে এই ৰোগ হব পাৰে।
লক্ষণ: -
- মধ্যমীয়া বা অতি বেছি ডায়েৰিয়া
- হালধীয়া ৰঙৰ ফেনযুক্ত বা তেজ মিহলি পায়খানা
- শৰীৰত পানীৰ পৰিমাণ কমি যোৱাৰ বাবে অচেতন হৈ যোৱা
প্ৰতিকাৰ:
- গাখীৰ খীৰোৱাৰ পৰিমাণ কমাই দিব লাগে
- অ.আৰ.এচ. দিনে ৪-৬ বাৰ দিব লাগে
- পশু চিকিৎসকৰ পৰামৰ্শমতে ‘ফুৰাজলিদন’ আৰু ‘চালফা ড্ৰাগচ’ ৩ দিনৰ বাবে খুৱাব লাগে
২। এন্টাৰটক্সিমিয়া:
ক্লচট্ৰিদিয়াম পেৰফ্ৰিনজেনচ্ নামৰ অণুজীৱবিধে এই ৰোগ সৃষ্টি কৰে। সাধাৰণতে ৫-৬ মাহৰ ছাগলীবোৰ বেছিকৈ আক্ৰান্ত হয়।
লক্ষণ:
- হঠাতে সুস্থ ছাগলীৰ পেট বিষাবলৈ ধৰে
- সঘনাই বহি থকা স্থান সলনি কৰি থাকে
- শৌচ টান হৈ ক’লা ডায়েৰীয়া হয়, কেতিয়াবে শৌচৰ লগত তেজ মিহলি হৈ আহে
- ৰোগ বেছি হলে ছাগলী মৃত্যুমুখত পৰে
প্ৰতিকাৰ:
- পশু চিকিৎসকৰ পৰামৰ্শমতে পেনিচিলিন বেজি দিব লাগে
- অ.আৰ.এচ. আৰু দেক্সট্ৰজ চেলাইন দিব লাগে
- মজিয়াখন চূণেৰে পৰিষ্কাৰ কৰিব লাগে
- প্ৰতিষেধক ছিটা ৩ মাহ বয়সত দিব লাগে
৩। পেষ্ট দেচ পেটিচ ৰুমিনেন্ট (পি.পি.আৰ):
- ই এটা মাৰাত্মক সোঁচৰা ৰোগ। ইয়াক ছাগলীৰ প্লেগ বুলি কোৱা হয়।
লক্ষণ:
- অতিমাত্ৰা জ্বৰ হয়
- নাকৰ পৰা শেঙুণৰ দৰে বিজলুৱা পদাৰ্থ ওলায়
- মুখৰ ভিতৰত আলু আৰু জিভাত ঘাঁ লাগি ছাল এৰাই যায়
- অতিমাত্ৰা ডায়েৰীয়া হোৱা
- দেহত পানীৰ পৰিমাণ কমি যায়, শ্বাস-প্ৰশ্বাসত কষ্ট পায় আৰু মৃত্যু ঘটে
প্ৰতিকাৰ:
- পশু চিকিৎসকৰ পৰামৰ্শমতে এন্টবায়’টিক দিব লাগে
- অ.আৰ.এচ. আৰু দেক্সট্ৰজ চেলাইন দিব লাগে
- ৰুগীয়া ছাগলীবোৰক পৃথকে ৰাখিব লাগে
৪। ছাগলী বসন্ত:
ই এটা মাৰাত্মক মহামাৰী ৰোগ।
লক্ষণ:
- শৰীৰত বসন্ত ওলোৱাৰ দৰে মাৰ্বলটোৰ সমান ফোঁহা ছালৰ তলত দেখা যায়
- নোম নোহোৱা যেনে, নাকৰ বিন্ধাৰ ওচৰত, ওহাৰৰ বাতত, যোনিদ্বাৰ আদি ঘাঁ লগা দেখা যায়
- শ্বাস-প্ৰশ্বাস নলীত সংক্ৰমণ হৈ নিউমোনিয়া হোৱা দেখা যায়
প্ৰতিকাৰ:
- পশু চিকিৎসকৰ পৰামৰ্শমতে এন্টবায়’টিক আৰি ছিটা দিব লাগে
- ৰুগীয়া ছাগলীবোৰক পৃথকে ৰাখিব লাগে
৫। কন্টেজিয়াচ একঠাইমা/ অ’ৰফ:
- বাঢ়নীয়া ছাগলীবোৰৰ মুখ, ওঁঠ, চকু আৰু ওহাৰৰ বাতত ফোঁহা আৰু ওখহা দেখা যায় বেক্টেৰীয়া সংক্ৰমিত হৈ অৱস্থা বেয়া হৈ যায় বা নিউমোনিয়া হব পাৰে
- এন্টিবায়’টিক আৰু আয়’দিন সানি ৰোগ নিৰাময় কৰিব পাৰি
ছাগলীৰ স্বাস্থ্য-পঞ্জী:
ক) ৰোগৰ ছিটা-

ক্ৰ.ন. ৰোগৰ নাম প্ৰথম ছিটা বুষ্টাৰ ছিটা পুনৰ ছিটাকৰণ
পি.পি.আৰ ৩ মাহ বা অধিক প্ৰয়োজন নাই ৪ বছৰৰ পিছত
ই. টি. ৩ – ৪ মাহ ৩ সপ্তাহৰ পিছত ৬ মাহৰ মূৰে মূৰে
ছাগলী বসন্ত ৩ – ৪ মাহ ৩ সপ্তাহৰ পিছত বছেৰেকত এবাৰ
এফ. এম. ডি. ২-৩ মাহ ৪ মাহৰ পিছত ৬ মাহৰ মূৰত
এইচ. এচ ৩-৪ মাহ ৬ মাহৰ পিছত বছেৰেকত এবাৰ

খ) পেলু / পৰজীৱি মুক্তকৰণ:

ককচিদিয়াচিচ প্ৰথম পালি ২-৩ মাহত ৫-৬ দিনৰ কাৰণে দিয়া পশু চিকিৎসকৰ পৰামৰ্শমতে ‘মনেনচিন’ দানাৰ লগত মিহলি কৰি ২-৫ মাহ বয়সত দিব লাগে
এন্দ’পেৰাচাইট ৩ মাহত, বাৰিষাৰ আগত আৰু পিছত পশু চিকিৎসকৰ পৰামৰ্শমতে ব্যৱস্থা লব লাগে
এক্ট’পেৰাচাইট যিকোনো বয়সত বাৰিষাৰ আগত আৰু পিছত
৩। খাচী কৰা: ১ মাহত বয়সত খাচী কৰিব লাগে ‌

ডাঃ ডেভিদ বৰদলৈ